চিন্তন - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

চিন্তন

Share This
সামাজিক অপৰাধীকৰণৰ নতুন ৰূপ

হেমচন্দ্ৰ দত্ত

অপৰাধৰ এক গ্ৰহণযোগ্য সংজ্ঞা আমাৰ সমাজত এতিয়াও সুলভ হোৱা বুলি ঠিৰাংকৈ ক’ব নোৱাৰি। অপৰাধত যি লিপ্ত হয় বা অপৰাধমুলক কাম যি মানুহে কৰে, তেওঁকে আমি অপৰাধী বুলি ভাৱো। সাধাৰনতে অপৰাধী বুলি ক’লে সৰ্বসাধাৰণ মানুহৰ মনলৈ হত্যা-হিংসাত লিপ্ত, ৰাজকোষৰ ধন চান কঢ়া,দেশৰ নিৰাপত্তাত আঘাত হনা ব্যক্তিৰ ছবি এখনহে আহে। এনে এটা ধাৰণা সৰ্ব-সাধাৰণ মানুহৰ মনত সোমাই থকাত অপৰাধৰ ব্যাপক চৰিত্ৰ নিৰ্ণয় কৰাত সময়ে সময়ে অসুবিধাৰ সৃষ্টি হৈ আহিছে।


আনহাতেদি অপৰাধৰ সুক্ষ্ম আৰু ব্যাপক এই দুয়োটা অৰ্থৰ ধাৰণা নথকা অজ্ঞ বহু ব্যক্তিয়ে অপৰাধৰ প্ৰসংগ ওলালেই নীতি-বাগীশ হৈ পৰা দেখা যায়। তেওঁলোকে এনে আচৰণ কৰে যেন তেওঁলোকে জীৱনত একো অপৰাধ কৰি পোৱাই নাই। দুৰদৰ্শনত সম্প্ৰচাৰিত এনে ধৰণৰ অনুষ্ঠানত আকৌ তেওঁলোকে সমাজ বিপথে যোৱা বুলি বিজ্ঞ মন্তব্যও দিয়ে। প্ৰকৃততে ‘অপৰাধ’ শব্দটোৰ ‘সুক্ষ্ম’ আৰু ‘ব্যাপক’ - এই দুই দিশ ভালদৰে অনুধাৱন কৰিব পাৰিলে আমি তেনে মন্তব্য দিয়াৰ পৰা নিশ্চয় আতৰি থাকিম। এইটো নিঃসন্দেহে সত্য যে ‘অপৰাধী’ শব্দটোয়ে তাৰ প্ৰথম পিৰিৰ অৰ্থত দাগী অপৰাধী,খুনী, ৰাজকোষৰ ধন কুক্ষিগত কৰা আৰু ৰাষ্ট্ৰ-যন্ত্ৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা আদি লোককে বুজায়। কিন্তু সুক্ষ্ম আৰু ব্যাপক অৰ্থত এই শব্দটোয়ে কিন্তু এখন বিপৰীত ছবিহে ডাঙি ধৰে। যি মানুহে সমাজ-আৰোপিত দায়িত্ব পালনত মূৰ-পোলাকা মাৰে, যি মানুহে ৰাষ্ট্ৰ -যন্ত্ৰৰ দ্বাৰা ন্যস্ত দায়িত্ব পালন কৰাৰ সলনি আন ‘লাগতিয়াল কাম’ত মনোনিৱেশ কৰে, যি মানুহে মাহৰ মূৰত চৰকাৰৰ পৰা পাৰিশ্ৰমিক লয় কিন্তু তাৰ বিনিময়ত কৰণীয়খিনি নকৰে - এই সকলোকে একে আষাৰতে অপৰাধী বুলি ক’ব পাৰি।


