প্ৰৱন্ধ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

প্ৰৱন্ধ

Share This


অভিভা‌ৱকৰ শাসন আৰু শিক্ষা-ব্য‌ৱস্থাৰ মেৰপাকত আমাৰ ল’ৰা-ছো‌ৱালী
অৰুণজ্যোতি দাস

স্কুলৰপৰা উভটি আঁহোতে, কণমানিটিলৈ আপোনাৰ পুতৌ নজন্মেনে বাৰু ? কেনেকৈ যে ইমান গধুৰ কিতাপৰ মোনাটো কঢ়িয়াই আনে , আপোনাৰ ভা‌ৱি দুখ নালাগে নে ? পৰীক্ষা-নিৰীক্ষাৰ যোগেদি ডাক্তৰসকলে পাইছে যে সোতৰ বছৰৰ তলৰ শিশুসকলৰ ক্ষেত্ৰত, যদি স্কুললৈ সদায় অনা-নিয়া কৰা মোনাটোৰ ওজন তাৰ শৰীৰৰ ওজনৰ দহ শতাংশতকৈ বেছি হয়, তেন্তে তেনে শিশুৰ কঁকালৰ ‘পেশীজনিত-হাঁড়ৰ বিষ’ ( Musculoskeletal Pain ) হো‌ৱাৰ সম্ভা‌ৱনা খু‌ৱেই বেছি । ( উৎস : http://www.iea.cc/ECEE/pdfs/art0212.pdf ‌ৱেবচাইট ) ।

এনে ৰোগীৰ সংখ্যা বৰ্তমানে বিদেশতহে ক্ৰমাগতভা‌ৱে বৃদ্ধি পাইছে যদিও আমাৰ দেশত‌ো সেই একে দশা হ’বলৈ বেছি পৰ নাই ! এৰা, দৰাচলতে আমাৰ শিক্ষা ব্য‌ৱস্থাটো‌ৱেই যেন এটা গধুৰ বোজা , যাৰ ভাৰ আমি কঢ়িয়াই লৈ ফুৰিবলগীয়া হয় ফুলকুমলীয়া শৈশ‌ৱৰ পৰা সোনালী যৌ‌ৱন পৰ্যন্ত !


ইয়াৰ উপৰিও ভূতৰ ওপৰত দান‌ৱ পৰাদি অভিভা‌ৱকসকলৰ অবিৰামভা‌ৱে চলা কৰ্তৃত্ব তথা কঠোৰ শাসনে এটি শিশুক ভাৰাক্ৰান্ত কৰি তোলে । বহু শিশু‌ৱে অভিভা‌ৱকৰ এনে কঠোৰ শাসন আৰু ব্যভিচাৰৰ বিৰোধাচৰণ কৰি অপৰাধ সংঘটিত কৰাৰ কথাও জানিবলৈ পো‌ৱা যায় । আপুনি বাৰু আপোনাৰ শিশুটিক এটি হত্যাকাৰী, অপৰাধী অথবা সন্ত্ৰাসবাদী হো‌ৱাটো কাহানিবা বিচাৰে নেকি ? দৰাচলতে, আপোনাৰ দৰেই কোনো পিতৃ-মাতৃয়েই প্ৰকৃততে এনে হো‌ৱাটো নিবিচাৰে । কিন্তু সমাজ-ব্য‌ৱস্থা, শিক্ষা-ব্য‌ৱস্থা এইবোৰৰ মেৰপাকত পৰি আপুনি যে আপোনাৰ সন্তানৰ মানসিক ক্ষেত্ৰখনক একোটা চাৰিসীমাৰ মাজত বন্দী কৰি ৰাখে, সেয়া হয়তো আপুনি নিজেও নাজানে । আপুনি নিশ্চয় তাৰ মংগলৰ বাবেই কিছুমান ৰীতি-নীতি বান্ধি দিয়ে, যিবোৰ সি আখৰে আখৰে পালন কৰিবলৈ বাধ্য হয় আৰু যাৰ অমান্য কৰিলেই আপুনি তাক উচিত শাস্তিও প্ৰদান কৰে । এয়াও এক প্ৰকাৰৰ বৰ্বৰতা । শিশুৰ কোমল মনে এনে বান্ধোন কেতিয়াও মানি নলয় । শিশু‌ৱে সদায় স্বাধীনতা ভাল পায় । ন ন অভিজ্ঞতাৰ বাবেই শিশু‌ৱে ভিন ভিন কাম কৰি ভাল পায় । ইয়েই শিশুৰ স্বভা‌ৱ । ‘জুইয়ে পুৰিব’ বুলি আপুনি ক’লেও সি নুবুজে, এদিন সঁচাকৈয়ে পুৰিলেহে সি বুজি পায় ।

