হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
ৰাষ্ট্ৰীয় গুজৱ.কম
১. বিহাৰত আজি হৈ থকা ৰাজ্যসভাৰ নিৰ্বাচনতো ১২জনকৈ অধিক বিধায়কে ক্ৰছ ভোটিঙ কৰাৰ খবৰ। ঘোঁৰাৰ দৰে বিধায়ক বিক্ৰী যোৱা ভাৰতীয় ৰাজনীতিৰ গৌৰৱোজ্বল পৰম্পৰাক ৰক্ষা কৰাৰ বাবে অসমীয়া বিধায়ক সন্থায়ো বিহাৰৰ সেইসকল বিধায়কলৈ গণতান্ত্ৰিক অভিনন্দন জ্ঞাপন কৰিছে।

২. চুইজাৰলেণ্ডৰ চেণ্ট্ৰেল বেংকে কৰা ঘোষণা মতে শেহতীয়াকৈ চুইছ বেংকত থকা ভাৰতীয়ৰ জমা টকাত ৪০শতাংশৰো অধিক বৃদ্ধি লক্ষ্য কৰা গৈছে। নতুন চৰকাৰে চুইছ বেংকত টকা থোৱা সকলৰ নাম ৰাজহুৱা কৰিবলৈ অমান্তি প্ৰকাশ কৰাৰ বাবেও এই জোৱাৰ উঠিছে বুলিও ইণ্ডিয়ান ক'লাবেপাৰী সন্থাই মত প্ৰকাশ কৰিছে।

৩. প্ৰচণ্ড গৰমত পাঁচ কিল'মিটাৰ দৌৰৰ প্ৰতিযোগিতাৰে আৰক্ষীৰ চাকৰি লবলৈ যাওতে মুম্বাইত পাঁচ জনকৈ যুৱকৰ মৃত্যু ঘটিছে। ঘটনাটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বতৰ চাই কঠিয়া  পাৰিবলৈ নিশিকা বিষয়া সকলকো পাঁচ কিল'মিটাৰ কেইজন নমৰাকৈ থাকে তাৰ পৰীক্ষা লবলৈ ৰাজবাবা সেনাই দাবী তুলিছে। সেইটোহে আৰক্ষী ফিটনেচ পৰীক্ষা হব বুলিও ৰাজবাবাই প্ৰকাশ কৰিছে।

৪. ডিফুত উগ্ৰপন্থী গোটৰ সেনাধক্ষ্যৰ গাঁৱৰ ঘৰত আৰক্ষীৰ অভিযানত গাঁতত ওলাল চেগুন কাঠৰ কুণ্ডা। নিজৰ ঘৰৰ চৌহদৰ গাঁতত অস্ত্ৰ পুতি মুৰ্খয়ো নাৰাখে বুলি সেই বাতৰি পঢ়ি মন্তব্য দিলে প্ৰাক্তন সন্ত্ৰাসবাদী ছিণ্ডিকেট সংঘই। প্ৰেমিকাৰ ঘৰৰ বাৰীত জমা ধনৰ ধনগুলৈ ওলালেও নিজৰ বাৰীত একো নাপাব বুলিও সংঘই আৰক্ষীক স্পষ্ট কৰি দিয়াৰ গোপন খবৰ।

৫. অসমীয়া চিকিতসকৰ পত্নী হত্যা বেংগেলুৰুত হোৱাৰ সূত্ৰেই তদন্তৰ নামত ফু-ফু কৰিবলৈ পোৱাৰ বাবে লাল-টুপি আৰক্ষী সংঘৰ হিতাধিকাৰীসকলো কৃতজ্ঞতা জ্ঞাপন কৰিছে। এইদৰে অসমীয়া সকলে অপৰাধী কাম বিদেশ, প্ৰৱাসতো সংঘটিত কৰি থলুৱা গাঁৱে ভূঞেঁ ডিউটী কৰি ভাগৰি পৰা আৰক্ষী সকলকো এইদৰে মাজে মাজে ফু-ফু কৰিবলৈ সুবিধা দিবলৈ আহ্বান জনাইছে।

৬. ৰাজ্যপালৰ পাছত এতিয়া মহিলা কমিচনকো পদত্যাগ কৰিবলৈ ইংগিত দিলে গৃহমন্ত্ৰীয়ে। পিছে ইংগিতেৰে কাম নচলিব, মহিলাৰ প্ৰতি ইংগিত অপৰাধহে বুলি কৈ লিখিত কাগজ মমতা বাইদেৱে বিচৰা বুলি গোপন খবৰ পোৱা গৈছে।

৭. যি দেশৰ বাবে ভাল হব, সেয়াই দেশৰ চৰকাৰে কৰি যাব বুলি প্ৰকাশ কৰিলে প্ৰকাশ জাৱৰেকাৰে। তেখেতৰ ভাষণৰ প্ৰথমটো খণ্ডত দেশৰ পাছত "কোম্পানী আৰু বণিয়া" শব্দকেইটা ছপাশালৰ ভূতৰ প্ৰভাৱত থাকি গৈছিল বুলিও পাছত গম পোৱা গৈছে।

৮. এতিয়াৰ পৰা দেশৰ গৃহ বিভাগত কেৱল হিন্দীত কাম হব বুলি প্ৰকাশ পোৱাৰ পাছতে বাবু সকলৰ ঘৰত হিন্দী শিক্ষকৰ চাহিদা বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে। পিছে জয়া আম্মাই এতিয়াৰ পৰা সকলো গৃহ বিভাগৰ হিন্দী চিঠিৰ উত্তৰ নিজৰ ৰাজভাষা তামিলতহে পঠাব বুলি শপত লোৱা বুলিও গোপন বাতৰি প্ৰকাশ পাইছে।

৯. ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ উপ-সভাপতিয়েও গৃহ মন্ত্ৰীৰ ইছাৰা বুজি পদত্যাগ কৰাৰ বাতৰি আহিছে। দুৰ্যোগ অহাৰ আগতেই পলায়ন কৰাটো বুদ্ধিমানৰ কাম বুলি জ্ঞান তেখেতে অভিজ্ঞতাৰ পৰাই আহৰণ কৰিছে আৰু তেওঁৰ আদৰ্শ আন আন কমিচনত বহি থকা সকলেও গ্ৰহণ কৰা উচিত বুলি নৰ্থ ব্লকৰ ফেক্স বাৰ্তাবাহকজনে মত প্ৰকাশ কৰিছে।

১০. অসমত মুখ্যমন্ত্ৰী সলনি কৰা ভাল হবনে নাই তাকে লৈ মেডামে জনপথত অলৌ-গুটি তলৌ-গুটি পদ্ধতি অৱলম্বন কৰি সিদ্ধান্ত লব বুলি জানিব পৰা গৈছে। ইফালে কইনাধৰাত যি কোনো মুহূৰ্ততে নিৰ্দেশ আহিব পাৰে বুলি ফেক্সৰ ওচৰতে ৰসাল গগৈ চাৰে খুঁটি মাৰি বহি লৈছে বুলিও জানিব পৰা গৈছে।

No comments:

Post a Comment