অলপ বহলাই ক’লে কথাখিনি কাৰোৰে বুজাত নিশ্চয় অসুবিধা নহ’ব। এজন ব্যক্তিৰ অনেক সক্ষমতা থাকিব পাৰে। ধৰি ল’লো, বৃত্তিত তেওঁ চিকিৎসক। তেখেতৰ সক্ষমতাৰ ভিতৰত সাহিত্য-চৰ্চাও পৰিব পাৰে। সাহিত্য-চৰ্চা কৰাটো অতি ভাল কাম (সাহিত্যই মানুহক পশুৰ পৰা পৃঠক কৰিছে -গতিকে ই এক ‘লাগতিয়াল কৰ্ম’)। কিন্তু তাকে কৰিবলৈ যাওঁতে এই চিকিৎসকজনে ৰোগীক সেৱা কৰাৰ পৰা আতঁৰি আছে নেকি আমি তাকো লক্ষ্য কৰিব লাগিব। ৰোগীক দিবলগীয়া সময়খিনি তেখেতে চিকিৎসালয়ত নিদি যদি সাহিত্যানুষ্ঠানক দিয়ে, মেল-মচলিছত দিয়ে -তেন্তে আমি ধৰি ল’ব লাগিব যে এটা ‘লাগতিয়াল কাম’ কৰিলেও এই চিকিৎসকজন প্ৰকৃততে এজন অপৰাধীহে। তেওঁ শাস্তি পোৱাৰ যোগ্য।

ঠিক সেইদৰে দুনীৰ্তিৰ বিৰুদ্ধে মাত মতাটো অতি ভাল কথা আৰু ই এক ‘লাগতিয়াল কাম’ৰ ভিতৰতে পৰে। পিছে দুনীৰ্তি বিৰোধী সভাত অংশ গ্ৰহণ কৰিবলৈ গৈ এজন অধ্যাপকে যদি পাঠদানৰ পৰা আতঁৰি থাকে,ছাত্ৰ -ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ দিশটোক আওকান কৰে- তেন্তে আমি অনুমান কৰিব পাৰিব লাগিব যে এটা ‘লাগতিয়াল কাম’ কৰিলেও এই অধ্যাপকজন প্ৰকৃততে এজন অপৰাধীহে।

এনে বহুত উদাহৰণ দিব পাৰি। আজিৰ আমাৰ সমাজ-ব্যৱস্থা এনে এক স্তৰলৈ ধাৱমান হৈছে যে নিয়োজিত দায়িত্ব আৰু সেৱাতকৈ আমি যেন সক্ষমতাৰ ভিতৰত পৰা ‘লাগতিয়াল কাম’ সমাপন কৰাৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰো। গতিকে পাঠদানত উপস্থিত নথকা অধ্যাপকক দুৰ্নীতি বিৰোধী সভাত বা দূৰদৰ্শনৰ পৰ্দাত, সংবাদ-সেৱাত নিয়োজিত লোকক অধ্যয়ন আৰু অনুসন্ধানৰ বিপৰীতে ঠিকাদাৰ আৰু দালালীৰ ৰূপত আমি দেখিবলৈ পাওঁ।

আচলতে এই পৰম্পৰাটো ইমান দ'কৈ আমাৰ মনত সোমাই পৰিছে যে এটা ভাল কাম কৰিবলৈ গৈ প্ৰকৃততে কিমান বেয়া কাম কৰি আছো আমি নিজেই অনুধাৱন কৰিব পৰা নাই। ইয়াক অপৰাধীকৰণৰ প্ৰক্রিয়া বুলি অভিহিত কৰিব পাৰি। দুখৰ কথা যে এনে অপৰাধীসকলক শাস্তি বিহিব কোনে? কোনো কোনো ক্ষেত্ৰত দুই এজনক শাস্তি প্ৰদান কৰা হয় যদিও শাস্তিৰ মাত্ৰা আৰু তাৰ প্ৰভাৱ ইমানেই পাতলীয়া যে সামাজিক শুধৰণিৰ বাবে এটা অৱকাশ থকা বুলি আৰু ভাৱিব পৰা নাযায়। অপৰাধীকৰণৰ এনে এক প্ৰক্রিয়া জাতীয় অন্তঃস্ৰোতত বৈ থকা এখন দেশত ব্লেক মানি বা ক’লা ধনৰ প্ৰসংগটোয়ে চিন্তাৰ খোৰাক যোগালেও এক সৰ্বাত্মক নিৰাময়ৰ উপায় আশা কৰোটো অলপো সমীচিন নহ’ব।


