মনৰ কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

নতুন বছৰত বিচৰা দহটা পৰিবৰ্তন
অজয় লাল দত্ত
নৱবৰ্ষই আনি দিয়া নতুন দিনবোৰত আমি কি কি কৰিব বিচাৰো তাৰ তালিকা প্ৰায়বোৰ মানুহেই বনায়। তাৰ বহুত কিছু পূৰণ হয়, বহুত কিছু পূৰণ নোহোৱাকৈ থাকি যায়। কিছুমান অপূৰণ আশা, কাম নতুন বছৰলৈ হেঁচুকি দিয়া হেন হয়। তাৰে কিছুমান বছৰ বছৰ ধৰি এইদৰে নোহোৱাকৈ, নকৰাকৈ থাকি যায়। যিবোৰ কাম হয়তো তাক্ষণিক ভাৱে জৰুৰী নহয়, কিন্তু দীৰ্ঘ সময়ৰেখাত আমাৰ বাবে খুবেই জৰুৰী। আন্তৰিকতাৰে চিন্তা কৰি অনাগত বিৰ্ষত চৌপাশৰ সমাজখনত বিচৰা দহটা পৰিবৰ্তনক ইয়াত লিপিবদ্ধ কৰিব খুজিছো।

১. মৌলিক সা-সুবিধাঃ কিমান দিন আৰু ভাৰতীয় মানুহে "ৰুটি-কাপড়া-মকান-বিজুলী" নামৰ অত্যাৱশ্যকীয় বস্তু কেইটাৰ বাবেই হাহাঁকাৰ কৰি থাকিব? স্বাধীনতাৰ ছটা দশকৰ পাছতো সলনি নোহোৱা এই ৰাজনৈতিক শ্লোগানৰ পৰিবৰ্তন বিচাৰো। মৌলিক সা-সুবিধাখিনিৰ বাবে চৰকাৰে সু-স্পষ্ট নীতি গ্ৰহণ কৰি কাৰ্যত পৰিণত কৰাটো বিচাৰো। মধ্যবিত্তৰ বাবে সুলভ হাউচিং, সুলভ চিকিৎসা, অৰ্থনৈতিক ভাৱে অতি দুৰ্বল সকলৰ বাবে ৰাজ-সাহাৰ্য-প্ৰাপ্ত এখন নিৰাপদ ঘৰ উপলদ্ধ হওক। ঘৰ এখনক সমাজ গঢ়াৰ কাৰখানা বা কুটিৰ শিল্পৰ থলী বুলি গণ্য কৰক। মানৱ সম্পদ গঢ়াৰ প্ৰথমখন জুহাল ঠিককৈ নতুন পুৰুষক দিব পাৰিলে নিশ্চয়কৈ কমাৰশালৰ নিপুনতা বিকাশৰ সঠিক পৰিবেশ পালে নিজে নিজেই আহৰণ কৰি লব পাৰিব।

২. ন্যায়ঃ ভাৰতীয় ন্যায় ব্যৱস্থাই মানুহক ইমানেই চেপা দিছে যে যদি ৰে'লৱেৰ নিচিনাকৈ কোনোৱে তকাল সেৱাৰে কেচ চিঙাৰ সুবিধা দিয়ে, তেন্তে সেই সেৱাই আজিৰ তাৰিখত আটাইতকৈ বেছি জনপ্ৰিয়তা লাভ কৰিব সেয়া নিশ্চিত। দ্ৰুত আৰু সময়-নিৰ্ধাৰিত ন্যায় ব্যৱস্থা এটাৰ সপোন বাস্তৱত ৰূপায়িত হোৱাটো বিচাৰিছো। বিগত দশককেইটাত বৃদ্ধি হোৱা আইনৰ শিক্ষাৰ শিক্ষিত বহু হাজাৰ নৱ-প্ৰজন্মক প্ৰণালীবদ্ধ ভাৱে কামত লগাই ভাৰতত ন্যায়দান সুলভ কৰাটো বিচাৰিছো। পুলিচৰ ওচৰলৈ ন্যায় বিচাৰি যাব পৰাৰ পৰিবেশ গঢ়িব লাগিব। অন্ততঃ কেচ ৰুজু কৰিবলৈ যোৱাৰ সময়ত, ক্ল'জ চাৰ্কিট কেমেৰা বা ভাল কেমেৰাৰে কেচ ৰুজু কৰাৰ ব্যৱস্থাৰ প্ৰয়োজন। কাৰণ, প্ৰথম  গোচৰ ৰুজুৰ সময়কন, জবানবন্দী আৰু প্ৰথম তথ্য  প্ৰতিবেদন ন্যায়-প্ৰক্ৰিয়াৰ বাবে অতি গুৰুত্বপূৰ্ণ। এনে নিকা গোচৰ ৰুজু প্ৰক্ৰিয়া হ'লে ধৰ্ষণৰ গোচৰ ৰুজু কৰিবলৈকো দুই লাখ টকা পীড়িতৰ পৰা দাবী কৰাৰ দৰে নিৰ্লজ ঘটনা ভৱিষ্যতে নিশ্চয়কৈ দেখা নাপাম( অসমৰে ঘটনা বিগত সপ্তাহৰ)। ন্যায় ব্যৱস্থাৰ আধুনিকীকৰণৰ প্ৰথম পদক্ষেপ হিচাবে কেমেৰাৰ সমুখত জবানবন্দী লৈ পুলিচে কেচ ৰুজু কৰাৰ ব্যৱস্থা অতি শীঘ্ৰে আৰম্ভ হোৱাটো এই বৰ্ষত বিচৰা অন্যতম ব্যৱস্থা পৰিবৰ্তন।

