মিচা ক'লে কি ডাল হব (হাস্য ব্যংগ) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিচা ক'লে কি ডাল হব (হাস্য ব্যংগ)

মিচা ক'লে কি ডাল হব (হাস্য ব্যংগ)

Share This
ৰাইজ, ভাল দিন উপভোগ কৰিবলৈ সাজু হৈছেনে?
 



ভাল দিন আহি আছে! সেয়া খাটাঙ... বিশ্বাস কৰিবলৈ টান পাইছে? নাপাব, প্ৰাণ খুলি বিশ্বাস কৰক। বিশ্বাস কৰিব লগা কথাও, ইমান হাজাৰ হাজাৰ কোটি খৰছ কৰি সেই চাবোন, চেম্পু বিক্ৰী কৰা বিজ্ঞাপন সংস্থা কেইটাক এনেই জানো ভেৰোনীয়া কৰি লৈছিল। আপোনাক বিশ্বাস উপজাবলৈকেতো তেওঁলোকেও বাতানুকূল কোঠাতো ঘাম-বাজ কৰি দিয়া বৌদ্ধিক কছৰত কৰিছিল..... এনেয়ে নে!


তেওঁলোকৰ বিজ্ঞাপন দেখি দেখি আপোনাৰো জানো অনুভৱ হোৱা নাছিল, ফলমূল কিনি চোৱাই খালে যিমান ৰস পেটলৈ যাব, কিজানি ওকনি মাৰিবলৈ বুলি আপোনাক চুলিত ঘঁহিবলৈ বিক্ৰী কৰা চেম্পুটোতে তাতোকৈ সৰহকৈ ফলৰ ৰস আছে! সেই বিজ্ঞাপন দেখি দেখি গৰমত ফলৰ ৰসৰ সোৱাদ লবলৈ বুলি চেম্পু খাই চোৱা দুই এজন মহাপুৰুষো বোলে এই সংসাৰ আছেই.. কি কৰিব, বিশ্বাসে মিলয় হৰি, ফলনো কত দূৰ?

কিন্তু ভাল দিন আহি আছে সেয়া খাটাঙ। সেই গাজৰটো সমুখত বান্ধি দিয়েই নিৰ্বাচনী ঘোঁৰা দৌৰাই নৰেন কাই দিল্লী পালেগৈ। এতিয়া ঘোঁৰাৰ পৰা নামি কামত ব্যস্ত। পিছে চ'চিয়েল মেডিয়াত ট্ৰ'ল বা টুটকীয়া যে জাক জাক মেলি দিছিল, সেইজাকক এতিয়া হেনো সেই নিৰ্বাচনী ঘোঁৰাৰ বাবে ঘাঁহকে কাটি ব্যস্ত হৈ থাকিবলৈ দিছে। ভাল দিন অহালৈকে...অন্ততঃ। মানে অহা কোনো ৰাজ্যত নিৰ্বাচন আহি নোপোৱালৈ....

ভাল দিন আহিছে সেয়া খাটাঙ। ডীজেলৰ দাম বাঢ়িছে, ডীজেল গাড়ী কিন্ত মস্তি কৰি ঘূৰি ফুৰা কেইটাই চুটুকা পাব! ভাবিয়েই ভাল লাগিছে। দেশৰ ৰাজকোষৰ ধন ৰাহি হব, তেহে ৰজা হোৱা বোৰে সংগোপাংগে জেট প্লেনত পিকনিক কৰিবলৈ যাব পাৰিব! সৰু সৰু কোম্পানীৰ চি.ই.অ'ই যদি জেট প্লেন লৈ ঘূৰি ফুৰিব পাৰে, ঘোঁৰা দৌৰ খেল পাতি ৰজাৰ দৰে থাকিব পাৰে, আমাৰ সঁচা ৰাজা ৰাজা মানুহবোৰে ৰাজকোষত ধনৰ অভাৱত সেইচৱ নকৰি পুৰণি এম্বেচাডৰত ঘূৰি ফুৰিবনে? কোম্পানী ডাঙৰ নে লাইচেন্স দিয়া চৰকাৰ ডাঙৰ! সেয়ে ৰাজকোষৰ ধন ৰাহি কৰাটো অনিবাৰ্যই... গণতান্ত্ৰিক ইজ্জ্বতৰ কথা সেইচব...বুজা নাই?

চাউল দাম বাঢ়িছে, বন্ধা, কবি, ফুল কবি, ভেণ্ডীৰ! মানুহে ঘৰত যদি সেইচব কিনি খাব নোৱাৰে তেন্তে গৈ কে.এফ.চিত খাব, পিজ্জা হাটত খাব। দেশৰ মূল্যবৃদ্ধিৰ ফলতচোন সেইবোৰৰ মেনুত মূল্যবৃদ্ধি হোৱা নাই। মানুহেও ভাল খানাৰ সোৱাদ পাব, বিদেশী বিনিয়োগকাৰীয়েও প্ৰেৰণা পাব। বিকাশ হব, বিকাশ হব... ভাল দিন নাহি পাৰেনে!