সংক্ষেপে যি আয়ৰ উৎস সন্দেহজনক আৰু যাক ৰাজহুৱা কৰিব নোৱাৰি বা যি আয়ে এজন ব্যক্তিৰ ন্যাৰ্য উপাৰ্জনৰ বাহিৰৰ উৎসৰ ইংগিত কৰে -তেনে ধনকে ব্লেক মানি বা ক’লা ধন বুলি কোৱা হয়। ভাৰতৰ অনেক লোকৰ এনে ক’লা ধন বিদেশৰ বেংকত থকা বুলি সন্দেহ কৰা হৈছে। অতি-সাম্প্ৰতিকভাৱে এনে ধন দেশলৈ ঘূৰাই আনিব লাগে বুলি বিভিন্ন মহলত দাবীও উস্থাপিত হৈছে। এতিয়া প্ৰ হৈছে - বিদেশত থকা এই ক’লা ধন-ৰাশি দেশলৈ ঘুৰাই অনাৰ ক্ষেত্ৰত আগ-ভাগ ল’ব কোনে ? কাকনো বুলিম ককা সকলোৰে দাড়ি চুলি পকা।

প্ৰসংগক্রমে উল্লেখ যোগ্য যে ২০১১ চনৰ জুনত ক’লা ধনৰ বিষয়টো অধ্যয়ন কৰি পৰামৰ্শ আগবঢ়াবলৈ চেন্ট্ৰেল ব’ৰ্ড অৱ ডিৰেক্ট টেক্সেচ চমুকৈ চি বি ডি টিৰ প্ৰাক্তন প্ৰধান এম চি যোশীৰ অধ্যক্ষতাত এখন কমিটি চৰকাৰে গঠন কৰি দিছিল। ২০১২ চনৰ ৩০ জানুৱাৰীত এই কমিটিয়ে ৬০ পৃষ্ঠাৰ এখন প্ৰতিবেদন দাখিল কৰিছিল।

কমিটিয়ে দিয়া পৰামৰ্শবোৰৰ কেইটামান আছিল এনেধৰনৰ : ক) ক’লাধন গোটোৱাটো এটা অপৰাধ আৰু এনে অপৰাধীক ক্ষেত্ৰবিশেষে ৩ৰ পৰা১০বছৰ পৰ্যন্ত কাৰাদণ্ডৰে দণ্ডিত কৰিব লাগে। খ) দেশৰ বাহিৰলৈ যোৱা আৰু দেশলৈ অহা ধনৰ সকলো তথ্য আয় কৰ বিভাগ আৰু ফিনেনচিয়েল ইন্তেলিজেন্স ইউনিটৰ হাতত থকাৰ এক ব্যৱস্থা কৰিব লাগে। গ) এখন সৰ্বভাৰতীয় পৰ্যায়ৰ কৰ বিষয়ক আইন প্ৰনয়ণ কৰিব লাগে যাতে বিভিন্ন সময়ত দিয়া আদালতৰ বিপৰীতমুখী ৰায়ে সিদ্ধান্ত গ্ৰহনত অসুবিধাৰ সৃষ্টি কৰিব নোৱাৰে। ঘ) জিলা পৰ্যায়ৰ পৰা আৰম্ভ কৰি সকলো বিভাগৰ সামাজিক কামৰ চচিয়েল অডিট হ’ব লাগে। ঙ) গোলকীয় লেনদেনৰ এক নিদিষ্ট নিৰিখ বা মাপকৰ ব্যৱস্থা কৰিব লাগে আৰু কোনো ব্যক্তি বা প্ৰতিষ্ঠানৰ ধনৰ লেনদেনৰ পৰিমান সেই মাপকৰ উৰ্দ্ধলৈ গ’লে সেয়া আইন প্ৰৱৰ্তনকাৰী সন্থাসমুহক লগে লগে অৱগত কৰোৱাৰ ব্যৱস্থা কৰিব লাগে।


এনেধৰনৰ পৰামৰ্শৰ ওপৰি কেতবোৰ অভিযোগো অনা হৈছিল । তাৰে এটা অতি ৰ্স্পশকাতৰ বুলি বিবেচিত হৈছে।দেশৰ দুটা প্ৰধান ৰাজনৈতিক দলে ক্রমে ৫০০ কোটি আৰু ২০০ কোটি টকা আয় হোৱা বুলি দেখুৱাই আহিছে যদিও দল দুটাই প্ৰতি বছৰে কেৱল ১৫,০০০ কোটি আৰু ১০,০০০ কোটি টকা নিৰ্বাচনৰ নামতে ব্যয় কৰে।

