পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰঃ
১. বাজাজ এলায়েঞ্চ জীৱন বীমা কোম্পানীয়ে ক্ৰমাগত পঞ্চমবাৰৰ বাবে উত্তৰ পূৱত বাৰ্ষিক জুনিয়ৰ ফুটবল কেম্প (জে.এফ.চি)ৰ আয়োজন কৰিছে। ১০০খন বিদ্যালয় আৰু প্ৰায় ৫হাজাৰ কিশোৰক সামৰি লোৱাৰ লক্ষ্যৰে আয়োজিত এই শিবিৰৰ পৰা মাণ্ডলিক পৰ্যায়ৰ চূড়ান্ত প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰা ৬খন খেলুৱৈক নগদ ১.২০লাখ টকাৰে পুৰস্কৃত কৰাৰ লগতে দুজন কিশোৰক অহা আগষ্টত জাৰ্মানীৰ মিউনিখত হব লগা আন্তঃৰাষ্ট্ৰীয় ফুটবল শিবিৰত অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰা হব।


২. নাগালেণ্ড বৰ্ড অৱ এডুকেশ্বনে একাদশ আৰু দ্বাদশ শ্ৰেণী পাঠ্যক্ৰমত বিত্তীয় বজাৰ পৰিচালন বিষয়ক পাঠ্যক্ৰম প্ৰৱৰ্তন কৰিবলৈ ওলাইছে। ৬৫০খন বিদ্যালয় অন্তৰ্ভুক্ত হৈ থকা এই বৰ্ডে  ষ্টক, মিউচুৱেল ফাণ্ড, শ্বেয়াৰ মাৰ্কেট আদিৰ সম্যক জ্ঞান প্ৰদানৰ বাবে নেশ্যনেল ষ্টক এক্সঞ্জৰৈ সতে দ্বৈত অংশীদ্বাৰিত্বৰে এক পাঠ্যক্ৰম প্ৰস্তুত কৰি উলিয়াইছে বুলি জানিব পৰা গৈছে।

৩. কালি ঘোষিত ভাৰতীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত অসমৰ আঠজনকৈ শিক্ষাৰ্থীয়ে সফলতা লাভ কৰাৰ সুখবৰ পোৱা গৈছে।  এইবছৰেই সৰ্বাধিক বাৰশৰো অধিক পদৰ বাবে প্ৰাৰ্থী এইপৰীক্ষা যোগে নিৰ্বাচিত কৰা হৈছে। অসমৰ কামনাশিস সেন (২০৮নং স্থান), ইবু সঞ্জীৱ গাৰ্গ (২৬২নং স্থান), পংকজ ফুকন (৪৪৭নং স্থান), সিদ্ধাৰ্থ বুঢ়াগোহাঁই(৫৭০ নং স্থান), বি.ব্ৰহ্ম বিদ্যা(৮৪০নং স্থান), জিতু দল (৯৩৩নং স্থান), মানস খুংগুৰ কছাৰী (৯৮৩ নং স্থান) আৰু বন্দনা দেউৰী (১০৯৬নং স্থান)য়ে সফলতাৰ ধ্বজ উৰুৱাবলৈ সক্ষম হোৱাৰ সুখৰ খবৰ।

৪. অসমীয়া পৰিচালক মহিবুল হকৰ হিন্দী ছবি "১৮.১১ এ কোড অৱ চিক্ৰেছী"য়ে আজি লভিব শুভমুক্তি। দেশৰ উপৰিও বিদেশৰ এহেজাৰতকৈ অধিক ছবিগৃহত ছবিখনে মুক্তি পাব বুলি জানিব পৰা গৈছে। একচন-থ্ৰীলাৰ ৰূপে নিৰ্মিত ছবিখনৰ কিছু দৃশ্যাংশ ধুবুৰীৰ জুইশলা কাৰখানাতো গ্ৰহণ কৰা হৈছিল। ছবিখনত গুলচন গ্ৰোভাৰৰ লগতে অসমৰ প্ৰবীণ অভিনেতা নিপন গোস্বামীয়েও অভিনয় কৰিছে।

