Thursday, July 11, 2013

চুটি গল্প

ছেণ্ডেল 
=====
-নীলাঞ্জনা মহন্ত
পৃথিৱীখনত ইমানবোৰ কথা থকাৰ স্বত্তেও কি মন গৈছে জানো ছেণ্ডেলৰ কথাহে লিখিবলৈ লৈছো আজি৷ তাকো এযোৰ সাধাৰণ বাটা নীলা-বগা ছেণ্ডেলৰ কথা৷ মনত পৰাৰে পৰাই বাটা ছেণ্ডেল পিন্ধি আহিছো, হাইস্কুললৈ যোৱাৰ পিছত অৱশ্যে ক'লা ৰঙৰ জাপানীজ ছেণ্ডেল এযোৰ পিন্ধিবলৈ আৰম্ভ কৰাৰ কথাও মনত পৰে চেৰেং চেৰেং৷ বা: সেইযোৰ পিন্ধাৰ মজাই বেলেগ আছিল দেই৷ নৰম আৰু অলপ ওখ গোৰোহাৰ তাতে দিনো গৈছিল নহয় বহুত৷ ক্ষয় যোৱাৰো ভয় নাছিল৷ ৰংটোও সম্পূৰ্ণ অটুট আছিল শেষলৈকে৷ পিছে সেইযোৰ পিন্ধি খোজ কাঢ়িলে চেটেপ চেটেপকৈ যিটোহে শব্দ হৈছিল সেইকাৰণেসেইযোৰ ছিঙাৰ পিছত আৰু ফিটা সলাই বা নতুন তেনে এযোৰ আৰু লোৱা নহ'ল৷ 

পিছত কলেজৰ হোষ্টেললৈ আহোঁতে মাহঁতে নতুন হাৱাই এযোৰ কিনি দিলে৷ নীলা-বগা বাটাৰ চিকচিকাই থকা ছেণ্ডেলযোৰ মোৰ প্ৰথমে বৰ বিশেষ আদৰৰ নাছিল কাৰণ জাপানীজ ছেণ্ডেলযোৰৰ অনুপস্থিতি বহুদিনলৈকে সহজভাৱে ল'ব পৰা হোৱাই নাছিলো কিজানি৷ সেই কাৰণে মোৰদ্বাৰা বিশেষ ব্যৱহাৰ নোহোৱাকৈয়ে আছিল ছেণ্ডেলযোৰ প্ৰথমতে৷ পিছে এগৰাকী চিনিয়ৰ ৰুমমেটৰ এদিন কথাটো চকুত পৰিল আৰু মই নিপিন্ধা দেখি তেখেতে সেইযোৰ মুক্তমনেৰে ব্যৱহাৰ কৰিবলৈ ধৰিলে লাহে লাহে৷ 

মন কৰাই নাছিলো বহুদিনলৈকে কিন্তু হঠাৎ এদিন দেখো ছেণ্ডেলযোৰ বৰ লেতেৰা আৰু যেন পুৰণা পুৰণা দেখা হৈছে! অলপ অলপকৈচোন ময়ো পিন্ধিবলৈ আৰম্ভ কৰিলো - আৰু প্ৰায়ে ছেণ্ডেলযোৰ পিন্ধি থাকিহে ভাল পোৱা হ'লো৷ একেই অৱস্থা বাইদেউ গৰাকীৰো, তেখেতো যেন সেই ছেণ্ডেলযোৰ নহ'লে থাকিবই নোৱাৰিব৷ পিছে মোৰহে ছেণ্ডেল মোৰ যেতিয়াই মন যায় তেতিয়াই পিন্ধিম! কিন্তু বাইদেউ গৰাকীও ইতিমধ্যে সেইযোৰৰ লগত সম্পূৰ্ণ অভ্যস্ত হৈ পৰিছিল৷ সেইযোৰ পিন্ধি তেখেতে আকৌ মাজে মাজে ক্লাছ কৰিবলৈও যোৱা হৈছিল তেতিয়ালৈ৷ কেতিয়াবা বিচাৰিয়ে নেপাওঁ ক'ত গ'ল বুলি তাৰ পিছত দেখো বাইদেউৰ টেবুলৰ তলত এপাত, আনপাত তেখেতৰ বিচনাৰ তলত৷ 

এইদৰেই দিন গৈ আছিল৷ কিয়জানো ছেণ্ডেলযোৰ যেন মোৰ বেছিকৈ মৰমৰ হৈ আহিছিল দিন যোৱাৰ লগে লগে৷ আৰু যেন বাইদেউৰো৷ যেতিয়াই লাগে এজনীয়ে আনজনীক নোসোধাকৈয়ে পিন্ধি য'তে ত'তে গুছি যাওঁ আৰু নিজৰ লগত ৰাখি থওঁ৷ শুই উঠি কেতিয়াবা বিচনাৰ পৰা ভৰি নমাই ছেণ্ডেলযোৰ ওচৰত নেদেখিলে আচৰিত হ'ব লগীয়া একো নাছিল৷ 

হোষ্টেলত থাকি পোৱা বহুতেই হয়তো কিছুমান এনে ৰুমমেট বা চৰিত্ৰ লগ পাইছে যি নিজৰ বস্তু নেথাকিলে বহুদিনলৈকে আনৰ পৰা বস্তু ধাৰ কৰি কৰি চলি থাকে৷ কেতিয়াবা দুই এটা বস্তু গৰাকীৰ অনুমতি সাপেক্ষে ভগাই ব্যৱহাৰ কৰাতো নিশ্চয় নিতান্তই সৰু কথা৷ ময়ো কেতিয়াবা লগৰ ছোৱালীৰ পৰা দুই এটা কাপোৰ কানি ধাৰলৈ আনি পিন্ধিছিলো বা পিন্ধিবলৈকো দিছিলো৷ এবাৰ মোৰ নতুন ছুৱেটাৰ এটা লগৰ এজনীয়ে ইমান পিন্ধিছিল যে মই পিছত নিজে পিন্ধোতে কিছুমানে কৈছিলেও "ঐ তই 'অমুক'ৰ ছুৱেটাৰ পিন্ধিছ নেকি? ভালেই লাগিছে দে"; সেইটো তাৰপিছত এবাৰ ঘৰলৈ যাওঁতে যি থৈ আহিলো যে আহিলো আৰু আকৌ পিন্ধা নহ'ল আৰু সেইটো! 

এবাৰ শুনিছিলো এজনী আছিল হেনো টুথপেষ্ট বোলে কিনিয়েই নেপালে, ৰুমমেটৰ পৰাই লৈ চলাই দিলেপুৰা গোটেই কেইবছৰ৷ অথচ ঘৰৰ অৱস্থাও বোলে বেচ ভাল আছিল, এনে নহয় যে টুথপেষ্ট এটা কিনিব নোৱাৰিব! সেইগৰাকীৰ ৰুমমেটে হেনো পিছলৈ উপায় নেপাই টুথপেষ্ট, শ্যেম্পু জাতীয় বস্তুবোৰ লুকুৱাই থোৱা কৰিছিলে মাজে মাজে৷ তেনেকুৱা অভিজ্ঞতা চাগৈ হোষ্টেলত এটুকুৰা জীৱন কটোৱা প্ৰায় সকলোৰে অলপ অচৰপ হৈছে বা কাহিনী হ'লেও শুনিবলৈ পাইছে৷ যি কি নহওক আজি মোৰ সেই ছেণ্ডেলযোৰলৈহে দেখোন বৰকৈ মনত পৰিছে, সেয়ে বাকী কাহিনী বাদ! 

এদিন চিনিয়ৰ বাইদেউজনীৰ বাইদেউ এগৰাকী আহিল তেখেতৰ ঘৰৰ পৰা, গুৱাহাটীত কিবা কাম আছিল বাবে৷ কেইদিনমান থাকিব হেনো৷ তেখেতেতো আহিয়েই 'ভনীয়েকৰ' বুলি ভাবি মোৰ ছেণ্ডেল যোৰ অধিকাৰ কৰিলেহি! মই বাথৰুমলৈ যোৱাৰ সময়তো ছেণ্ডেলযোৰ বিচাৰি ফুৰিব লগীয়া অৱস্থা হ'লহি! 

তেখেতক মোৰেই ছেণ্ডেলযোৰ দুবাৰমান খুজিব লগা হ'ল, "বাইদেউ ছেণ্ডেলযোৰ অলপ দিবচোন, এইমাত্ৰই আহিম"৷ প্ৰথম দুবাৰ মান দিলে কিন্তু তাৰ পিছত এবাৰটো এনেকুৱা চাৱনি এটা দিলে যেন আচলতে এনেকৈ মোক কৈছেহে - তোমাৰ কি বাৰে বাৰে লোকৰ ছেণ্ডেল খুজি পিন্ধিবলৈ লাজ নেলাগে? নিজেএযোৰ কিনি ল'ব নোৱাৰা??? 