আজিৰ ল’ৰা-ছো‌ৱালীয়ে আকৌ বাৰীত বা হাবি-বননিত আম-জামু বিচাৰি নাযায় । কাৰণ, মাক-দেউতাকে সন্তানক এৰি দিবলৈ ভয় কৰে কিবা এটা অঘটন হো‌ৱাৰ আশংকাত । আজিকালিৰ ল’ৰা-ছো‌ৱালীয়ে চিলা উৰু‌ৱাব নাজানে, বৰশী বাব নাজানে ,নদীত সাঁতুৰিবও নাজানে । আনকি অনেকেই টাংগুটি,মাৰ্বল গুটিও খেলিবলৈ নাজানে । লগৰীয়াৰ লগত টলৌ টলৌকৈ ঘুৰি ফুৰিলে কিজানি ‘সোনটো’ বা ‘সোনজনী’ বেয়া হ’বলৈ শিকিব ,তাৰ ভয়তে ঘৰত শিশুটিক সুম‌ু‌ৱাই ৰাখে । নিজৰ চুবুৰীটোৰে মাটি-পানীক চিনি নোপ‌ো‌ৱা এজন শিশু‌ৱে ডাঙৰ হৈ কিদৰে দেশৰ কথা ভা‌ৱিব, সেয়াও আশ্চৰ্যকৰ ! এইদৰে ঘৰগোনা ল’ৰা-ছো‌ৱালীমখাই যিমানেই পঢ়ি-শুনি ডাঙৰ নহওঁক কিয়, সিহঁত কিন্তু আমাৰ ব্ৰইলাৰ মুৰ্গীকেইটাৰ দৰেই দুৰ্বল হে হ’ব । মুকলি বতাহৰ ভু নো‌পো‌ৱা, ৰ’দ-বৰষুণ গাত নপৰা সন্তান শাৰীৰিক আৰু মানসিক দুয়ো ফালৰ পৰাই অতি অসুখী হয় । ই অতি স্বাভা‌ৱিক পৰিঘটনা। সেয়েহে আপোনাৰ সন্তানক মুকলিমুৰীয়াকৈ ফুৰিবলৈ, তাৰ মতে চিন্তা কৰিবলৈ, কিছু স্বাধীনতা দিয়ক । এই ধুনীয়া পৃথি‌ৱীখনৰ অপূৰ্ব ৰূপ উপভোগ কৰিবলৈ দিয়ক। কোনটো বেয়া, কোনটো ভাল সেয়া বিচাৰ কৰিবলৈ তাক নানান পৰিস্থিতিৰ সতে মুখামুখি হ’বলৈ দিয়ক । অভিজ্ঞতা তাৰ জ‌ী‌ৱনৰ শিক্ষক হ’বলৈ দিয়ক ।

সেইদৰে শিশুক ইতিকিং বা উপহাস কৰাতকৈ উৎসাহ জনো‌ৱাটো বেছি প্ৰয়োজনীয় । কিবা এটা ভুল কৰাটো তেনেই স্বাভা‌ৱিক, কাৰণ সি পৰিপক্ক হো‌ৱা নাই বাবেই অপৈণত হৈ আছে । কিন্তু নিজৰ মাক-দেউতাকৰ পৰাই উপহাস আৰু গালি-গালাজে শিশুটিৰ অভিমানী মনত তীব্ৰভা‌ৱে ৰেখাপাত কৰে।

