পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অইল ইণ্ডিয়া লিমিটেডে মানৱ সম্পদ গঢ়াত শিক্ষক সকলৰ অৰিহণাক স্বীকৃতি দিবলৈ ২০১৩চনৰ পৰা প্ৰৱৰ্তন কৰিছে "অইল শিক্ষা ৰত্ন পুৰস্কাৰ"। এই পুৰস্কাৰৰ বাবে প্ৰাদেশীকৃত শিক্ষানুষ্ঠানত সেৱা আগবঢ়োৱা (প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়লৈকে)  কৃৰ্তি শিক্ষক সকললৈ বঁটা আগবঢ়োৱাৰ ব্যৱস্থা কৰিছে। অহা ৫ছেপ্তেম্বৰত নিৰ্বাচিত শিক্ষক সকলৰ তালিকা প্ৰকাশ কৰিব লগা পুৰস্কাৰৰ বাবে আজিৰ পৰা ২১দিনৰ ভিতৰত আবেদন কৰিব পাৰিব বুলিও জানিব পৰা গৈছে।


২. ভাৰতীয় ষ্টেট বেংকে চলিত বৰ্ষত ৭২০০টা পদত নতুন নিযুক্তি প্ৰদান কৰিব। এই বৰ্ষত ৮১০০ কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰি নতুন নিযুক্তিৰ লগতে নতুন প্ৰযুক্তিৰ ব্যৱহাৰেৰে বেংকৰ কাম-কাজ আগুৱাই নিবলৈ প্ৰচেষ্টা হাতত লব বুলি বেংকটোৰ অধ্যক্ষা অৰুন্ধতী ভট্টাচাৰ্যই ঘোষণা কৰিছে।

৩. ভাৰতীয় মহিলাৰ সাৰ্বিক উন্নয়নৰ লক্ষ্যৰে স্থাপিত ভাৰতীয় মহিলা বেংকে এতিয়ালৈ ২৩টা শাখা মুকলি কৰিছে আৰু চলিত বিত্তীয় বৰ্ষৰ চাৰিমাহ পোন্ধৰ দিনত ১৭৫কোটিৰ ব্যৱসায় কৰাৰ সফলতা লাভ কৰিছে। সুতৰ ৰেহাইসহ ঋণ দিয়াৰ বাবে আঁচনি গ্ৰহণ কৰিব লগীয়া বেংকটোৱে চলিত বিত্তীয় বৰ্ষত আৰু ৫৭টা শাখা মুকলি কৰিব বুলিও পৰিচালন সঞ্চালক উষা অনন্তসুব্ৰমনিয়মে প্ৰকাশ কৰিছে।

৪. সুলেখিকা মনালিছা শইকীয়াৰ সম্পাদনাত প্ৰকাশ পাবলগীয়া "গুমৰাগ" নামৰ আলোচনীখন আজি উন্মোচিত হব গুৱাহাটীৰ ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত। আলোচনীখন আনুষ্ঠানিকভাৱে উন্মোচন কৰিব বিশিষ্ট সাহিত্যিক হৰেকৃষ্ণ ডেকাই।

৫. প্ৰসিদ্ধ অভিনেত্ৰী তথা নাট পৰিচালিকা পাকিজা বেগমৰ তত্বাৱধানত শিল্প-সাংস্কৃতিক অনুষ্ঠান "বা"ই ছয়মাইলৰ নিজা ষ্টুডিঅ' থিয়েটাৰত অহা ২জুলাইৰ পৰা আয়োজন কৰিছে ১৫দিনীয়াকৈ গ্ৰীষ্মকালীন  শিশু নাট কৰ্মশালাৰ। আগ্ৰহী সকলে ৮৭২১০-৪৫৫১৪ নম্বৰত যোগাযোগ কৰিব পাৰিব।

৬. বৰাক উপত্যাকাৰ বাঙালী আৰু হিন্দী মাধ্যমৰ প্ৰাথমিক আৰু মজলীয়া বিদ্যালয় সমূহৰ বাবে ৩৩০০গৰাকী টে'ট উত্তীৰ্ণ শিক্ষকৰ নিযুক্তিৰ কথা ঘোষণা কৰিলে অসমৰ শিক্ষামন্ত্ৰীয়ে। অহা শুকুৰবাৰে শিলচৰত নিযুক্তিপত্ৰ সমূহ বিতৰণ কৰা হব আৰু অসমত ভেঞ্চাৰ হৈ থকা বিদ্যালয় সমূহৰ প্ৰাদেশিকীকৰণৰ কাম অহা ৩১ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰা হব বুলিও প্ৰকাশ পালে সুসংবাদ।

৭. তেজপুৰ মেডিকেল কলেজলৈ মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াই প্ৰদান কৰিলে স্বীকৃতি। যোৰহাট আৰু বৰপেটা মেডিকেল কলেজৰ স্বীকৃতিও এম.চি.আইয়ে বাতিল কৰা নাই বুলি ঘোষণা কৰি স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি যোৰহাট মেডিকেল কলেজত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবেও কাউন্সিলখনে অনুমতি প্ৰদান কৰা সুখবৰ কালি এক সংবাদমেলত প্ৰকাশ কৰে।

৮. বিসম্বাদ এৰি ২০১৬চনত পুনৰ কংগ্ৰেছক ক্ষমতালৈ অনাৰ দ্বায়িত্ব ডঃ হিমন্ত বিশ্ব শৰ্মাক হাইকামাণ্ডে অৰ্পণ কৰাৰ বাতৰি সংবাদ পত্ৰত প্ৰকাশ পাইছে। তৰুণ গগৈৰ নেতৃত্বত মন্ত্ৰী হব নোখোজা সকলোকে সমষ্টিৰ উন্নয়নত মনোনিবেশ কৰি নিৰ্বাচনত সুফল আনিবলৈ হাইকামাণ্ডে লক্ষ্য স্থিৰ কৰি দিছে। কালি মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে দিল্লীত ছোনিয়া গান্ধীক সাক্ষাত কৰি সাম্ভাব্য মন্ত্ৰীসভাৰ সাল-সলনিৰ সন্দৰ্ভত আলোচনাত মিলিত হৈছে।

৯. ভাৰত আৰু ভূটাৱে যুটীয়াভাৱে স্থাপন কৰিব লগা খোলংশ্বু জলবিদ্যুত প্ৰকল্পৰ কালি ভূটানৰ সংসদত ভাষণ দিয়াৰ পাছতে আধাৰশিলা ইলেক্ট্ৰনিক মাধ্যমেৰে স্থাপন কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ পৰা দুয়োখন দেশেই উপকৃত হব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীজনে উত্তৰ-পূৱৰ ৰাজ্য সমূহ আৰু ভূটানৰ মাজত এক ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰো পোষকতা কৰে। ইফালে ভূটানৰ নদী-বান্ধৰ ফলত অসমত হব পৰা প্ৰলয় সন্দৰ্ভত অসমৰ জাতীয় সংগঠন সমূহে ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই বিষয়ত শ্বেতপত্ৰ দাবী কৰিলে সদৌ অসম ছাত্ৰ সন্থাই।

১০. অধ্যক্ষ আৰু একাংশ শিক্ষক গোটৰ মাজৰ শীতল যুদ্ধক বৈদ্যুতিন মাধ্যমৰ কেমেৰাৰ সমুখত তৰ্কা-তৰ্কিৰে শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ ঘটনাত জড়িত আটাইকেইগৰাকী শিক্ষক-শিক্ষয়িত্ৰীক শিক্ষা বিভাগে নিলম্বন কৰাৰ নিৰ্দেশ জাৰি কৰিছে। লগতে  বিতৰ্কৰ মাজলৈ অহা অধ্যক্ষ ঘনশ্যাম নাথকো আন কলেজলৈ বদলিৰ নিৰ্দেশ জাৰি কৰা বুলি সংবাদ প্ৰকাশিত হৈছে।

১১. হিংসাৰ বলি হোৱা মহিলা সকলৰ বাবে ভাৰতৰ প্ৰথমটো দুৰ্যোগ মোচন কেন্দৰটো কালি মধ্য প্ৰদেশৰ জে পি হস্পিটেলত উদ্বোধন কৰিলে  অভিনেতা আমিৰ খানে। এই কেন্দ্ৰটোত চিকিতসা সেৱা, আৰক্ষীৰ সাহাৰ্য, আইনী পৰামৰ্শকে ধৰি প্ৰয়োজনীয় সকলো ধৰণৰ সাহাৰ্য নিৰ্যাতনৰ বলি হোৱা নাৰী সকললৈ আগবঢ়োৱা হব।  ইয়াৰ বাবে হেল্পলাইনো মুকলি কৰা হৈছে।

No comments:

Post a Comment