পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰ
১. চামতাৰ খাটৰূপীয়াবাথান গাঁৱৰ হিৰা চুবুৰীৰ দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা ব্যক্তি অৰ্জুন দাসৰ ৫বছৰ ৬মহীয়া কন্যা মনীষা দাস মুখৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ খবৰ বাতৰিকাকতত প্ৰকাশিত হোৱাৰ পাছত "কৰুণাধাৰা ন্যাস"ৰ নলবাৰী জিলা সহায়ক সমিতিয়ে আৰ্থিক সহায় আগবঢ়াইছে। ৰাভা দিৱসৰ কাৰ্যসূচীতে কৰুনাধাৰা ন্যাসৰ পৰা চিকি
ৎসা ব্যয়ৰ বাবে ষাঠি হাজাৰ টকাৰ চেক প্ৰদান কৰা বুলি জানিব পৰা গৈছে।


২. ছিপাঝাৰৰ মাৰৈত বিষ্ণু ৰাভা দিৱসত স্থানীয় সংযুক্ত নাট্য গোষ্ঠীয়ে মঞ্চস্থ কৰিলে উদীয়মান নাট্যকাৰ সদানন্দ চহৰীয়াৰ "স্বীকাৰোক্তি" নামৰ এখনি নাট। যোৱা তিনিটা বছৰত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ পৰা জুনিয়ৰ ফেলশ্বিপ লাভ কৰিবলৈ সক্ষম হোৱা শিল্পী দিলীপ নাথ, অসীম কুমাৰ নাথ, এম হাফিজ আলী, পবিত্ৰ শইকীয়া আৰু হীৰক নাথকো অনু্ষ্ঠানটোতে সম্বৰ্ধনা জনোৱা হয়।

৩. চাওতাল জাতীয় সংহতি দিৱস কেন্দ্ৰীয়ভাৱে এইবাৰ তেজপুৰৰ নিকটৱৰ্তী কাৱৈমাৰী শংকৰ মন্দিৰৰ প্ৰাংগণত অহা ৩০জুনত সদৌ চাওতাল ছাত্ৰ সন্থা আৰু অসম চাওতালী সাহিত্য সভাৰ লগতে আন আন সহযোগী সংগঠনৰ উদ্যোগত অনুষ্ঠিত কৰিবলৈ চলিছে আয়োজন। ৰাজহ মন্ত্ৰী পৃথিৱী মাঝিয়ে উদ্বোধন কৰিব লগা মুকলি সভাত  সাংসদ কামাখ্যা প্ৰসাদ তাচা, সাংবাদিক অজিত কুমাৰ ভূঞা, বেদব্ৰত বৰাকে ধৰি সুধীজনে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

৪. তেজপুৰ আৰু ঠেলামাৰাতো অনুষ্ঠিত হ'ল গণশিল্পী খগেন মহন্তৰ স্মৃতিচাৰণ সভা। ঐতিহাসিক বাণ থিয়েটাৰ আৰু সাংস্কৃতিক সংগঠন  "চাতক"ৰ যৌথ উদ্যোগত কালি এখনি ব্যতিক্ৰমী স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়।

৫. ঔদ্যোগিক কাম-কাজৰ সুবিধা হোৱাকৈ কৃষি ভূমি অনা-কৃষি কাৰ্যৰ বাবে ভূমি হস্তান্তৰৰ নীতি-নিয়ম অসম চৰকাৰে শিথিল কৰি দিছে। খেতিৰ বাবে উপযোগী নোহোৱা বা দহবছৰৰো অধিক কাল ছন পৰি থকা মাটি অনা-কৃষিকাৰ্য যেনে উদ্যোগ, শিক্ষানুষ্ঠান, স্বাস্থ্য প্ৰতিষ্ঠান, বাসগৃহ আদি নিৰ্মাণ কৰিবলৈ উপায়ুক্তই অনুমতি দিব পাৰিব বুলি নিৰ্দেশনা জাৰি কৰিছে বুলি ৰাষ্ট্ৰীয় সংবাদ পত্ৰত খবৰ প্ৰকাশ পাইছে।

৬. দেশৰ তথ্য প্ৰযুক্তি কোম্পানী ইনোভেজিয়নে নতুনকৈ মুকলি কৰা এটা এণ্টি-ভাইৰাছৰ নাম "নমো" ৰাখিছে। নতুন চৰকাৰক শুভকামনা জনোৱাৰ উদ্দেশ্যেই "নমো এণ্টিভাইৰাছ" নামাকৰণ কৰা হৈছে আৰু দেশৰ ৬৭ শতাংশ কম্পিউটাৰ ব্যৱহাৰকাৰীৰ হাতত বৈধ এণ্টিভাইৰাছ নথকাৰ বাবেই বিনামূলীয়া ৰূপত ইয়াক মুকলি কৰা হৈছে বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে।

৭. কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ উদ্যোগত আৰু ৰাজ্যিক ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সহযোগত ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এখন সজাগতা বিষয়ক কৰ্মশালা অনুষ্ঠিত হোৱাৰ সুখবৰ। ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কেৰিয়াৰ পৰামৰ্শদাতা ৰঞ্জন বৰুৱাই মহকুমাটোৰ প্ৰায় ৪০খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক কেৰিয়াৰ সম্পৰ্কে বিভিন্ন দিশত পৰামৰ্শ প্ৰদান কৰে।

৮. অসমৰ লোক-সংস্কৃতিৰ জগতৰ পুৰোধা ব্যক্তি ডঃ নবীন চন্দ্ৰ শৰ্মাৰ জন্মদিনটো লোক-সংস্কৃতি দিৱস হিচাবে পালন কৰি আহিছে। এই উলক্ষত কালি অসম সাহিত্য সভাৰ বাগদেৱী সাহিত্য সভাৰ সম্পাদক তথা সাহিত্যিক নীলকান্ত নাথে দুখনকৈ নতুন কবিতাপুথি ডঃ শৰ্মাক অৰ্পণ কৰে। গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত অনুষ্ঠিত সভাতে "গীতিকা এতিয়া কিমান ৰাতি" আৰু "আকাশেৰে উৰি যোৱা ৰাজহাঁহজাকৰ প্ৰতি" শীৰ্ষক কবিতাপুথি দুখন উন্মোচিত হয়।

৯. কেন্দ্ৰৰ পৰা অহা উন্নয়নৰ পুঁজিৰ হিচাপ দাখিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে দিয়া নিৰ্দেশক লৈ এতিয়া অসমৰ ৰাজ্য চৰকাৰে থৰ-কাছুটি হেৰুৱাৰ উপক্ৰম হোৱাৰ খবৰ। এই ক্ষেত্ৰত সঠিক হিচাপ দাখিল কৰিবলৈ ৰাজ্য চৰকাৰে প্ৰতিটো বিভাগলৈ জৰুৰী জাননী জাৰি কৰিছে বুলিও সংবাদ প্ৰকাশ পাইছে।

১০. কালি ৰবীন্দ্ৰ ভৱনত কামৰূপীয়া ঢুলীয়াৰ জীৱন গাঁথাক লৈ ৰচনা কৰা প্ৰণৱ কুমাৰ বৰ্মনৰ নাটক "বাঘ-বাহাদুৰ" সফল ভাৱে মঞ্চস্থ কৰিলে নলবাৰীৰ "জোনাকী কাৰেঙ" নামৰ নাট্য গোষ্ঠীয়ে।

১১. বিশ্বকাপ ফুটবলৰ ফাইনেল খেল চাবলৈ আমন্ত্ৰিত হোৱাৰ পাছত এইবাৰ কমনৱেলথ গেমচলৈকো আমন্ত্ৰিত হ'ল ভাৰতৰ নতুন প্ৰধানমন্ত্ৰী।

১২. কালি চেনীৰ আমদানি কৰ ১৫শতাংশৰ পৰা ৪০শতাংশলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিলে কেন্দ্ৰীয় খাদ্য মন্ত্ৰীয়ে। লগতে চেনীকল তথা চেনী উদ্যোগলৈ সুতবিহীন ঋণ প্ৰদান কৰাৰ বাবে প্ৰায় চাৰি হাজাৰ কোটি টকা মুকলি কৰি কৃষক সকলেও যাতে তাৰ সুফল পাব পাৰে তাৰ বাবে চেষ্টা চলাব বুলিও কৰিলে ঘোষণা।

১৩. মংগল গ্ৰহলৈ পঠোৱা নাছাৰ কিউৰছিটি ৰভাৰে এবছৰ পূৰ্ণ কৰাৰ সুখবৰ। মহাকাশযানখনে এই উপলক্ষে চেলফি পঠিওৱা বুলিও প্ৰকাশ কৰিছে সংবাদ মাধ্যমে।

১৪. ক'লা ধন বিষয়ক বিশেষ অনুসন্ধানকাৰী গোটক তথ্য দিবলৈ বেংক সমূহলৈ নিৰ্দেশ জাৰি কৰিলে ভাৰতীয় ৰিজাৰ্ভ বেংকে। চুইজাৰলেণ্ডৰ বেংক কৰ্তৃপক্ষকো কৰ-ফাঁকি বিষয়ক তথ্য যোগান ধৰিবলৈ আহ্বান জনাই চিঠি পটাব বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে সংবাদ মাধ্যমক অৱগত কৰিছে।

১৫. শিৱসেনাৰ প্ৰৱল আপত্তি আৰু নিজৰ দলৰ সাংসদৰো বিৰোধিতাৰ বাবে মুম্বাইৰ লোকেল ট্ৰেইনৰ দুগুণ কৰা ৰেলভাড়া কেইবাটাও খাপত বৃদ্ধি কৰাৰ প্ৰস্তাৱত বিবেচনা কেন্দ্ৰীয় চৰকাৰে কৰাৰ সম্ভৱনা প্ৰকাশ। আজি গেচৰ মূল্যবৃদ্ধি বিষয়ত দ্বিতীয়খন উচ্চ-স্তৰীয় কেবিনেট বৈঠক অনুষ্ঠিত হব।

No comments:

Post a Comment