ৰেলত উঠি টিঘিল ঘিলাই ইউ.পি. পৰা আহি অসম পাইছেহি, মুম্বাই পাইছেগৈ। অ'ৰ মানুহ তলৈ গৈছে, স্থানীয় মানুহৰ অসুবিধা হৈছে। ৰাজে মুম্বাইত কৈয়ে আছে, অসমতো সমু আংকলৰ পাৰ্টিয়ে! সেয়ে বোলে ৰেলৰ ভাড়া বঢ়াই দিয়া। সৰু সৰু কাম কৰিবলৈ ডাঙৰ চহৰলৈ গলে কি ডাল হব, টকা যি কেইটা পাব ঘৰলৈ ঘূৰি যাবলৈ বাট খৰচটোহে যেনেতেনে হবগৈ! তেন্তে মহানগৰলৈ কিয় যাব, নৰেন কাইয়ে গাঁৱতে চহৰৰ সুবিধা দিব। গাঁৱৰ মানুহ গাঁৱতে চহৰীয়া সুবিধা লৈ থাকিব, ইনকাম কৰিব, খাব, স্ফুৰ্তি কৰিব।

কেতিয়াবা ৰাহি ধনেৰে ভাল দিনত "বুলেট ট্ৰেইন"ত উঠি ফু-ফু কৰি আহিবগৈও পাৰিব। পিছে সদায় সদায় টিঘিল ঘিলাই ফুৰিব পৰাকৈ সস্তাত ৰেল চলাই থাকিলে সপোনৰ বুলেট ট্ৰেইনেই বা আহিব কেনেকৈ। আৰু সৰু সৰু ত্যাগ নকৰিলে ডাঙৰ বস্তু পাবইবা কেনেকৈ... নে কি কয়, এতিয়া ৰঙা ট্ৰেইনত উঠিবলৈ এৰক, বুলেট ট্ৰেইনৰ সপোন দেশক... থিংক বিগ ৰে বাবা!

বাংলাদেশী ১৬তাৰিখৰ পাছত দেশ এৰিবলৈ সাজু হোৱা বুলি নৰেন কাইটিয়ে হুংকাৰ দিছিলনে নাই। তেওঁ কথা ৰাখিলেনে নাই? যোৱা সপ্তাহত বোলে চিঠিয়েই লিখি দিলে বাংলাদেশী ভাই সকলে এইপাৰে আহিবলৈ কোনো ভিচা-চিচা লোৱাৰ প্ৰয়োজনেই নাই। প্ৰতিবেশীয়ে আৰু অনুমতি লৈ আপোনাৰ ঘৰলৈ আহিবনে, আলহী স্বয়ং ভগৱান নে সাক্ষাত দামোদৰ নে আল্লাৰ ৰূপেই! চিন্তা কৰিবলৈ কিটো আছে, ভালহে!

এতিয়া বাংলাদেশীয়ে হ'লচেলত দেশ এৰিবলৈ সাজু হৈছে, জাকে জাকে, আহিবই। মাতিলে বুলে যুঁজলৈকো যাবা, এতিয়া ভাৰতলৈ মাতিছে, ভাল দিন থকা দেশলৈ, তাকো ৰজাই, নোযোৱাকৈ পাৰিনে। কাঁটা তাঁৰ, বি.এচ.এফক দিব লগা বিশ টকীয়া খৰছৰো কাৰবাৰ নাই!

চিন্তা কৰিছে কিয়, বৰ ঋণাত্মক ভাৱনাৰ মানুহ দেই! আপোনালোকৰো সুবিধা হব, ভাল দিন আহিব। খেতি-বাতি কৰিবলৈ, ঘৰ পকা কৰিবলৈ তেতিয়া লেবাৰ বিচাৰি হাবাথুৰি খাব নালাগে, সস্তাত লেবাৰ পাব। এনৰেগাত জব কাৰ্ড থকা বুলি কামলৈ নহা কেইটাৰ ভেম ভঙাৰ জানো আপোনাৰো মন নাই। ঘৰৰ বাচন, বৰ্তন মাজিবলৈ কামিলা মহিলা পাব। বনকৰা ল'ৰা উদ্ধাৰ কৰি লৈ টিভিত আপোনাৰ নাক কটা চাইল্ড লাইন, চাইন এইবোৰকো জানো সঠিক প্ৰত্যুত্তৰ দিয়াৰ আপোনাৰ মন নাই? তাতকৈ ডাঙৰ কথা শ্ৰীমতী খুচ, সংসাৰ খুচ! ভাল দিন নাহি পাৰেনে..... চিন্তা নকৰিবই, নিশ্চিত হওক, বলক কে.এফ.চিতে কুকুৰা চোবাই আহো...বজাৰত আকৌ যিহে দাম!

No comments:

Post a Comment