জীৱন যৌৱন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জীৱন যৌৱন

জীৱন যৌৱন

Share This
মোৰ জীৱনৰ প্ৰথম প্ৰেম 
 ৰঞ্জিতা গগৈ
জনপ্ৰিয় জনাজাত মানু্হ নহয় বাবে সাংবাদিক আহি আমাৰ প্ৰেম কাহিনী নুসুধে । কিন্তু আমাৰো প্ৰেমবোৰ সুমধুৰ হ’ব পাৰে দিয়কচোন। কাৰণ সংবেদনশীলতা থাকিবলৈটো বিখ্যাত হ’ব নালাগে। প্ৰেমত কোনোবাই আজিলৈকে নাই পৰা বুলিলে মোৰ বিশ্বাস নহয়। কোনোৱে কব পাৰে মই কেৱল জীৱনৰ প্ৰেমত পৰিছো..তেন্তে কি তেওঁৰ প্ৰেয়সী নাছিল? তেওঁৰ কোনো প্ৰেমিক নাছিল? বাৰু শুনক...

তেতিয়া মই গাত চাদৰ লব পৰা হোৱা নাই। ১৯৯৩ চনৰ প্ৰথম ভাগ। স্কুললৈ যেনে তেনে পেডেল মাৰি অহা লৰা এটা দেখিছিলো প্ৰায়ে। পেন্দোৱাকৈ চাই যায়। ময়ো চাওঁ। এদিন আচৰিত কৰি সি আমাৰ টিউচনৰ চাৰৰ ঘৰত দেখিলো। চাৰে বিভিন্ন ক্লাচৰ বহুত লৰা-ছোৱালী একেলগে পঢ়ুৱায়। বহুতদিনৰ পিছত আমাৰ মাত-বোল হ’ল। তাক কিবা এটা ভাল লাগি গ’ল। দেখিবলৈ একেবাৰে ভাল নাছিল সি। ময়ো পিছে শকত-আৱত কোমোৰা পোৱালিটোৰ দৰে আছিলো তেতিয়া। চেহেৰা মোৰ নাই কাৰোবাক প্ৰেমত পেলাব পৰাকৈ। ইমান সৰু তাকটো আৰু কব নোৱাৰি মই তোমাৰ ভালপাওঁ বুলি। এদিন তাৰ ইংৰাজী বহীখনৰ শেষৰ পাতত দেখিলো তাৰ লগৰ ছোৱালী এজনীৰ নাম সি খুউৱ সুন্দৰকৈ লিখি থৈছে। কিবা এটা নামহীন ক্ষুন্ন হ’লো... অকাৰণতে। দিনবোৰ গৈ থাকিল ।

তেতিয়া মই কাকত আলোচনীৰ পাতত শিশু শিতানবোৰত খুউৱ লিখিছিলো। বিহু-পূজাত গাত তৰণি নাথাকে লিখা দিবলৈ। মায়ে খামৰ পৰা টিকটলৈ সকলো যোগান ধৰে। তাক ক’লো কবিতা এটা লিখিবাচোন। কেনেকৈ লিখে? ধেৎ,ভবা কথাবোৰ শুৱলাকৈ সজোৱা শেৱালীক লৈ,পূজাক লৈ। বিজ্ঞৰ দৰেই ক’লো। সি লিখি উলিয়ালে। মই মোৰ লগতে একেলগে পঠিয়াই দিলো । তাৰ আখৰ আৰু মোৰ প্ৰায় একে আছিল। সময়ত প্ৰকাশ পালে।তাৰো পালে মোৰ লিখাটোৰ লগতে, সেয়াই আৰম্ভণি...

এদিন মই ডাঙৰ হ’লো। কিবা এটা বেয়া লাগিল। কাৰণ মই এনেকুৱা বনৰীয়া আছিলো যে বন্দীত্ব মোৰ বাবে ভাল নলগা। এতিয়াও মনত পৰিলে হাঁহি উঠে যদিও বনৰীয়া আছিলো ল'ৰাৰ লগত সৰুতে নেখেলিছিলো। ল'ৰাৰ হাতত হাত লাগিলে ল'ৰা-ছোৱালী হৈ যাব পাৰে বুলি মোৰ শৈশৱৰ ধাৰণা আছিল। কেনেবাকৈ সেয়েহে ল'ৰাৰ হাত লাগিলেই বাৰে বাৰে টেপত হাত ধুও।

মোৰ শৈশৱৰ ভাললগা ল'ৰাটোক লাহে লাহে ভাল লাগিবলৈ ধৰিলে। তাৰ ভাললগা গুণ আছিল। সি কিতাপ পঢ়ে। খুউৱ ভাল বাঁহী বজায়। যিটোৰ বাবে মই তাক আজিও মনত পেলাওঁ। কিন্তু লাহে লাহে জানিলো তাৰ প্ৰেমিকা আছে। দেখাত মোতকৈ তাই বহুত ভাল। সি মোৰ পৰীক্ষাৰ ভাল নম্বৰকিটা আৰু মোৰ কবিতাবোৰৰ বাদে একো ভাল পোৱা নাছিল।

মেত্ৰিকত মই প্ৰথমবিভাগ পালো। তাৰ ভালপোৱা ছোৱালীজনীয়ে বেয়া কৰিলে। সেইদিনা কিন্তু তাৰ মন বৰ বেয়া আছিল। সি মোতকৈ ডাঙৰ আছিল বাবে কলেজত আগতেই নাম লগাইছিল। এতিয়া আকৌ তাক লগ পাম। সি কলা শাখাৰ আছিল। মই বিজ্ঞান বিভাগত নাম লগালো। দিনবোৰ গৈ থাকিল....

