মুকলি চিন্তা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পৰ্ণ আসক্তি, নিষিদ্ধকৰণ আৰু ব্যক্তি স্বাধীনতা
দীপাংকৰ মল্ল বৰুৱা
মানুহৰ মন সদায় নিষিদ্ধ বস্তুৰ প্ৰতি অধিক আসক্ত হয়। অদমনীয় আকৰ্ষণৰ বাবে ইভে নিষিদ্ধ ফল খোৱাৰ ফলতে আডাম আৰু ইভ ঈশ্বৰৰ দ্বাৰা অভিশপ্ত হৈ নিৰ্বাসিত হৈছিল বুলি ৰূপকথাত পোৱা যায়। আজিও যিবোৰ বস্তু নিষিদ্ধ ঘোষণা কৰা হয়, সেইবোৰ বস্তুৰ প্ৰতি মানুহৰ আকৰ্ষণ বাঢ়ে। একোখন গ্ৰন্থ বা একোখন চিনেমা নিষিদ্ধ ঘোষিত হোৱাৰ পিছত জনপ্ৰিয়তাৰ অভিলেখ গঢ়াৰ বহুতো উদাহৰণ আছে। 

এখন স্বাধীন, গণতান্ত্ৰিক দেশত নাগৰিকৰ ব্যক্তি স্বাধীনতাৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিয়া হয়। ভাৰতৰ সংবিধানতো ব্যক্তি স্বাধীনতাক যথেষ্ট গুৰুত্ব দিয়া হৈছে। ব্যক্তি স্বাধীনতাৰ মূল কথা হৈছে এজন ব্যক্তিৰ ব্যক্তিগত জীৱনত আন কাৰো অপকাৰ নকৰাকৈ আইন সংগত ভাৱে নিজৰ মতে জীৱন যাপন কৰিবলৈ পূৰ্ণ স্বাধীনতা আছে। নাগৰিকৰ ব্যক্তিগত ৰুচি, আগ্ৰহ, আসক্তি আদি ৰাষ্ট্ৰৰ বিচাৰ্য নহয়। কিন্তু দেশৰ চৰকাৰে যদি অনুভৱ কৰে যে ৰাষ্ট্ৰত প্ৰচলিত কিছুমান ব্যৱস্থাই নাগৰিকৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছে, চৰকাৰে সেই ব্যৱস্থা সমুহৰ ওপৰত বাধা নিষেধ আৰোপ কৰাটো প্ৰয়োজনীয় হৈ পৰে।

মানুহৰ বাবে এক সহজাত অনুভূতি আৰু চিৰন্তন আকৰ্ষণৰ বিষয় হ’ল যৌনতা। মানুহৰ মৌলিক প্ৰয়োজন সমূহৰ ভিতৰত যৌনতা অন্যতম। মানুহৰ বংশগতিৰ ধাৰা অক্ষুন্ন ৰাখিবলৈ যৌনতাৰ প্ৰতি থকা মানুহৰ আকৰ্ষণ আৱশ্যকীয়। কিন্তু যৌনতাক যেতিয়া ব্যৱসায়িক স্বাৰ্থত বিকৃত, অতিৰঞ্জিত ৰূপত উপস্থাপন কৰা হয়, সেয়া নি:সন্দেহে চিন্তাৰ বিষয় হৈ পৰে। আমাৰ দেশৰ দৰে পৃথিৱীৰ বহুতো দেশত যৌনতা বিষয়ত খোলা খুলিকৈ কথা পাতিবলৈ মানুহে এতিয়াও সংকোচ কৰে, এই বিষয়টো সামাজিক পৰিৱেশৰ পৰাই আঁতৰাই ৰখা হয়। কিন্তু যৌনতাৰ প্ৰতি থকা স্বাভাৱিক আকৰ্ষণৰ বাবে কিশোৰৰ পৰা বৃদ্ধলৈকে বিভিন্ন বয়সৰ মানুহে যৌন ৰহস্য উন্মোচনৰ তাগিদাত বিকল্প উত্সৰ সন্ধান কৰে। মানুহৰ এই স্বাভাৱিক উত্সুকতাক কেন্দ্ৰ কৰিয়েই পৰ্ণ উদ্যোগ বা যৌনতা আৰু নগ্নতা সৰ্বস্ব এক বৃহৎ ব্যৱসায় গঢ়ি উঠিছে। এই ব্যৱসায়ক প্ৰচুৰ পৰিমাণে সাৰ পানী যোগাইছে সমগ্ৰ বিশ্বকে সংযোজিত কৰা আটাইতকৈ শক্তিশালী মাধ্যম ইণ্টাৰনেটে আৰু এতিয়া হাতে হাতে উপলব্ধ হৈ পৰা মোবাইল ফোন সমূহে। প্ৰায় প্ৰতিদিনেই বহুসংখ্যক পৰ্ণ সৰ্বস্ব ৱেব ছাইটৰ জন্ম হৈছে আৰু এই ৱেব ছাইট সমূহৰ ব্যৱসায় তড়িৎ গতিত সম্প্ৰসাৰিত হৈছে।

পৰ্ণহাব নামৰ এটা ৱেব ছাইটৰ পৰা চলোৱা এটা সমীক্ষাত প্ৰকাশ পাইছিল যে পৰ্ণ ৱেব ছাইটত প্ৰৱেশকৰ্তাৰ সংখ্যাৰ পিনৰ পৰা বিশ্বত ভাৰতৰ স্থান চতুৰ্থ। সমীক্ষাটোত প্ৰকাশ পোৱা মতে বিশ্বৰ মুঠ ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ ৩০ শতাংশই নিয়মীয়াকৈ পৰ্ণ ৱেব ছাইট খোলে। ভাৰতত প্ৰায় ৯০ লাখ মোবাইল ফোনৰ গ্ৰাহকে নিয়মীয়াকৈ পৰ্ণ ৱেব ছাইটৰ জৰিয়তে নগ্নতা উপভোগ কৰে। গড় হিচাপেত প্ৰতিজন ভাৰতীয় ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে প্ৰতিদিনে ৫ মিনিটকৈ সময় পৰ্ণ ৱেব ছাইটত কটায়। ভাৰতীয় মানুহৰ আটাইতকৈ জনপ্ৰিয় ৱেব ছাইটৰ তালিকাত কেইবাটাও পৰ্ণ ৱেব ছাইট আছে। এই তথ্য সমূহৰ পৰা এই কথা নিশ্চয়কৈ ধৰিব পাৰি যে পৰ্ণ আসক্তিয়ে ভাৰতত লাহে লাহে এক গুৰুতৰ মানসিক ব্যাধিৰ ৰূপ ধাৰণ কৰিছে। প্ৰযুক্তিগত সুবিধাৰ জৰিয়তে পৰ্ণ সহজলভ্য হৈ পৰাৰ বাবে অতি কম বয়সৰ পৰা ল’ৰা ছোৱালীয়ে প্ৰাপ্ত বয়স্কৰ পৃথিৱীখনত প্ৰৱেশ কৰিবলৈ লৈছে। 

ভাৰতত বাঢ়ি অহা মহিলাৰ ওপৰত অপৰাধ আৰু যুৱ উশৃংখলতাৰ এটা মূল কাৰণ ইণ্টাৰনেটত সহজলভ্য পৰ্ণ ৱেব ছাইট সমূহ বুলি দেশৰ উচ্চতম ন্যায়ালয়েও ৰায়দান কৰিছে। ২০১২ চনত ইন্দোৰৰ এজন অধিবক্তা কমলেশ বাচৱানিয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰা জনস্বাৰ্থ জড়িত আবেদন এখনত দেশৰ মহিলা/শিশু/ কিশোৰ কিশোৰী সকলক সুৰক্ষিত কৰাৰ স্বাৰ্থত ইণ্টাৰনেটৰ পৰ্ণ ৱেব চাইট সমূহ ভাৰতত নিষিদ্ধ কৰিবলৈ গোহাৰি জনাইছিল। তেওঁ এই গোহাৰিত যুক্তি প্ৰদৰ্শন কৰিছিল যে ইণ্টাৰনেটৰ পৰা বিনামূলীয়াকৈ ডাউনলোড কৰিব পৰা নগ্নতা সৰ্বস্ব, হিংসাত্মক আৰু বৰ্বৰ আলোকচিত্ৰ আৰু দৃশ্যাংশ সমূহে দেশৰ উঠি অহা প্ৰজন্মৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছে। এই গোহাৰি খনৰ প্ৰতি সঁহাৰি জনাই উচ্চতম ন্যায়ালয়ে যোৱা ২০১৩ চনৰ জুলাই মাহৰ এটা ৰায়ত শীঘ্ৰেই নগ্নতা আৰু হিংসা সৰ্বস্ব ৱেব ছাইট সমূহ নিষিদ্ধ কৰিবলৈ ব্যৱস্থা লবলৈ চৰকাৰক নিৰ্দেশ দিছিল। ২০১৫ চনৰ জুলাই মাহত এই বিষয়ত চৰকাৰে এতিয়ালৈ একো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে উচ্চতম ন্যায়ালয়ে অসন্তুষ্টি ব্যক্তি কৰিছে।

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কেন্দ্ৰীয় চৰকাৰে দূৰ সংযোগ মন্ত্ৰণালয়ক দেশৰ পৰ্ণ ৱেব ছাইট সমূহ নিষিদ্ধ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। উচ্চতম ন্যায়ালয়ে যুক্তি ডাঙি ধৰিছে যে পৰ্ণ’গ্ৰাফীৰ ব্যাপকতাই দেশৰ সভ্যতা সংস্কৃতি ধ্বংসৰ গৰাহলৈ লৈ গৈছে আৰু অপ্ৰাপ্তবয়ষ্ক সকলৰ মানসিকতাত নেতিবাচক প্ৰভাৱ পেলাইছে। এই নিৰ্দেশনাৰ ফলস্বৰূপে তত্কালিন ভাৱে দেশত প্ৰচলিত ৮৫৭ টা পৰ্ণ পৰ্ণ ৱেব ছাইট ১ আগষ্টৰ পৰা বন্ধ কৰি দিয়া হৈছে। ইণ্টাৰনেট সেৱা আগবঢ়োৱা সংস্থা সমূহলৈ এই নিৰ্দেশনা কঠোৰ ভাৱে মানি চলিবলৈ সঁকিয়াই দিয়া হৈছে। 

ভাৰতত পৰ্ণ ৱেব ছাইট সমূহ কোনো পূৰ্ব আভাস নিদিয়াকৈ হঠাতে বন্ধ কৰি দিয়া কাৰ্যক এটা মহলে চৰকাৰৰ মইমতালি আৰু এনে কাৰ্যৰ দ্বাৰা নাগৰিকৰ ব্যক্তি স্বাধীনতা হৰণ হোৱা বুলি মন্তব্য কৰিছে। এই বিষয়ত যুক্তি আগবঢ়োৱা হৈছে যে উচ্চতম ন্যায়ালয়ে পূৰ্বৰে দিয়া এটা ৰায় মতে ঘৰৰ চাৰিবেৰৰ মাজত এজন প্ৰাপ্তবয়ষ্ক লোকে পৰ্ণ ছাইট খোলাটো অপৰাধ নহয়। সেয়েহে পৰ্ণ ছাইট সমূহ বন্ধ কৰি দি চৰকাৰে সেই প্ৰাপ্ত বয়ষ্ক লোক সকলক তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। এনে দমনমূলক কাৰ্যৰে চৰকাৰে ছাউডি আৰৱ, ইৰাণ আৰু চীনদেশৰ দৰে একনায়কত্ৱ বাদী শাসন চলাই গণতান্ত্ৰিক অধিকাৰ অৱনত কৰিবলৈ প্ৰচেষ্টা কৰা বুলি সমালোচনা কৰা হৈছে। পৰ্ণ ছাইট সমূহ বন্ধ কৰাটো চৰকাৰৰ ভৱিষ্যতৰ ইণ্টাৰনেট ট্ৰেফিক নিজৰ সুবিধা হোৱাকৈ নিয়ন্ত্ৰণ কৰাৰ প্ৰথম খোজ বুলিও সমালোচনা হৈছে।

ভাৰতত মুকলি ভাৱে যৌনতাৰ প্ৰদৰ্শন নতুন কথা নহয়। প্ৰাচীন কালতে নিৰ্মাণ হোৱা কোণাৰকৰ সূৰ্য মন্দিৰ আৰু খাজুৰাহোৰ মন্দিৰৰ বেৰত নাৰী পুৰুষৰ মিলন ভংগিমাৰ নানান প্ৰতিমা শিলত খোদিত হৈ আছে। যৌন কাৰ্যৰ বিভিন্ন মুদ্ৰাৰ সচিত্ৰ বিৱৰণ থকা কামসূত্ৰৰ দৰে পুথি ভাৰতত কেইবা শতিকা আগতেই ৰচিত হৈছিল। কিন্তু ইয়াৰ অৰ্থ এনে নহয় যে ভাৰতীয় সমাজে যৌনতাৰ প্ৰদৰ্শনক সহজভাৱে গ্ৰহণ কৰিব পাৰিছে। ভাৰতীয় সমাজ ব্যৱস্থা এতিয়াও ইমানখিনি পৰিপক্ক হোৱা নাই যে ব্যৱসায়িক স্বাৰ্থত যৌনতাৰ বেহা কৰা ৱেব ছাইট সমূহৰ নেতিবাচক দিশ সমূহৰ বিষয়ে শিশু আৰু কিশোৰ সকলক পৰ্যাপ্ত শিক্ষা দিব পাৰিব। আমাৰ দেশত উঠি অহা শিশু আৰু কিশোৰ কিশোৰীক উপযুক্ত যৌন শিক্ষা প্ৰদান কৰাটো এতিয়াও সুদূৰ পৰাহত হৈ আছে। তেনে পৰিস্থিতিত পৰ্ণ ৱেব ছাইট সমূহ কিশোৰ কিশোৰীৰ যৌনতাৰ ৰহস্য উদ্ঘাটনৰ সহায়ক হৈ পৰিছে। কিন্তু বিপদৰ কথা এয়ে যে ব্যৱসায়িক দৃষ্টিভংগীৰে প্ৰস্তুত কৰা এই ৱেব ছাইট সমূহৰ পৰা বিকৃত, বাস্তৱতাবৰ্জিত, অতিৰঞ্জিত তথ্যহে লাভ কৰাৰ সম্বাৱনা অধিক। তেনে তথ্যই নিশ্চিত ভাৱে কিশোৰ কিশোৰীৰ অপৈনত মগজুত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে।

পৰ্ণ ৱেব চাইট সমূহৰ লগত অপৰাধৰ সম্পৰ্ক সম্পৰ্কৰ বিষয়ে হোৱা গৱেষণা সমূহত এটা কথা প্ৰতিফলিত হৈছে যে পৰ্ণগ্ৰাফীত আসক্ত ব্যক্তি সকল অপৰাধ প্ৰৱণতা আনতকৈ অধিক হয়। বহু সময়ত পৰ্ণ আসক্ত কিশোৰ কিশোৰীয়ে সমাজত মানুহৰ সংগৰ পৰা আঁতৰি থাকিবলৈ লয় আৰু সামাজিক ভাৱে অগ্ৰহণীয় আচৰণ কৰে বুলি গৱেষণাত ধৰা পৰিছে। পৰ্ণ আসক্তিয়ে বহুতৰে বিবাহিত জীৱনতো বিভীষিকাৰ সৃষ্টি কৰে। এখন কাল্পনিক জগতত ৰহস্যময়ী সুগঢ়ী দেহসুষমাৰ যুৱতী সকলৰ মাজত বিচৰণ কৰা যুৱক সকলে সকলে নিজৰ বাস্তৱ জীৱনৰ জীৱনসংগীৰ মাজত যৌন উত্তেজনা বিচাৰি নাপায়। বহু সময়ত এনে লোকে অপ্ৰাকৃতিক যৌন কাৰ্যৰ প্ৰতি আকৰ্ষিত হৈ অমানুষিক আচৰণ কৰাৰো সম্ভাৱনা থাকে। 

যৌন জগত এখন প্ৰাপ্তবয়ষ্কৰ জগত হ’লেও প্ৰযুক্তিয়ে নিৰ্ধাৰিত বয়সৰ আগতেই অপৈনত দেহ মনৰ ল’ৰা ছোৱালীক এইখন জগতত প্ৰৱেশ কৰোৱাইছে। ইণ্টাৰনেটৰ সহায়ত হাতৰ টিপতে পোৱা পৰ্ণ ছাইট সমূহে ইয়াত ইন্ধন যোগাই আহিছে। বাঢ়ি অহা পৰ্ণ আসক্তিয়ে নৱ প্ৰজন্মৰ বাবে এক ভয়াবহ ভৱিষ্যতৰ ইংগিত দিছে। সেয়েহে কেন্দ্ৰীয় চৰকাৰে পৰ্ণ ছাইট সমূহ নিষিদ্ধ কৰাৰ এক অতি সময়োপযোগী সিদ্ধান্ত লৈছে। এই কাৰ্যৰ ফলত পৰ্ণত আসক্ত কিছু প্ৰাপ্ত বয়ষ্কই ব্যক্তি স্বাধীনতা খৰ্ব হোৱা বুলি ভাবিব পাৰে। কিন্তু ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ বাবে সেই সকল প্ৰাপ্ত বয়ষ্কই এই ত্যাগ হাঁহিমুখে স্বীকাৰ কৰা উচিত।
লেখক দুলীয়াজানত কৰ্মৰত, ফোন: ৯৪৩৫০৩৯৮২০

1 comment: