Thursday, August 13, 2015

চিন্তন


মাতৃভাষাৰ দুৰ্দশা- ভুল শব্দ আৰু ভুল বাক্য
প্ৰতিম প্ৰতাপ বৰুৱা
কোনো ভূমিকা নকৰাকৈ পোনে পোনে কেইটামান সহজ-সৰল প্ৰশ্নৰ সন্মুখীন হ’ব খুজিছো – আমাৰ অসমীয়া ভাষাটো এটা চহকী আৰু স্বয়ংসম্পূৰ্ণ ভাষা হয় নে নহয়? কিয় নহয়, হয়। আন ভাষাত যিমানেই বুৎপত্তি অৰ্জন কৰা নহওক কিয়, নিজৰ মাতৃভাষাটোৰ জৰিয়তে আমি যিটো জাতিগত চিনাকী পাইছো (বা এতিয়ালৈকে আমাৰ যিটো জাতিগত চিনাকী আছে) সেই চিনাকীটোৰ বাদে আন যিকোনো চিনাকীৰে আমাক অন্য কোনোবাই গ্ৰহণ কৰিবনে? কিয় কৰিব, কেনেকৈ কৰিব, কেতিয়াও নকৰে। আমাৰ মাতৃভাষাটোৰ ব্যৱহাৰ, সৰবৰাহ আৰু শুদ্ধতা ৰক্ষাৰ দায়িত্ব আমাৰ সকলোৰে হয়নে নহয়? কিয় নহয়, হয়। তেন্তে আমি জানি-শুনি নিজৰ মাতৃভাষাটোক কিয় অৱজ্ঞা কৰিছো? কথিত ৰূপতেই হওক বা লিখিত ৰূপতেই হওক, আমাৰ মাতৃভাষাৰ সুন্দৰ, সুৱদীসুৰীয়া, নিভাঁজ শব্দবোৰৰ ঠাইত আন ভাষাৰ শব্দ কিয় আমি দিনে দিনে বেছিকৈ ব্যৱহাৰ কৰিছো? আনকি গণ-মাধ্যমসমূহতো (ছপা মাধ্যম আৰু বৈদ্যুতিন মাধ্যম) অন্য ভাষাৰ শব্দ-বাক্যৰ অপ্ৰয়োজনীয় আৰু বহুল ব্যৱহাৰেৰে অথবা ভুল বাক্য গাঁথনিৰে কিয় কথা কোৱা/ছপোৱা হয়?

যিখিনি গীত-মাত-নৃত্য-কলা-সাহিত্য আদি আমাৰ সাংস্কৃতিক চিনাকী সেইখিনিৰ সৃষ্টিও ভাষাৰ দ্বাৰাই নহয়নে? এই সৃষ্টিখিনিৰ শুদ্ধতা আৰু পৱিত্ৰতা ৰক্ষা কৰাটো আমাৰ কৰ্তব্য আৰু দায়িত্ব নহয়নে? যদি হয় তেন্তে কিয় ভুল শব্দ আৰু ভুল বাক্যৰে আমি গীত-মাত-সাহিত্যৰ সৃষ্টি কৰিছো? (আমি এই ৰচনাত মাত্ৰ ভাষাৰ শুদ্ধতাৰ কথাহে আলোচনা কৰিছো, সেই ভাষাৰে যিখিনি সৃষ্টি কৰা হৈছে সেই সৃষ্টিখিনিৰ কিছুমানত কি অৰ্থ বুজোৱা হৈছে, বিহুসুৰীয়া গীতৰ নামত দ্বৈত অৰ্থ বুজাব পৰাৰ সম্ভাৱনা থকা শব্দ/বাক্যৰে গীত ৰচনা কৰি কেনেকৈ আৰু কিয় সস্তীয়া প্ৰচাৰ বিচৰা হৈছে, জনপ্ৰিয়তাৰ অংকৰ নামত আমাক কি চাবলৈ বাধ্য কৰোৱা হৈছে সেইখিনি কথা আলোচনা কৰিব খোজা নাই। কিন্তু এটা কথা আমি সকলোৱে মানি লোৱা ভাল যে উজুটি খোৱাৰ সম্ভাৱনা থকা বাট এটাইদি এজাক মানুহক খোজ কাঢ়িবলৈ দিলে কোনোবাই নহয় কোনোবাই উজুটি খাবই। সেইদৰে দ্বৈত অৰ্থ বুজাব পৰা বাক্য লিখিলে কোনোবাই নহয় কোনোবাই ভুলকৈ(!) বুজিবই। একেসময়তে আন ভাষাৰ শব্দ/বাক্য অনবৰতে ব্যৱহাৰ কৰি থাকিলে এটা মিশ্ৰিত ভাষাৰ সৃষ্টি হৈ নিজৰ মাতৃভাষাটোক দুৰ্বল কৰিবই।)