১৯৯৮ চনৰ ২৬ আগষ্ট।পাকিস্তানৰ স্বাধীনতা দিৱস নেকি নাজানো ২৬ আগষ্টটো। সন্ধিয়া সি এখন চিঠি দিলে..আমাৰ বন্ধুত্ব অন্য এটা সম্পৰ্কলে ৰুপান্তিত কৰিব নোৱাৰোনে ? এখন ভদ্ৰ প্ৰেমৰ চিঠি । তাৰ অলপ আগত সন্ধিয়া মোৰ প্ৰিয়তম সহপাঠী এজনৰ লগত কলেজৰ পৰা আহি থাকোঁতে হঠাৎ অহা বতাহ বৰষুণে আমাক তিয়াইছিল। গোটেই গাতে সোণাৰু ফুলবোৰ পৰা দেখি সি কোৱা মনত পৰে...দেখিছা আমাক কেনেকৈ পুষ্পবৃষ্টি কৰিলে। সি মোক মাইনা বুলিয়েই মাতিছিল। দেখাত বহুত ধুনীয়া আছিল বাবে ছাগৈ তাক মই কেতিয়াও প্ৰেমৰ দৃষ্টিৰে চাব পৰা নাছিলো। যদিও সি মোৰ ছাঁৰ দৰে আছিল । মই কি পিন্ধিম, কি খাম, কি কিতাপ লাগিব সকলো খেয়াল ৰাখিছিল। প্ৰেক্টিকেলৰ পুৰণি বহী, পুৰণি প্ৰশ্নকাকতৰ পৰা সকলো যোগান ধৰিছিল। সি সেইদিনা মোক চীনৰ গল্প কিতাপ এখন প্ৰেজেন্ট দিলে। লগতে সৰু চিঠি এখন...মাইনা,তুমি মাজে মাজে মোক যেন খুউৱ বেয়া পোৱা এনে লাগে। তোমাক...।

এতিয়াহে বিপদ... নাহিলে নাই প্ৰেম আহিলে কিন্তু জীৱনলৈ যেনি তেনি আহে। কিন্তু মই সহাঁৰি দিলো দেখাত বেয়া মোক বাঁহীৰ সুৰে মোহাচ্ছন্ন কৰা সমীৰণক। তাক সমীৰণ বুলিয়েই উপনাম দিছিলো মই।

কিন্তু লাহে লাহে গম পালো তাৰ বহু ছোৱালীৰ লগত ভাল। চিঠি পত্ৰও দিয়ে বহুতক। মই নিজেও হাতত পৰাত পঢ়িছো। মনটো তিতা লাগিল। মই তাৰ পৰীক্ষা হ’লেই শুভেচ্ছা দিবলৈ দৌৰো। সি কিন্তু মোৰ বি.এচ,চিৰ ৰিজাল্ট ওলোৱাৰ দিনাও খবৰ এটা নকৰিলে। মোৰ ধাৰণা আছিল যাক ভালপোৱা যায় তেওঁ আত্মাৰ স’তে বিলীন হয়। যিটো মই হৈছিলো ।কিন্তু সি যিকোনো ছোৱালীক ভন্টি পতাৰ পিছত ছোৱালীবোৰক চুলি টনা, ঢকিওৱা কথাবোৰ মোৰ ভাল নলগা হৈ আহিল। এনেও মই বহুত আবেগিক। দহজনক একেলগে মন বিলাব নোৱাৰা মানুহ। সকলোতকৈ বেয়া লাগিল সি মোক ভনী বুলি চিনাকী দিয়া কথাটোত। বাদ সকলো বাদ...প্ৰেম মিছা... যেন নিষ্ফল।

বিয়াৰ প্ৰস্তাৱ দিয়া মোৰ হাজবেন্ডক কৈছিলো এবাৰ তাৰ কথা, সুধি লওঁ । কিন্তু সি বহুত নিৰ্বিকাৰ আছিল। পিছে তাৰ বিয়া পতাৰ জোখেৰে বয়সো হোৱা নাছিল। সমবয়সীয়া লৰা-ছোৱালীক ভালপাব নালাগে সেইবাবেও কিজানি।

মোৰ মৰমৰ সহপাঠী ইজনে এখন চিঠি দি হঠাৎ আমাৰ কলেজ এৰি দিছিল। নাজানিলো কাৰণ আজিও। সি ২০১২ ত মোক দেখা কৰিবলৈ আহিছিল। লক্ষ্ণৌৰ পৰা ঘৰলৈ আহোঁতে। একে পাৰফিউম,পৰিপাটী ধুনীয়া সাজ, মুখত মিঠা হাঁহি। সোনকালে ভাত দিয়া..চিঞৰ বাখৰ কৰি নিজে লাগি ভাগি দি এঘাৰ বছৰৰ পিছত লগ পোৱা মধুৰতাখিনি ল’লো আনন্দমনে। তুমি এই পাৰফিউম আজিও নেৰিলা...। হাঁহিলে সি।

মই জানো যাৰ কল্পনা বেছি তেওঁ ভাল প্ৰেমিক প্ৰেমিকা হ’ব নোৱাৰে। ময়ো পৰা নাছিলো কিজানি। কল্পনাৰ প্ৰেমিকক বাস্তৱত পোৱা নাযায়। প্ৰেমে যে সাহস দিয়ে মই স্বীকাৰ কৰো, কৰি আহিছো। প্ৰেম শ্বাশ্বত। বিনিময় বিচাৰিলেই কিন্তু প্ৰেম শেষ হয়....। ভালপোৱাই ভালপোৱা নিবিচাৰিও কাৰোবাক নীৰৱে স্বাৰ্থহীন ভাৱে ভাল পাব পাৰি। মোৰ দৃষ্টিত প্ৰেম সুন্দৰ চিৰদিন।

No comments:

Post a Comment