পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰ
১. যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহত "ভাৰতীয় প্ৰেক্ষাপটত উপযুক্ত শক্তি আহৰণ, সংবহন আৰু বিতৰণ" শীৰ্ষক বক্তৃতানুষ্ঠানত অংশগ্ৰহণ কৰি আমেৰিকা নিবাসী শক্তি অভিযন্তা অৱনী কুমাৰ শৰ্মাই গেছ ভিত্তিক প্ৰকল্পই উত্তৰ-পূৰ্বাঞ্চলৰ বাবে একমাত্ৰ শক্তি বিকল্প বুলিও মত প্ৰকাশ কৰিছে। অসম বিজ্ঞান লেখক সংস্থা, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ আৰু বিজ্ঞান সমিতিৰ যোৰহাট শাখাৰ সহযোগত এই বক্তৃতানুষ্ঠানটো আয়োজিত হৈছিল।

 
২. অসমৰ গ্ৰামোন্নয়ন বিভাগত অবাধ হাৰত লুণ্ঠন চলোৱা ৬৪গৰাকী বিডিঅ' আৰু কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে ৰুজু হোৱা ৭১টা গোচৰ পুনৰ মুকলি হব বুলি প্ৰকাশ পালে সুখবৰ। এই বিষয়ে চাৰ্জশ্বিট দাখিল কৰাকে ধৰি গোচৰৰ তদন্তৰ কাম ক্ষীপ্ৰ কৰিবলৈ তদন্তকাৰী সংস্থালৈ ৰাজ্য চৰকাৰে কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ খবৰো প্ৰকাশিত হৈছে।

৩. অহা ১ছেপ্তেম্বৰৰ পৰা অসমত ৰূপায়ণ হব ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন। মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয় । এই আইন ৰূপায়ণৰ ক্ষেত্ৰত নডেল এজেঞ্চি হিচাপে খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগে কাম কৰিব বুলি ৰাজ্য চৰকাৰে সংবাদ মাধ্যমক অৱগত কৰিছে।

৪. নিৰ্বাচনী বিপৰ্যয়ৰ নৈতিক দ্বায়িত্ব লৈ অগপৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিলে প্ৰফুল্ল কুমাৰ মহন্তই। দলটোক পুনৰ শক্তিশালী ৰূপত গঢ়ি তোলাৰ বাবে কাৰ্যনিৰ্বাহক আৰু সাধাৰণ পৰিষদৰ বৈঠক দলৰ মুখ্য কাৰ্যালয়ত চলি আছে বুলিও প্ৰকাশ পাইছে বাতৰি।

৫. নগাঁৱৰ ডিমৰুগুৰিস্থ মীন ভিত্তিক পৰ্যটন কেন্দ্ৰ "জাছিংফা"ৰ উদ্যোগত ১৩জুলাইন অনুষ্ঠিত হ'ল চতুৰ্থ বাৰ্ষিক উত্তৰ-পূৰ্বাঞ্চল ভিত্তিত বৰশী বোৱা প্ৰতিযোগিতাৰ। নগাঁৱৰ জিলা মীন বিষয়া প্ৰাঞ্জল প্ৰকাশ শৰ্মাই উদ্বোধন কৰা প্ৰতিযোগিতাখনত বিভিন্ন প্ৰান্তৰ শতাধিক প্ৰতিযোগীয়ে অংশ লয়। দিনজোৰা প্ৰতিযোগিতাত ২৩টা মাছ ধৰি কলিয়াবৰৰ প্ৰহ্লাদ মজুমদাৰে প্ৰথম স্থান লাভ কৰে আৰু ৰাজীৱ শৰ্মাই একক ওজনৰ ২.৭৫কেজিৰ মাছ ধৰি সৰ্বোচ্চ ওজনৰ মাছ ধৰোতাৰ পুৰস্কাৰ লাভ কৰে। বঁটা বিতৰণীত সাংসদ ৰাজেন গোহাঁইকে ধৰি সুধীজন উপস্থিত আছিল।

৫. উত্তৰ-পূৱৰ ৰাষ্ট্ৰীয় ঘাই পথ সমূহত সংযোগবিহীন নোহোৱাকৈ ৩-জি ইণ্টাৰনেট আৰু মোবাইল সেৱা উপলদ্ধ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে ৫৩৩৬কোটি টকাৰ এটি টেলিকম ডেভেলপমেণ্ট প্লেনলৈ অনুমোদন জনাইছে। এই কথা কালি লোকসভাত প্ৰকাশ কৰি যোগাযোগ মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে উত্তৰ-পূৱৰ পাহাৰীয়া গাঁও সমূহকো অতি সোনকালেই মোবাইল সেৱাৰে সংযোগ কৰিবলৈ পৰিকল্পনা কৰাৰ কথাও সদৰী কৰিছে।

৬. গুৱাহাটীৰ বানত সঘনে ডুৱ যোৱা অঞ্চলবোৰৰ নলা-নৰ্দমাবোৰক সঠিক জল পৰিবহন কৰিব পৰাকৈ মুকলি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ক্ষেত্ৰভিত্তিক প্ৰতিবেদন দাখিল কৰিবৰ বাবে প্ৰশাসন আৰু কাৰিকৰী বিশেষজ্ঞৰে এখন কমিটী গঠন কৰিছে বুলি মহানগৰ প্ৰশাসনে প্ৰকাশ কৰিছে।  ৰাজগড়. ৰাধাগোবিন্দ বৰুৱা পথ, জিএচ ৰোডৰ পানী বোৱাই নিয়াৰ বাবে এই কমিটীয়ে এটা কাৰ্যকৰী ব্যৱস্থাৰ পৰিকল্পনা অচিৰেই দাখিল কৰিব বুলিও জানিব পৰা গৈছে।

