সহৃদয়তাৰে এখন প্ৰীতি সন্মিলন
ডাঃ ভূপেন শইকীয়া
ডাঃ ভূপেন শইকীয়া
কাটাৰৰ অসম সমাজৰ এখনি প্ৰীতি সন্মিলন আৰু সংগীত সন্ধিয়া ৬জুন শুকুৰবাৰে
ডোহাৰ গ্ৰেণ্ড কাটাৰ পেলেচ হোটেলত অনুষ্ঠিত হয় ৷ এক বুজন সংখ্যক ন-পুৰণি
সদস্যৰ উপস্থিতিৰে, কণকণ মইনাহঁতৰ
কল্লোল আৰু উলহ-মালহৰ মাজেৰে এক ঘৰুৱা, সৌহাৰ্দ্যপূৰ্ণ পৰিবেশৰ মাজত
সংগীতানুষ্ঠানটি সন্ধিয়া ৭বজাত আৰম্ভ হৈ নিশা ১১বজাত সামৰণি পৰে৷ সকলোৱে
সুস্বাদ্য খাদ্য আৰু পৰিতৃপ্ত মনলৈ ঘৰমুৱা হোৱাটোৱেই হ'ল পৰম আনন্দৰ
বাৰ্তা৷ এনেয়ো দেশতেই হওক বা বিদেশতেই হওক জেঠৰ ২২দিন অতিবাহিত হোৱাত
'বহাগী বিদায়' পতাৰ আমি বহুতেই পক্ষপাতী নহয়৷ কিন্তু নাম যিয়েই দিয়া
নাযাওক এনেদৰে মাজে-সময়ে সদস্যসকল একত্ৰিত হোৱাটো আৱশ্যকীয়। কাৰণ হিন্দীত
এনেয়ে নকয় নহয় :... हर मुलाकात ज़रूरी होता हैं दोस्ती को बाहाल रखने के
लिये !
গোলাপক যি নামেৰেই মাতক কিয় সি সদায় গোলাপৰ স্বভাৱেই ব্যক্ত কৰিব৷ একেদৰে আজিৰ অনুষ্ঠানক 'বহাগী বিদায়' বোলক বা 'বসন্ত উৎসৱ' বোলক - আমাৰ প্ৰকৃত উদ্দেশ্য-লক্ষ্য একেটাই - এই এমুঠি প্ৰবাসী অসমীয়াৰ মাজত একতাৰ এনাজৰীডাল অধিক সুদৃঢ় কৰা ৷ নিজ নিজ কৰ্মক্ষেত্ৰৰ অশেষ ব্যস্ততাৰ মাজতো সময় উলিয়াই আজিৰ অনুষ্ঠানৰ অংশীদাৰ হোৱা প্ৰতিজন প্ৰবাসী অসমীয়াই ধন্যবাদৰ পাত্ৰ৷ জেষ্ঠ-কনিষ্ঠই অংশগ্ৰহণ কৰা আজিৰ অনুষ্ঠানত আছিল শ্লোক পাঠ, ভূপেন্দ্ৰ সংগীত, আধুনিক গীত, বিহুসুৰীয়া গীত, আধুনিক নৃত্য, বিহু নৃত্য,অসমীয়া আৰু ফৰাচী কবিতা আবৃত্তি, কৌতুক, সমজুৱাৰ বিহু আদি ৷ গোটেই অনুষ্ঠানটি বিগত ৰঙালী বিহুৰ উৎসৱৰ দৰেই এইবাৰো নিয়াৰিকৈ পৰিচালনা কৰি নিয়ে এংকৰ জাফৰিন হাচানে৷ এই মুহূৰ্তত আমি উপলদ্ধি কৰিছোঁ সেইসকলৰ মৰ্মবেদনা যি একান্ত ইচ্ছা থকা সত্বেও অনিবাৰ্য কাৰণত কোনো পধ্যেই কৰ্মস্থলী এৰি আহি আমাৰ মাজত উপস্থিত হবহি নোৱাৰিলে৷ শাৰীৰিক অসুস্থতাৰ ফলতো আহিব নোৱৰাসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ৷

আজিৰ অনুষ্ঠানৰ
মাজতে আমাৰ এজন জেষ্ঠ সদস্য পলাশ দাসে সমূহ ৰাইজৰ আগত এটি অতি সজ পৰামৰ্শ
দাঙি ধৰিছে ৷ তেওঁ গোহাৰি জনাইছে যে কাটাৰৰ অসম সমাজে অসমৰ কেইজনমান মেধাবী
ছাত্ৰক শৈক্ষিক দিশত আগবাঢ়িবলৈ যথাসাধ্য সহযোগ কৰিব লাগে৷ শ্ৰীদাসৰ এই
বিচাৰ কেনেকৈ কাৰ্যকৰী কৰিলে ভাল হব সেই বিষয়ে কাটাৰ অসম সমাজৰ সকলোৰে পৰা
দিহা পৰামৰ্শ বিচৰা হ'ল৷
আজিৰ সংগীতানুষ্ঠানৰ মাজতেই যোৱা ৪এপ্ৰিলত কাটাৰত পালিত ৰঙালী উৎসৱত
ঐকান্তিকতাৰে কাম কৰি অনুষ্ঠান সাফল্যমণ্ডিত কৰাত অৰিহণা যোগোৱা 'নেপথ্যৰ
নায়ক সকলক' ৰাইজৰ আগত চিনাকী কৰাই যৎসামান্য ৰাজহুৱা সম্বৰ্ধনা জনোৱা
হয়৷বিশেষভাৱে শলাগৰ পাত্ৰ হয় ধেমাজিৰ নৰহ দম্পত্তি যাৰ তেজৰ শিৰা-উপশিৰাত
বিহু প্ৰবাহমান৷সদ্য সন্তানসম্ভৱা শ্ৰীমতী মৌচুমী নৰহক ৰাইজে আশীৰ্বাদ আৰু
শুভকামনাৰে উপচাই তোলে৷মৌচুমীৰ এটা বাক্যই প্ৰতিজন অসমীয়াৰ অন্তৰত
হেন্দোলনি তুলিব - "ঢোলৰ মাত শুনিলে নানাচি কেনেকৈ থাকোঁ" !
আমাৰ এজন সক্ৰিয় আৰু মৰমৰ সদস্য ফৰাচী ভাষাৰ শিক্ষক চাহানুৰ আলিয়ে
চিগাংপুৰলৈ কৰ্মস্থলী সলনি কৰাৰ খবৰো আজি নিশ্চিত হোৱাত তেওঁক ২৭জুন
শুকুৰবাৰে বিদায় সম্ভাষণ জনাবলৈ আজি সিদ্ধান্ত লোৱা হয়৷ চাহানুৰক নিশ্চয়
চিংগাপুৰ অসম চচাইটিৰ ধীৰাজ কলিতা আৰু গোটৰ আন সদস্যসকলে আদৰি লব৷ আকৌ
জুলাই মাহৰ আৰম্ভণিতেই আমি কাটাৰ অসম সমাজৰ সকলোৱে পবিত্ৰ ইফটাৰ উপলক্ষে
সমবেত হোৱাৰ কথা৷ এইদৰেই আমি সকলো প্ৰবাসী অসমীয়াই এটা পৰিয়ালৰ সদস্যৰ দৰে
পৰস্পৰৰ মাজত সদ্ভাৱ বৰ্তাই ৰাখি আগবাঢ়ি যাব লাগিব৷
No comments:
Post a Comment