পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰঃ
১. বিশ্বৰ ভিতৰতে অনন্য অসমৰ মুগা শিল্পই অৱশেষত আনুষ্ঠানিকভাৱে লাভ কৰিলে "ভৌগোলিক স্বীকৃতি"। মুগাশিল্পৰ বাবে জিয়'গ্ৰাফিকেল ইণ্ডিকেশ্বন ল'গ'ৰ স্বত্ব লাভ কৰিছে অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদে। ২০০৫চনৰ পৰা চলোৱা প্ৰচেষ্টাৰ ফলত লাভ কৰা এই স্বীকৃতিয়ে মুগা শিল্পৰ স্বাভিমান, আত্ম-পৰিচয় আৰু স্বকীয়তা ধৰি ৰখাত সুৰক্ষা প্ৰদান কৰিব বুলি এছটেকৰ সঞ্চালক হৰেশ চন্দ্ৰ দত্তই এক সংবাদমেলত সদৰি কৰিছে।

২. উত্তৰ-পূৱ  ভাৰতৰ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ ফলত স্থাপিত হোৱা শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য ৰূপে আনুষ্ঠানিকভাৱে দ্বায়িত্ব গ্ৰহণ কৰিলে শিক্ষাবিদ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকাই।

৩. ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত অংশগ্ৰহণৰ বাবে গুৱাহাটী ফ্ৰেন্সাইজিৰ ৰূপত "নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাৱ"ৰ স্বত্বাধিকাৰী হ'লহি বলিউডৰ তাৰকা জ'ন আব্ৰাহাম। শ্বিলংৰ লাজং ক্লাৱৰ পৰিচালন সঞ্চালক লাৰছিং ছ'য়ানৰ সহযোগত উত্তৰ পূৱৰ ফুটবল প্ৰতিভাক দেশত অধিক উজ্বলাই তোলাৰ উদ্দেশ্যে গঠিত দলটোৰ পৰামৰ্শদাতা তথা সহযোগী ৰূপে বলিউডৰ ছবি প্ৰযোজক ৰণী লাহিড়ী আৰু প্ৰাগ চেনেলৰ সঞ্জীৱ নাৰায়ণেও অৰিহণা যোগাইছে।

৪. এন আৰ গ্ৰুপ নামৰ ধূপৰ ব্যৱসায়িক গোষ্ঠীয়ে ২০১১ চনৰ পৰা ভাৰতৰ বিভিন্ন ঠাইত অনুষ্ঠিত কৰি অহা "চাইকেল হেৰিটেজ কুইজ" এইবাৰ গুৱাহাটীত আয়োজন কৰিছে। অহা ১৪জুনত গুৱাহাটীৰ আই.টি.এ মাছখোৱাত হব লগা এই কুইজত ৫০খন স্কুলৰ ২৫০টাৰো অধিক দলে অংশ লব। আকৰ্ষণীয় পুৰস্কাৰ ট্ৰফী, চাৰ্টিফিকেট, নেটপেড, কেমেৰা আদি লাভ কৰিব পৰা কুইজ প্ৰতিযোগিতাখনিত অংশগ লবলৈ ৯৯০১৯-৫৯৯৯১ নম্বৰত যোগাযোগ কৰিব পাৰিব।

৫. ওৰাং ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে ঘোষণা কৰিবলৈ দাবী উত্থাপন কৰিলে প্ৰকৃতি সংগঠন অৰণ্য সুৰক্ষা সমিতি, অসমে। এসময়ত জনবসতিপূৰ্ণ এলেকাৰ পৰা ক্ৰমাত অভয়াৰণ্য হোৱা অৰণ্যখনৰ একক আৰু অনন্য ইতিহাস, জৈৱ-বৈচিত্ৰৰ বৈশিষ্ট্য সমূহৰ যৰ্থাথ গৱেষণা কৰি আন্তৰ্জাতিক প্ৰেক্ষাপটত উজলাই তোলাৰ বাবে ৰাষ্ট্ৰসংঘৰ ওচৰত নাৰ্যদাবীৰে প্ৰতিবেদন দিবলৈ সংগঠনটোৱে অসম চৰকাৰক আহ্বান জনাইছে।

৬. বিগত বছৰ সমূহৰ দৰেই উত্তৰ পূৱৰ সাংস্কৃতিক অনুষ্ঠান নৰ্থ-ইষ্ট বিগ কালচাৰেল ছ'চাইটিয়ে আজি সন্ধিয়া গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত আয়োজন কৰিছে "নবক'ছ মিডিয়া এৱাৰ্ড"ৰ এক বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানৰ। প্ৰস্তুতি পৰাশৰৰ মনোৰম নৃত্যানুষ্ঠান, জুবিন গাৰ্গ, প্ৰিয়ংকা ভৰালীকে ধৰি আগশাৰীৰ শিল্পীৰ অংশগ্ৰহণেৰে সজোৱা অনুষ্ঠানতে অসমৰ ভ্ৰাম্যমাণ, ধাৰাবাহিক, চলচ্চিত্ৰ, টেলিভিছন, বিশেষ শিতান আদিত শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰা সকললৈ বঁটা আগবঢ়োৱা হব বুলি সংস্থাটোৰ অধ্যক্ষ গগণাষ্টমে প্ৰকাশ কৰিছে।

৭. আৰক্ষী অধীক্ষক নিত্যানন্দ গোস্বামীৰ হত্যাত জড়িত উগ্ৰপন্থী গোটৰ ইউ.পি.এল.এৰ মুখ্য-সেনাধ্যক্ষসহ ১০গৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল অসম আৰক্ষী।  ঘটনাৰ পাছৰে পৰাই চি.আৰ.পি.এফ কে ধৰি অন্যান্য সেনা বাহিনীৰ দলে পাহাৰীয়া অঞ্চলত অভিযান তীব্ৰতৰ কৰি তোলাৰ ফলতে বৃহত পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ সহ দলটোক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱাৰ সুখবৰ।

৮. ক্ষুদ্ৰ উদ্যোগ স্থাপনত গুৰুত্ব দিব বুলি মোদী চৰকাৰৰ সিদ্ধান্তক আদৰণি জনালে অসমৰ মুখ্যমন্ত্ৰীয়ে। অসমত উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ হব বুলি ঘোষণা কৰাৰ লগতে নিত্যানন্দ গোস্বামী নিহত হোৱা ঘটনাৰ তদন্তৰ বাবে অতিৰিক্ত সঞ্চালকপ্ৰধান জ্যোতিৰ্ময় চক্ৰৱৰ্তী আৰু অতিৰিক্ত মুখ্য সচিব সুভাষ দাসক দ্বায়িত্ব অৰ্পণ কৰা বুলি কৰিলে প্ৰকাশ।

৯. সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত কালি ৰাজ্যজুৰি পালিত হ'ল ছাত্ৰ সংহতি দিৱস। এই কাৰ্যসূচীৰ অংশৰূপে গুাহাটীৰ নেহৰু পাৰ্কত ছতা শ্বহীদ বেদীত খাদ্য আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদ পুতুল শইকীয়া আৰু গজেন ইংতিৰ লগতে অসম আন্দোলনত প্ৰাণ বিসৰ্জন দিয়া শ্বহীদ সকলৈকো গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিশিষ্ট কবি-আবৃত্তিকাৰ ভূপেন চক্ৰৱৰ্তীয়ে।

১০. তিনি জুনত হোৱা  নিহত হোৱা কেন্দ্ৰীয় মন্ত্ৰী গোপীনাথ মুণ্ডেৰ দুৰ্ঘটনা সম্পৰ্কে চি.বি.আইয়ে তদন্ত কৰিব বুলি সংবাদ প্ৰকাশ পাইছে। কেইবাগৰাকী শীৰ্ষ নেতাই সমগ্ৰ ঘটনাটো মানি লবলৈ টান পোৱাৰ লগতে কিবা ষড়যন্ত্ৰ থাকিব পাৰে নেকি বুলিও মত প্ৰকাশ কৰাৰ পাছতে চি.বি.আইৰ দ্বাৰা ঘটনাটোৰ তদন্ত কৰোৱা হব সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে।

No comments:

Post a Comment