ৰূপালী পৰ্দা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

ৰূপালী পৰ্দা

Share This
ৰূপালীম হলত চিনেমাপ্ৰেমী ম'তি বুঢ়ী
দেৱিকা ফুকন
চিনেমা হলবোৰৰ প্ৰতি বৰ এটা আকৰ্ষণ নাই ৷ তথাপিও সৰুতে কেইখনমান চিনেমা চাবলৈ ঘৰৰ অলপ আঁতৰত থকা ৰূপালীম চিনেমা হললৈ গৈছিলো ৷ হলত চোৱা চিনেমা দুখনমান আছিল খামোচী, ৰাজা হিন্দুস্তানী আৰু সাগৰলৈ বহু দূৰ ৷ গুৱাহাটীত পঢ়ি থাকোতে চাইছিলো এখন ৷ নামটো পাহৰিলো ৷ হলত ইমান কমকৈ চিনেমা চোৱাৰ কাৰণ এইটো নহয় যে মই চিনেমা চাই বেয়া পাওঁ ৷ ৷ আচল কথাটো হ'ল, হলত চিনেমা চাওঁতে মই দুখ লগা চিন বোৰত কান্দিব নোৱাৰো ( মানুহে হাঁহি দিব বুলি) আৰু লগতে খংবোৰো প্ৰকাশ কৰিব নোৱাৰো যাৰ ফলত চিনেমা চাই ওলাই আহি প্ৰচণ্ড মূৰৰ বিষত ভোগো!

তাতে চিনেমা হলৰ কাষত বাছ আস্হান, , হোটেল, আৰু বিভিন্ন ধৰণৰ আড্ডা বহিছিল বাবে সেই ঠাইলৈ লগৰ দুজনী তিনিজনী মিলি চাবলৈ যোৱাটোও অসম্ভৱ আছিল ৷

নৱম মানত পঢ়ি থাকোতে এদিন আমাৰ শিৱসাগৰৰ ৰূপালীম হলত আমীৰ খান থকা কিবা চিনেমা এখন আহিল ৷ মোৰ বান্ধৱী এজনীৰ আমীৰ খান প্ৰিয় অভিনেতা ৷ তাইৰ লগতে সেই সময়ত আমাৰ ঘৰতে ভাড়া কৰি থকা বাইদেউ কেইগৰাকীমানেও চিনেমাখন চাবলৈ মন কৰিলে ৷ দেওবাৰৰ দিন ৷ সকলোৱে সাজি কাজি চিনেমা চাবলৈ সাজু ৷ কিন্তু চিন্তা হ'ল টিকেট কাটিবলৈ লাইন পাতিব কোনে? বা কেইজনীমানৰ দুজনীমান এনেকুৱাও আছিল যে জীৱনত চিনেমা হল গৈ পোৱা নাই ৷ তাহাঁতৰ দ্বাৰা টিকেট কটা অসম্ভৱ ৷ আৰু মই কটিয়া মটিয়া, মানুহৰ হেঁচাত পেটেকা পৰিম ৷ গতিকে ঘৰৰ পৰা ওলাই যাওঁতে ঠিক কৰা হ'ল যে বা কেইজনীৰ লগত থকা ৰান্ধনী ম'তি বুঢ়ীকে লগত লৈ যোৱা যাৱক ৷ ৷ উড়িয়া সম্প্ৰদায়ৰ ম'তি বুঢ়ীৰ চুলি গোটেইখিনি পকা ৷ পিছে তাইক বুঢ়ী বুলি কোৱাৰ বাবে নাভাবিব যে তাই চিনেমা নাচায় ৷ প্ৰত্যেক শুকুৰবাৰে ফাৰ্স্ট দে' ফাৰ্স্ট শ্বো চোৱা মানুহ তাই ৷

চিনেমা আৰম্ভ হোৱাৰ আগতেই গোটেইকেইজনী হলৰ সন্মুখ পালোগৈ ৷ গৈ দেখো ইতিমধ্যেই যথেষ্ট দীঘল লাইন ৷ তাতে লেটেৰা-পেটেৰা গুণ্ডা চেহেৰাৰ ব্লেকাৰ কেইটামানো ৷ মহিলাৰ শাৰীটো কেইজনীমান প্ৰকাণ্ড চেহেৰাৰ ব্লেকাৰ৷ সিহঁতক দেখি যি দুই এজনীয়ে টিকেট কাটিব বুলি সাহ দেখুৱাইছিল সিহঁতো পিছ হুহঁকিল ৷ এতিয়া চিনেমা নোচোৱাকৈ ঘূৰি যাওঁ কেনেকৈ! ওলাই আঁহোতে গলিটোৰ ভালেকেইজনমানে গম পালেই আমি চিনেমা চাব আহিছো বুলি, , নোচোৱাকৈ গ'লে লাজ নাপাম জানো!

অৱশেষত ময়ে আগবাঢ়িলো ৷ কাৰণ মোৰ ঘৰ ইয়াতেই ৷ লোকেল এৰিয়াত যদি মই ভয় কৰি দেখুৱাও মোৰ মান ক'ত থাকিব ৷ অৱশ্যে আগবাঢ়িবলৈ সাহ কৰাৰ আন এক কাৰণো আছিল ৷ সৰুৰে পৰা আমাক পোৱা ফুলু নামৰ দাদা এটা হলৰ কাষতে কিবাকিবি কামত লাগি থাকে ৷ অন্তত: কিবা হ'লে সি আহিব বচাবলৈ ৷ এইবুলি মই মহিলাৰ শাৰীত সাত নম্বৰ মানত ৰ'লোগৈ ৷ ম'তি বুঢ়ীয়ে আক' লাইন পতাৰ আগত চাঁদা অলপ খাওঁ বুলি আঁতৰোতে একেবাৰে শেষৰ পিনে পৰিলগৈ ৷


অৱশেষত কাউণ্টাৰ খুলিল ৷ মোৰ আগৰ কেইগৰাকীয়ে টিকেটলৈ লাইনৰ পৰা বাহিৰ হৈ গৈ আছে ৷ মোৰ আগত আৰু মাত্ৰ দুগৰাকী ৷ হঠাৎ মই ৰৈ থকা শাৰীটোৰ পিছৰ ফালে হুলস্হুলৰ শব্দ ৷ লগতে মাইকী মানুহৰ চি‍ঞঁৰ বাখৰ ৷ জীৱটো চিৰিং কৈ গ'ল ৷ নিজৰ ওপৰতে খং উঠিল ৷ কি দৰকাৰ পৰিছিল লোকেল বুলি তাও মাৰি লাইনত থিয় হ'বলৈ ৷ কোনোবাই গছকত পেটেকা লগাই গ'লেও কোনেও গম নাপাব, কাৰণ গোটেই লাইনটোত ময়েই সৰু আৰু কটিয়া ৷ বাকেইজনীলৈও খং উঠিল ৷ টিকেট কাটিব নোৱাৰ যদি চিনেমা চাবলৈ আহে কিয় ৷ ডিঙি মেলি সিহঁতি কোনফালে আছে বুলি চাবলৈ লওঁতেই ঝাৰৌপ ঝাৰৌপ শব্দ এটা শুনিলো আৰু লগতে মহিলাৰ চিঞঁৰ ৷ পিছলৈ ঘূৰি চাই হতবাক ৷ ম'তি বুঢ়ীয়ে ৰ'দৰ পৰা হাত সাৰিবলৈ লগত লৈ ফুৰা ক'লা মহেন্দ্ৰ দত্তৰ ছাটিটো জপাই লৈ ৰঙা শাখা পিন্ধা মানুহ এজনীক কোবাই আছে ৷ আঁতৰত দোকান এখনত ৰৈ থকা বা এজনী দৌৰি আহি বুঢ়ীক টানিটানি আঁতৰাইছে ৷ বুঢ়ী নাচোৰবান্দা ৷ বাৰ হাতৰ পৰা হাত এৰুৱাই উৰি উৰি মানুহজনীক কোবাইছে ৷ ঘটনাটো কি হ'ল তত ধৰাৰ আগতেই কাউণ্টাৰৰ খিৰিকিখন খটককৈ বন্ধ হৈ গ'ল ৷ মাৰপিট হোৱাৰ কাৰণে টিকেট নিদিয়ে আৰু!

আমাৰ লগতে ভালেমান মানুহ ঘূৰি গ'ল ৷ খঙতেই নে লাজতেই কাকো নমতাকৈ বাহঁতক এৰি ফু ফুৱাই হলৰ পিছফালৰ ৰাস্তাইদি চৰ্টকাট মাৰি ঘৰলৈ আহি আছো ৷ ম'তি বুঢ়ী কোবাকোবিকৈ মোৰ কাষ পালেহি ৷ তাই জানে যে তাই বাহিৰত এনেকে মাৰপিট কৰিছে বুলি মই মাক কৈ দিলে তাই গালি খাব ৷

তাই কাষ পায়েই ক'লে, " এ ভনী, বাইক নাই কবি ৰে ৷!৷ " মোৰ হাঁহি উঠি গ'ল ৷ তথাপি তাইৰ আগত নেদেখুৱাই ক'লো - ' মতি বাই, ইমান বুঢ়া বয়সত তুমি মাৰপিট কৰা, তুমি কি নিজকে গাভৰু হৈ আছো বুলি ভাবা! লাজ পাইছো তোমাৰ কাৰণে আজি ৷' তাই কি ভাবিলে নাজানো ৷ মোৰ গাত ৰ'দ নপৰিবলৈ নিজৰ ছাতিটো মেলি ধৰিলে আৰু তললৈ মূৰ কৰি ভোৰভোৰাই গ'ল, "সেইজনীক যে মাৰিছিলো, তাই টিকট বিলেক কৰে ৷ তাই মোৰ আগত টিকট লোৱা হ'লে মই তাইৰ পৰা দাম দি টিকট লৈ ভণীহঁতক চিনিমা দেখাব লাগিল হয় ৷ সেই কাৰণে কোবাই দিছো ৷ আজিলৈকে এই ম'তি বুঢ়ীয়ে বিলেকট টিকট কাটা নাই আজি কিয় চাম! হুহ ৷


( সেইদিনৰ পৰা ৰূপালীম হলত চিনেমা চোৱা নহ'ল ৷ 
আৰু আজি হলটোৱেই নাই ৷)

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages