পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. আজি উদ্বোধন হৈছে অসমৰ প্ৰথমটো ৰোপৱে' প্ৰকল্পৰ। চামগুৰিৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাত্ৰ এক কিল'মিটাৰ নিলগত অসম পৰ্যটন নিগমৰ উদ্যোগত এই ৰোপৱে' নিৰ্মাণ কৰি উলিয়াইছে কলকতাৰ ৰোপৱে' আৰু ৰিজ'ট প্ৰাইভেট লিমিটেডৰ কাৰিকৰী সঞ্চালনাত অসমৰ প্ৰতিষ্ঠান জি.এল. কনষ্ট্ৰাকচন কোম্পানীয়ে। অশ্বখুৰাকৃতিৰ চামগুৰি পক্ষীতীৰ্থ বিলত জিগ বেক প্ৰযুক্তিৰে নিৰ্মিত ২৫৮মিটাৰ দৈৰ্ঘ্যৰ এই ৰোপৱে'ত দুটা বিপৰীত দিশত একে সময়তে আঠজনকৈ যাত্ৰী কঢ়িওৱা দুটাকৈ কেবিন অনা নিয়াৰ ব্যৱস্থা হব। আজিৰ উন্মোচনী অনুষ্ঠানত বনমন্ত্ৰী ৰকিবুল হুছেইন, অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক অনুৰাগ সিঙ আৰু নিৰ্মাতা সংস্থাৰ জি.এল.আগৰৱালা উপস্থিত থাকিব।

২. গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজয়া চক্ৰৱৰ্তীৰ ৰাজহুৱা ঘোষণা, গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা অহা ডেৰ বছৰৰ ভিতৰত সমাধান কৰা হব। কেন্দ্ৰীয় চৰকাৰৰ চহৰ উন্নয়ন মন্ত্ৰণালয়ক দুমাহৰ ভিতৰতে গুৱাহাটীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণৰ সবিশেষ প্ৰকল্প প্ৰতিবেদন তৈয়াৰ কৰিবলৈ বাবে হেঁচা প্ৰয়োগ কৰাৰ কথাও তেখেতে সদৰী কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যক্ষ তত্বাৱধানত এই সমস্যা ডেৰ বছৰৰ ভিতৰত স্থায়ী সমাধানৰ পথলৈ অনা হব বুলি বিভাগীয় কেন্দ্ৰীয় মন্ত্ৰী ভেংকাইয়া নাইডুৰ সৈতে আলোচনা কৰি সাংসদ গৰাকীয়ে সুখবৰ প্ৰকাশ কৰিছে।

৩. সোমবাৰৰ পৰা আৰম্ভ হ ৰমজানৰ ৰোজা। অসমৰ লগতে ভাৰতৰ কোনো ঠাইতে কালি জোন দেখা নোপোৱাৰ পৰিপ্ৰেক্ষিতত  হিলাল সমিতিয়ে এই ঘোষণা কালি ৰাইজৰ জ্ঞাতাৰ্থে প্ৰকাশ কৰিছে।

৪. অসম ৱাকফ' ব'ৰ্ডৰ নতুন অধ্যক্ষ ৰূপে নিৰ্বাচিত হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান। অসমত ৱাকফ' বৰ্ডৰ  কেলেংকাৰীৰ বাতৰিয়ে সংবাদ শিৰোনামা পোৱাৰ পাছত এতিয়া নতুন অধ্যক্ষৰ নিযুক্তিত সচেতন মহলে সন্তোষ প্ৰদান কৰিছে।

৫. বান সমস্যা সমাধানৰ আশ্বাস দিলে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও। জলাশয়, দীপৰ বিল আদি বেদখলমুক্ত কৰা, পাহাৰ সুৰক্ষাৰ বাবে প্ৰটেকশ্বন ফৰ্চ গঠন, বন্ধ হৈ থকা নলা-নৰ্দমা মুকলি কৰাৰ বাবে ব্যৱস্থা লোৱাৰ লগতে গুৱাহাটীৰ উন্নয়নৰ কাম-কাজক লৈ শ্বেতপত্ৰ প্ৰকাশ কৰিব বুলি সংবাদ মেলত কৰিলে প্ৰকাশ।

৬. অচিৰেই অসমত মন্ত্ৰী সভাৰ সালসলনি কৰাৰ ঘোষণা কৰাৰ লগতে সদ্যহতে চন্দন ব্ৰহ্মৰ পদত্যাগৰ পাছত খালী হোৱা পৰিবহন মন্ত্ৰীৰ দ্বায়িত্ব মন্ত্ৰীসভাৰ ৰদ-বলদৰ পূৰ্বে কাকো গতাই নিদিয়ে বুলিও মুখ্যমন্ত্ৰীয়ে কালি প্ৰকাশ কৰিছে।

৭. তেজপুৰত প্ৰথমবাৰৰ বাবে আয়োজিত হ'ল কাৰ্টুন প্ৰদৰ্শনী। নিতুপৰ্ণ ৰাজবংশীৰ
"নেওথনী" শীৰ্ষক কাৰ্টুন প্ৰদৰ্শনীয়ে মুহিলে ৰাইজৰ মন। "কাৰ্টুন আৰু জনমানসত ইয়াৰ প্ৰভাৱ" শীৰ্ষক বক্তৃতানুষ্ঠানো সম্পন্ন হোৱাৰ সুখবৰ। আমাৰ সংস্কৃতি আৰু সভ্যতা কাৰ্টুনত সোমাই আছে বুলি সভাত মত প্ৰকাশ কৰিলে বিশিষ্ট শিক্ষাবিদ ক্ষীৰধৰ বৰুৱাই।

৮. অসমৰ সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপট সম্পৰ্কে আলোচনা কৰাৰ বাবে গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত কালি দিনজোৰাকৈ আয়োজিত হয় এখন আলোচনা সভা। উদ্বোক্তাদ্বয় মনজিত মহন্ত আৰু ডঃ দিলীপ বৰাই আঁত ধৰা সভাখন প্ৰবীণ সাংবাদিক হাইদৰ হুছেইন, জে পি শইকীয়া, কনকসেন ডেকা, শিক্ষাবিদ ডঃ দীনেশ বৈশ্য, জনগোষ্ঠীয় নেতা আদিত্য খাখলাৰীকে ধৰি সুধীজনে অংশগ্ৰহণ কৰে। সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটত অসমত এক বিকল্প ৰাজনৈতিক শক্তিৰো সভাই পোষকতা কৰা বুলি জানিব পৰা গৈছে।

৯. ৰাজ্যত উত্তীৰ্ণৰ হাৰ বৃদ্ধিৰ সমানুপাতিকভাৱে চৰকাৰী শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে পৰ্যাপ্ত আসন নোহোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰী আৰু প্ৰাদেশীকৃত কলেজ সমূহত অতিৰিক্ত দিবা আৰু নৈশ শাখা খুলিবলৈ উচ্চ শিক্ষা সঞ্চালকে নিৰ্দেশ জাৰি কৰিছে। ১৭জুনত জাৰি কৰা এই নিৰ্দেশত যদিও ইয়াৰ বাবে অধ্যক্ষসকলক নিজাববীয়াকৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে, তথাপি এই ক্ষেত্ৰত আন্তঃগাঁথনিৰ অভাৱৰ কথাও এতিয়া সংবাদ পত্ৰ যোগে পোহৰলৈ আহিছে।

১০. অহা ৬জুলাইত তিনিকুৰি সোতৰ বৰ্ষত ভৰি দিবলগীয়া অসমৰ লোকসংগীতৰ বিশিষ্ট শিল্পী তথা সংগীত নাট অকাডেমি বঁটা প্ৰাপক প্ৰভাত শৰ্মাক অসম সাহিত্য সভা আৰু অসম কলাতীৰ্থই সন্মান প্ৰদানৰ অৰ্থে আয়োজন কৰিছে এক অভিনন্দন অনুষ্ঠানৰ। লক্ষ্মীৰাম বৰুৱা সদনত এই অনুষ্ঠান আয়োজিত হৈছে।

১১. বিগত বৰ্ষ সমূহৰ দৰেই এইবাৰো সদৌ অসম ছাত্ৰ সন্থাৰ সৌজন্যত দিছপুৰ আৰু চানমাৰি ছাত্ৰ সন্থাই গ্ৰীষ্মকালীন শৈক্ষিক কৰ্মশালা আৰু ব্যক্তিত্ব বিকাশ শিবিৰৰ আয়োজন কৰাৰ সুখবৰ। কেইবাটাও বিষয়ৰ ওপৰত শিক্ষাদানৰ লগতে ইংৰাজী ভাষা কথনৰ ওপৰতো কৰ্মশালাত প্ৰশিক্ষণ দিয়া হব বুলি আয়োজকসকলৰ পৰা জানিব পৰা গৈছে।

১২. ক্ৰিকেট তাৰকা মহেন্দ্ৰ সিঙ ধোনীয়ে বিশ্বৰ আটাইতকৈ বেছি উপাৰ্জন কৰা এথলীটৰ ফ'বছ আলোচনীয়ে প্ৰকাশ কৰা তালিকাত স্থান লাভ কৰা একমাত্ৰ ভাৰতীয় খেলুৱৈ হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। এই তালিকাত ধোনীৰ স্থান বিশ্বৰ ২২তম স্থানত।

১৩. ভাৰতত থলুৱা প্ৰযুক্তিৰে নিৰ্মিত পি.এছ.এল.ভি-চি২৩ ৰকেটৰ উতক্ষেপন চাবলৈ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান স্পেচ চেণ্টাৰত উপস্থিত হবগৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।  এই ৰকেটে জৰিয়তে ফ্ৰান্স, জাৰ্মানী, কানাডা আৰু চিংগাপুৰৰ কৃত্ৰিম উপগ্ৰহ কক্ষপথত স্থাপন কৰিবগৈ।

১৪. ভাৰতৰ হৈ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী বেডমিণ্টন খেলুৱৈ চাইনা নেহৱালে অষ্ট্ৰেলিয়ান বেডমিণ্টন অপেন ছুপাৰ ছিৰিজৰ অপেনত মহিলাৰ চিংগলছৰ চেম্পিয়নশ্বিপ অৰ্জন কৰিছে। ইয়াৰ জৰিয়তে ৭.৫০লাখ ডলাৰৰ প্ৰাইজমানিও চাইনাৰ হাতলৈ অহাৰ সুখবৰ।

১৫. ইংলেণ্ডত চলি থকা উইম্বল্ডন টেনিছত নিজৰ জয়যাত্ৰা অব্যাহত ৰাখি লিয়েণ্ডাৰ পেজে তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰাৰ সুখব। ইফালে চানিয়া মিৰ্জাই মহিলাৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডৰ খেলত পৰাজয় বৰণ কৰাৰ খবৰ পোৱা গৈছে।

No comments:

Post a Comment