৭. "অক্ষয় পাত্ৰ"ৰ ৰান্ধনিশাল পৰিদৰ্শন কৰিবলৈ ভাৰতলৈ আহিব আমেৰিকাৰ পূৰ্ব ৰাষ্ট্ৰপতি বিল কিল্টন। ক্লিণ্টন গ্লোৱেল ইনিচিয়েটিভ কমিটমেণ্ট টু একচন প্ৰগ্ৰামৰ কাৰ্যসূচীৰ আধাৰতে ভ্ৰমণসূচীৰে তেখেতে প্ৰতিদিনে ১লাখ চাৰি হাজাৰ শিশুক বিদ্যালয়ত আহাৰ যোগান ধৰা সংস্থাটো পৰিদৰ্শন কৰিবহি বুলি জানিব পৰা গৈছে। গুৱাহাটীতো অক্ষয় পাত্ৰই দৈনিক ৬০০খন বিদ্যালয়ত প্ৰায় ৫৩০০০ শিশুক মধ্যাহ্ন ভোজন যোগান ধৰি আহিছে বুলিও সুখবৰ পোৱা গৈছে।

৮. আজি ছিপাঝাৰত মঞ্চস্থ হব বিশিষ্ট নাট্যকৰ্মী হিমাংশু প্ৰসাদ দাসৰ পৰিকল্পনা আৰু পৰিচালনাৰে এখনি চিন্তাকৰ্ষক নাট "ৰান"ৰ। ছিপাঝাৰৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান গণতালৰ উদ্যোগত স্থানীয় ছহিদ ভৱনত ব্যংগাত্মক-ধৰ্মী সংলাপবিহীন নাটকখনি মঞ্চস্থ কৰা হব বুলি জানিব পৰা গৈছে।

৯. সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ডেৰশ বছৰীয়া জন্মজয়ন্তীৰ অংশ স্বৰূপে হোজাই সাহিত্য সভাৰ উদ্যোগত ১১-১৩জুলাইত এলানি কবিতা আৰু সাধু কোৱা কৰ্মশালা অনুষ্ঠিত হোৱাৰ সুখবৰ। সমল ব্যক্তিৰূপে বিশিষ্ট আবৃত্তিকাৰ বসন্ত কৌশিক ভাগৱতী, কবি কাৰুণ্য ভট্টাচাৰ্য, ধৰিত্ৰী শইকীয়া আৰু দুলাল বৰাই প্ৰশিক্ষণ প্ৰদান কৰে।

১০. তেজপুৰ মহাবিদ্যালয়ত চলিছে সোণালী জয়ন্তী বৰ্ষৰ উদযাপনৰ বিশেষ প্ৰস্তুতি। অহা ৫ আগষ্টত বৰ্ষজোৰা উদযাপনৰ শুভাৰম্ভ অনুষ্ঠানৰ আয়োজন চলাৰো সুখবৰ।

১১. অহা ৫ ছেপ্তেম্বৰত মুক্তি লাভ কৰি মেৰী কম নামৰ হিন্দী কথাছবিখনে। মেৰী কমৰ অলিম্পিকৰ পদক বিজয়ৰ যাত্ৰাক ৰূপালী পৰ্দাত তুলি ধৰিবলৈ চেষ্টা কৰা ছবিখনত নায়িকাৰ ৰূপত প্ৰিয়ঙ্কা চোপ্ৰাই অভিনয় কৰিছে।

১২. ব্ৰাজিলত ব্ৰীকচ শীৰ্ষ সন্মিলনত ব্ৰীকচ বেংক স্থাপনৰ প্ৰসংগত সকলোকে সম অংশীদাৰ হোৱাৰ বাবে নৰেন্দ্ৰ মোদীয়ে আহ্বান জনাব বুলি সম্ভাৱনা প্ৰকাশ পাইছে। চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে ভাৰতীয় প্ৰধানমন্ত্ৰীৰ বৈঠকত গোটেই বিশ্বৰে দৃষ্টি নিবদ্ধ আছে বুলিও চীনৰ সংবাদ মাধ্যমে বাতৰি প্ৰকাশ কৰিছে।

১৩.  বিগত চাৰি বছৰে কে জি বেছিনৰ পৰা
চুক্তিত উল্লেখ কৰাতকৈ কম গেছ উতপাদন কৰাৰ বাবে ৰিলায়েঞ্চক কেন্দ্ৰীয় চৰকাৰে অতিৰিক্ত ৫৭৯নিযুত ডলাৰৰ জৰিমনা বিহিছে বুলি লোকসভাক জনালে দেশৰ পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। চাৰিটা বিত্তীয় বৰ্ষৰ বাবে মুঠ জৰিমনা ২.৩৭৬ বিলিয়ন ডলাৰ হোৱাগৈ বুলিও মন্ত্ৰীগৰাকীয়ে অৱগত কৰিছে।

১৪. অসমৰ ৰাজ্যিক সভাপতি ৰূপে নতুন নিযুক্তি সন্দৰ্ভত দুই এদিনতে নতুন ৰাষ্ট্ৰীয় সভাপতি অমিত শাহে সিদ্ধান্ত লব ।

১৫. গুৱাহাটী প্ৰেছ ক্লাৱত কালি উন্মোচিত হয় সুশীল কুমাৰ সৰকাৰৰ "সমবায় আন্দোলন আৰু ইয়াৰ প্ৰাসংগিকতা" শীৰ্ষক এখনি গ্ৰন্থ। গ্ৰন্থখনি উন্মোচন কৰিলে বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনদেৱে।

No comments:

Post a Comment