লোকেল গুজৱ.কম
১. ক'লা ধনৰ গৰাকীৰ নাম জনাবলৈ চুইছ বেংকে সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ ফলতে নিজৰ নিজৰ লেট্ৰিনৰ টেংকিতে ধন ৰখাৰ কৌশল সন্দৰ্ভত এক ৰাষ্ট্ৰীয় কৰ্মশালাৰ বাবে প্ৰখ্যাত টেংকি বিশেষজ্ঞ অসমীয়া ৰয়েল ষ্টেগ খানলৈ নিমন্ত্ৰণ অহা বুলি সুখবৰ জানিব পৰা গৈছে। পে'ৰলত বিশেষ ছুটী লৈ কাৰাগাৰৰ পৰা ওলায়েই সুদক্ষ মিস্ত্ৰীদলটোৰ সৈতে খান দিল্লীৰ ক'লাধন মজুতকাৰী সংঘৰ কাৰ্যালয়লৈ বিমানযোগে ৰাওনা হব বুলিও গোপন খবৰ প্ৰকাশ পাইছে ।
২. কইনাধৰা পাহাৰৰ তলৰ খেলপথাৰত আজি শক্তি প্ৰদৰ্শনৰ বাবে গগৈ আৰু শৰ্মা পন্থীৰ মাজত এখন কুকুৰা যুঁজৰ আয়োজন কৰা হৈছে। মল্লিকাখৰ্গে নামৰ পৰ্যবেক্ষকজনে সুক্ষ্ম ভাৱে পৰ্যবেক্ষণ কৰিব লগা খেলখনৰ ফলাফলৰ ভিত্তিতে কইনাধৰা পাহাৰৰ মালিকীস্বত্বৰ সিদ্ধান্ত লোৱা হব বুলিও গোপন সূত্ৰই প্ৰকাশ কৰিছে।
৩. শ্ৰেণীকোঠাতে সুৰাপান কৰে ছাত্ৰই! নাৰায়ণপুৰত সঠিক দামত বাৰ নোহোৱাৰ বাবেই এনে কাণ্ড হবলৈ পাইছে বুলি নিচাখোৰ যুৱক সংঘই মত প্ৰকাশ কৰিছে। কম দামত, সুৰক্ষিত অৱস্থাত মাক-দেউতাক আৰু পুলিচা সোমাব নোৱাৰা বাৰ খুলি সু-ব্যৱস্থা কৰি দিলে ভৱিষ্যতে এনে দুখজনক ঘটনাৰ পুনৰাবৃত্তি নহয় বুলি সংঘই দৃঢ়তা প্ৰকাশ কৰিছে।
৪. ৰেলৰ ভাড়া বৃদ্ধি কৰাৰ বাবে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলে সদৌ ভাৰত বিৰোধী পাৰ্টি সন্থাই। নিৰ্বাচনৰ শোচনীয় ফলাফলৰ পাছতে ফৰিং চিটিকা দিয়া কৰ্মী সকলক এইটো বাহানাতে পুনৰ কৰ্মী সকলক চপাই আনিবলৈ সুবিধা দিয়াৰ বাবে ৰেলমন্ত্ৰীকো অন্তৰৰ পৰা দোৱা দিয়াৰো গোপন খবৰ।
৫. ইন্দিৰা আৱাস যোজনাৰ নামত বিগত ১৩ বছৰত ৬০০০কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰি বিৰল কৃতিৰ্ত্বৰ অধিকাৰী হবলৈ সক্ষম হৈছে অসমৰ গ্ৰামোন্নয়ন বিভাগ। দৈনিক কাকতত সংবাদটো প্ৰকাশ পোৱা দেখিয়েই এই কৃৰ্তিত্বৰ আনুষ্ঠানিক স্বীকৃতিৰ বাবে গীনিজ বুক অৱ ৱল্ড ৰেকৰ্ডলৈ আবেদন জনাবলৈ মন্ত্ৰীক টুইটাৰযোগে পৰামৰ্শ দিলে হাতোৰা ফেন ক্লাৱে।
