মিচা ক'লে কি ডাল হব? (হাস্য ব্যংগ) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিচা ক'লে কি ডাল হব? (হাস্য ব্যংগ)

মিচা ক'লে কি ডাল হব? (হাস্য ব্যংগ)

Share This

ভাল দিন গুপুতে গুপুতে !
অগ্নিভ দত্ত

ৰাতিপুৱা অফিচ পাই লাল চাহকাপত সোঁহ এটা মাৰিছিলহে আহিল নহয় ধুমুহাৰ দৰে ছোনিয়াজী সোমায় ৰুমটোলৈ । মোডিচাহাবে কিবা এটা কোৱাৰ আগতেই উঠিল নহয় জকজকাই মেডাম।ৰাতিপুৱা অফিচ পাই লাল চাহকাপত সোঁহ এটা মাৰিছিলহে আহিল নহয় ধুমুহাৰ দৰে ছোনিয়াজী সোমায় ৰুমটোলৈ । মোডিচাহাবে কিবা এটা কোৱাৰ আগতেই উঠিল নহয় জকজকাই মেডাম।
মেডাম : হেৰি…. আপুনি কি সাংঘাটিক মানুহহে ?
মোডি চাহাব (অকন মান থেৰু গেৰুকৈ): সেই সেই ছোনিয়াজী কি কথা কয়হে আপুনি ? আৰু মেইন কথাটো হৈছে আপুনি পাহৰি গৈছে নেকি কিবা এটা ?
মেডাম : কি ডাল পাহৰিবলৈ আছেহে?

মোডি (মেডামৰ ভয়ংকৰ ৰুপ দেখি অলপ নাৰ্ভাচো হৈছে): মানে এইটো ৰুমত আজিকালি আপোনাৰ মনে মনে সিং নবহে বুইছেনে নাই ? আজিকালি ইয়াত দেশত ভাল দিন অনা মোডি বহে বুইছে। অলপ কথা চাই-চিতি ক’ব দেই।
মেডাম : ইয়াত মনে মনে নবহিলে কি হ’ব আপুনি দেখুন সিজনাৰ বাপেক ওলাল গৈ ।
মোডি : কি কি কথা কয়হে ??
মেডাম : নহয় নো কি ? আপুনি আমাকে গালি পাৰি পাৰি এতিয়া সেইবোৰকে ভাল ভাল বুলি আমাৰ সোলা ভাই মোলা ৰাইজক এতিয়া আমাৰ গেলামালবোৰ বিক্ৰী কৰাত লাগিছে ছোন।
মোডি (মুখত আঙুলিটো দি): সেই সেই মেডাম কি কয় আপুনি? অকনমান মনে মনে কওঁক হে কথা বোৰ ,বেৰৰো কাণ আছে বুইছে? মাৰিব খুজিছে দেখোন আমাক। এইবোৰটো ট্ৰেইলাৰহে বুইছে ? টু-জি,কয়লা সেইবোৰটো আছেই । সেইবোৰৰ পৰাও কিমান "ভাল দিন" কিমানৰ আনি দিও, কি ঠিক?অকল আপোনালোকেই চব খাই বই হজম কৰিলেইটো ন’হব আমাৰওটো ঘৰ সংসাৰ আছে, নাই নাই বুলিওতো আছেটো সংসাৰ এখন।

মেডামে বৰ সুখৰ হাঁহি এটা মাৰি : বুইছে মোডি আমি এইবোৰ বুজি পাঁও নহয় ইজনে সিজনৰ দুখৰ কথাবোৰ,চিন্তা নকৰিব দিয়ক। হেৰি নহয় আৰু এটা কথা আছিল বুইছে- এহ কথা মানে, মোৰ জোঁৱাইটোৰ মাটিবাৰীৰ কিবা কিবি অলপ খেলি মেলি লাগি আছিল পাৰিলে চাই দিবচোন অকনমান, মই আকৌ আপোনাৰ ইলেকচনৰ সময়ৰ মূৰ্ত্তি দেখি ভয়েই খাই আছিলো, আজিহে মনটো মুকলি হ’ল।

মোডি : হে…. হে…..ইলেকচনৰ সময়ৰ মূৰ্ত্তি দেখি আপুনিও তাৰ মানে সঁচা বুলি ধৰি ল’লে ।।।তেনেকুৱা কথাকৈ লাজ নিদিবহে।।। হে… হে… হে... পেটৰ তাড়নাত এইবোৰ কৰিব লগা হয় বুইছে ।।।মানে আপোনালোকেও জানেই দেখুন। ইলেকচনও গ'ল আপোনাৰ জোঁৱাইৰ এই মাটিৰ খেলি মেলিও গ’ল বুলি ধৰি লঁওক । এতিয়া ঘৰতগৈ অকনমান আৰাম কৰকগৈ । আমাৰ বাবাটোৰ কি খবৰ ? তালৈ এই চকলেট দুটা লৈ যাঁওক, বৰ লক্ষ্মী ল’ৰাদেই সেইটো আপোনাৰ।

No comments:

Post a Comment