জীৱন যৌৱন (স্বাস্থ্য) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জীৱন যৌৱন (স্বাস্থ্য)

জীৱন যৌৱন (স্বাস্থ্য)

Share This
গ্ৰীষ্মকালৰ ৰোগ আৰু লবলগীয়া সতৰ্কতা
ডা০ ভূপেন শইকীয়া
সাধাৰণতে এপ্ৰিল মাহ সোমোৱাৰ লগে লগে গ্ৰীষ্মকাল আৰম্ভ হয় আৰু এনে জহৰ দিন কমেও ৪টা মাহ থাকে৷ জাৰকালিৰ তুলনাত গ্ৰীষ্মকালত ৰোগৰ প্ৰাদূৰ্ভাৱ বেচি৷ জহকালৰ ৰোগসমূহক নিম্নলিখিত ভাগত ভগাব পাৰোঁ ৷

(১) পানীৰ যোগেদি বিয়পা ৰোগসমূহ - ডিচেন্ট্ৰি, ডায়েৰিয়া, টাইফয়েড, জণ্ডিচ (হেপাটাইটিচ),শ্বিগেলা, জিয়াৰডিয়া,কৃমি আদি৷
(২) মহৰ যোগেদি বিয়পা ৰোগসমূহ - মেলেৰিয়া, ডেংগু, চিকেনগুনিয়া
(৩) গৰমৰ ফলত হোৱা ৰোগসমূহ - ডিহাইড্ৰেচন, হিট-ষ্ট্ৰোক, মূৰৰ বিষ, নাকৰ ৰক্তক্ষৰণ
(৪) চকুৰ অসুখ - কনজাংটভাইটিচ, কেটেৰেক্ট, ৰেটিনাৰ ক্ষতিসাধণ
(৫)গ্ৰীষ্মকালৰ চৰ্মৰোগ - যেনে বসন্ত, মিজলচ্, এলাৰ্জি আদি
(৬) সান মিহলি - প্ৰসাৱৰ সংক্ৰমণ হোৱা ৰোগ, কুকুৰে কামোৰা আদি

প্ৰদূষিত পানী গ্ৰহণ কৰাৰ ফলত মানুহৰ দেহত বেক্টিৰিয়া, ভাইৰাচ বা আন পৰাশ্ৰয়ী জীৱৰ প্ৰবেশ ঘটে যাৰ ফলত ব্যক্তিজন ৰোগক্ৰান্ত হয় ৷ ভালকৈ উতলোৱা, পৰিস্কাৰ পাত্ৰত ভালদৰে ৰখা, ফিল্টাৰ কৰা পানী সেৱন কৰি এই ৰোগসমূহৰ পৰা বহু পৰিমাণে হাত সাৰিব পাৰি৷ লগতে খোৱা বস্তু মাখিয়ে যাতে স্পৰ্শ কৰিব নোৱাৰে তালৈকো চকু দিয়াটো বাঞ্চনীয়৷ গৰমকালত বাহী খাদ্য পৰাপক্ষত গ্ৰহণ নকৰাই মংগলজনক৷ কৃমি,জিয়াৰদিয়া,টাইফয়েড আদি ৰোগ আকৌ পৰিস্কাৰ-পৰিচ্ছন্নতাৰ অভাৱটো বিয়পে৷ ৰোগাকান্ত এজন ব্যক্তিয়ে শৌচ কৰি ভালদৰে চাবনেৰে হাত-মূখ-ভৰি নুধুই আনৰ খোৱা জল বা খাদ্য স্পৰ্শ কৰিলে তেওঁৰ ৰোগ আনলৈ বিয়পাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিয়ে৷

মহৰ যোগেদি বিয়পা ৰোগসমূহো বিপদজনক৷ এডিচ মহে চিকেনগুনিয়া ভাইৰাচ সুস্থ মানুহৰ শৰীৰলৈ বিয়পাই চিকেনগুনিয়া ৰোগ কৰে৷ এই ৰোগত জ্বৰৰ ওপৰিও,ভীষণ গাঠিৰ বিষ, ছালত বসন্তৰ দৰে সৰুসৰু ৰঙীন পানীজ্বলা উঠা, মূৰ বিষ-বমি আদি লক্ষণে দেখা দিয়ে৷ অসমত চিকেনগুনিয়া ৰোগী দেখা পোৱা হোৱা নাই-কিন্তু আজিৰ জেট যুগত ৰোগ ইঠাইৰ পৰা সিঠাইলৈ বিয়পিব সময় নালাগে৷মালদ্বীপত কৰ্মৰত অৱস্থাত এই লিখকৰো এবাৰ চিকেনগুনিয়া, এবাৰ ডেংগুৰোগত ভোগাৰ অভিজ্ঞতা হৈছিল৷ডেংগুহৈ মোৰ তেজত বিপদজনকভাবে প্লেটলেট কমি যোৱাত সহকৰ্মী পাকিস্তানী ডাক্তৰ ইমৰাণ হাচানে ৰক্তদান কৰি মোৰ জীৱন ৰক্ষা কৰিছিল৷ সুসম্পৰ্ক বৰ্তাই ৰখা ডা০ ইমৰাণ এতিয়াও মালদ্বীপৰ চৰকাৰী চিকিৎসালয়ত কৰ্মৰত৷

 
মহৰ যোগেদি বিয়পা ৰোগসমূহত সময়মতে সঠিক চিকিৎসা নাপালে ৰোগী মৃত্যুমুখীও হব পাৰে৷ অসমতো আজিকালি ডেংগুৰোগৰ প্ৰাদূৰ্ভাৱ বৃদ্ধিপোৱা পৰিলক্ষিত হৈছে৷ চৰকাৰী জনস্বাস্থ্য সুৰক্ষা আঁচনিৰ ব্যৰ্থতা, নগৰপালিকাৰ নলা-নৰ্দমা পৰিস্কাৰ কৰি ৰক্ষাত ব্যৰ্থতা আদি মূল কাৰণতেই এনে হৈছে৷ লগতে যিকোনো ৰোগ নিৰ্মূল কৰিবলৈ স্বাস্থ্যশিক্ষাৰো অতীৱ প্ৰয়োজনীয়তা আছে৷ মেলেৰিয়া আৰু ডেংগুৰ ওপৰত আগতে অকবত লিখামেলা হোৱা হেতুকে সদ্যহতে তাৰ বিতং চৰ্চা বাদ দিলোঁ৷ গ্ৰীষ্মকালৰ চকুৰ অসুখ জয়বাংলা অতি কমন, একেলগে পৰিয়ালৰ বা চুবুৰীৰ কেইবাজনকো আক্ৰান্ত হোৱা দেখা যায়৷চকুৰ অসুখ নিবিয়পিবলৈ একেবাৰে সহজ উপায় হ'ল - হাতখন ভালকৈ ধুই পৰিস্কাৰ নকৰাকৈ কোনো কাৰণতে নিজৰ চকু স্পৰ্শ নকৰিব৷চকুৰ অসুখ হোৱা ৰোগীৰ কাপোৰ,কিতাপ,চচমা বা আন কোনো বস্তৱেই নুচুব৷

এতিয়া কেবল গৰমৰ যোগেদি হোৱা ৰোগসমূহৰ বিষয়ে কিছু চৰ্চা আগবঢ়াম৷
মানব দেহৰ ৭২শতাংশ পানীৰে গঠিত৷ দিনটোৰ ২৪ঘন্টাৰ ভিতৰত পুৰুষে তিনি লিটাৰ আৰু মহিলাই আঢ়ৈ লিটাৰ পানী খোৱাটো আৱশ্যকীয় ৷ আমাৰ শৰীৰৰ পৰা পানী সচৰাচৰ নিৰ্গত হয় মল-মূত্ৰ,ঘাম আৰু চৰ্মৰ মাধ্যমেৰে৷ কিন্তু বহুত সময় গৰমকালৰ ৰ'দত শ্ৰম কৰিলে ডিহাইড্ৰেচন হব পাৰে৷
 
ডিহাইড্ৰেচনৰ মূল কাৰণসমূহ হ'ল - ডায়েৰিয়া বা হাগনি,বমি, বেচিকৈ ঘমা,বহুমূত্ৰ বা ডায়েবেটিজ, জুইত দগ্দ্ধ হোৱা, পৰিস্থিতিবশত: পানী কমকৈ খোৱা ৷ ডিহাইড্ৰেচনৰ ঘাই লক্ষণসমূহ হ'ল - পিয়াহ বেচিকৈ লগা, প্ৰসাৱ কমকৈ হোৱা আৰু ছাল-মুখ শুকাই যোৱা৷ ডিহাইড্ৰেচনৰ চিকিৎসা হ'ল বিশুদ্ধ পানী আৰু অৰেল ৰিহাইড্ৰেচন পাউদাৰ (ORS)৷ মদ বা কেফেইনযুক্ত পদাৰ্থ (চাহ,কফি) কেতিয়াও ইয়াৰ বিকল্প হব নোৱাৰে৷ ডাবৰ পানী, চেনি-নিমখ মিহলোৱা নেমু-কমলাৰ ৰস অৰেল ৰিহাইড্ৰেচন পাউদাৰৰ বিকল্প হব পাৰে৷ ডিহাইড্ৰেচনৰ ফলত হব পৰা জটিলতাসমূহ হ'ল : কিডনি বিকল হোৱা, ক'মা বা শ্বক, হিট-ষ্ট্ৰোক, ইলেকট্ৰলাইটৰ অনিয়ম হোৱা৷

গৰমত পৰ্যাপ্ত সতৰ্কতামূলক ব্যৱস্থা নোলোৱাকৈ কাম কৰিলে পোনতে মাংসপেশীৰ বিষ (Heat-cramp) হব৷ ইয়াৰ পৰবৰ্তী পৰ্য্যায়ত হিট এস্কাষ্টচন (Heat Exhaustion ) আৰু হিট-ষ্ট্ৰোক (Heat Stroke ) হব পাৰে ৷ হিট এস্কাষ্টচনৰ লক্ষণ হ'ল শৰীৰৰ তাপমাত্ৰা ৪০ডিগ্ৰী চেন্টিগ্ৰেড (১০৪ ডিগ্ৰী ফাৰেনহাইট)লৈ বৃদ্ধি পোৱা, হৃদগতি ক্ষিপ্ৰ হোৱা, উশাহ-নিশাহত কষ্ট হোৱা, ঘাম শুকাই যোৱা বা নোলোৱা, অস্বাভাবিক ব্যৱহাৰ (যেনে ভ্ৰম, ৰাগ হোৱা, হেল্যুচিনেচন হোৱা আদি), ফিট হোৱা বা মূৰ্চ্ছা যোৱা ৷ চৰম অৱস্থাত হিট-ষ্ট্ৰোক হোৱাৰ সময়ত দেখা যাব শৰীৰৰ তাপমান ১০৫ ডিগ্ৰী ফাৰেনহাইট হোৱা সত্বেও ঘাম নোলায়, অতিপাত মূৰৰ বিষ, মূৰঘূৰণি, ওকালি আৰু বমি, কষ্টকৰ নিশ্বাস আৰু সংজ্ঞা হেৰোৱা৷ হিট-ষ্ট্ৰোক হ'ল এক অতি জৰুৰীকালিন অৱস্থা৷


ডিহাইড্ৰেচনলৈ দীঘলীয়া সময়ৰ বাবে গৰম বতৰত কৰ্মৰত হলে মস্তিষ্কই কাম নকৰা হৈ পৰে, শৰীৰৰ শীত-তাপ নিয়ন্ত্ৰণ কৰা ব্যৱস্থাটো বিকল হৈ পৰে আৰু খৰতকীয়াকৈ উপযুক্ত চিকিৎসা নাপালে ৰোগী মৃত্যুমুখত পৰে৷ এম্বুলেঞ্চ নহালৈকে ৰোগীৰ লবলগীয়া ব্যৱস্থাসমূহ হ'ল - ৰোগীজনক ভৰি ওখ কৰি ৰাখি শুৱাই দিয়ক, ফেন বা বিচনিৰে বতাহ দিয়ক, চেচা-তিতা কাপোৰেৰে গা মচি থাকক, সম্ভৱপৰ হলে কাষলটি-ডিঙি-কৰঙণ আদিত বৰফৰ পেক দিয়ক৷

গ্ৰীষ্মকালত পৰাপক্ষত গাত লিপিত খাই নধৰা পাতল ৰঙৰ পাতল কপাহী কাপোৰ পিন্ধিব৷ ছাতি, টুপি,ছানগ্লাচ আদি পৰাপক্ষত ব্যৱহাৰ কৰিব৷ বাহিৰলৈ ওলোৱাৰ আধা ঘন্টাৰ আগতে শৰীৰৰ উন্মুক্ত অংশত চান স্ক্ৰিন লোচন ঘঁহিলে ছালখনে যথেষ্ট পৰিমাণে সকাহ পাব ৷
গ্ৰীষ্মকালৰ খাদ্য পৰাপক্ষত কিছু লঘু আহাৰ স্বাস্থ্যৰ বাবে উপযোগী৷ তাপ উৎপন্ন কৰা খাদ্য মাংস,কণী, গৰম-মছলা ব্যৱহাৰ কমাব৷আমিষ ভোজীসকলে এই সময়ছোৱাত মাছক (বিশেষকৈ সৰু কমতেলী মাছ) নিজৰ খাদ্য তালিকাভুক্ত কৰিব পাৰিলে ভাল৷ দৈ,লচ্চী, মত্থা,চৰবত আদি বতৰৰ উপযোগী খাদ্য৷ ৰসাল ফল তৰমুজ,চিৰাল, তিঁয়হ,আম,অমিতা আদি ডিহাইড্ৰেচন ৰোধ কৰাত সহায়ক হয়৷

প্ৰকৃতিয়ে দিয়া বতৰৰ ফল লেতেকু,পনিয়ল,বগৰী,আমলখি, মধুৰী,ডালিম, নাচপতি আদিয়ে শৰীৰ শীতল ৰাখে৷ এই সময়ত ধৰিত্ৰীত মৰীচা,খুতৰা,মানিমুনি,জিলমিল, মাটিকান্দুৰী, টেঙেচী, ঢেকীয়া আাদি শাক প্ৰচুৰ পৰিমাণে উপলব্দ্ধ হয়৷ বতৰৰ বতৰা বুজি প্ৰকৃতিৰ এই অমূল্য অৱদানসমূহ গ্ৰীষ্মকালৰ নিয়মীয়া খাদ্যৰ তালিকাৰ অন্তৰ্ভূক্ত কৰিব লাগে৷ এই শাক সমূহত প্ৰচুৰ ভিটামিন, লাগতিয়াল ট্ৰেচ এলিমেন্ট,এন্টি অস্কিডেন্ট,লৌহ পদাৰ্থ আদি থাকে৷ শৰীৰৰ ইমিউনিটি বঢ়োৱাত এইদৰে বতৰৰ শাক-পাচলিসমূহ সহায়ক হয়৷


পৰিবেশ শুদ্ধ কৰি ৰাখিবলৈ ঘৰৰ পৰিষদৰ ভিতৰত অন্তত: এজোপা মহা নীমগছ থাকিলে ভাল ৷ এনেয়ো বাতাবৰণৰ শীতলতা বজাই ৰাখিবলৈ ঘৰৰ আশে-পাশে গছ-গছনিৰ প্ৰয়োজনীয়তা অপৰিহাৰ্য৷ নীমপাত উতলোৱা পানীৰে বসন্ত বা আন গ্ৰীষ্মকালীন চৰ্মৰোগত ভোগাসকলে গা ধোৱাটো উপকাৰী৷

No comments:

Post a Comment