এই বাক্যকেইটা/শিৰোনামকেইটা মন কৰকচোন – তিনি শতাধিকতকৈও অধিক লোক নিহত, আকৌ এবাৰ ডেডলাইন মিছ্‌ কৰিলে, পুলিচক ডকাইতৰ অপেন চেলেঞ্জ, ৱৰ্ল্ডকাপ ফাইনেল এনজয় কৰিবলৈ ফ্ৰী টিকেট, হোলী ধামাকা, য়ং বাইকাৰ্চৰ ছেন্‌ছেশ্যনেল ষ্টাণ্ট, হাইভল্টেজ ড্ৰামা, মোৰ টিছাৰহঁতক থেংক ইউ দিছো কাৰণ সিহঁতে মোক এক্‌জামৰ প্ৰিপেয়াৰ কৰাত হেল্প কৰিলে – এইবোৰ বা এইধৰণৰ শব্দ/বাক্য গণ মাধ্যমত প্ৰচাৰিত/প্ৰকাশিত বাতৰিত অথবা আলোচনাত অথবা বিজ্ঞাপনত লিখিত অথবা কথিত ৰূপত (তাকো ভুল উচ্চাৰণেৰে) ব্যৱহাৰ হোৱা উচিতনে? এইধৰণৰ ভুল শব্দ/বাক্য আৰু বিকৃত তথা মিশ্ৰিত ভাষাই আমাৰ মাতৃভাষাক কিমান ক্ষতি কৰিছে আৰু আগলৈকো কৰিব সেইটো আমি যিমান সোনকালে বুজি পাওঁ আৰু হৃদয়ংগম কৰো সিমানেই মংগল। এটা কথা আমি মানি লওঁ যে সময়ৰ লগে লগে বা সভ্যতাৰ অগ্ৰগতিৰ লগে লগে এটা ভাষালৈ আন ভাষাৰ শব্দ আহিবই। আন ভাষাৰ শব্দ আহি এটা ভাষাত জাহ যাবই। কিন্তু আন ভাষাৰ পৰা অহা এই শব্দবিলাকে মূল ভাষাটোক সমৃদ্ধহে কৰিব লাগিব। সেই শব্দবিলাকে মূল ভাষাটোৰ পুৰনি, শুৱলা, নিভাঁজ শব্দবোৰৰ ঠাই অধিকাৰ কৰি সেই শব্দবোৰৰ ব্যৱহাৰ শেষ কৰি পেলাব নালাগিব বা সেই শব্দবোৰক পাহৰনিৰ গৰ্ভলৈ ঠেলি দিব নোৱাৰিব। কিন্তু দূৰ্ভাগ্যজনকভাৱে অসমীয়া ভাষাটোৰ ক্ষেত্ৰত আন ভাষাৰ পৰা অহা কিছুমান শব্দই আমাৰ কিছুমান শুৱলা, সুৱদীসুৰীয়া, নিভাঁজ জতুৱা ঠাঁচৰ শব্দৰ ঠাই লাহে লাহে প্ৰায় স্থায়ীভাৱেই অধিকাৰ কৰিছে আৰু এই কথাটো নিশ্চয় সকলোৱে লক্ষ্যও কৰিছে। ইয়াৰ উদাহৰণ বিচাৰি আমি বেছি দূৰলৈ যাবই নালাগে। আমি নিজেও এনে বহুত উদাহৰণ দিব পাৰো যদিও এই প্ৰসংগত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড. নগেন শইকীয়াদেৱে এবাৰ দিয়া এটা উদাহৰণেই যথেষ্ট হ’ব। আজিৰপৰা এবছৰতকৈ কিছু বেছি দিনৰ আগতে (৩০ মাৰ্চ, ২০১৪) দিল্লীৰ এক অনুষ্ঠানত ড. নগেন শইকীয়াদেৱে অসমীয়া ভাষা, লিপি আৰু সাহিত্যৰ বুৰঞ্জী আৰু ক্ৰমবিকাশৰ বিষয়ে প্ৰায় দুঘণ্টাজোৰা এটা ভাষণ দিছিল। সেই ভাষণত তেওঁ ভাষা বিষয়ক অন্য বহু মূল্যবান তাত্বিক কথাৰ লগতে কেইটামান সৰু সৰু, কিন্তু বৰ গাজত লগা কথা কৈছিল। তেখেতে কৈছিল – “ধান দায়, নাকাটে। পাচলি কুটে, নাকাটে। মাছ বাচে, নাকাটে। কিন্তু আজিকালি আমি সকলো বস্তু কাটো। আমি ধানো কাটো, পাচলিও কাটো, মাছো কাটো। এই এটা মাত্ৰ শব্দই কেইবাটাও সুন্দৰ অসমীয়া শব্দৰ ব্যৱহাৰ কমাই দিছে। তেনেদৰে “বনায়” শব্দটোৱেও বহুকেইটা সুন্দৰ অসমীয়া শব্দ এলাগী কৰি পেলাইছে। আজিকালি ঘৰো বনায়, দলঙো বনায়, ভাতো বনায়, দাড়িও বনায়, আনকি মানুহো বনায়। অনুষ্ঠিত হ’ল, আকৃষ্ট হ’ল – এইবোৰ শুদ্ধ। অনুষ্ঠিত কৰে, আকৃষ্ট কৰে – এইবোৰ অশুদ্ধ। আয়োজন কৰে, আকৰ্ষণ কৰে – এইকেইটা শুদ্ধ। সভ্যতাৰ অগ্ৰগতিয়ে এটা ভাষালৈ নতুন শব্দ আনে। নতুন শব্দই এটা ভাষাক সমৃদ্ধিশালী কৰিব পাৰে। কিন্তু এটা নতুন শব্দই প্ৰচলিত পুৰনা শুৱলা শব্দবোৰক এলাগী কৰি সেই শব্দৰ ঠাই ল’ব নালাগে।“ - - ড. নগেন শইকীয়াদেৱে কোৱা কথাখিনি হয়তো অবিকল ৰূপত আমি উদ্ধৃত কৰিব পৰা নাই। কিন্তু তেখেতৰ কথাখিনি প্ৰায় এনেকুৱাই আছিল। সেইদিনা তেখেতৰ বক্তৃতাটো শুনি থাকোতে মৰ্মে মৰ্মে উপলব্ধি কৰিছিলোঁ – ইমান চেষ্টা কৰিও মই দেখোন নিজৰ মাতৃভাষাটোকে শুদ্ধ উচ্চাৰণেৰে সৈতে সম্পূৰ্ণ শুদ্ধকৈ আয়ত্ব কৰিব পৰাগৈ নাই। (প্ৰসংগক্ৰমে – এই “বনায়” শব্দটোৰ বহুল ব্যৱহাৰ আমি আনকি কেইবাজনো জ্যোষ্ঠ, খ্যাতিমান লেখক-সাহিত্যিকৰ লেখাটো দেখিবলৈ পাওঁ আৰু আচৰিত হওঁ।)

আমি সকলোৱে জানো যে এটা ভাষা তেতিয়ালৈকে সুৰক্ষিত বুলি কোৱা হয় যেতিয়ালৈকে সেই ভাষাটো কোৱা মূল জনসংখ্যাৰ প্ৰতিটো প্ৰজন্মই, বিশেষকৈ প্ৰতিটো নতুন প্ৰজন্মই সেই ভাষাটোৰ শুদ্ধৰূপটো আদৰেৰে গ্ৰহণ কৰাৰ লগতে তাক শুদ্ধৰূপত ব্যৱহাৰ আৰু চৰ্চাও কৰি থাকে আৰু তাকে কৰি তেওঁলোক গৌৰৱান্বিতও হয়। কিন্তু তাৰ সলনি সেই ভাষাটো কোৱা মূল জনসংখ্যাৰ প্ৰতিটো নতুন প্ৰজন্মই যদি নিজৰ মাতৃভাষাটোৰ কথিত আৰু লিখিত ব্যৱহাৰত নিজৰ ভাষাটো বিকৃতকৈ অথবা ভুলকৈ ব্যৱহাৰ কৰাৰ লগতে নিজৰ ভাষাৰ লগত আন ভাষাৰ শব্দ/বাক্যৰ ব্যৱহাৰ দিনে দিনে বঢ়াই আনে তেন্তে এই কামটোৱে ভাষাটোৰ তিনিটা ক্ষতি কৰে – প্ৰথম - এই কামটোৱে এটা মিশ্ৰিত ভাষাৰ জন্ম দিয়ে, যিটো ভাষাত নিজৰ মাতৃভাষাৰ অংশটো প্ৰথমতে মুখ্য হয় আৰু আনটো অংশ গৌণ হয়, কিন্তু কামক্ৰমত ভাষাটোৰ ব্যৱহাৰকাৰীসকলৰ দৃষ্টিত সেই মিশ্ৰিত ভাষাটোৰ গৌণ অংশটো মুখ্য হৈ উঠাৰ সম্ভাৱনা থাকে; দ্বিতীয় – এই কামটোৱে নিজৰ মাতৃভাষাটোৰ সুৱদিসুৰীয়া, আপুৰুগীয়া, জতুৱা-ঠাঁচৰ শব্দবোৰৰ (যিবোৰ এটা ভাষাৰ মূল সৌন্দৰ্য্য) ব্যৱহাৰ দিনে দিনে কমাই আনি সেই শব্দবোৰক বিলুপ্ত হোৱাৰ পথলৈ আগবঢ়াই দিয়ে আৰু ফলত ভাষাটো ক্ৰমান্বয়ে দুৰ্বল আৰু সৌন্দৰ্য্যহীন হয়; আৰু তৃতীয় - এই কামটোৱে এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ মাতৃভাষাৰ শুদ্ধ ৰূপটোৰ সৰবৰাহ হোৱাত বাধাৰ সৃষ্টি কৰে। এই ক্ষতিখিনি খুব লাহে লাহে হয় আৰু এইটো এটা যথেষ্ট দীঘল প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াটো আৰম্ভ হৈ যথেষ্ট আগবঢ়াৰ পিছতহে ধৰা পৰে যদিও এই প্ৰক্ৰিয়াৰে এটা ভাষাই তাৰ সৌন্দৰ্য্যখিনি লাহে লাহে হেৰুওৱাৰ লগতে ভাষাটোৱে ব্যৱহাৰকাৰীসকলৰ মাজত ক্ৰমান্বয়ে আদৰ আৰু