পলকতে সুখ দুখৰ খবৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ খবৰ

পলকতে সুখ দুখৰ খবৰ

Share This
আজিৰ ভাল খবৰবোৰ
১. অসমৰ মাজুলীক দুগ্ধ উৎপাদনৰ কেন্দ্ৰস্থল ৰূপে গঢ়ি তোলাৰ কথা পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে। এইবিষয়ে বৰ্তমানে পৰম্পৰাগত ৰূপত গাখীৰ উপাদন কৰি থকা অসংগঠিত ক্ষেত্ৰক কি দৰে চৰকাৰী পৃষ্ঠপোষকতাত প্ৰাইভেট-পাব্লিক মডেলৰ জড়িয়তে ব্যৱসায়িক সফলতাৰ দিশে নিব পৰা যাব সেই বিষয়ে অধ্যয়ন কৰি প্ৰকল্প তৈয়াৰ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে মাজুলী ভ্ৰমণকালত পশুপালন আৰু দুগ্ধ বিকাশ বৰ্ডক নিৰ্দেশনা দিছে বুলি জানিব পৰা গৈছে। এই প্ৰকল্পত গাখীৰ উপাদন, সংগ্ৰহ কেন্দ্ৰ, শীতলীকৰণ, দুগ্ধ সংশ্লেষণৰ কেন্দ্ৰ, বিতৰণ ব্যৱস্থা আৰু বিক্ৰীক সামৰি লব পৰাকৈ আঁচনি তৈয়াৰ কৰিবলৈ নিৰ্দেশ দিয়াৰো সুখবৰ ৰাষ্ট্ৰীয় সংবাদপত্ৰ "'দ্য টেলিগ্ৰাফে" প্ৰকাশ কৰিছে।
২. এইবাৰ বাইচাইকেলত ঘৰুৱাভাৱে কৰা নতুন সংযোজনেৰে ঘণ্টাত চল্লিশ কিল'মিটাৰ পৰ্যন্ত গতিবেগ বৃদ্ধি কৰি সংবাদ শিৰোনামা লাভ কৰিলে ঢেকীয়াজুলিৰ জহামাৰী গাঁৱৰ চল্লিশ বছৰীয়া যুৱক বিশ্বজিত নাথে। চাইকেলখনৰ আৰ্হি তেজপুৰ বিশ্ববিদ্যালয়লৈ প্ৰেৰণ কৰিবলৈকো দিহা কৰা যুৱকজনে ২০০৮চনত "সাফল্যৰ সন্ধান" নামৰ পুথিও ৰচনা কৰি জিলাখনত সমাদৰ লাভ কৰিছিল বুলি জানিব পৰা গৈছে।

৩. কালি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হ'ল অসম শিশু সাহিত্য ন্যাসে প্ৰকাশ কৰি উলিওৱা ১৩খনকৈ শিশু গ্ৰন্থ। উন্মোচনী সভাত বিশিষ্ট সাংবাদিক নিত্য বৰা, সাহিত্যিক অৰূপ কুমাৰ দত্তকে ধৰি সুধীজনে অংশগ্ৰহণ কৰে। ৰাছিয়াৰ আদৰ্শ গ্ৰহণ কৰি শিশু সাহিত্য প্ৰকাশৰ বাবে ৰাজ-সাহাৰ্য প্ৰদানৰ ব্যৱস্থা কৰিব লাগে বুলিও সভাত মত প্ৰকাশ কৰিলে অৰূপ কুমাৰ দত্তদেৱে।

৪. অহা ৭জুলাইৰ পৰা বহিব লগা সংসদৰ বাজেট অধিবেশন পূৰ্বেই নতুন চৰকাৰে প্ৰায় দহখন ৰাজ্যত নিজৰ বাছনিৰ ৰাজ্যপাল নিযুক্ত কৰিব বুলি সম্ভাৱনা প্ৰকাশ পাইছে। কাৰ্যকাল বাকী থকা ৰাজ্যপালকো হেঁচা প্ৰয়োগ কৰাৰ বাবে বিতৰ্কলৈ অহা চৰকাৰখনৰ বাচনিত অসমৰ বাবে বলোৰাম দাস টেণ্ডনৰ নাম চৰ্চিত হোৱা বুলিও সংবাদ প্ৰকাশ পাইছে।

৫. প্ৰৱল বৰষুণকো নেওচি কেইবালক্ষ দেশী, বিদেশী ভক্তৰ অংশগ্ৰহণেৰে সফল ভাৱে সমাপন হ'ল কামাখ্যা ধামত আয়োজিত চাৰিদিনীয়া অম্বুবাচী মেলাৰ। আজি পুৱা ৭বাজি ১ মিনিট ১০ছেকেণ্ডত নিবৃত্তিৰ পাছতে মন্দিৰৰ দুৱাৰ পুনৰ পূজাৰ বাবে মুকলি কৰা হৈছে । বিস্ফোৰকসহ কেইবাজনো লোক গ্ৰেপ্তাৰ হোৱাৰ বাতৰিয়ে ভীতিৰ সৃষ্টি কৰিলেও মেলাখনি সঠিকভাৱেই কোনো নিৰাপত্তাজনিত ঘটনা সংঘটিত নোহোৱাকৈ সামৰণি পৰাত পুলিচ প্ৰশাসনক ভক্তসকলে ধন্যবাদ জ্ঞাপন কৰিছে।

৬. আই.এ.এছ লাভ কৰা অসম আৰু মেঘালয় কেডাৰৰ ৭জন বিষয়াক অসমৰ বিভিন্ন জিলাত প্ৰৱেশ্যনাৰী ই.এ.চি (অতিৰিক্ত উপায়ুক্ত) ৰূপে নিযুক্তি প্ৰদান কৰিছে অসম চৰকাৰে। সেই অনুসৰি আনন্দ শৰ্মাক বৰপেটাত, ইশ্বন্দা লালুক ডিব্ৰুগড়ত, জে কীৰ্তিক যোৰহাটত, বি জীৱনক নগাঁৱত, কাৰ্তিক এন কৈলাসক কামৰূপত, নৰসিং সম্ভাজী পাৱাৰক তিনিচুকীয়াত আৰু এছ ৰাজকুমাৰক শিৱসাগৰত নিযুক্তি দিয়া হৈছে বুলি জানিব পৰা গৈছে।

৭. কৃষ্টি সংস্কৃতিৰ অগ্ৰণী অনু্ষ্ঠান জাগীৰোডস্থিত মাৰ্কা কুছি তিৱা কাণ্ঠিচুৰী চমতৰ উদ্যোগত অহা ৩ৰ পৰা ৭জুলাইলৈকে তিৱা লোক নৃত্য-গীত আৰু বাদ্য সমূহৰ সম্পৰ্কত এখন কৰ্মশালাৰ আয়োজন চলিছে।  এই প্ৰশিক্ষাৰ্থী সকল লৈ লোকনৃত্যৰ ভিডিডি নিৰ্মাণ কৰা হব বুলিও সংবাদ প্ৰকাশ পাইছে।

৮. সত্ৰীয়া শিক্ষক সমাজ, অসমে দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অহা ২৯জুনত গুৱাহাটীৰ চানমাৰীত থকা সংগীত সত্ৰ ভৱনত উদযাপন কৰিব। অনুষ্ঠানটোত "সত্ৰীয়া নৃত্যৰ ঐতিহ্য আৰু পৰম্পৰা" শীৰ্ষক বক্তৃতা প্ৰদান কৰিব সংগীত নাটক একাডেমী বঁটা, পদ্মশ্ৰীৰে সন্মানিত শিল্পী ঘনকান্ত বৰা বৰবায়নে।

৯. প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ফেচবুক পেজে ৩নিযুত লাইক প্ৰথম মাহতে লাভ কৰিছে। যুৱ প্ৰজন্মৰ সতে পোনপটীয়া সম্পৰ্ক স্থাপন তথা আগ্ৰহ সৃষ্টিৰ উদাহৰণ দাঙি ধৰিবলৈ সক্ষম হৈছে নতুন প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউণ্টৰ অনুসৰণকাৰীৰ সংখ্যাই আমেৰিকাৰ হোৱাইট হাউচৰ একাউণ্টকো পিছ পেলাবলৈ সক্ষম হোৱাৰ খবৰ।

১০. এখন সৰু চহৰৰ মধ্যবিত্তীয় পৰিয়ালৰ সন্তান কপিল শৰ্মাই নিজৰ কৌতুকপূৰ্ণ প্ৰতিভাৰ দ্বাৰা দেশতে জনপ্ৰিয়তা লাভ কৰাৰ পাছত এতিয়া ছবিজগততো খলনায়ক ৰূপে ভুমুকি মাৰিব বুলি সংবাদ প্ৰকাশ পাইছে। "কমেডী নাইটছ উইথ কপিল" শীৰ্ষক শ্ব'ৰে জনপ্ৰিয়তা পোৱা কপিল এইবাৰ বিজ্ঞাপনৰ জগততো প্ৰথমবাৰৰ বাবে চুক্তিবদ্ধ হোৱা বুলি জানিব পৰা গৈছে।

১১. তিনিদিনীয়া কাৰ্যসূচীৰে ঢাকাত উপস্থিত কালি উপস্থিত হৈছেগৈ ভাৰতৰ বিদেশ মন্ত্ৰী সুষমা স্বৰাজ। অবৈধ অনুপ্ৰবেশ, জলবণ্টন চুক্তি, ভূমি হস্তান্তৰ আদি বিষয়ত দেশখনৰ চৰকাৰৰ সৈতে হব আলোচনা।

১২. উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নিযুক্তিত বাধ্যতামূলক হব স্নাতকোত্তৰ আৰু বি.এড ডিগ্ৰী।  সেৱা বিধিত সংশোধনীৰে অসম চৰকাৰৰ শিক্ষা বিভাগে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ৰায় কাৰ্যকৰী কৰিব।

১৩. শ্ৰীশ্ৰী ৰবিশংকৰ নেতৃত্বত চলি থকা "আৰ্ট অৱ লিভিং" নামৰ আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংস্থটোৱে ৰাজ্য চৰকাৰে প্ৰয়োজনীয়া সা-সুবিধা আগবঢ়ালে অসমতো কলিকতাস্থিত বেদ-বিজ্ঞান মহাবিদ্যাপীঠ অনাসক্তি আৰু গৱেষণা কেন্দ্ৰৰ দৰে নিচামুক্তিৰ চিকি
সা কেন্দ্ৰ স্থাপন কৰিব বুলি প্ৰকাশ কৰিছে। অসমৰ গ্ৰামাঞ্চলতো সংগঠনটোৰ পৰিচালিত ২০খনৈ শ্ৰীশ্ৰীজ্ঞান মন্দিৰ বিদ্যালয়ো বিনামূলীয়া শিক্ষা প্ৰদান কৰি থকা বুলি জনাইছে।  সংস্থাটোৱে ২০০৭চনৰ পৰাই আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱসো পালন কৰি আহিছে।

১৪. তেজপুৰৰ বড়া মছজিদৰ ৱাকফ সম্পতিৰ অপব্যৱহাৰ ৰোধ কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক নিৰ্দেশ জাৰি কৰিছে বুলি জানিব পৰা গৈছে।

১৫. কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যেই কেন্দ্ৰীয় সপ্তম দৰমহা আয়োগ গঠন কৰাৰ কথালৈ আঙুলিয়াই দি অসমটো সপ্তম ৰাজ্যিক দৰমহা আয়োগ গঠন কৰিবলৈ অসম চৰকাৰক সদৌ অসম কৰ্মচাৰী পৰিষদে দাবী জনাইছে।

No comments:

Post a Comment