সিমানেই নহয় -- এই কমিটিয়ে ৰাজহুৱা ক্ষমা দানৰ পৰামৰ্শও আগবঢ়াইছে। যিসকল লোকৰ বিদেশৰ বিভিন্ন বেংকত ধন আছে সেই ধন দেশলৈ ঘুৰাই অনাৰ এক পদক্ষেপ হিচাপে তেওঁলোকৰ প্ৰতি এক নৰম স্থিতি চৰকাৰে গ্ৰহণ কৰিব লাগে।
এতিয়া আপুনি ক’ত মৰে মৰক। নাম উল্লেখ কৰা নাই যদিও দেশৰ যি দুটা প্ৰধান ৰাজনৈতিক দলে বাৰ্ষিক আয়তকৈ নিৰ্বাচনৰ নামত অধিক ধন ব্যয় কৰা বুলি কোৱা হৈছিল ,সেই দল দুটা কংগেছ আৰু বিজেপিৰ বাদে আন কোনো নহয়। তাৰ অৰ্থ হ’ল ওপৰত উল্লেখ কৰি অহা অপৰাধীকৰনৰ এক নিশ্চিত পৰম্পৰা আছে এই দল দুটাৰ মাজত।

এতেকে দেশৰ নাগৰিকক দেখুৱাই কেন্দ্ৰীয় চৰকাৰে পৰামৰ্শ দানৰ বাবে বিশেষ কমিটি গঠন কৰিলেও ক’লা ধনৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ তেওঁলোকে যে নিজৰ ভৰিত নিজে কুঠাৰ মাৰিব নোখোজে - সেয়া সহজে অনুমেয়। দ্বিতীয়তে,বিদেশত ক’লা ধন থকাটো সত্য - নহ’লে চৰকাৰে এনে এখন কমিটি কেৱল পৰামৰ্শ দিবৰ বাবেই গঠন নকৰিলেহেতেন। তৃতীয়তে, আমাৰ দেশৰ আইনী নীতি নিৰ্ধাৰণৰ প্ৰক্রিয়াবোৰ ইমানে লেহেম গতিৰ যে সৰ্বভাৰতীয় আয় কৰ বিষয়ক এখন বিশেষ আইন ইমান সোনকালে প্ৰণয়ন হ’ব বুলি আশা কৰিব পৰা নাযায়।

চতুৰ্থতে,ক্ষমা-দানৰ প্ৰসংগটো আহিব অপৰাধী চিনাক্তকৰণৰ পাচতহে। ক্ষমা দানৰ আগতীয়া চিন্তা -চৰ্চালৈ চাই অনুমান কৰাত অসুবিধা নহয় যে নতুন দিল্লীয়েও গম পায় কাৰ, কোন বিদেশী বেংকত কিমান টকা জমা আছে। এনে প্ৰেক্ষাপটত ক’লাধনৰ সামগ্ৰিক বিষয়টোৱেই ক্রমে ৰহস্যৰ মাজলৈ সোমাই পৰিছে। ড্ৰাগছ সৰৱৰাহকাৰীৰ প্ৰতি দেশৰ আইনী ব্যৱস্থা যদি ইমান কাঢ়া হ’ব পাৰে-- তেনেহলে বিদেশলৈ ক’লাধন সৰৱৰাহ কৰা সকলৰ ক্ষেত্ৰত কঠোৰ হ’ব নোৱাৰাৰ কাৰন কি?


অলপতে এটা অতি আমোদজনক কথা পঢ়িবলৈ পালো। চুইজাৰলেণ্ডলৈ প্ৰতি বছৰে যোৱা বিদেশীৰ ভিতৰত ভাৰতীয় মানুহৰ সংখ্যাই সৰ্বাধিক। তেওঁলোক যায় সেই দেশৰ সৌন্দৰ্য উপভোগ কৰিবলৈ। আচৰিত আৰু আমোদজনক কথাটো হ’ল কিছুমান বিশেষ মানুহ বছৰৰ পাছত বছৰ ধৰি সেইদেশলৈ গৈ আছে কেৱল ভ্ৰমণ আৰু সৌন্দৰ্য উপভোগ কৰিবৰ বাবেই। কেনাটো আছে এইখিনিতে। এই মানুহখিনিৰ গতি-বিধিক যদি ভালদৰে নিৰীক্ষণ কৰা যায়-- তেনেহ’লে ক’লা ধন সৰৱৰাহ বিষয়ক অনেক তথ্য পোহৰলৈ আহিব। এই কামটো পিছে কৰিব কোনে ? অপৰাধীকৰণৰ প্ৰক্রিয়াৰ মাজেদি আহি শাসনৰ বাঘজৰী টনা নতুন দিল্লীয়ে এই কাম নিশ্চয় নকৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages