পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. গুৱাহাটী মহানগৰীত আৰম্ভ হ'ল মহিলা আৰু শিশুৰ বাবে আৰম্ভ হ'ল বিশেষ চিটীবাছ সেৱা। মহিলা পৰিচালক, মহিলা আৰক্ষী আৰু চিচি টিভি কেমেৰা সমৃদ্ধ এনে বিশেষ চিটীবাছ সেৱা উদ্বোধন কৰিলে মুখ্য সচিব জীতেশ খোচলাই। পৰিবহন বিষয়া গৌতম দাসৰ উদ্যোগত ১৬গৰাকী মহিলা পৰিচালকক অনুজ্ঞা পত্ৰও প্ৰদান কৰা হয়। অনুষ্ঠানটোত অভিনেত্ৰী জেৰিফা ৱাহিদেও উপস্থিত থাকি নাৰী সকলক সুৰক্ষিত চলাচলৰ ব্যৱস্থা কৰিব পৰা উদ্যমটোত প্ৰেৰণা যোগায়।

 
২. তেজ হাজৰিকাই স্থাপন কৰা ডঃ ভূপেন হাজৰিকা ফাউণ্ডেচনে প্ৰৱৰ্তন কৰা "ভূপেন হাজৰিকা ফিৰিঙতি বঁটা"ৰে সন্মানিত কৰা হৈছে আমেৰিকা নিবাসী বিশিষ্ট অসমীয়া ডঃ দিলীপ কুমাৰ দত্তক। সাংস্কৃতিক জগতলৈ আগবঢ়োৱা জীৱনজোৰা বৰঙণিৰ স্বীকৃতিস্বৰূপে দত্তদেৱক এই বঁটা নিউ জাৰ্চি এডিচন চহৰত যোৱা ১৮জুলাইত প্ৰদান কৰা হয় ।

৩. বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে মাজুলীয়ে লাভ কৰিব পাৰে ইউনেস্কৰ স্বীকৃতি। এই স্বীকৃতিৰ বাবে ভাৰতীয় পুৰাতত্ত্ব বিভাগে মাজুলীৰ নাম পুনৰ প্ৰেৰণ কৰিছে বুলি কালি ৰাজ্যসভাত কেন্দ্ৰীয় সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী শ্ৰীপদ এছ নায়কে প্ৰকাশ কৰিছে।

৪. নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত যোৱা ২২জুলাইত মহিলাসকলৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যে অসম সাহিত্য সভাৰ নীতিৰ আধাৰত অনুষ্ঠিত হয় "আকাশ"ৰ অনুষ্ঠান। আকাশ অনুষ্ঠানৰ আলোচনী "আকাশ" উন্মোচন কৰি বিশিষ্ট সাহিত্যিক ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যই ঘৃণা-দুৰ্নীতিৰ বিৰুদ্ধে নাৰী সকলেই থিয় দিব লাগিব বুলি মত প্ৰকাশ কৰে।

৫.
টাটা কনচালটেন্সি চাৰ্ভিচেজে পাঁচ লাখ কোটি টকাৰ মাৰ্কেট কেপিটাইলেজনৰ সীমাৰ উৰ্ধত স্থান পোৱা প্ৰথমটো ভাৰতীয় কোম্পানী ৰূপে পৰিগণিত হোৱাৰ সুখবৰ।

৬. উত্তৰ-পূৱৰ টিভি প্ৰযোজক সংস্থাই বিগত সপ্তাহত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰক সাক্ষাৎ কৰি বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰে। গুৱাহাটী দূৰদৰ্শনৰ প্ৰাইম টাইমৰ সময় বৃদ্ধি, কমিচনড প্ৰগ্ৰামৰ আবণ্টন, বহু বছৰ আগতেই ঘোষিত ২৪ঘণ্টীয়া অসমীয়া টিভি চেনেল ব্ৰহ্মপুত্ৰ আৰম্ভ কৰা আদি বিষয়ত সঁজাতি দলটোৱে স্মাৰক পত্ৰ প্ৰদান কৰে।

৭. কল্লোল ফিল্ম চ'ছাইটীৰ উদ্যোগত নগাঁৱৰ কল্লোল প্ৰাংগণত অনুষ্ঠিত হব "কল্লোল চলচ্চিত্ৰ সমাৰোহ"। ২৫-২৭জুলাইলৈকে হব লগা সমাৰোহখনিত সত্যজিত ৰায়ৰ "পথেৰ পাঁচালি", জাহ্নু বৰুৱাৰ "ফিৰিঙতি", ৰিছাৰ্ড আয়াৰৰ "আইৰিছ" ক্লাছিক চলচ্চিত্ৰ শিতানত প্ৰদৰ্শন কৰা হব। লগতে প্ৰবীণ হাজৰিকাৰ "ছ'ৰ্জন ইন টাইম", প্ৰশান্ত বৰদলৈৰ "বুঢ়া চাপৰিৰ জিয়াখাঁতী" আৰু পাৰ্থজিত বৰুৱাৰ "লক্ষ্মী ওৰাঙঃ ৰাইজিং ফ্ৰম দ্য গ্ৰেড" প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হৈছে বুলি আয়োজকে সদৰী কৰিছে।

৮. গুৱাহাটীৰ নমাইলৰ সমীপত অৱস্থিত ইউনিভাৰ্ছিটী অৱ ছায়েঞ্চ এণ্ড টেকনলজি, মেঘালয়ে আয়োজন কৰা কনিষ্ঠ মহাবিদ্যালয়সমূহৰ অধ্যক্ষ সমূহৰ এক সমাবৰ্তনত অংশগ্ৰহণ কৰিলেহি প্ৰাক্তন ৰাষ্ট্ৰপতি এ.পি.জে আব্দুল কালামে। তেখেতে ভাষণত ভৱিষ্যত নাগৰিক গঢ়াৰ দ্বায়িত্ব লোৱা শিক্ষক সকলক নিতৌ কিতাপ অধ্যয়ন তথা নিৰন্তৰ জ্ঞান আহৰণৰ বাবে ব্ৰতী হবলৈ আহ্বান জনায়।

৯. পাঁচ বাৰকৈ বিশ্ব চেম্পিয়ন বক্সাৰ এম.চি, মেৰী কমৰ জীৱনীৰ আধাৰত সঞ্জয় লীলা বাঞ্চালী নিবেদিত ছবি "মেৰী কম"ৰ ট্ৰেইলাৰ কালি মুকলি কৰা হয়। বিশ্ব সুন্দৰী প্ৰিয়ঙ্কা চোপ্ৰাই মেৰী কমৰ ভূমিকাত অভিনয় কৰা ছবিখনে অহা ৫ ছেপ্তেম্বৰত মুক্তি লাভ কৰিব।

১০. মেন বুকাৰ ২০১৪ বৰ্ষৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছে কলকাতাত জন্ম লভা লণ্ডন নিবাসী লেখক নীল মুখাৰ্জীয়ে। জীৱনৰ দ্বিতীয়খন উপন্যাস "দি লাইভছ অৱ আদাৰছ"ৰ বাবেই এইবাৰ মনোনয়ন পোৱা ১৩ গৰাকী লেখকৰ মাজত তেখেতে স্থান লাভ কৰাৰ সুখবৰ।

১১. হাজোত সফলতাৰে সম্পন্ন হ'ল অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় শিশু নাট কৰ্মশালাৰ। ৬-২০জুলাইলকে অনুষ্ঠিত কৰ্মশালাত বৃহত্তৰ হাজো অঞ্চলৰ ২২গৰাকী কিশোৰ কিশোৰীয়ে অংশ গ্ৰহণ কৰে।
১২. গ্লাচগোত শুভাৰম্ভ হৈছে ২০সংখ্যক কমনৱেলথ গেমচৰ। প্ৰথম দিনাৰ খেলত জুডো আৰু ভাৰত্তোলনত সোণৰ পদকৰ দিশে অগ্ৰসৰ হৈছে ভাৰতীয় খেলুৱৈ। শচীন টেণ্ডুলকাৰো কমনৱেলথ গেচমত উপস্থিত থকাৰ খবৰ প্ৰকাশিত হৈছে।

১৩. আধাৰ প্ৰকল্পক নতুন জীৱন দিয়াৰ লক্ষ্যৰে প্ৰযুক্তিবিদ তথা প্ৰকল্পটোৰ প্ৰতিষ্ঠাপক অধ্যক্ষ নন্দন নীলেকানিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিত্তমন্ত্ৰী অৰুণ জেটলীক সাক্ষাত কৰিছে বুলিও জানিব পৰা গৈছে।

১৪. বিসম্বাদীক বিদায় দি একান্ত অনুগামীক পুৰস্কৃত কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে। প্ৰদ্যুৎ বৰদলৈৰ হাতত শিক্ষা, ডাঃ নজৰুল ইছলামৰ হাতত স্বাস্থ্য, নীলমণিসেন ডেকা জলসিঞ্চন আৰু অজিত সিঙক সমবায় বিভাগৰ অতিৰিক্ত দ্বায়িত্ব অৰ্পণ কৰাৰ খবৰ প্ৰকাশিত হৈছে।

১৫. অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ৰূপে পুনৰ ভৰত নৰহক নিযুক্তি প্ৰদান কৰিছে। লগতে ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ অধ্যক্ষ ৰূপে প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মাই নিযুক্তি লাভ কৰাৰো খবৰো প্ৰকাশ পাইছে।

No comments:

Post a Comment