৩. নিকা প্ৰশাসনঃ সৰু সৰু দুৰ্নীতি ৰোধৰ বাবে আৰু অফিচৰ নিৰাপত্তাৰ বাবে সকলো চৰকাৰী অফিচতে চিচি টিভি কেমেৰা লগোৱা হওক। এই কেমেৰাত সকলো দৃশ্যাৱলী ভিজিলেন্স অফিচাৰজনৰ ৰুমত প্ৰত্যক্ষ কৰোৱাৰ ব্যৱস্থা হওক। কোনে কাম কৰিছে, কোনে কেৱল দৰদাম সকলো পৰিস্কাৰ হব। কেৱল নিৰাপত্তা দিয়াৰ নামত চিচি টিভি কেমেৰা লগোৱাতকৈ ৰাইজৰ ধনেৰে নিৰাপদ চাকৰি কৰি থকা সকলে ৰাইজকে ডকাইতি কৰিব খোজাৰ পৰাও ৰাইজক ইয়াৰে সুৰক্ষা দিয়াৰ ব্যৱস্থা হব লাগে। নিৰ্দিষ্ট দিনৰ ভিতৰত যাতে ৰাইজৰ কাম হয়, তাৰ বাবে চৰকাৰী বিভাগৰ মুৰব্বীক জবাবদিহি কৰাৰ ব্যৱস্থাও কাৰ্যকৰী হওক। "ফাইন ইন-ফাইল আউট"ক পৰ্যবেক্ষণ কৰিব পৰাকৈ শিক্ষা বিভাগৰ প্ৰশাসনিক ব্যৱস্থাৰ কম্পিউটাৰাইজেচনৰ ঘোষণাটো প্ৰথম পদক্ষেপ ৰূপে অসমত এইবছৰেই বাস্তৱায়িত হওক। শিক্ষা বিভাগক নিকা কৰাৰ পৰাই শিক্ষা লৈ বাকীবোৰ বিভাগলৈ হাত মেলাটো ভাল!

৪. শিক্ষা খণ্ডঃ শিক্ষাৰ উন্নত আন্তঃগাঁথনিৰ লগতে সকলো চৰকাৰী-বেচৰকাৰী শিক্ষককে ৰিফ্ৰেচাৰ কৰ্চ, সময়ৰ সতে খাপ খোৱাকৈ গঢ়ি তুলিব লাগিব। তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে মদন মোহন মালব্যৰ নামত এখন আঁচনিৰ শুভাৰম্ভ কৰিছে। সকলো স্তৰৰ শিক্ষকৰ মান উন্নীতকৰণ আৰু সু-শিক্ষা প্ৰদান নিশ্চিতকৰণটো এতিয়া প্ৰাথমিক কথা।  পৰিস্কাৰ পৰিচ্ছন্নতা, যুক্তিৰ বিকাশ আদিৰ অভ্যাসো স্কুল পৰ্যায়তে নিশ্চিত কৰিব লাগে। মইনা পাৰিজাতৰ দৰে সংগঠনৰ কাৰ্যসূচীবোৰ সাৰ্বজনীন ৰূপত ব্যৱহাৰ হওক, শিশু সকলৰ সৰ্বাংগীন উন্নতি তথা প্ৰতিযোগিতামূলক পৰিবেশৰ আভাস আৰু অভ্যাস হওক। বহুমুখী প্ৰতিভা বিকাশৰ প্ৰতিযোগিতা সঘনে চৰকাৰে পাতক, তাৰ ভিত্তিত বিভিন্ন বেলেগ বেলেগ কেৰিয়াৰ গঢ়াৰ বাবে প্ৰতিভাবান সকলক চিনাকি কৰি সেইমতে স্কলাৰশ্বিপসহ কেৰিয়াৰ গাইডেন্স দি অপৰম্পৰাগত ক্ষেত্ৰ সমূহ পৰিচয় কৰাই দিয়া হওক। উচ্চ শিক্ষাৰ মান নিশ্চিতকৰণৰ বাবে "মানক সংস্থা" সমূহৰ চাৰ্টিফিকেন স্বচ্ছ ও কঠোৰ হোৱাটো আশা কৰো। ডাইনী, অন্ধবিশ্বাস, জাতিবাদ, জাতি বা ধৰ্মীয় মৌলবাদ আদিৰ পৰা মুক্ত কৰিব পৰাকৈ দেশৰ জনগণক সচেতন কৰিব লাগিব। উন্নত কৃষি, ব্যৱস্থাপনা, ভাৰতীয় সংস্কৃতিৰ ভেটিত গঢ়িব পৰা আধুনিক জীৱন আদিৰ বাবে আমাৰ প্ৰবীণ সকলকো শিক্ষিত কৰি তোলাৰ আৰম্ভণি হওক।