৬. সকলো শাক-পাত, ৰেল ভাড়া, ডীজেল আদিৰ মূল্যবৃদ্ধিৰ পাছত নতুন চৰকাৰৰ নতুন নতুন মন্ত্ৰী সকলৰ প্ৰতিমূৰ্তি/জুমুঠিৰ চাহিদা বাঢ়িব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সম্ভাৱনা প্ৰকাশ কৰিছে। অনাগত দিনত নৰেন কাইৰ প্ৰতিমূৰ্তিৰ চাহিদা আন সকলতকৈ বেছি হব আৰু তেওঁৰ প্ৰতিকৃৰ্তিয়েই দহন কাৰ্যসূচীৰ বাবে প্ৰতিবাদী জনতাৰ প্ৰথম পচন্দ হব বুলি তথ্য প্ৰকাশ পাইছে। শিল্পী সকলক বতৰৰ এই চাহিদাৰ সুবিধা লবলৈকো সচেতন মহলে আহ্বান জনাইছে।
৭. শুই থকাৰ পৰা অপহৰণ কৰা তীব্ৰ প্ৰতিক্ৰিয়া! ৰাস্তাৰ পৰা নিয়ক, ঘৰত ভাত খাই থকাৰ পৰা নিয়ক, কিন্তু মানুহে শান্তিৰে শুব নোৱাৰা পৰিবেশতো একান্ত চেষ্টাৰে টোপনি যাবলৈ সক্ষম হোৱা লোকক টোপনিৰ পৰা জগাই অপহৰণ কৰাটো অতিশয় লজ্জাজনক বুলি গৰিহণা দিছে সদৌ অসম শান্তিপ্ৰিয় যুৱ সংঘই। শুই থকাৰ পৰাও অপহৰণ কৰাৰ অৱস্থা আহিল যেতিয়া আৰু গৃহ বিভাগ শুই থাকিলে নহব বুলি সংঘই সকিয়নী দিয়া বুলি জানিব পৰা গৈছে।
৮. অসমৰ বেছি ভাগ গাঁও পঞ্চায়ত, আংগনবাড়ী কেন্দ্ৰ, জলসিঞ্চন প্ৰকল্প আদি খীৰতী গাইত পৰিণত হোৱাৰ অভিযোগ উঠিছে। এই অভিযোগ পোৱাৰ পাছত এতিয়া সদৌ অসম ভেটেনেৰী কৰ্মী সংঘই লক্ষ্মীয়ে লগ দিয়া এই সকলো প্ৰকল্পকে ভেটেনেৰী ডিপাৰ্টমেণ্টক গতাই দিয়াৰ বাবে দাবী তুলিছে আৰু ৰসাল গগৈ চাৰৰ হস্তক্ষেপ দাবী কৰিছে বুলি জানিব পৰা গৈছে।
৯. তেজপুৰৰ চৰকাৰী হস্পিতেলত নিম্নমানৰ খাদ্য দিয়াক লৈ বাতৰি পৰিবেশন হোৱাত স্বাস্থ্য বিভাগ ঠিকাদাৰ সন্থাই ক্ষোভ প্ৰকাশ কৰিছে। ভাল খানা খাবলৈ মন থাকিলে ফাইভ ষ্টাৰ হোটেললৈ যাব লাগে হস্পিতেলত পৰি মৰিবলৈ আহে কিয় বুলিও প্ৰশ্ন তুলিছে। দেশৰ কোনখন চৰকাৰী হস্পিতেলত উন্নত খানা পোৱাৰ উদাহৰণ আছে বুলি স্থানীয় সংবাদদাতালৈ প্ৰত্যাহ্বান তুলি ধৰা বুলিও জানিব পৰা গৈছে।
১০. গ্লবেল ফাইনেন্স নামৰ বিত্তীয় প্ৰতিষ্ঠানৰ পলাতক মুৰব্বী গ্ৰেপ্তাৰ হ'ল পশ্চিমবংগত। অসমীয়া পুলিচৰ হাতত তেওঁক সু-শৰীৰে গতাই দি লক্ষ্মীদেৱীৰ কৃপা লাভ কৰা মহাশয়জনৰ পৰা ভালকৈ দান-দক্ষিণা উলিয়াই লবলৈ সুবিধা দিবলৈ বংগীয় আৰক্ষীক অনুৰোধ জনালে অসমীয়া লালটুপি সন্থাই।

No comments:
Post a Comment