৫. অসমৰ যুৱ পৰিচালক পংকজ কলিতা চুটি ছবি "কৰ্তব্য" যোৱা ২৯-৩১ মে'লৈ পুনেত অনুষ্ঠিত "সম্যক চুটি ছবি আৰু তথ্যচিত্ৰ মহোতসৱ"ত প্ৰদৰ্শিত হয়। প্ৰদ্যুত কুমাৰ ডেকাৰ কাহিনীৰে এই ছবিখনত বিষ্ণু খাৰঘৰীয়াৰ ৰগতে হৰেশ বেজবৰুৱাইও অভিনয় কৰিছে।  উল্লেখযোগ্য যে পংকজ কলিতাই সাংবাদিক হেমচন্দ্ৰ পাঠকৰ চিত্ৰনাট্যৰ আধাৰত অসমৰ আগশাৰীৰ সমাজকৰ্মী জাহ্নৱী গোস্বামীৰ আধাৰত "জাহ্নৱী দ্য ক্ৰুছেডৰ" নামৰ এখনি তথ্যচিত্ৰও নিৰ্মাণ কৰি উলিয়াইছে। তথ্যচিত্ৰখনি অহা ১৯জুনত বিয়লি ৩.৩০ আৰু সন্ধিয়া ০৭.৩০ বজাত দূৰদৰ্শনযোগেও প্ৰচাৰিত হব।

৬. ভাৰতৰ পৰা কাপোৰ ৰপ্তানি চলিত মাহত ২৪.৯৬ শতাংশ বৃদ্ধি পাই ১৪৯০কোটি ডলাৰত উপনীত হৈছে। বাংলাদেশ, ম্যানমাৰ, চীন আদিৰ শ্ৰমিক আৰু বিধিগত ব্যৱস্থাৰ সমস্যাই ভাৰতৰ বাবে এই ক্ষেত্ৰত সহায়ক হৈ পৰিছে বুলিও সংবাদ প্ৰকাশ পাইছে।

৭. অসমীয়া লোকসংগীতেৰে হৃদয়জিনা গণশিল্পী খগেন মহন্তদেৱে কালি ইহলীলা সম্বৰণ কৰে। সমগ্ৰ অসমবাসী শিল্পীজনৰ প্ৰয়াণত শোকস্তবদ্ধ হৈ পৰিছে। তেখেতৰ নশ্বৰদেহ আজি বিয়লি শংকৰদেৱ কলাক্ষেত্ৰ চৌহদত পঞ্চভূতত বিলীন হব। তেখেতৰ স্মৃতিত এই স্থানতে এক সমাধিক্ষেত্ৰও গঢ়ি তোলা হব বুলি ৰাজ্যৰ সাংস্কৃতিক বিভাগে প্ৰকাশ কৰিছে। আজি গুৱাহাটীৰ আকাশবাণী কেন্দ্ৰ, ৰবীন্দ্ৰ ভৱনকে ধৰি বিভিন্ন স্থানত তেখেতক সহস্ৰজন অনুৰাগীয়ে শেষ শ্ৰদ্ধা জনোৱাৰো ব্যৱস্থা কৰা হৈছে।

৮. টিহুৰ দলৈগাঁও কৃষক পথাৰ পৰিচালনা সমিতিৰ ২০জনীয়া গোটৰ সদস্যই প্ৰায় ৫০বিঘা মাটিত ৮৩৭য়৮৩৫জাতৰ হাইব্ৰীড বৰোধানৰ খেতিৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। সেউজ বিপ্লৱৰ সূচনা কৰাত সহায় কৰি ধানৰ বীজ, সাৰ, কীটনাশক ঔষধ, স্প্ৰে মেচিন আঁচনিৰ জৰিয়তে বিনামূলীয়াকৈ যোগান ধৰাত কৃষক সকলে সন্তোষ প্ৰকাশ কৰিছে।

৯. আনৰ একাউণ্টৰ ধন প্ৰযুক্তিৰ অপ-ব্যৱহাৰেৰে উলিয়াই নিয়া চাইবাৰ ক্ৰাইমৰ অপৰাধী এজনক ধুবুৰীত গ্ৰেপ্তাৰ কৰাৰ সুখবৰ। অপৰাধীজনক কেইবাখনো এ.টি.এম কাৰ্ড, চৰকাৰী কাৰ্যালয়ৰ ভুৱা চীল মোহৰ, বেংকৰ পাছবুৰ আদিৰ সৈতে গ্ৰেপ্তাৰ কৰে আৰু ইয়াৰ লগত জড়িত অপৰাধী চক্ৰটোক অচিৰেই উতখাত কৰিব পাৰিব বুলি আৰক্ষীয়ে আশা প্ৰকাশ কৰিছে।

১০.
ইউ পি এ চৰকাৰে গাদী এৰাৰ সময়ত দিয়া চৰকাৰী বাসভৱন সমূহৰ বিশেষ আবণ্টনৰ নিৰ্দেশ মোদী চৰকাৰে বাতিল কৰিছে। এখন কেবিনেট উপসমিতিয়ে দিয়া এই আবণ্টনমতে অসমৰ মুখ্যমন্ত্ৰীয়েও জনপথত এটি বাসভৱন লাভ কৰিছিল।

No comments:

Post a Comment