হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. মহানগৰীত পুনৰ সুৰামত্ত অৱস্থাত মাতলামি আৰু প্ৰহাৰেৰে শিৰোনামা দখল কৰিলে বিতৰ্কিত কনিষ্ঠ চিকিৎসক সন্থাৰ সদস্যই। বাৰে বাৰে লজ্জাজনক ঘটনাৰে শিৰোনামা দখল কৰাৰ বাবেই কনিষ্ঠ চিকিৎসক বুলি চিনাকি দিবলৈ লাজ লগা অৱস্থা হোৱা বুলি নতুন ডাক্তৰৰ পিতৃ-মাতৃ সমাজে হুমুনিয়াহ প্ৰকাশ কৰিছে। ইফালে চীট নোপোৱা সকলৰ পিতৃ-মাতৃ সকলে সেইবাবেই নিজৰ ল'ৰা-ছোৱালীক ডাক্তৰ নবনালে বুলি মন্তব্য প্ৰকাশ কৰি জ্বলা-হিয়া শাঁত পেলাইছে বুলি জানিব পৰা গৈছে।


২. জ'ন আব্ৰাহামে গুৱাহাটীত উপস্থিত হোৱাৰ পাছত অনুৰাগী যুৱতী সকলৰ হেঁচাত যথেষ্ট আনন্দ লাভ কৰা হোৱা বুলি জানিব  পৰা গৈছে। চেলফি তোলাৰ সুযোগ লোৱাৰ বাবেই যৌৱনপুষ্ট দেহাৰে গুৱাহাটীয়া গাভৰুৱে জ'নক এনেদৰে হেঁচা মাৰি মাৰি ধৰা বুলিও টুটকীয়া সকলে প্ৰকাশ কৰিছে।  চিনাকি যুৱতীৰ এনে অচিনাকি ব্যৱহাৰত বহুতো যুৱকেই কালি ইৰ্ষাৰ জুইত জ্বলি উঠাৰ গোপন খবৰ পোৱা গৈছে।

৩. অসমত বিদেশীৰ চিনাক্তকৰণ, প্ৰব্ৰজন ৰোধ বিষয়ত কেন্দ্ৰৰে দ্বিমত নাই অসমীয়া চৰকাৰৰ। সমস্যাটো পুহি ৰাখিলেই দীৰ্ঘদিনলৈ উচতাই জোলখোৱা ৰাজনীতি কৰি থাকিব পাৰিব বুলি দুয়োদল সহমতত উপনীত। লাগিলে শাসন অদলা-বদলি কৰি লবলৈ বন্ধুত্বসূলভ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাটো আপত্তি নাই বুলি ভিতৰুৱা খবৰ!

৪. "বিধায়িনী বৈঠক" নামৰ ৰহস্য উপন্যাস এখনৰ কাম হাতত লৈছে ৰসাল গগৈয়ে। কইনাধৰা পাহাৰৰ ওপৰত ময়লা-বতাহ উপভোগ কৰি এই উপন্যাসখন শেষ কৰিবলৈ হোঁহকা-পিছলা কৰি থকা বাবে প্ৰকাশক জালুকাবাৰী বুক ষ্টলত অস্বস্তিকৰ পৰিস্থিতি দিনক দিনে বৃদ্ধি পাইছে বুলি গোপন খবৰ। প্ৰকাশক অত্যু
ৎসাহী শৰ্মাৰ উপন্যাসখন শেষ হোৱালৈ বাট চাই চাই ব্লাড প্ৰেছাৰ হাই হোৱাৰো দুখৰ খবৰ।

৫. ঔষধ আৰু বেণ্ডেজ যোগানৰ নামত বিয়াগোম কেলেংকাৰি হোৱাৰ বাতৰি পোৱাৰ পাছত বেমাৰ-আজাৰ মন্ত্ৰীলৈ উঠিছে শুভেচ্ছাৰ জোৱাৰ। কেলেংকাৰী হিতাধিকাৰী সন্থাই তেওঁলোকৰ কল্যাণৰ বাবে এই লক্ষ্মী আইৰ প্ৰসাদ লাভৰ ব্যৱস্থাটোত হাত উজান দিয়াৰ বাবে বিভাগীয় ছাৰলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে। লগতে হিতাধিকাৰী ঠিকাদাৰৰ পত্নী সংঘই ছাৰক "লক্ষ্মীৰ বৰপুত্ৰ" সন্মান অহাটো কিটী পাৰ্টিটে চাৰক প্ৰদান কৰাৰ বাবেও আগ্ৰহ প্ৰকাশ কৰিছে বুলি জানিব পৰা গৈছে।

৬. "গগৈ ছাৰৰ পেঞ্চন, শৰ্মা ছাৰৰ টেনছন" শীৰ্ষক এখনি ৰাজনৈতিক নাট অহাটো নাট্যবৰ্ষৰ বাবে অসমৰ অবিসম্বাদী নাট্যকাৰ অবিজিত ভট্টাচাৰ্যই লিখি উলিয়াইছে বুলি জানিব পৰা গৈছে। ৰাজগাদী থিয়েটাৰে প্ৰদৰ্শন কৰিব লগা এই নাটকত গাদী এৰা-গাদী নেৰাৰ খণ্ডযুদ্ধত পণবন্দী হোৱা এজাক মানুহৰ ছবি অংকন কৰা হৈছে বুলি ভট্টাচাৰ্যই জানিবলৈ দিছে। ৰাজনৈতিক নাটখনত ৰাইজে দুই ম'হৰ যুঁজত বিৰিণাৰ মৰণ ফঁকৰা যোজনাটিৰ অনুপম বাখ্যা পাবলৈ সক্ষম হব বুলিও প্ৰকাশ কৰিছে।

