পলকতে সুখ দুখৰ খবৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ খবৰ

পলকতে সুখ দুখৰ খবৰ

Share This
আজিৰ ভাল খবৰবোৰঃ
১. বিশ্বৰ ১৭খন উন্নত দেশত এতিয়াৰ পৰা স্বীকৃত হব ভাৰতীয় ইঞ্জিনীয়াৰিঙৰ স্নাতক ডিগ্ৰী । "ৱাশ্চিংটন একৰ্ড" নামৰ চুক্তিখনত কালি ভাৰত স্থায়ী সদস্য ৰূপে স্বীকৃত হোৱাৰ পাছত আই.আই.টিৰ ডিগ্ৰী সমূহৰ দৰেই আন ১৩০০ৰো অধিক ভাৰতীয় ইঞ্জিনীয়াৰিং কলেজৰ ডিগ্ৰীয়ে আমেৰিকা, জাপান, অষ্ট্ৰেলিয়াৰ দৰে দেশতো মান্যতা পাব। দেশৰ মানৱ সম্পদক গঢ় দিবলৈ আন্তৰ্জাতিক মানদণ্ড ৰক্ষাৰ বাবে চুক্তিত সন্মতি দিয়াৰ পাছত এতিয়া ভাৰতীয় শিক্ষাৰ্থীৰ বাবে বিদেশত কৰ্ম-সংস্থান লাভৰ ক্ষেত্ৰত বিশেষভাৱে সহায়ক হব।

২. শুদা ভৰিৰে ২৪ঘণ্টাত ১৯৬.৪৩৭ কিল'মিাৰ দৌৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ আৰু এছিয়া বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰিলে লখিমপুৰৰ বিমল দাসে। দুয়োটা সংস্থাৰ পৰা অভিজিত বৰুৱাৰ অভিলেখ ভংগ কৰাৰ স্বীকৃতি তথা মানপত্ৰ লাভ কৰি আনন্দিত হৈ বিমল দাসে এতিয়া নিউজিলেণ্ডক পিটাৰ উইন বথাৰ ২৪ঘণ্টাত শুদাভৰিৰে ২১১.৬ কিল'মিটাৰ দৌৰাৰ বিশ্ব-অভিলেখ গঢ়াৰ বাবে ব্যাপক অনুশীলন অব্যাহত ৰখাৰ সুখবৰ।

৩. মূল্যবৃদ্ধিয়ে কোঙা কৰা জনসাধাৰণক কিছু সকাহ দিবলৈ অনাগত বাজেটত আয়কৰ ৰেহাইৰ সীমা বৰ্তমানৰ ২লাখৰ পৰা ৫লাখলৈ বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গুণাগঁথা কৰাৰ সুখবৰ প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত।

৪. ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানে ফৰাচী ছেটেলাইট স্পট-৭ৰ উতক্ষেপন কৰাৰ বাবে পৰিকল্পনা কৰিছে। শ্ৰীকোটাৰ স্পেচপৰ্টৰ পৰা পি.এচ.এল.ভি চি-২৩ ৰকেটেৰে এই ৰিমট চেনছিং ছেটেলাইটটো আন চাৰিটা কৃত্ৰিম উপগ্ৰহৰ সৈতে কক্ষপথত প্ৰতিষ্ঠা কৰাৰ বাবে অহা ২৬জুনৰ দিনটো ঠিক কৰিছে।

৫. শংকৰদেৱ কলাক্ষেত্ৰ চৌহদত কালি পঞ্চভূতত বিলীন হ'ল গণশিল্পী খগেন মহন্ত। জন্মস্থান নগাঁৱতো অনুৰাগী, দল, সংগঠন সমূহৰ সহস্ৰাধিক লোকে নগাঁও জিলা সাহিত্য সভাৰ কমলা দেৱী টোডী ভৱনত সমবেত হয় ।  নগাঁৱতো খগেন মহন্তদেৱৰ আৱক্ষ মূৰ্তি স্থাপন কৰিব বুলি স্থানীয় বিধায়ক ডাঃ দুৰ্লভ চমুৱাই কালি প্ৰকাশ কৰিছে।

৬. কাজিৰঙাৰ গঁড় হত্যা আৰু বেদখল সন্দৰ্ভত ৰাজ্য চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেইবিষয়ে অহা ৫ আগষ্টৰ ভিতৰত বিস্তৃত প্ৰতিবেদন গুৱাহাটী উচ্চ ন্যাায়ালয়ত দাখিল কৰিবলৈ ন্যায়ালয়ে নিৰ্দেশ জাৰি কৰিছে।

৭. কেন্দ্ৰীয়  উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাত কৰিলে উত্তৰ-পূৱৰ উদ্যোগী সকলৰ সংস্থা "ফাইনাৰ"ৰ প্ৰতিনিধি দলে। উত্তৰ-পূৱত উদ্যোগীকৰণৰ বাবে বিগত চৰকাৰে গ্ৰহণ কৰা উদগনিমূলক "উত্তৰ-পূৱ উদ্যোগ নীতি" বাহাল ৰখাৰ বাবে সংস্থাই মন্ত্ৰীগৰাকীক আহ্বান জনায়।

৮. বৰাক ওবামা চৰকাৰে আমেৰিকাত অন্য ১৫টা গুৰুত্বপূৰ্ণ পদৰ সৈতে নেচনেল চাইন্স ফাউণ্ডেচনৰ বৰ্ডৰ সদস্য ৰূপে ভাৰতীয়মূলৰ মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ স্নাতক তথা আই.আই.টিৰ প্ৰাক্তন ছাত্ৰ ডঃ সেতুৰমন পঞ্চনাথনৰ নাম মনোনীত কৰিছে। মেধা আৰু বিশেষজ্ঞৰে দেশখনক আগুৱাই নিবৰ বাবেই এই সিদ্ধান্ত লোৱা বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতিজনে প্ৰকাশ কৰিছে।

৯. বিদেশী পুঁজিৰে পুষ্ট গ্ৰীণপীচকে ধৰি কেইবাটাও স্বেচ্ছাসেৱী সংগঠনক ভাৰতৰ বিকাশৰ বাবে অন্তৰায় বুলি চিনাক্ত কৰি দেশৰ চোৰাংচোৱা সংস্থাই দিয়া প্ৰতিবেদনৰ পাছত এতিয়া ১০টাতকৈ অদি এনে সংস্থালৈ গৃহ মন্ত্ৰণালয়ে জাননী জাৰি কৰিব বুলি জানিব পৰা গৈছে। গ্ৰীণপীচৰ বাবে এতিয়াৰ পৰা বিদেশী ধন অহাটো বন্ধ কৰা হব বুলি প্ৰকাশ পোৱাৰ লগতে ফাইনেঞ্চিয়েল এক্সপ্ৰেছ কাকতে এই প্ৰতিবেদন প্ৰমাণিত সত্যৰ ওপৰত আধাৰিত নহয় বুলিও প্ৰকাশ কৰিছে। কেতবোৰ সংবাদ মাধ্যমে এই প্ৰতিবেদন বৰ্তমান প্ৰধানমন্ত্ৰী মোদীৰ প্ৰাক-নিৰ্বাচনী বক্তৃতাৰ এটা অংশহে আছিল বুলিও আঙুলিয়াই দিছে।

১০. ছুটীকালীন ভ্ৰমণ ৰেহাইৰ ক্ষেত্ৰত জালিয়াতিৰে ধন সৰকোৱাৰ অভিযোগত ছয়জনকৈ ৰাজ্য সভাৰ সাংসদৰ ওপৰত চি.বি.আইয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।  প্ৰাক্তন সাংসদ ৰেণুবালাকে ধৰি অভিযোগ উঠা চাৰি গৰাকীক এতিয়ালৈ সোধপোচ কৰা বুলিও সংবাদ প্ৰকাশ পাইছে। জনপ্ৰতিনিধিৰ এনে কেলেংকাৰী উন্মুক্ত হোৱাটোৱে অনাগত দিনত দেশৰ জনপ্ৰতিনিধি সকলক অধিক নিকা আৰু দ্বায়বদ্ধ হবলৈ বাধ্য কৰিব বুলিও সচেতন মহলে আশা প্ৰকাশ কৰিছে।

No comments:

Post a Comment