পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This


আজিৰ ভাল খবৰবোৰ

১. আজি পুৱা ০৯.২৫মিনিটত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা থলুৱা প্ৰযুক্তিৰে নিৰ্মিত পি.এচ.এল.ভি চি-২৩ ৰকেট প্ৰধানমন্ত্ৰীৰ উপস্থিতিত উৎক্ষেপন কৰা হয়। প্ৰায় ২৩০টন ওজনৰ প'লাৰ চেটেলাইট লন্স ভেহিক'লখনে ফ্ৰান্সৰ স্পট-৭ কে ধৰি জাৰ্মানী, কানাডা আৰু চিংগাপুৰৰ মুঠ পাঁচটাকৈ চেটেলাইট কঢ়িয়াই নিছে। প্ৰধানমন্ত্ৰীয়ে বিজ্ঞানী সকলৰ ভূয়সী প্ৰশংসা কৰি এটি "চাৰ্ক চেটেলাইট" বিকাশ কৰি চাৰ্ক দেশ সমূহক উপহাৰ দিবলৈকো আহ্বান জনায় আৰু ভাৰতক মহাকাশ গৱেষণাৰ ক্ষেত্ৰত স্বয়ং সম্পূৰ্ণ দেশত পৰিণত কৰিবলৈকো বিজ্ঞানী সমাজলৈ গোহাৰি জনায়।

২. ভাৰত চৰকাৰে আমেৰিকাৰ "ওবামা-কেয়াৰ"ৰ দৰে সাৰ্বজনীন স্বাস্থ্য বীমাৰ জৰিয়তে উন্নত স্বাস্থ্য-সেৱা নিশ্চিত কৰাৰ ক্ষেত্ৰত কাম কৰি আছে বুলি সংবাদ শিৰোনামা প্ৰকাশ পাইছে। লগতে নৰেন্দ্ৰ মোদীয়ে আমেৰিকাত কৰ্মৰত ভাৰতীয় চিকি
সক সকলকো এই পৰিকল্পনাত সহযোগিতা কৰি এখন সুস্থ ভাৰত গঢ়াৰ ক্ষেত্ৰত সহায় কৰিবলৈ আহ্বান জনাইছে। স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে "২০২০: ভিজিন ফৰ হেল্থকেয়াৰ ইন ইণ্ডিয়া" তৈয়াৰ কৰি উলিয়াইছে বুলি জানিব পৰা গৈছে।

৩. সাপ্তাহিক কাকত ৰঙিলী বাৰ্তাৰ উদ্যোগত প্ৰদান কৰা ধনৰাজ আগৰৱালা সাহিত্য বঁটাৰে সন্মানিত কৰা হ'ল বিশিষ্ট লেখক তথা অসম চৰকাৰৰ জ্যেষ্ঠ প্ৰশাসনিক বিষয়া থানেশ্বৰ মালাকাৰক। ৰঙিলী বাৰ্তাৰ একবিংশতম প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি কালি গুৱাহাটীৰ লেণ্ডমাৰ্ক হোটেলত আয়োজিত সভাত এই বঁটা মালাকাৰদেৱক প্ৰদান কৰা হয়।

৪. উগ্ৰপন্থীৰ বিষয়টোত এক সমাধান উদ্ভাৱন কৰিবলৈ নতুন কেন্দ্ৰীয় চৰকাৰখন প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰকাশ কৰি ফলদায়ক আলোচনাৰ বাবে চেষ্টা চলাব বুলি কেন্দ্ৰীয় গৃহ দপ্তৰৰ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজ্জুৱে প্ৰকাশ কৰিছে। ভালে সংখ্যক উগ্ৰপন্থীগোটৰ প্ৰতিনিধিয়ে মূলসুঁতিলৈ উভতি আহিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে বুলিও তেখেত প্ৰকাশ কৰিছে। লগতে আলফা আৰু এন.এচ.চি.এনৰ বিষয়ত কিছু অধিক সময়ৰ প্ৰয়োজন হব বুলি কালি বেংককত হোৱা ষষ্ঠ এছীয় মন্ত্ৰী পৰ্যায়ৰ এক অধিবেশনত অংশ লৈ প্ৰকাশ কৰাৰ বতৰা পোৱা গৈছে।
   