বহু ক্ষেত্ৰত এনেবোৰ কাৰণতে শিশুটি ভীষণ লজ্জাবোধ আৰু নীচাত্মীকাবোধত ভোগে, যিবোৰৰ পৰিমাণ বেছি হ’লেই ই মানসিক বিকাৰলৈ পৰিণত হ’ব পাৰে । কিন্তু সৰু ভুলটোক সহানুভূতিৰে শুধৰাই দি ভাল কাম কৰিবলৈ উৎসাহ দিলে শিশুৰ প্ৰাণত নতুন সঞ্জী‌ৱনীৰ সৃষ্টি হয়, যিয়ে তাক আকৌ এবাৰ ভালদৰে কৰিবলৈ অনুপ্ৰেৰিত কৰে । সমাজত আপোনাৰ নিজৰ স্থিতি তথা সন্মানতকৈ শিশুটিৰ আনন্দক বেছি গুৰুত্ব দিবলৈ শিকক ।


পৰ্যবেক্ষণ কৰিলে এই কথা ধৰা পৰে যে, বহু অভিভা‌ৱকে সন্তানক এনেধৰণে শাসন কৰিবলৈ আচলতে বাধ্য হ’বলগীয়াত পৰে । কাৰণ অধিকাংশ অভিভা‌ৱকেই শিশুটিক নিজে বিচৰা ধৰণে ‘বনাই’ ল’ব খোজে । সমাজত পিতৃ-মাতৃৰ যি স্থান, তাৰ লগত ৰজিতা খু‌ৱাই সন্তানটিৰ ধৰণ-কৰণ ,আচাৰ–ব্য‌ৱহাৰ হো‌ৱাটো বিচাৰে । তাৰ ফলতেই সন্তানটিয়ে অভিভা‌ৱকৰ ইচ্ছা অনুযায়ী উঠা-বহা কৰিবলৈ বাধ্য হ’বলগীয়া হয় । ই একপ্ৰকাৰে পাপ । অ‌ৱশ্যে প্ৰচলিত সমাজ-ব্য‌ৱস্থাৰ লগতে সমানে সমানে আমাৰ শিক্ষা-ব্য‌ৱস্থাইও অভিভা‌ৱকসকল ভুল পথে পৰিচালিত কৰিছে । তাৰে ফলত বিদ্যালয়ৰ কঠিন পাঠ্যক্ৰমৰ বোজা শিশুটিৰ লগতে মাক-দেউতাকেও কান্ধ পাতি ল’ব লগীয়া হয় । মাত্ৰ ৫-৬ বছৰীয়া ল’ৰা-ছো‌ৱালীয়ে যদি ৯-১০ টা বিষয়ৰ পাঠ পঢ়িবলগীয়া হয়, তেন্তে তেনে পাঠ্যক্ৰমৰ গৃহকাৰ্য সম্পূৰ্ণ কৰিবলৈ মাক-দেউতাক তৎপৰ হ’বলগীয়া হো‌ৱাটো অতি স্বাভা‌ৱিক কথা । আৰু এই অতিৰিক্ত বোজাৰ বাবেই ঘৰ এখনত জন্ম লয় কিছুমান ৰুঢ় নীতি-নিয়ম,বান্ধোন আৰু ৰুটীনমাফিক জী‌ৱন । গতিকেই ক’ব পাৰি যে, আমাৰ শিক্ষা-ব্য‌ৱস্থাৰ আঁসো‌ৱাহৰ বাবেই আমাৰ ন-প্ৰজন্মই জীয়াতু ভুগিছে, এই কথা ধুৰূপ ।

আমাৰ দৃষ্টিৰে ভাৰতবৰ্ষৰ শিক্ষা-ব্য‌ৱস্থাৰ দুই-এটা আঁসো‌ৱাহ হৈছে এনে ধৰণৰ-

১) এতিয়াও আমি কে‌ৱল নম্বৰৰ বাবেই পঢ়ো অথবা খুব বেচি কেতিয়াবা কিছু বিশেষ বাচনী পৰীক্ষাত উত্তীৰ্ণ হ’বৰ বাবে পঢ়ো । এই ব্য‌ৱস্থাত উচ্চ নম্বৰ প্ৰাপ্ত শিক্ষাৰ্থী গৰাকীকেই চূড়ান্ত মেধাসম্পন্ন বুলি ধৰি লো‌ৱা হয়, যিটো সদায় সত্য নহ’বও পাৰে । কাৰণ আমি সকলো‌ৱে জানো, আমাৰ দেশত পৰীক্ষাত উচ্চ নম্বৰ পাবলৈকে হাজাৰ জনে হাজাৰটা অসৎ উপায় অ‌ৱলম্বন কৰে । গতিকেই এই ব্য‌ৱস্থাত মেধা নথকাকৈয়ো এজন ছাত্ৰ বা ছাত্ৰীয়ে উচ্চ নম্বৰ পাব পাৰে ।

২) মুখস্থ-বিদ্যা কাহানিও প্ৰকৃত শিক্ষা নহয় । কিন্তু আমাৰ শিক্ষা ব্য‌ৱস্থাত এইবোৰকেই প্ৰাধান্য দি অহা হৈছে । আনকি বহু শিক্ষকে ছাত্ৰ-ছাত্ৰীয়ে বুজি নাপালে মুখস্থ কৰি লিখিবলৈকে প্ৰত্যক্ষভা‌ৱে উপদেশ দিয়ে ।

৩) যদি আমাৰ দেশত আই.আই.টিৰ দৰে ভাল শিক্ষানুষ্ঠান কেইখনমান আছে, তেন্তে তাৰ তুলনাত কৌটিখন নিম্ন মানৰ মহাবিদ্যালয় আছে , যাৰ ফলত মুষ্টিমেয় কেইজন মান শিক্ষাৰ্থীয়েহে উচিত শিক্ষা লাভ কৰিবলৈ সমৰ্থবান হৈছে, সৰহসংখ্যকেই কিন্তু সীমিত সা-সুবিধা,সঁজুলী,কিতাপ-পত্ৰেৰেই পঢ়া-শুনা সাং কৰিবলগীয়া হৈছে ।

৪) এজন সফল ছাত্ৰ বা ছাত্ৰী মানেই আমি এজন সফল চাকৰিয়ালক বুজো পাওঁ। এনে চাকৰিমুখী শিক্ষা-ব্য‌ৱস্থাই এজন ভাল শিক্ষাৰ্থীক হয়তো এটা ভাল চাকৰি যোগাৰ কৰি দিব পাৰিছে, কিন্তু ইয়েই তেওঁক এজন প্ৰকৃত সৎ ‘মানুহ’ হিচাপে গঢ়ি নুতুলিবও পাৰে ।

আমি এনে এখন দেশৰ বাসিন্দা য’ত এজন পিতৃয়ে জী‌ৱনজো‌ৰা অৰ্জন আৰু লাখটকীয়া ঋণ সন্তানৰ শিক্ষাৰ নামতেই খৰচ কৰে আৰু যাৰ বিনিময়তো প্ৰকৃত শিক্ষা পো‌ৱাৰ পৰা শিক্ষাৰ্থীজন বঞ্চিত হয় । আৰু এনে ডিগ্ৰী লাভৰ পিছতো দেশৰ কোটি কোটি ল’ৰা-ছো‌ৱালীয়ে নিবনু‌ৱা হৈ দিন কটায় । নম্বৰৰ বাবে হো‌ৱা প্ৰতিযোগিতাৰ দৌৰত ভাগৰি আৰু তথাকথিত ভাটৌ-শিক্ষাৰে শিক্ষিত হৈ আমাৰ বহু যু‌ৱক-যু‌ৱতীয়ে স্বকীয় সৃষ্টিশীলতাক বিনষ্ট কৰাই নহয় বহুজনে হতাশাত ভুগি আত্মজাহ কৰিবলৈও বাধ্য হৈছে ।