মোৰ পিছে পেটে পেটে হাঁহিমেই নে কৈয়ে দিম আচলতে মোৰহে বুলি নিজেই ধৰিব পৰা নাছিলো৷ ছেণ্ডেলযোৰ খুলি থৈ মই বিচনাত উঠাৰ পিছত তেখেতে লৈ গৈ তেওঁলোকৰ বিচনাৰ ওচৰত থৈ দিয়েগৈ৷ 

মোৰ লেতেৰা পেতেৰা ছেণ্ডেলযোৰনো কিয় আমাৰ তিনিওৰে ইমান মৰমৰ হৈ পৰিছিল কোনো কাৰণ ভাবি পোৱা নাছিলো পিছে৷ তথাপি ভাবি আছিলো কিনো ডাঙৰ কথাটো হ'ল বুলি৷ হাৱাই ছেণ্ডেলহে! চেনৰিটা বা পালচ জোতাটো নহয়! আৰু আমিতো বেলেগ এযোৰ কিনি আনিও ল'ব পাৰো মন গ'লে৷ পিছে নাই তেনেকুৱা কিবা এটা কৰাৰ কাৰো গাত লক্ষণেই নাই দেখোন৷ আন এদিন ক্লাছৰ পৰা আহি দেখিলো বাইদেৱেক গৰাকীয়ে এযোৰ চিকচিকাই থকা নতুন বাটা ছেণ্ডেল পিন্ধি চকীত বহি ভৰি জোকাৰি জোকাৰি কিবা কিতাপ পঢ়ি আছে৷ মনটো ভাল লাগি গ'ল - ভাবিলো ভাল হ'ল এইবাৰ, অন্তত: মোৰ ছেণ্ডেলযোৰ বিচাৰি ঘুৰি ফুৰিব নেলাগে আৰু৷ তাকে ভাবি নিজৰ ছেণ্ডেলযোৰ বিচাৰিছোহে বিচাৰিছো পিছে নেপাওঁহে নেপাওঁ দেখোন! আৰে, ক'ত যাব পাৰে? বাইদেউহঁতেতো নিজাকৈ নতুন ছেণ্ডেল এযোৰ আনি লৈছে বাৰু, সেইবুলি লাজতে মোৰ ছেণ্ডেলজোৰে ক'ৰবাত ৰোহঘৰত সোমাবগৈ লাগেনে আৰু? তেনেতে চিনিয়ৰ বাইদেউগৰাকীও আহি ওলাল ক্লাছৰ পৰা৷ দুই এটা কথা পতাৰ পিছত ৰাইজক সুধিলো মোৰ পুৰণা ছেণ্ডেলযোৰ দেখিছিলে নেকি বাৰু, ক'ত গ'ল জানো৷ 

তেতিয়াহে গম পোৱা গ'ল বাইদেৱেকে বোলে দিনটো ঘঁহি পিহি 'ভনীয়েকৰ' পুৰণা ছেণ্ডেলযোৰ ধুই নতুন যেন কৰি পেলালে৷ সেই কামটোতে দিনটো লাগি থকাৰ কাৰণে হেনো তেখেতে ক'ৰবাত আজি গৈ কৰিবলগীয়া দৰকাৰী কাম এটাও পিছদিনালৈ পিছুৱাই দিছে৷ ভনীয়েকে হাঁহিত বাগৰি পৰিবলৈহে বাকী৷ "এইযোৰ মোৰ ছেণ্ডেল নহয় নহয়, তাইৰহে"! বাইদেৱেক গৰাকীৰ মুখখন চাব লগীয়া হৈছিল, একো নকৈ তেখেতে লাহেকৈ ছেণ্ডেলযোৰ মোৰ ওচৰত খুলি থৈ গ'লহি৷ মোৰ আকৌ কিবা এটা লাজ লাগিল এইবাৰ, 'হ'ব দিয়ক এতিয়া আপুনিয়েই পিন্ধকচোন' বুলি ৰুমৰ পৰা পলালো৷

উৎসঃ লেখিকাৰ ব্লগ http://nila-blue.blogspot.in

No comments:

Post a Comment