পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. ৰাজকোষৰ ধনৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ মন্ত্ৰী, মুখ্যমন্ত্ৰী সকলৰ বিদেশ ভ্ৰমণ নিয়ন্ত্ৰণ কৰিব প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে। এই উদ্দেশ্যে ১০দিনৰ আগতে প্ৰস্তাৱ প্ৰেৰণ কৰাৰ লগতে ভ্ৰমণৰ উদ্দেশ্য আৰু ভ্ৰমণৰ পাছত বিতং প্ৰতিবেদন দাখিলৰ ব্যৱস্থা কৰিব বুলি সুখবৰ প্ৰকাশ পাইছে।  অসমৰ মুখ্যমন্ত্ৰীৰ সঘন বিদেশ ভ্ৰমণে ৰাজ্যত সময়ে সময়ে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে নতুন প্ৰধানমন্ত্ৰীৰ এই সিদ্ধান্ত লক্ষণীয় হৈ উঠিছে।

২. "টাইমছ নাও" চেনেলে বিশ্বকাপ ফুটবলৰ খেল  চাবলৈ চৰকাৰী খৰছত "শিক্ষামূলক ভ্ৰমণ"ৰ আয়োজন কৰা গোৱাৰ মন্ত্ৰী, বিধায়কৰ পৰিকল্পনা সদৰী কৰাৰ পাছত এই "শিক্ষামূলক ভ্ৰমণ" চৰকাৰীভাৱে বাতিল কৰাৰ সুখবৰ। লগতে এই ভ্ৰমণলৈ গ'লে মন্ত্ৰী, বিধায়কে ব্যক্তিগত পুঁজিৰেহে যাব পাৰিব বুলি গোৱা চৰকাৰে প্ৰকাশ কৰিছে। 

৩.
কাইলৈৰ পৰা গুৱাহাটী দূৰদৰ্শনত আৰম্ভ হব পদ্মশ্ৰীৰে সন্মানিত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱন আৰু কৰ্মৰাজিৰ আধাৰত ৰচিত নিৰুপমা বৰগোহাঞিৰ সাহিত্য অকাদেমিৰে সন্মানিত উপন্যাস "অভিযাত্ৰী"ৰ আধাৰত নিৰ্মিত ধাৰাবাহিক। অসীম দত্তৰ পৰিচালনাত নিৰ্মিত ধাৰাবাহিকখনত বিষ্ণু খাৰঘৰীয়া, পূৰ্ণিমা পাঠক শইকীয়া আদি অভিনেতা-অভিনেত্ৰীসকলে অভিনয় কৰিছে।

৪. গণশিল্পী খগেন মহন্তৰ  নামত নামাকৰণ কৰা হব নগাঁও প্ৰেক্ষাগৃহ। নগঞা ৰাইজৰ আবেগ অনুভূতিৰ প্ৰতি সন্মান জনাই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি প্ৰেক্ষাগৃহ পৰিচালনা কৰা ট্ৰাষ্ট সমিতিৰ সভাপতি ৰকিবুল হুছেইনে কালি ঘোষণা কৰিছে।


৫. কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীক কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নেতৃবৰ্গৰ নেতৃবৰ্গৰ এটি প্ৰতিনিধিদলে সাক্ষাত কৰি পাহাৰীয়া জিলা দুখনৰ উন্নয়নৰ বাবে নতুন ৰাজ্য গঠন দাবী উত্থাপন কৰে। আনফালে আছাম পাব্লিক ৱকৰ্ছ নামৰ সংগঠনটোৱেও আলোচনাপন্থী আলফাই ধন সংগ্ৰহ, ছিণ্ডিকেট আদিত লিপ্ত হোৱাৰ অভিযোগো মন্ত্ৰীজনক দাখিল কৰিছে।

৬. দেশৰ সৰ্ববৃহত বিমান পৰিবাহী যুদ্ধ জাহাজ "আই.এন.এছ বিক্ৰমাদিত্য" দেশৰ নামত কালি উৰ্চগা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।  ৰাছিয়াত নিৰ্মিত যুদ্ধ জাহাজখন ২৮৪মিটাৰ দীঘল, ৬০মিটাৰ বহল আৰু ২২টা ডেক সমৃদ্ধ তথা ১৬০০ নৌ-সৈনিক থাকিব পৰা বুলি জানিব পৰা গৈছে। দেশৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰাৰ বাবে কিছু কঠোৰ সিদ্ধান্ত লব লাগিব বুলিও প্ৰধানমন্ত্ৰীজনে কালি প্ৰকাশ কৰে।

৭. অসম কাজিৰঙা বিশ্ববিদ্যালয়ৰ প্ৰথম সমাবৰ্তন অনুষ্ঠিত। অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যপাল জে.বি পাটনায়কে উন্নত ভাৰত গঢ়িবলৈ নতুন প্ৰযুক্তি উদ্ভাৱন কৰিব লাগিব বুলি মত প্ৰকাশ কৰে।

৮.
অৱশেষত ৰাজহুৱাভাৱে বিসম্বাদীয়ে সৃষ্টি কৰা অচলাৱস্থাৰ অন্ত পৰিল বুলি ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই। দৈনিক জনমভূমি কাকতত প্ৰকাশ পোৱা বাতৰিমতে বিসম্বাদীৰ এই স্থিতি ৰাইজে পৰাজয় বুলি ভাবিলেও বা চাৰিজনকৈ মন্ত্ৰীক অপসাৰণ কৰিলেও তেওঁলোকৰ আপত্তি নাথাকিব বুলি উল্লেখ কৰিছে। বুধবাৰৰ ভিতৰত মন্ত্ৰীসভাৰ সালসলনিৰ সম্ভাৱনা।

৯. গণশিল্পী খগেন মহন্তৰ সমাধিক্ষেত্ৰ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিলে আছুৱে।  ভৱিষ্যতে শংকৰদেৱ কলাক্ষেত্ৰৰ চৌহদত কাৰোৱেই শেষকৃত্য সম্পন্ন কৰিব নোৱাৰিব বুলিও আছুৱে মত প্ৰকাশ কৰিছে। মহন্তদেৱৰ সমাধিস্থৰ ক্ষেত্ৰত বিভিন্ন পক্ষৰ সতে এবাৰ আলোচনা কৰাৰ প্ৰয়োজন আছিল বুলি সন্থাই প্ৰকাশ কৰিছে। অহা ১৭জুনত গুৱাহাটী বিশ্ববিদ্যালয়ত আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকখনো অনুষ্ঠিত হব বুলি সংবাদ প্ৰকাশ পাইছে।

১০. ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে সাংসদ পুঁজিৰ ধনেৰে ৯খনকৈ এম্বুলেঞ্চ ধুবুৰী সমষ্টিৰ ৰাইজৰ সেৱাত কালি মুকলি কৰাৰ সুখবৰ।

No comments:

Post a Comment