সেইহেতুকেই, অচিৰেই ভাৰতীয় শিক্ষা ব্য‌ৱস্থাত অভূতপূৰ্ব পৰি‌ৱৰ্তনৰ অতিকেই প্ৰয়োজন । আমাৰ বিচাৰ-বুদ্ধিৰে তেনে দুই-চাৰিটা সংস্কাৰকামী পদক্ষেপ তলত উল্লেখ কৰিলো—

ক) দক্ষতা-ভিত্তিক শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান: “এজন মানুহক তুমি এটা মাছ দিয়া, তেওঁ এদিনৰ বাবে খাব । কিন্তু তেওঁক মাছ ধৰিবলৈ শিকাই দিয়া, তেওঁ আজী‌ৱন খাব পাৰিব । ” দক্ষতা অৰ্জন শিক্ষাৰ এটা মূল উদ্দেশ্য হো‌ৱা উচিত ,যিটো আমাৰ সমাজত আজিকোপতি হৈ উঠা নাই । সেয়েহে, আমি ভা‌ৱোঁ, চৰকাৰে দক্ষতা-ভিত্তিক পাঠ্যক্ৰম বা আঁচনি যুগুত কৰা উচিত য’ত লিখা-লিখিতকৈ হাতে-কামে কৰি শিকাৰ ওপৰত গুৰুত্ব দিয়া হয় ।

খ) সৃষ্টিশীলতা,স্বকীয় ধ্যান-ধাৰণা,গ‌ৱেষণা আৰু উদ্ভা‌ৱনৰ প্ৰতি উৎসাহ যোগো‌ৱা: শিক্ষাজগতলৈ বিশেষ অৰিহণা যোগো‌ৱা অধ্যাপক-গ‌ৱেষকক আমাৰ চৰকাৰে কাচিৎহে পুৰস্কিত কৰা পৰিলক্ষিত হয় । এনেকি কোনো এজনে ব্ৰহ্মাণ্ডৰ তত্ত্ব আ‌ৱিষ্কাৰ কৰিলেও তেওঁ আমাৰ চৰকাৰৰ চকুত নপৰে । আমাৰ পৰীক্ষা পদ্ধতিৰ এনে সালসলনি ঘটো‌ৱা উচিত য’ত সমস্যাৰ সমাধান উলিও‌ৱাৰ সামৰ্থ্য, নিজা সৃষ্টি, বাস্ত‌ৱিক দৃষ্টিভংগী ইত্যাদিৰ উচিত মূল্যায়ন কৰা হয় ।

গ) প্ৰাথমিক–শিক্ষাৰ প্ৰতি গুৰুত্ব আৰোপ : এটি শিশুৰ ভ‌ৱিষ্যতৰ ভেঁটি নিৰ্মাণ হয় সি লাভ কৰা প্ৰাথমিক শিক্ষাৰ ওপৰত নিৰ্ভৰ কৰিয়েই । প্ৰাথমিক শিক্ষাই শিশুটিক জী‌ৱনৰ প্ৰতি তাৰ দৃষ্টিভংগী গঠন কৰে, চিন্তা-ভা‌ৱনা কৰিবলৈ শিকায় । কিন্তু অতি দুৰ্ভাগ্যৰ কথা এয়ে যে আমাৰ দেশত প্ৰাথমিক শিক্ষাক ন্যুনতম গুৰুত্বও প্ৰদান কৰা নহয় । চৰকাৰী বিদ্যালয়বোৰত শিক্ষাৰ মান অতিকেই শোচনীয় । শিক্ষাৰ মান বাদেই, সা-সুবিধা আৰু শিক্ষকৰ অভা‌ৱেই দেখোন আমাৰ দেশত আজিকোপতি দূৰ হো‌ৱা নাই ।

