চিন্তন - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
স্বয়ম্ভূ ভগবান বনাম বাৰ্ট্ৰাম ফোৰাৰ পৰীক্ষা
দীপাংকৰ মল্ল বৰুৱা
মই কোনো বাবা, জ্যোতিষী বা স্বয়ম্ভূ ভগবান নহয়। কিন্তু আপুনি জানি আচৰিত হ’ব যে মই আপোনাৰ বিষয়ে বহুত কথাই জানো। আপোনাৰ চাগে বিশ্বাস হোৱা নাই। আপুনি ভাবিব পাৰে, মই আপোনাক ব্যক্তিগত ভাৱে চিনি নোপোৱাকৈ, আপোনাক কেতিয়াও লগ নোপোৱাকৈ আপোনাৰ বিষয়ে কেনেকৈ জানিলোঁ। মই আপোনাৰ বিষয়ে জনা তলৰ কথাখিনি পঢ়ি চাওকচোন –

“আপুনি সদায় এটা সুখী জীৱন কামনা কৰে। আপুনি কাৰো অন্যায় নকৰাকৈ সকলোৰে লগত ভাল সম্পৰ্ক ৰাখি জীয়াই থাকিব বিচাৰে। আন মানুহে আপোনাৰ প্ৰতি শ্ৰদ্ধা, চেনেহ আৰু আগ্ৰহ দেখুৱালে আপুনি সন্তোষ পায়। আপুনি নিজৰ ভুল ক্ৰুটিৰ বাবে অনুতপ্ত হয় আৰু নিজকে শুধৰাবলৈ চেষ্টা কৰে। আপুনি অনুভৱ কৰে যে আপোনাৰ মাজত বহুতো সুপ্ত প্ৰতিভা আছে। কিন্তু সেই প্ৰতিভাখিনিৰ পূৰ্ণ বিকাশ কৰাৰ সুযোগ সুবিধা আপুনি নাপালে। আপোনাৰ কিছুমান ব্যক্তিগত দুৰ্বলতাই আপোনাক পদে পদে বাধা দিয়ে। কিন্তু তথাপিও আপুনি নিজৰ চেষ্টাৰ বলত জীৱনত আগুৱাই যাব পাৰিছে। আপুনি বাহিৰৰ পৰা দেখিবলৈ শান্ত, সৌম্য, ভিতৰত কিন্তু তেনেকুৱা নহয়। আপুনি মাজে সময়ে মনত অস্থিৰতা অনুভৱ কৰে। একোৱেই ভাল নলগা হয়। কিছুমান সংশয়, কিছুমান অহেতুক চিন্তাই মনক আমনি কৰে। মাজে মাজে আপোনাৰ সন্দেহ হয়, জীৱনত লোৱা সিদ্ধান্তবোৰ সঠিক হৈছে নে নাই। আপুনি আপোনাৰ কৰ্ম জীৱন আৰু ব্যক্তিগত জীৱনত কিছু পৰিমাণে বৈচিত্ৰ বিচাৰে। একঘেয়ামী আৰু নিয়ম মাফিক জীৱনে আপোনাক আমুৱায়। আপুনি নিজৰ মতামতক সন্মান কৰে আৰু আনৰ কোনো কথা প্ৰমাণ নোহোৱাকৈ গ্ৰহণ কৰিবলৈ টান পায়। আনৰ আগত নিজৰ মনৰ সকলো কথা খুলি ক’বলৈ আপোনাৰ সংকোচ হয় আৰু সেয়া উচিত নহয় বুলি অনুভৱ কৰে। মাজে সময়ে আপুনি মানুহৰ লগত মন খুলি হাঁহি মাতি কথা পাতে, সকলোৰে লগত মিলা মিচা কৰে, কিন্তু মাজে সময়ে আপুনি নিজৰ লগতে সময় কটাব বিচাৰে। আপুনি স্বাস্থ্যৰ প্ৰতি সচেতন, কিন্তু স্বাস্থ্যৰ প্ৰতি লাগতিয়াল যতন খিনি লোৱা নহয়গৈ। ৰাতিপুৱা সোনকালে উঠি ব্যায়াম আৰু ধ্যান কৰিবলৈ আপুনি আগ্ৰহী, কিন্তু এয়া আপুনি নিয়মিত ভাৱে কৰিব পৰা নাই। আপুনি সুন্দৰ ভৱিষ্যতৰ কল্পনা কৰি পুলকিত হয় আৰু তেনে ভৱিষ্যতৰ কামনা কৰে। আপুনি জানে যে জীৱনত বিচৰা সকলো খিনিয়েই আপুনি পাব নোৱাৰে, কিন্তু আপুনি সহজতে নিৰাশ নহয়। আপুনি আপোনাৰ আৰু পৰিয়ালৰ বাবে এটা সুৰক্ষিত আৰু নিৰাপদ জীৱন কামনা কৰে”।

এই কথাখিনি পঢ়াৰ পিচত আপোনাৰ এনে লাগিছেনে যে প্ৰায়বোৰ কথাই আপোনাৰ লগত হুবহু মিলি গৈছে। এনেবোৰ কথাই যদি অলপ ইফাল সিফাল কৰি বাৰটা ৰাশিৰ নামত প্ৰকাশ কৰা হয়, সেয়া হয়তো আজিৰ দিনটোৰ বিশেষ ৰাশিফল হিচাপে স্বীকৃতি পাই যাব পাৰে। সেই ৰাশিফল সমূহ যদি বহুতৰে ক্ষেত্ৰত সঁচা বুলি প্ৰমাণিত হয়, মই হয়তো ৰাতিটোৰ ভিতৰতে এজন জ্যোতিষী বুলি বিখ্যাত হৈ পৰিম।

মানুহৰ চাৰিত্ৰিক বৈচিত্ৰ অধ্যয়ন কৰি মনোবিজ্ঞানী সকলে প্ৰমাণ পাইছে যে সকলো মানুহৰে কিছুমান উমৈহতীয়া বৈশিষ্ট থাকে। অৰ্থাৎ কোনো কোনো পৰিস্থিতিত মানুহৰ প্ৰতিক্ৰিয়া কেনে হ’ব পাৰে তাৰ পূৰ্বানুমান কৰাটো সম্ভৱ। সেইদৰে প্ৰতিজন মানুহৰে নিজৰ বিষয়ে কিছুমান ধাৰণা থাকে যিবোৰ আচৰিত ভাবে আন মানুহৰ লগতো মিলি যায়। মানুহৰ এনে কিছুমান চাৰিত্ৰিক বৈশিষ্টৰ ওপৰত অধ্যয়ন কৰিবলৈ ১৯৪৮ চনত বাৰ্ট্ৰাম ফোৰাৰ (Bertram R. Forer) নামৰ এজন মনোবিজ্ঞানীয়ে তেওঁৰ ছাত্ৰ ছাত্ৰী সকলৰ ওপৰত এটা পৰীক্ষা চলাইছিল। তেওঁ ছাত্ৰ ছাত্ৰী সকলক কৈছিল যে তেওঁলোকৰ পঢ়া শুনাত পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি প্ৰত্যেকৰে ব্যক্তিত্বক প্ৰতিফলিত কৰিব পৰা একোটা চমু টোকা দিয়া হ’ব। সেই টোকাটোত বৰ্ণনা কৰা ব্যক্তিত্ব কিমান খিনি নিজৰ লগত মিলি যায় সেয়া ছাত্ৰ ছাত্ৰী সকলে নিজেই মূল্যায়ন কৰিব লাগিব।

ফোৰাৰে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীকে হুবহু একেই টোকা মূল্যায়ন কৰিবলৈ দিলে। এই টোকাটোত ওপৰত বৰ্ণনা কৰাৰ দৰে বাক্য কিছুমান সন্নিবিষ্ট কৰা হৈছিল। সেই পৰীক্ষাটোত দেখা গ’ল যে ছাত্ৰ ছাত্ৰী সকলে টোকাৰ লগত নিজৰ নিজৰ ব্যক্তিত্বৰ ৮৬% মিল বিচাৰি পালে। এই পৰীক্ষাটোৰ পৰা এটা কথা প্ৰতীয়মান হ’ল যে মানুহে সাধাৰণতে কিছুমান সৰলীকৃত চাৰিত্ৰিক বৰ্ণনাৰ মাজত নিজৰ ব্যক্তিত্বৰ ছবি বিচাৰি পায়। মনোবিজ্ঞানৰ এই পৰিঘটনাটোকে ‘বাৰ্ট্ৰাম এফেক্ট’ বা ‘ফোৰাৰ এফেক্ট’ বুলি জনা যায়।

আমোদজনক ভাৱে জ্যোতিষী, ভৱিষ্যত বক্তা বা স্বয়ম্ভূ ভগবান সকলে আজিও কাৰ্যক্ষেত্ৰত মনোবিজ্ঞানৰ এই তত্বৰ সফল প্ৰয়োগ কৰি আহিছে। বাতৰি কাকতত প্ৰকাশ হোৱা ৰাশিফল সমূহ এসপ্তাহ ভালদৰে অধ্যয়ন কৰিলেই মন কৰিব পাৰি যে একেধৰণৰ বাক্যকে বিভিন্ন সময়ত ভিন ভিন ধৰণে, ভিন ভিন ৰাশিৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়। ৰাশিফল বা ভৱিষ্যৎ বাণীত ব্যৱহাৰ কৰা বাক্যবোৰ এনে হয় যে সেই বাক্যবোৰত যিকোনো মানুহৰ স্বাভাৱিক ব্যক্তিত্ব কিছু পৰিমাণে প্ৰতিফলিত হয়। উদাহৰণ স্বৰূপে ভৱিষ্যতৰ বিষয়ে আশংকা মানুহৰ এক স্বাভাৱিক চাৰিত্ৰিক বৈশিষ্ট। সেইদৰে এই কথাও সত্য যে মানুহে নিজৰ আত্মবিশ্বাসৰ বলত যিকোনো কামতে সফলতা লাভ কৰিব পাৰে। এই দুটা কথাকে সান মিহলি কৰি ৰাশিফলত এনে ধৰণে লিখা হয়, “মাজে সময়ে ভৱিষ্যতৰ চিন্তাত আপোনাৰ মন উদ্বিগ্ন হ’ব, কিন্তু আপুনি আত্মবিশ্বাসৰ দ্বাৰা আপুনি কামত সফলতা লাভ কৰিব”।

কথাতে কয় বোলে, “বিশ্বাসে মিলয় হৰি”। এনে ভৱিষ্যত বাণী অধিক সত্য বুলি প্ৰমাণিত হ’ব পাৰে যেতিয়া মানুহে কায় মনোবাক্যে ৰাশিফল বা ভৱিষ্যৎ বাণীৰ ওপৰত বা এনে ভৱিষ্টৎ বাণী কৰোঁতাজনৰ ওপৰত বিশ্বাস কৰিবলৈ লয়। এনে কথা যেতিয়া কোনো স্বয়ম্ভূ ভগবান বা বাবাৰ মুখত শুনিবলৈ পায়, বহুতো মানুহৰ বাবে সেয়া স্বয়ং ঈশ্বৰৰ বাণী স্বৰূপ হৈ পৰে। মানুহে এই কথা বুজিবই নোৱাৰে যে স্বয়ম্ভূ ভগবান সকলে আচলতে চতুৰতাৰে মনোবিজ্ঞানৰ তত্বৰ প্ৰয়োগ কৰে। সাধাৰণ মানুহে তেনে বাবা বা স্বামীক ভগবানৰ অৱতাৰ হিচাপেই পূজিবলৈ আৰম্ভ কৰে। মানুহৰ মন জিনিবলৈ এই সকল স্বয়ম্ভূ ভগবানে ধৰ্মৰ আশ্ৰয় লয়। ধৰ্মৰ প্ৰতি মানুহৰ স্বাভাৱিক দুৰ্বলতা আৰু ‘বাৰ্ট্ৰাম এফেক্ট’ৰ প্ৰয়োগ এক শক্তিশালী উপাদান ৰূপে কাম কৰে আৰু সাধাৰণ মানুহে সেই বাবা বা স্বামীক স্বয়ং ঈশ্বৰৰ অৱতাৰ বুলি ভাবিবলৈ আৰম্ভ কৰে।

আমাৰ দেশত মানুহৰ দাৰিদ্ৰ আৰু শিক্ষাৰ অভাৱৰ সুযোগ লৈ এক শ্ৰেণী ভণ্ড বাবা, সাধক বা স্বামীয়ে এইদৰে মানুহক আভুৱা ভাৰি ব্যৱসায় চলাই গৈছে। মানুহৰ ব্যাপক অন্ধ বিশ্বাস আৰু সংস্কাৰমুখী চিন্তাৰ অভাৱৰ সুযোগ গ্ৰহণ কৰিছে এনে ভণ্ড স্বয়ম্ভূ ভগবানবোৰে। অন্ধ বিশ্বাসৰ সুবিধা লৈ সাধাৰণ মানুহৰ ধন বিত লুণ্ঠন কৰাৰ উপৰিও এনে স্বয়ম্ভূ ভগৱান সকল নাৰী কেলেংকাৰী আৰু ব্যভিচাৰত লিপ্ত হৈ ৰঙাঘৰৰ ভাত খাব লগীয়া কেইবাটাও ঘটনা সংঘটিত হৈছে। স্বামী নিত্যানন্দ, আশাৰাম বাপু, স্বামী ভীমানন্দ আদিকে ধৰি শেহতীয়াকৈ ৰাধে মাৰ ভণ্ডামি প্ৰমাণিত হৈছে।

কিন্তু পৰিতাপৰ কথা এয়ে যে সমাজত এতিয়াও এনে বহুত মানুহ আছে যিসকলক ধৰ্মৰ আফিং খুৱাই বিচলিত কৰিব পৰা যায়। এনে বহুত মানুহ এইখন দেশত আছে যিসকলে বিশ্বাস কৰে যে কোনোবা বাবাই দিয়া তাবিজ বা মাদলি পিন্ধি নিজৰ ভাগ্য সলনি কৰিব পাৰি। বহুত মানুহে জৰা ফুঁকা, তাবিজ মাদলীৰে ৰোগ উপশম কৰিব পাৰি বুলি এতিয়াও পতিয়ন যায়। ডাইনী সন্দেহত এতিয়াও মানুহে মানুহক নিৰ্বিচাৰে হত্যা কৰি উল্লাসিত হয়। আনকি এইখন অসমতে জৰা ফুঁকাৰ পানী খুৱাই মানুহৰ ৰোগ নিৰাময় কৰাৰ দাবী কৰা ৰাজনৈতিক ব্যক্তিও আছে। সমাজত স্বয়ম্ভূ ভগবানৰ পয়োভৰ আৰু অন্ধ বিশ্বাসৰ ব্যাপকতাৰ মূল কাৰণ হ’ল পয়ালগা শিক্ষা ব্যৱস্থা আৰু বৈজ্ঞানিক মানসিকতাৰ অভাৱ। তথাকথিত শিক্ষিত ব্যক্তি সকলো এনে স্বয়ম্ভূ ভগবানৰ জালত পৰা দেখা যায়। এনেদৰে শিক্ষিতজনেও অন্ধ অনুসৰণ কৰা দেখি বেছিকৈহে অশিক্ষিত মানুহবোৰো প্ৰভাৱিত হবলৈ ধৰে। স্বয়ম্ভূ ভগবান সকলৰ কাৰ্য কলাপ বৈজ্ঞানিক দৃষ্টিভংগীৰে বিচাৰ কৰি চোৱা মানুহৰ অভাৱত এইসকলে নিৰ্বিবাদে নিজৰ ব্যৱসায় চলাই গৈ আছে।

স্বয়ম্ভূ ভগবান, বাবা, স্বামী আদিয়ে সাধাৰণ মানুহক বিভ্ৰান্ত কৰাটো ৰোধ কৰিবলৈ হ’লে তেওঁলোকে ব্যৱহাৰ কৰা মনোবিজ্ঞানৰ তত্বৰ বিষয়ে সাধাৰণ মানুহক সজাগ কৰাটো প্ৰয়োজনীয়। ভৱিষ্যত বাণী বা ৰাশিফল যে কোনো ঐশ্বৰিক শক্তিৰ প্ৰতিফলন নহয়, বৰং এক মনোবৈজ্ঞানিক পৰিঘটনাহে সেই কথা সাধাৰণ মানুহে বুজি পোৱা উচিত।
লেখক দুলীয়াজানত কৰ্মৰত, ফোন: ৯৪৩৫০৩৯৮২০

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages