হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. সদৌ অসম বিসম্বাদী সমাজে এতিয়া "আপোচৰ সূ্ত্ৰ" সন্ধান কৰি থকাৰ গোপন খবৰ। নতুন দিল্লীত  সকলো ক্ৰিয়াৰে একোটা সমান প্ৰতিক্ৰিয়া থাকে বুলি আহমদ পোটেল ক্লাছত নিউটনৰ তৃতীয়টো সূ্ত্ৰ  ভালদৰে বুজি লোৱাৰ পাছতে এইবাৰ হিমুকন বাবাই আপোচকামী সূ্ত্ৰৰ সন্ধানত গৱেষণা আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

২. গাড়ী চলাওতে মোবাইল ফোন ব্যৱহাৰ কৰাৰ লগতে যান-বাহন আইনলৈ ভেঙুচালিও কৰি দেখুওৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গাড়ী চলাবৰ সময়ত এনে দুটা তিনিটা কাম সমান্তৰালকৈ কৰাৰ অভ্যাসে পৃথিৱীৰ পৰা জনসংখ্যা কমোৱাত অৰিহণা যোগাব পাৰিবই বুলিও ট্ৰেফিক সন্থাই দৃঢ়তা প্ৰকাশ কৰিছে।

৩. ছেনছেক্স এইবাৰ ৩৪৮ পইণ্ট খহি পৰাৰ বাতৰি। মুডত থকা চৰকাৰৰ আগমনত হোৱা ক্ষণিকৰ উত্তেজনাৰ বাবেহে ছেনছেক্সৰ পাৰা ওপৰলৈ উঠিছিল, পিছে সংসাৰ সাগৰৰ আচল সংঘাতৰ জোৱাৰ ভাটাত পৰি ই খহি পৰিব লগীয়াই আছিল বুলি দালাল ষ্ট্ৰীটৰ পৰা জানিব পৰা গৈছে। পিছে উত্তেজনাত শ্বেয়াৰ কিনা সকলৰ চকুৰ পানীৰ ফলতে এতিয়া সাগৰতো লুণীয়া পানী বাঢ়িছে বুলি সূ্ত্ৰই প্ৰকাশ কৰিছে।

৪. বেপাৰীৰ কোনো শত্ৰু নাই, তাতে যদি বেপাৰী ৰাজনীতিবিদ হয়, তেন্তে কথাষাৰ দুগুণে প্ৰযোজ্য বুলি কালি স্পষ্ট কৰি দিলে অগৰুদ্দিন কাজমলে। কাজমল চাহাবে কয়, কাজেৰ জন্যেই কালি নৰেন ভাইক বিৰোধী বুলি চিঞৰিছিলো, এতিয়া নিজৰ কাজেৰ জন্যে ডাঙৰ ভাই বুলি আদৰিও লৈছো। আচলতে বেপাৰী ৰাজনীতিবিদ মানুহৰ কথা-ব্যৱহাৰক জনতাক হৃদয়ত কঠিনভাৱে লবই নালাগে, তেওঁলোকে নিজৰ স্বাৰ্থৰ বাবেহে এইবোৰ নাটক কৰে বুলিও তেখেতে স্পষ্ট কৰি দিয়ে।

৫. সমাজৰ কল্যাণ কৰাৰ দ্বায়িত্বত লোৱা ভক্ষণ বৰাই দুই হাজাৰ কোটিৰ কেলেংকাৰী কৰি সোপাকে ঠিকাদাৰ সন্থাৰ সৈতে খাই পেলোৱাৰ অভিযোগ উঠিছে।  ক্ৰমাত পুত্ৰৰ সতে সমানে নোদোকা হৈ পৰা বৰাদেৱে কাগজত ৩০০দিন সুষম খাদ্য যোগান দিয়াৰ পাছতো ৩১.৩২%শিশুৰ স্বাস্থ্য বিষম হোৱাৰ বাতৰিয়ে এতিয়া খাৰখোৱা সকলক চিন্তাৰ খোৰাক যোগাইছে।

৬. এজাক বৰষুণতে তেজপুৰত ৰেলৱে প্লেটফৰ্ম খহি যোৱাত এক বিশ্ব অভিলেখৰ দাবীদাৰ হ'ল পাগলা-কৰা ঠিকাদাৰ সন্থা। জলসম্পদৰ মাথাউৰি যদি এজাক বৰষুণত উটিব পাৰে, ৰেলৱেৰ প্লেটফৰ্ম কিয় নোৱাৰিব বুলিও অভিলেখ সৃষ্টিৰ চেষ্টা কৰা ঠিকাদাৰজনে সাংবাদিকক প্ৰশ্ন কৰাৰ গোপন খবৰ।

৭. বিটিএডিৰ নৰসংহাৰৰ তদন্তক লৈ ভেঁকো-ভাওনা চলা প্ৰত্যক্ষ কৰি থলুৱা শিশু সকলে পেৰডী কবিতা লিখি উলিওৱাৰ খবৰ। "আহিল চিবিআই, আহিল নিয়া, হ'ল বিয়া উৰুলী দিয়া" বুলি ব্যংগ কবিতাই কোকৰাঝাৰত খলকনি তুলিছে বুলিও জানিব পৰা গৈছে।

৮. বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱসত ভাষণ দিবলৈ গৈ পত্নীৰ হাতত পতি নিগৃহীত হোৱাৰ সৰস খবৰ। টিভিত চাৰৰ ভাষণ শুনি বনকৰা ছোৱালীয়ে চাইল্ড লাইনলৈ ফোন কৰাৰ ফলতে এনে অঘটন ঘটাৰ গোপন বাতৰি।

৯. পৰিকল্পনাৰ পঞ্চাশ শতাংশ ধন ব্যয় কৰাৰ ব্যৰ্থ হোৱা মন্ত্ৰী-বিষয়া সকললৈ সদৌ অসম আধুনিকা মন্ত্ৰী-বিষয়া পত্নী সংঘই তুলিলে বিশেষ দাবী।  ঘূৰি যাবলৈ ধৰা সেই ধন সংঘৰ মাননীয় সদস্যা সকলৰ হাতত তুলি দিলে পৰিকল্পনাবিহীন ভাৱেই কেনেকৈ দুদিনতে খৰছ কৰি শেষ কৰিব পাৰি সেই কথা শিকিব পাৰিব বুলিও মত প্ৰকাশ কৰিছে।

১০. বি.এছ.এন.এলৰ মোবাইল সেৱা ধ্বংসৰ গৰাহত পৰাৰ খবৰত নদাই-ভদাই ফোন কোম্পানীয়ে সন্তোষ প্ৰকাশ কৰিছে। চৰকাৰী কোম্পানী ডুবিলেহে প্ৰাইভেট উঠিব, সেয়ে তাত চাকৰি কৰা সকলক এই কামত হাত উজান দিবলৈকো নদাই-ভদাই ফোন কোম্পানীৰ কৰ্মী সংঘই আহ্বান জনাইছে। হাত-উজান দিয়া সকললৈ সংঘৰ ফালৰ পৰা বিশিষ্ট সেৱকৰ পুৰস্কাৰো দিব বুলিও প্ৰকাশ কৰিছে।

No comments:

Post a Comment