ঘ) শৈক্ষিক ক্ষেত্ৰত মেধা-সম্পন্ন লোকৰ নিযুক্তি: চৰকাৰে লাহে লাহে শিক্ষাৰ ক্ষেত্ৰত নতুন শিক্ষকক নিযুক্তি দিছে হয়, কিন্তু খালী পদসমূহ সম্পূৰ্ণৰূপে পূৰণৰ স্বাৰ্থতে হওঁক অথবা সংৰক্ষণৰ নীতিৰ বলি হৈয়েই বহু ৰাজ্যত বহু নিকৃষ্ট মানৰ যু‌ৱক-যু‌ৱতীকো শিক্ষক হিচাপে মকৰল কৰিবলগীয়াত পৰিছে । ইয়েই দেশখনৰ শিক্ষাৰ মানক বহু নিম্নগামী কৰিবলৈ অৰিহণা যোগাব , কাৰণ যিজন শিক্ষকৰ শৈক্ষিক বিষয় এটাত নিজৰেই স্পষ্ট ধাৰণা নাথাকে,তেওঁ ছাত্ৰ-ছাত্ৰীক কি শিকাব পাৰিব সেয়া সহজেই অনুমেয় । চৰকাৰে উপযুক্ত সা-সুবিধা,পাৰিতোষিক, পৰি‌ৱেশ আৰু আন্ত:গাঁঠনি গঢ়ি তুলি আমাৰ দেশৰ অতি মেধা‌ৱী ন‌ৱ-প্ৰজন্মক শৈক্ষিক ক্ষেত্ৰলৈ আকৰ্ষিত কৰা উচিত।

এইখিনিতে ড০ মাৰিয়া মন্টেছৰী নামৰ ইটালীৰ প্ৰথম মহিলা ‘ফিজিছিয়ান’ গৰাকীয়ে যুগুতাই উলিও‌ৱা এটা প্ৰাথমিক-শিক্ষাৰ ব্যৱস্থা, যি সমগ্ৰ বিশ্বৰে আদৰ পাবলৈ সক্ষম হৈছে ; তাৰ মূল আদৰ্শৰ বিষয়ে উল্লেখ কৰাটো সমিচীন হ’ব । ‘মন্টেছৰী শিক্ষা’ নামেৰে জনপ্ৰিয় এই ব্য‌ৱস্থাই আনুষ্ঠানিক শৈক্ষিক পদ্ধতিৰ পৰি‌ৱৰ্তে শিশুৰ স্বাভা‌ৱিক ৰাপ আৰু কাৰ্য-কলাপক গুৰুত্ব দিয়ে ।

সন্মান: আমি কাহানিও শিশুসকলক সন্মান নকৰোঁ । সিহঁতে কি বিচাৰে সেয়া বিচাৰ নকৰাকৈয়ে আমি বিচাৰো যে সিহঁতে আমাৰ কথা শুনক আৰু আমি বিচৰা মতেই চলক । আমি সিহঁতক সকলো সময়তে মানসিক চাপত ৰাখোঁ আৰু শাসনৰ নামত বহু ৰুঢ় হওঁ । আৰু তাৰ পিছতো আমি বিচাৰোঁ, সিহঁত আমাৰ একান্ত বাধ্য আৰু শিষ্ট হো‌ৱাটো । সিঁহতৰ অনুকৰণ কৰাৰ গুণ সৰ্বাধিক । সিহঁতে আমাকেই অনুকৰণ কৰি যি কোনো ক্ষেত্ৰতে আমাৰ দৰেই ব্য‌ৱহাৰ কৰিবলৈ শিকিব। গতিকেই সিঁহতক সিমানেই মৰম আৰু সহানুভূতিৰে আপডাল কৰা উচিত , যিমানখিনি আমি সিহঁতৰ হিয়াত থিতাপি লো‌ৱাটো বিচাৰোঁ । শিক্ষকসকলেও ছাত্ৰ-ছাত্ৰীক সন্মান জনাবলৈ শিকা উচিত ।

