হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. আজি গুৱাহাটীৰ নেহেৰু পাৰ্ক আৰু জজ ফিল্ডৰ সমীপত সমন্বিত খাদ্য সম্ভাৰ পোৱা ফুড ভিলা উদ্বোধন কৰিছে ৰসাল গগৈয়ে। পিছে সদাশয় ৰাইজে তাত আঢ়ৈ টকীয়া "নীলমণিয় ভাত" আৰু "ৰাজ বাব্বৰ ১২ টকীয়া মুম্বাই ভৰপেট থালী" উপলদ্ধ নোহোৱাত দুখ প্ৰকাশ কৰিছে আৰু অচিৰেই মেনুত সেই দুটা আইটেম সন্নিবিষ্ট কৰি ভোকাতুৰ ৰাইজৰ কল্যাণ সাধিবলৈ আহ্বান জনাইছে।


২. ৰসাল গগৈয়ে ফিটা কাটি শুভাৰম্ভ কৰিবলগীয়া অম্বুবাচী মেলাত সুলভ মূল্যত ভাং, চৰচ, গাঞ্জা আদি উপলব্ধ কৰিবলৈ আহ্বান জনালে নিচাখোৰ তীৰ্থযাত্ৰী সংস্থাই। আবকাৰী বিভাগে জ্বলাই দিয়াৰ বাহানাৰে গোপনে বিক্ৰী কৰি দিয়াৰ অভিযোগ নাশ কৰিবলৈকে ভক্তগণক সেইবোৰ জ্বলাই মেলাখনৰ আনন্দ লবলৈ সুবিধা দিবলৈকো সংস্থাই কাতৰ আহ্বান জনাইছে। ভক্তগণৰ আশীষ লাভ নকৰিলে কিন্তু ছাৰৰ চকী লৰফৰ হবৰ বাবেও ই এক অভিশাপ হৈ উঠিব পাৰে বুলিও সংস্থাও সম্ভাৱনা প্ৰকাশ কৰিছে।

৩. হাইড্ৰামা মুহিলাৰীৰ দলে এইবাৰ পদুম পাতত ভৰি দিব বুলি ইংগিত দিয়া বাতৰিত পাৰ্টিটোৰ "সুবিধাবাদী চৰিত্ৰ" প্ৰকাশ পালে বুলি লিখা কথাত গৰিহণা দিছে সচেতন নাগৰিক সন্থাই।  বল থকাৰ পিনে ঢাল খুৱাই ৰাজনীতিৰ মৌলিক নিয়ম বুলি বাখ্যা কৰি আচলতে এই পদক্ষেপে "হাইড্ৰামাৰ দলৰ ৰাজনৈতিক চৰিত্ৰহে" উজলাই তুলিছে বুলিও সন্থাই স্পষ্টীকৰণ আগবঢ়াইছে।

৪. ইৰাকত সংকট হোৱাৰ সুযোগতে ভাৰতত তেলৰ দাম ১০-২০টকালৈ লিটাৰত বৃদ্ধি কৰাৰ সুবৰ্ণ সুযোগ গ্ৰহণ কৰিবলৈ নৰেন কাইলৈ অন্ধ-অনুৰাগী ফেন ক্লাৱে আহ্বান জনাইছে। এই সুবৰ্ণ সুযোগ গ্ৰহণ কৰিব পাৰিলেই বন্ধ হৈ পৰি থকা আম্বানীভাইৰ তেল-ডিপুৰ দোকানবোৰো পুনৰ খুলি দেশৰ বিকাশলৈ অৰিহণা যোগাব পাৰিব বুলি ফেন ক্লাৱে টুইটাৰ যোগে আঙুলিয়াই দিছে।

৫. অসমৰ জলসিঞ্চন বিভাগে যতে ততে প্ৰকল্প স্থাপন কৰি মাত্ৰ ৭৫০ কোটি টকা সফলতাৰে পানীত পেলোৱাৰ খবৰ পোৱা গৈছে। এই বাতৰি প্ৰকাশ পোৱাৰ পাছতে ৰাজহুৱা ধনখোৱা সংঘই বিভাগটোৰ নাম আনুষ্ঠানিক ভাৱেই "ধনসিঞ্চন বিভাগ" বুলি ঘোষণা কৰিবলৈকো আহ্বান জনাইছে।