স্বীকৃতিও হেৰুৱাবলৈ আৰম্ভ কৰে আৰু এটা সময় আহে যেতিয়া সেই ভাষাটো ব্যৱহাৰ কৰা মূল জনগোষ্ঠীটোৰ কোনোবা এটা প্ৰজন্মই নিজৰ মাতৃভাষাটোক নিজৰ মূখ্য ভাষাৰ সলনি গৌণ ভাষা বুলিহে ভাবিবলৈ লয় আৰু এটা প্ৰজন্মৰ পৰা পিছৰ প্ৰজন্মলৈ এই ভাষাটোৰ সৰবৰাহ চকুত লগাকৈ কমি আহে। তাৰ পিছত এটা সময় আহিব পাৰে যেতিয়া সেই ভাষাটোৰ ব্যৱহাৰ হয়তো অতিকৈ কমি আহিব পাৰে আৰু তাৰ পিছত এটা সময়ত সেই ভাষাটো লাহে লাহে আন এটা ভাষাৰ বুকুত জাহ যাবও পাৰে। এইবোৰ কথা আজি বাহুল্য যেন লাগিব পাৰে, কিন্তু অসমীয়া ভাষাৰ ক্ষেত্ৰত এই সমস্যাটো সুদূৰ ভবিষ্যতে এদিন আহিব পাৰে বুলি আজি আমাৰ শংকা হয়। কাৰণ এটা ভাষা আন এটা ভাষাৰ বুকুত জাহ যোৱাৰ উদাহৰণ পৃথিৱীত বিৰল নহয়। আৰু ইয়াৰ বাবে সম্পূৰ্ণৰূপে দায়ী আমি নিজেই হ’ম। এনে হ’লে আজি আমি অসমীয়াৰ সংজ্ঞা বিচাৰি ঘূৰ্মুটিয়াই ফুৰাৰ দৰে এটা সময়ত হয়তো অসমীয়া ভাষাৰ শুদ্ধ, সুৱদীসুৰীয়া ৰূপটো বিচাৰিও আমি ঘূৰ্মুটিয়াই ফুৰিব লগা হ’ব পাৰে। আৰু এবাৰ সেইটো হ’বলৈ পালে তাৰ পিছত অসমীয়া বুলি জাতিগতভাৱে আৰু সাংস্কৃতিকভাৱে চিনাকী দিবলৈ আমাৰ ওচৰত একো বাকী নাথাকিবগৈ। আমাৰ মাতৃভাষাটোৰ ক্ষেত্ৰত এনে নহওক, আমাৰ মাতৃভাষাটোৰ শুদ্ধ ৰূপটোৰ স্বীকৃতি, চৰ্চা, আদৰ, ব্যৱহাৰ, প্ৰসাৰ, সৰবৰাহ আদি দিনে দিনে বাঢ়ি আহক – সেয়া আমি মনে-প্ৰাণে বিচাৰো।

নিজৰ মাতৃভাষাটো ভালকৈ ক’ব নাজানো, সম্পূৰ্ণকৈ বুজি নাপাওঁ, মাতৃভাষাত পঢ়িব-লিখিব নাজানো ইত্যাদি বুলি কৈ (যহাই) গৌৰৱ অনুভৱ কৰিব পৰা মানুহ অসমীয়া জাতিৰ বাদে আন জাতিৰ মাজত আছেনে নাই তাত আমাৰ ঘোৰ সন্দেহ আছে। এয়া যে গৌৰৱ নহয় আৰু এয়া যে এক অতি লজ্জাজনক কথাহে - এই সত্যটো আমি সকলোৱে উপলব্ধি কৰা উচিত।

No comments:

Post a Comment