৭. আইনৰ স্নাতকত্তোৰ পৰীক্ষাত নকল কৰি বহিস্কৃত হৈ গৌৰৱ কঢ়িয়াই আনিলে কুকুৰাঝাৰ বিজ্ঞান কলেজৰ অধ্যক্ষই। এতিয়া সেই ঘটনাক আচলতে অধ্যক্ষজনে নকলৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টি কৰিবলৈ নিজে ভাওলোৱা এখন বাটৰ নাটহে আছিল বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰাত স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইফালে পাছ কৰিব নোৱাৰা ছাত্ৰ সন্থাই ছাৰক মুখ্য উপদেষ্টা ৰূপে লৈ "পৰীক্ষাত নপঢ়াকৈ পাছ কৰাৰ উপায়" শীৰ্ষক এখন কৰ্মশালাৰো আয়োজন কৰিছে। আৰু জানিব পৰা মতে, অধ্যক্ষজনে সাংবাদিকক সঠিক সময়ত অৰিহণা নোযোগোৱা বাবেহে বাতৰিটো মানহানিকৰ আৰু ষড়যন্ত্ৰমূলক ভাৱে প্ৰকাশ পালে। এতিয়া সঠিক ধন দিয়াত সাংবাদিক জনেই "এই বাতৰি পূৰ্ব-পৰিকল্পিত আৰু ষড়যন্ত্ৰমূলক বুলি" স্পষ্টীকৰণ যুগুতাই দি মান-উদ্ধাৰত সহায় কৰি দিয়াৰো গোপন খবৰ।

৮. "নিৰ্বাচন বুলিলেই সমষ্টিলৈ মনত পৰে" শীৰ্ষক অনুভৱ সংকলন এখন লিখি প্ৰকাশ কৰি উলিয়াইছে একেধাৰে বিশিষ্ট নেতা, সাংবাদিক, পেপাৰৰ মালিক, প্ৰাক্তন মন্ত্ৰী গুঞ্জন দত্তই। মন্ত্ৰী হবলৈ নাপালে পুনৰ নিৰ্বাচন হোৱাই ভাল বুলিও তেখেতে অনুভৱ এই সংকলনত প্ৰকাশ কৰিছে বুলি প্ৰকাশক আমগুৰি বুক ষ্টলে জানিবলৈ দিছে।

৯. টকা দিবলৈ নোৱাৰাৰ বাবেই গহপুৰত এটি দুখীয়া পৰিয়ালে নাপালে ইন্দিৰা আৱাস যোজনাৰ ঘৰ। অন্ততঃ কিবা এটা আঁচনিৰ অনুদানৰ ধন সংগ্ৰহ কৰি হ'লেও ইন্দিৰা আৱাস যোজনাত নামটো ভৰাব নোৱাৰাৰ বাবে এতিয়া গৃহিনীয়ে অকমন্য বুলি তাচ্ছিল্য কৰাৰো দুখৰ খবৰ। পিছে যিকোনো আঁচনিত নাম ভৰাবৰ বাবেই ভৰ্তি মাচুলৰ বাবেও দুখীয়াই  সুদলৈ হ'লেও ধাৰ লব লাগে বুলিও স্থানীয় হাতোৰা কংগ্ৰেছৰ প্ৰৱক্তাই মন্তব্য কৰিছে। এখন হাতে দিলেহে আন এখন হাতেৰে চৰকাৰী আঁচনিৰ ধন পোৱাতোৱেই নিয়ম বুলিও তেখেতে বাখ্যা আগবঢ়াইছে।

১০. দেশৰ মূল খণ্ডৰ সৈতে ফেৰ মাৰিব পৰাকৈ অসমতো বলা
ৎকাৰী সংঘই নিজৰ কৰ্মসূচী আগুৱাই নিছে।  ডিমৌমুখত এগৰাকী ছাত্ৰীক অপচেষ্টা, ধুবুৰীত দুগৰাকী বলাৎকাৰীক গ্ৰেপ্তাৰ আদি বাতৰি বিক্ষিপ্তভাৱে অ'ত ত'ত  প্ৰকাশ পোৱাৰ বাবেই অসমৰ এইসকল কৰ্মীৰ কাম-কাজে ৰাষ্ট্ৰীয় পৰ্যায়ত খলকনি তুলিব পৰা নাই বুলি সংঘই অভিযোগ তুলিছে। এনেবোৰ বাতৰিৰ ক্ষেত্ৰতো একেমাত্ৰাৰ কামকাজৰ পাছতো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে মাহীআইৰ দৃষ্টিৰে চোৱা বুলিও ক্ষোভ প্ৰকাশ কৰিছে। সেয়ে এনেবোৰ বা-বাতৰি একগোট কৰি প্ৰকাশ কৰিবলৈ সন্থাই বলাৎকাৰ-অসম.অৰ্গ নামৰ এটি বেৱচাইটো অতি সোনকালেই মুকলি কৰিব বুলি প্ৰকাশ কৰিছে।

No comments:

Post a Comment