৫. আজিৰ পৰা গুৱাহাটী মহানগৰীত ভৰলু তথা জলাশয় সমূহত বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাবলৈ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে নিৰ্দেশ জাৰি কৰিছে। গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, জি এম ডি এৰ অধ্যক্ষ কেপ্টেইন ৰবীন বৰদলৈৰ উপৰিও শীৰ্ষ আমোলা সকলকো এই কাম নিয়াৰিকৈ সম্পন্ন হোৱাৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা লবলৈ নিৰ্দেশ দিছে।

৬. ছুইচ বেংকে ভাৰত চৰকাৰৰ সৈতে কৰ সম্পৰ্কীয় গোচৰত ধন জমা থোৱা গ্ৰাহকৰ নাম ঠিকনা আদি প্ৰদানৰ ক্ষেত্ৰত স্থিতি কিছু শিথিল কৰাৰ সুখবৰ। ক'লা ধনৰ ওপৰত গঠিত ভাৰতৰ বিশেষ অনুসন্ধানকাৰী গোটে কাম কাজ আৰম্ভ কৰিছে আৰু এই সম্পৰ্কে অধিক তথ্য লাভৰ বাবে ভাৰত চৰকাৰেও ছুইচ বেংকলৈ পত্ৰ প্ৰেৰণ কৰিছে।

৭. প্ৰতিৰক্ষা সামগ্ৰী ক্ৰয় কৰিবলৈ নতুন প্ৰতিৰক্ষামন্ত্ৰীয়ে দ্ৰুত প্ৰচেষ্টা হাতত লোৱা বুলি  বাতৰি প্ৰকাশ হোৱাৰ পাছৰে পৰা আমেৰিকা, ফ্ৰান্স, ব্ৰিটেইন আদি অস্ত্ৰ-শস্ত্ৰ ৰপ্তানি কৰা পশ্চিমীয়া দেশ সমূহে প্ৰধানমন্ত্ৰীক সাক্ষা
কৰি বজাৰ দখল কৰাৰ বাবে প্ৰচেষ্টা চলাইছে। ভাৰতে ৬বিলিয়ন ডলাৰৰ প্ৰতিৰক্ষা সামগ্ৰী ক্ৰয় কৰিবলৈ ওলাইছে আৰু প্ৰতিৰক্ষা সামগ্ৰীৰ উদ্যোগ স্থাপনৰ বাবে সেই ক্ষেত্ৰখনতো বিদেশী বিনিয়োগৰ বাবে দুৱাৰ মুকলি কৰি দিব বুলি কেন্দ্ৰীয় চৰকাৰে চিন্তা-চৰ্চা কৰাৰো খবৰ প্ৰকাশ পাইছে।

৮. বৰাকৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান "ভাবীকাল" আৰু "কলা একাডেমী"ৰ যৌথ উদ্যোগত বৰাকত প্ৰথম বাৰলৈ অনুষ্ঠিত হ'ল অসমীয়া নাটকৰ কৰ্মশালা। শিলচৰৰ বি.টি. কলেজত সাতদিনীয়াকৈ ২৫জুনৰ পৰা আৰম্ভ হোৱা কৰ্মশালাখনত বিশিষ্ট নাট পৰিচালক কুশল ডেকাই প্ৰশিক্ষক ৰূপে ভাগ লয়।

৯. কংগ্ৰেছ চৰকাৰৰ নীতিকে বাহাল ৰাখি এইবাৰ দেশৰ সকলো ৰাজ্যতে খাদ্য সুৰক্ষা আইন বলব
কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে দেশৰ কেন্দ্ৰীয় খাদ্য মন্ত্ৰীয়ে। এই আইন বলব কৰাৰ বাবে অহা চাৰি জুলাইক এক চৰমসীমা ৰূপেও ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে ১১খন ৰাজ্যই ইতিমধ্যেই এই আইন কাৰ্যকৰী কৰিছে।

১০. অসমত পৰিসংখ্যা বিজ্ঞান তথা অৰ্থনৈতিক তথ্য আহৰণৰ প্ৰয়োজনীয়তা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে কালি তেজপুৰৰ পৰিসংখ্যা বিভাগৰ উদ্যোগত পালিত হয় অষ্টম ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস। এই সভাত তেজপুৰ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ডঃ প্ৰদীপজ্যোতি মহন্ত আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা শিক্ষাবিদ ডঃ ভুৱনেশ্বৰ চহৰীয়াই অতিথিৰূপে অংশগ্ৰহণ কৰে।

১১. অহা ১জুলাইৰ পৰা নতুন প্ৰক্ৰিয়াৰে আৰম্ভ হব দিল্লী বিশ্ববিদ্যালয়ৰ নামভৰ্তি, আজি প্ৰথমখন বাচনি তালিকা প্ৰকাশ হব বুলি সম্ভাৱনা প্ৰকাশ। লগতে ইঞ্জিনীয়াৰিঙৰ বি.টেক পাঠ্যক্ৰমত বিগত বছৰ নামলগোৱা সকলৰ বাবে কৰ্ছ চাৰি বছৰীয়াই হৈ থাকিব। বাকী শাখা সমূহত তিনি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰৰ বাবে ৫৪হাজাৰখন আসনত নামভৰ্তিৰ বাবে আবেদনকাৰীৰ সংখ্যা প্ৰায় ২.৭৮লাখ বুলিও তথ্য প্ৰকাশ পাইছে।
১২. নগাঁও জিলাৰ চামগুৰি পক্ষীতীৰ্থ বিলত কালি অসমৰ ভিতৰত পোন প্ৰথমবাৰৰ বাবে  ৰোপৱে' ব্যৱস্থাৰে পৰ্যটক কঢ়িয়াই নিয়া সেৱাৰ শুভাৰম্ভ কৰিছে। এক কোটি ৩৮লাখ টকা ব্যয় সাপেক্ষ এই প্ৰকল্পই পৰ্যটন ক্ষেত্ৰলৈ অৰিহণা যোগাব বুলিও আশা প্ৰকাশ কৰা হৈছে।

১৩. শ্বেয়াৰ বজাৰত ছেনছেক্স পুনৰ ২৩০ সূচকাংক উৰ্ধগামী হোৱাৰ সুখব। অ'এন জিচি আৰু এইচ ডি এফ চি বেংকৰ শ্বেয়াৰৰ মূল্য উৰ্ধগামী। ইফালে পুৱাৰ বজাৰত ভাৰতীয় টকাৰ মূল্য ডলাৰৰ তুলনাত ৭পইচা উৰ্ধগামী হোৱাৰ সুখবৰ।

১৪. ঢকুৱাখনাৰ শিক্ষয়িত্ৰী বিদ্যাৱতী গগৈক কালি গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত আয়োজিত এক অনুষ্ঠানত অসম লেখিকা সংস্থাৰ ষষ্ঠ বাৰ্ষিক "লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা" প্ৰদান কৰা হয়। এই বঁটা প্ৰদান কৰে সত্ৰীয়া সংস্কৃতিৰ গৱেষক ডঃ নিৰুপমা মহন্তই।

১৫. গোৱালপাৰাত যোৱা ২০জুনত বিষ্ণুৰাভা দিৱস সমিতিৰ মঞ্চত উন্মোচিত হ'ল মেঘালয় নিবাসী হাজং কবি যতীন্দ্ৰ হাজঙৰ সদ্য প্ৰকাশিত কাব্য সংকলন "মানুহ পৃথিৱী চৰাই"। উন্মোচন কৰিলে বিশিষ্ট বুদ্ধিজীৱী ইন্দিবৰ দেউৰীয়ে।

No comments:

Post a Comment