দেখি-শুনি শিকা: কো‌ৱা হয় যে আমি আমাৰ মন ব্য‌ৱহাৰ কৰিহে শিকোঁ । কিন্তু দেখা যায় যে শিশু‌ৱে সদায় দৈনন্দিন কাম-কাজৰ মাজেৰেই স্বাভা‌ৱিক জী‌ৱন-শৈলীৰেই দেখোন নিজৰ মাতৃভাষা শিকি পেলায় । অৰ্থাৎ শিশু‌ৱে পৰি‌ৱেশৰ পৰাই শিকে । শিশুসকলৰ প্ৰকৃততে শিকিবৰ বাবেই জন্ম । শিশুৰ শিকাৰ ক্ষমতা বৰ মন কৰিবলগীয়া । কিন্তু শিশু‌ৱে কি শিকিব সেয়া মূলত: নিৰ্ভৰ কৰে শিক্ষক,অভিজ্ঞতা আৰু পৰি‌ৱেশৰ ওপৰত ।

শিকাৰ বাবে প্ৰস্তুত পৰি‌ৱেশ: এনে এটা পৰি‌ৱেশ য’ত শিশু‌ৱে নিজেই নিজৰ সতে কিবা এটা কৰিব পাৰে ,অৰ্থাৎ খেলিব পাৰে; তেনে পৰি‌ৱেশতে শিশু‌ৱে আটাইতকৈ বেছিকৈ শিকে । গতিকে শিক্ষাৰ বাবেও এনে এক পূৰ্ব-প্ৰস্তুত পৰি‌ৱেশ এটাত শিকণ-সামগ্ৰী সমূহ থাকিব লাগে আৰু তাত হো‌ৱা শিশুৰ নিজা অভিজ্ঞতাসমূহ নিয়াৰিকৈ হো‌ৱাটো নিশ্চিত কৰাব লাগে । এনে পৰি‌ৱেশতেই শিশু-কেন্দ্ৰিক শিক্ষা প্ৰদান কৰা উচিত আৰু তাত শিক্ষকৰ সক্ৰিয় অংশগ্ৰহণ সুনিশ্চিত হো‌ৱা উচিত । ইয়াত শিশুটিক মুকলিমুৰীয়াকৈ স্ব-ইচ্ছাৰে ইটো সিটো কৰিবলৈ এৰি দিলেই সি সুন্দৰভা‌ৱে প্ৰকৃতিৰ পৰা শিক্ষা লাভ কৰিবলৈ সমৰ্থ হয় ।

শিক্ষকৰ কৰণীয়খিনি: শিক্ষকজনৰ উপস্থিতি অনুভ‌ৱ নকৰাকৈয়ে সিহঁতক পৰিচালিত কৰাটো অতি প্ৰয়োজনীয় । শিক্ষকজনে সিহঁতে বিচৰা যিকোনো সময়তে সহায় কৰিবৰ বাবে সাজু থাকিব লাগে, কিন্তু সিহঁতৰ কাম-কাজ,খেলা-ধূলা তথা পৰীক্ষা-নিৰীক্ষাৰ মাজত শিক্ষকজন হেঙাৰস্বৰূপ হ’ব নালাগে । মন্টেছৰী শিক্ষাত এজন শিক্ষকৰ দায়িত্ব হৈছে ক) শিশুক উৎসাহ জগো‌ৱা, খ) শিশুক লক্ষ্য কৰা- সিহঁতৰ চলন-ফুৰণ চালি জাৰি চাই, কোনজনক কেনে ধৰণৰ ব্য‌ৱহাৰ কৰা উচিত তাক বাচি উলিও‌ৱা গ) শৈক্ষিক পৰি‌ৱেশ এটা গঠন কৰা ঘ) ন-ন শিক্ষাৰ সঁজুলী যোগাৰ দিয়া আদি ।



কবিগুৰু ৰবীন্দ্ৰনাথে প্ৰতিষ্ঠা কৰা কলকাতাৰ শান্তিনিকেতনত অ‌ৱস্থিত বিশ্ব-ভাৰতী বিশ্ববিদ্যালয়ত আজিও মুকলি পৰি‌ৱেশত শিক্ষা দান হয় আৰু তাত গুৰু-শিষ্যৰ পৰম্পৰা মানি চলা হয় । অ‌ৱশ্যে চৰকাৰে শিক্ষা-ব্য‌ৱস্থাৰ আমূল পৰি‌ৱৰ্তন আনিব বুলি আমি হাত সা‌ৱতি বহি থকাও উচিত নহয় । আমাৰ ল’ৰা-ছো‌ৱালীয়ে প্ৰচলিত ব্য‌ৱস্থাৰ মাজেৰি শিক্ষা অৰ্জন কৰিব লাগিব। গতিকেই এই ক্ষেত্ৰত অভিভা‌ৱকৰ সবল আৰু সক্ৰিয় ভূমিকা নিতান্তই প্ৰয়োজনীয় । নামী-দামী বিদ্যালয়ত নাম-ভৰ্তি কৰি দি সকলো সা-সুবিধা আৰু ঘৰু‌ৱা-শিক্ষকৰ ব্য‌ৱস্থা কৰি দিছো বুলি ভা‌ৱি হাত সা‌ৱতি বহি থাকিলেই আমাৰ সন্তান কিন্তু সু-শিক্ষিত হৈ নুঠে । তাক আপুনি তিল তিল কৈ গঢ়ি তোলক, শিকি থকা সমগ্ৰ প্ৰক্ৰিয়াটোৰে আপুনি অংশীদাৰ হওঁক ।


পৰীক্ষাত নম্বৰ বেছি পো‌ৱাতকৈ আপুনি গুৰুত্ব দিয়া উচিত সি বিষয়টোৰ প্ৰাথমিক ধ্যান-ধাৰণাবোৰ বুজি পাইছে নে নাই সেই কথাটোৰ ওপৰতহে । কাৰণ এটা বিষয়ৰ ওপৰত স্পষ্ট ধাৰণা সৃষ্টি হ’লেহে সি সেই বিষয়ত স‌ৱিশেষ অধ্যয়ন কৰিবলৈ সক্ষম হ’ব । পুথিগত বিদ্যাক আয়ত্ত্ব কৰো‌ৱাতকৈ আপুনি আপোনাৰ সন্তানক সমাজৰ হিতাৰ্থে ব্য‌ৱহাৰ হ’বপৰা জ্ঞান অন্বেষী অধ্যয়নৰ প্ৰতি আকৃষ্ট কৰাওঁক ।

অভিভা‌ৱকসকলে এইটো আশা কৰাও অনুচিত যে তেওঁৰ সন্তানে প্ৰতিটো বিষয়তে সমানেই উচ্চ নম্বৰ লাভ কৰিব। কাৰণ এজন ছাত্ৰ বা ছাত্ৰীৰ জ্ঞান আয়ত্ব কৰাৰ ক্ষিপ্ৰতাৰ ওপৰত নিৰ্ভৰ কৰে তেঁওৰ ভিন্ন বিষয়ত থকা দখল বা মনোযোগৰ গুণাগুণ। প্ৰতিবেশীৰ সন্তানে খেলাত সোনৰ পদক পালে বুলিয়েই আপোনাৰ সন্তানেও যে পাব লাগিব, তেনে আশা কৰাটো মুৰ্খামীৰ পৰিচায়ক মাথোন । প্ৰতিজন শিশুৰেই জন্মগত প্ৰতিভা থাকে । আপোনাৰ শিশুটি কি সেই বিশেষ প্ৰতিভাৰ অধিকাৰী, তাক বিচাৰি উলিয়াই কৰ্ষণ কৰিবলৈ তেওঁক সুযোগ দিয়ক । কোনে জানে আপোনাৰ সন্তানতেই লুকাই আছে কিজানি আন এজন ভুপেন হাজৰিকা,শচীন তেণ্ডুলকাৰ,লতা মাংগেশকাৰ অথবা ৰতন টাটা !

(জনসাধাৰণ,২৯ জুন,২০১৪-দেওবৰীয়া পৰিপূৰিকাতো লেখাটি প্ৰকাশ পাইছে)

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages