দুপৰীয়া ১-৩০ বজাৰ পৰা অনুষ্ঠিত অনুষ্ঠানৰ প্ৰথমাৰ্দ্ধত মূল কাৰ্যসূচী অনুষ্ঠিত হয়,য’ত আছিল “স্পন্দন বঁটা-২০১৪” প্ৰদান, স্পন্দনৰ ছপা মাধ্যমত আত্মপ্ৰকাশ কৰা কবিতা পুথি “ইথাৰত স্পন্দিত শব্দ”ৰ দ্বিতীয় সংস্কৰণ উন্মোচন ইত্যাদি। মূল সভাৰ সভাপতিৰ আসন অলঙ্কৃত কৰে স্পন্দনৰ অন্যতম জ্যেষ্ঠ সদস্য দিলীপ কে চি তামুলী দেৱে। বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰে ক্ৰমে বিশিষ্ট কবি সমালোচক উদয় কুমাৰ শৰ্মা, বিশিষ্ট কবি-নাট্যকাৰ প্ৰণৱ কুমাৰ বৰ্মন, বিশিষ্ট অনুবাদক আৰু প্ৰকাশক বিপুল কুমাৰ দেউৰী আৰু বিশিষ্ট নিবন্ধকাৰ-লেখক আজিজ উল হক ডাঙৰীয়াই।

ময়ূৰী দত্ত,নিকুঞ্জ নাথ,ইন্দ্ৰনীল গায়ন আৰু প্ৰাঞ্জল বৰা আদি স্পন্দনৰ কেইজনমান সক্ৰিয় সদস্যৰ অক্লান্ত পৰিশ্ৰমৰ ফচল হিচাপে আত্মপ্ৰকাশ কৰা স্পন্দনৰ ৫০ জন প্ৰতিভাবান কবিৰ ভিন্ন স্বাদৰ কবিতাৰে সমৃদ্ধ “ইথাৰত স্পন্দিত শব্দ” নি:সন্দেহে সৰ্বাংগসুন্দৰ হৈছে বুলি ক’ব পাৰি। ৰাজীৱ কলিতাৰ বেটুপাত আৰু নিকুঞ্জ নাথৰ গ্ৰাফিকেও কাব্যসংকলন খনিৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে।
এইখিনিতে উল্লেখ কৰিব পাৰি যে ছ’চিয়েল নেটৱৰ্কিং ছাইট “ফেচবুক”ত ২০১১ চনৰ ২০ জুনত জন্মলাভ কৰা “স্পন্দন....শব্দৰ পৰা হৃদয়লৈ” এই কবিতাৰ গোটটোৰ মাধ্যমেদি বহুতো নবীন-প্ৰবীণ কবিয়ে আত্মপ্ৰকাশ কৰিবলৈ সুবিধা পাইছে আৰু ইতিমধ্যে এই স্পন্দনৰ বুকুতেই সৃষ্টি হৈছে বহু হাজাৰ কবিতা। ই এটা শুভ লক্ষণ। আজি স্পন্দন কেৱল এটা সাধাৰণ কবিতাৰ গোট হৈ থকা নাই; ই অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ সেৱাত ব্ৰতী এটা বেচৰকাৰী বৃহৎ স্বেচ্ছাসেৱী অনুষ্ঠানলৈ ৰূপান্তৰ হৈছে আৰু ইতিমধ্যে পঞ্জীয়নভুক্তও হৈছে।
স্পন্দনে নৱীন কবি সকলক কবিতা চৰ্চাৰ মাধ্যমেদি অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰত অৰিহণা যোগাব পৰাকৈ এখন উপযুক্ত মঞ্চ দিছে। উল্লেখযোগ্য যে কবি সকলক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে এই বছৰৰ পৰা স্পন্দনে একোজনকৈ প্ৰতিভাৱান কবিক “স্পন্দন বঁটা” দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

কবি কৌস্ত্তভমণি শইকীয়া দত্তই আঁত ধৰা এই অনুষ্ঠানতে মনোনয়ন লাভ কৰা আন দহজন কবিকো বিশেষ উপহাৰেৰে সন্মানিত কৰা হয়। মনোনয়ন প্ৰাপক কবিসকল হ’ল ক্ৰমে নিশাংক মিলন, ইন্দ্ৰনীল গায়ন,নিবেদিতা হাজৰিকা, আদ্ৰী হৰিপ্ৰিয়া, অনিন্দিতা কলিতা, লক্ষ্মণ কুমাৰ, প্ৰাঞ্জন বৰা, ভৱেন বৰুৱা, ছিদ্দিকুৰ ৰহমান আৰু পৰাগ পিংকু বৰঠাকুৰ। মূল সভাত উপস্থিত বিশিষ্ট ব্যক্তি আজিজ উল হক, উদয় কুমাৰ শৰ্মা, প্ৰণৱ কুমাৰ বৰ্মন আৰু বিপুল কুমাৰ দেউৰীয়ে বহুমূলীয়া বক্তব্যৰে উপস্থিত কবি সকলক অনুপ্ৰাণিত কৰে।
এই সভাতে ”সহায়” নামৰ এটি বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠানে চাৰিগৰাকী দুখীয়া কৃতী ছাত্ৰ-ছাত্ৰীলৈ মানপত্ৰ আৰু আৰ্থিক অনুদান আগবঢ়ায়। অনুষ্ঠানৰ দ্বিতীয়াৰ্দ্ধত বিশিষ্ট কবি-সমালোচক উদয় কুমাৰ শৰ্মাদেৱৰ সঞ্চালনাত কবিতা পাঠ আৰু অন্তৰঙ্গ আলাপ অনুষ্ঠানৰ আয়োজন কৰা হয়। জনপ্ৰিয় যুৱ কবি প্ৰণৱ কুমাৰ বৰ্মনকে মুখ্য কৰি প্ৰায় ডেৰকুৰিৰো অধিক কবিয়ে তেওঁলোকৰ স্বৰচিত কবিতা পাঠ কৰে। কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতাই উপস্থিত সকলোকে মোহাচ্ছন্ন কৰি তোলে।

অনুষ্ঠানটোচ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ফেচবুক বন্ধু আৰু অন্যান্য সকলৰ লগত ভাৱ বিনিময় কৰিবলৈ পাই নিজকে ধন্য মানিলোঁ। নিশ্চয়কৈ ফেচবুকৰ ই এটা যোগাত্মক দিশ। এনে অনুষ্ঠানে দৈনন্দিন গতানুগতিকতাৰ পৰা সকাহ দিয়াৰ লগতে সমাজ খনকো সুস্থ ভাৱে আগবঢ়াই নিয়াত সহায় কৰে। “স্পন্দন....শব্দৰ পৰা হৃদয়লৈ” বোঁৱতীসুঁতিৰ দৰে নিৰবচ্ছিন্নভাৱে বৈ থাকক চিৰদিন-চিৰকাল.....জয়তু স্পন্দন !
No comments:
Post a Comment