৬. ৰেল যাত্ৰী ভাৰা, মাল ভাৰা বৃদ্ধি কৰি দেশলৈ ভাল দিন অহাৰ আগজাননী দিলে নৰেন কাইৰ চৰকাৰে। বিদেশী বিনিয়োগকাৰীৰ হাতত গতাই দি বুলেট ট্ৰেইন উপহাৰ দিবলৈ হ'লে এইদৰে ভাৰাবৃদ্ধিৰ চাপ সহ্য কৰাৰ অভ্যাস দেশবাসীয়ে কৰিবই লাগিব বুলিও টুইটাৰ যোগে ৰেল বিভাগে মত প্ৰকাশ কৰিছে। গাঁৱে গাঁৱে উন্নতি কৰি দি গাঁৱতে চহৰৰ সুবিধা দিব লগা চৰকাৰে, অদৰকাৰীভাৱে ৰেল যাত্ৰা কৰা বন্ধ কৰিবলৈকো এই  পদক্ষেপে নিশ্চয় কৰিব বুলিও মত প্ৰকাশ কৰিছে।

৭. জলবোমা বিদ্যুত কোম্পানীৰ প্ৰতিদিনে ১০কোটিকৈ টকা লোকচান হোৱাৰ খবৰে জাতীয় সংগঠন সমূহৰ অন্তৰত অতিকৈ কষ্ট দিয়াৰ গোপন খবৰ পোৱা গৈছে। ইমান লোকচান কৰাতকৈ অলপ বুজা-বুজি কৰিলেই হয় দেখুন বুলিও অসম তলখোচৰা সংগঠনে ইংগিত প্ৰকাশ কৰিছে। প্ৰয়োজন হ'লে নদী-বান্ধ বাধা দিয়া সকলৰ সৈতে ভৰসাযোগ্য দালালৰো ব্যৱস্থা কৰি দিব বুলিও সংগঠনটোৱে গোপনে প্ৰকাশ কৰিছে।

৮. অসমৰ যুৱ বিধায়ক সকলৰ আশা-আকাংক্ষা পূৰণ কৰাৰ বাবেই মুখ্যমন্ত্ৰী সলনি হবই লাগিব বুলি কাঁটা তাঁৰ মন্ত্ৰীয়ে মত প্ৰকাশ কৰিছে। বিধায়ক সকলে কম আয়াসতে কেনেকৈ সম্পত্তিৰ পাহাৰ গঢ়িব পাৰি, সেই কথা আচল শিক্ষামন্ত্ৰীৰ নেতৃত্বহে শিকি লক্ষ্যত উপনীত হব পৰাটো সম্ভৱ হব বুলিও মত প্ৰকাশ কৰিছে।

৯. প্ৰতি ২২ মিনিটত একোটাকৈ মাত্ৰ বলাতকাৰৰ ঘটনাৰ বাবে ভাৰতৰ ৰাষ্ট্ৰসংঘৰ সমিতিৰ দোষাৰোপ। পাৰ্ফমেঞ্চ উন্নত কৰাৰ স্বাৰ্থতে বলাতকাৰৰ অভিযোগ থকা এজনকো কেন্দ্ৰীয় মন্ত্ৰী ৰূপে দেশক নেতৃত্ব দিবলৈ সুযোগ দিয়া বুলি দিল্লীৰ পৰা গোপন সূ্ত্ৰই প্ৰকাশ কৰিছে। এইদৰেই প্ৰেৰণামূলক পদক্ষেপেৰে দেশৰ পাৰফৰমেণ্চ অনাগত দিনত উন্নত হবই বুলিও সূত্ৰটোৱে আশা প্ৰকাশ কৰিছে।

১০. দেশৰ কৃষকৰ হাহাকাৰ অৱস্থা হোৱাৰ কথা সংবাদ মাধ্যমে প্ৰকাশ কৰাৰ পাছতে উপবাসে থাকিবলৈ অভ্যাস কৰিবলৈকো নৰেনকাইয়ে পৰামৰ্শ দিছে। টুইটাৰযোগে দিয়া আহ্বানত উপবাসে থকাটো ভাৰতীয় পৰম্পৰাৰ এক এৰাব নোৱাৰা অংশ আৰু ইয়াৰ দ্বাৰাই আমি ভাল দিন আহিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব পাৰিব আৰু ওপৰৱালা অচিৰেই সন্তুষ্ট হবই বুলিও তেখেতে মত প্ৰকাশ কৰিছে।

No comments:

Post a Comment