৫. উদ্ভাৱনৰ ক্ষেত্ৰখনতঃ সৰু সৰু মানুহৰ উদ্ভাৱনী শক্তি সমূহক মানৱ কল্যাণৰ বাবে সহজ সঁজুলি নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰাৰ পৰিবেশ গঢ়িব লাগিব। এই ক্ষেত্ৰত অসমৰ উদ্ধৱ ভৰালীৰ দৰে ব্যক্তিয়ে  উলিওৱা বাটেৰে নতুন নতুন সৃষ্টিৰ বাবে কিশোৰ মনবোৰ উজ্জ্বীৱিত কৰা হওক। কম খৰছত ব্যতিক্ৰমী উদ্যোগ, সৃষ্টিৰ আহিলা নিৰ্মাণ কৰা সকলৰ বাবে "অৰ্থনৈতিক সাহাৰ্য বা মূলধন যোগান" সহজসাধ্য হওক। এতিয়াও দেশত বহুত চীড কেপিটেল বা ভেন্সাৰ কেপিটেলৰ সংস্থা আছে। কিন্তু সেইবিষয়ে সাধাৰণ মানুহে এতিয়া জানিব পৰা নাই। লাভজনক উদ্যোগ গঢ়াৰ বাবে সাধাৰণ মানুহক গাইড কৰি লৈ যোৱা বা আঙুলিত ধৰি শিকোৱা সংস্থা বা উদ্যমৰ প্ৰয়োজন হৈছে।


৬. সংবাদ মাধ্যমঃ সমাজৰ ভাল খবৰবোৰ দৈনিক প্ৰচাৰ কৰক। ভাল খবৰৰ মৌ-মাখি হবলৈ প্ৰধানমন্ত্ৰীয়ে কৰা আহ্বানটো এইবৰ্ষত ফলপ্ৰসূ হওক। বিশেষককৈ ৰাজ্য বা দেশলৈ ভাল খবৰ কঢ়িয়াই অনা খেলুৱৈ, বিজ্ঞানী, উদ্যোগী সকলৰ জীৱন সংগ্ৰামৰ কাহিনীবোৰ প্ৰচাৰ কৰাত গুৰুত্ব দিয়ক। সৰু মানুহে সাধনাৰে কেনেকৈ সফলতাৰ শিখৰ চুইছে সেই বিষয়ে প্ৰতিবেদনে দৈনিক পৃষ্ঠা শুৱনি কৰক, কেৱল এতিয়া দেখাৰ দৰে বিজুলীৰ দৰে যাতে নহয়। কাৰণ মানুহৰ দৈনিক সাধনা আৰু নিৰন্তৰ প্ৰয়াস এখন উন্নতৰ পৃথিৱীৰ বাবে চলিয়েই আছে। প্ৰয়োজন মাথো ইতিবাচক দৃষ্টিৰে সেইবোৰ বিচাৰি চোৱাৰ। সকলো ৰাজনৈতিক দল, স্বেচ্ছাসেৱী সংস্থা বা সামাজিক সংগঠনৰ ইতিবাচক কামক সঠিক ৰূপত সম-গুৰুত্ব দি তুলি ধৰা আৰু ভুল দেখিলে সমালোচনা কৰাৰ নৈতিক দ্বায়িত্ব পালন কৰাৰ দায়বদ্ধতা সংবাদ মাধ্যমে অহা সময়ত পালন কৰিব লাগে বুলি ভাবো। সাময়িক ধুমুহাৰ শিৰোনামাৰ মাজত যাতে দেশ গঢ়ি থৈ যোৱা মনিষী সকলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান প্ৰদৰ্শন কৰিবলৈ আহৰি নোপোৱা হোৱা সাম্প্ৰতিক ভাৱে দৃষ্টিকটু হোৱা টিভি চেনেলৰ ধাৰাটো সলনি হোৱাটো খুৱেই বিচাৰিছো।


৭. ক্ৰীড়াংগনঃ ওচৰত থকা এখন খেলপথাৰেই তেওঁক হাত-বাউলি দি মাতিছিল আৰু পাঁচ বছৰতে বল খেলিবলৈ যোৱা ল'ৰাটি এতিয়া আইএছএলত এলেন দেউৰীৰ নামেৰে পৰিচিত। এটা তৰ্জাবেৰৰ ঘৰৰ পৰা এখন খেলপথাৰত বল খেলাৰ অভিযান আৰম্ভ কৰি সফলতা পোৱা এলেনৰ দৰেই হাজাৰজন অসমীয়া বা ভাৰতীয় কিশোৰৰ বাবে একোখনকৈ খেলপথাৰ যাতে উন্নত আন্তঃগাঁথনিৰে সকলো গাঁৱতে বা চুবুৰীতে দিব পৰা যায় বা ৰক্ষা কৰিব পৰা যায়, তাৰ বাবে প্ৰচেষ্টা হাতত লোৱাটো বিচাৰো। ক্ৰমাত খেলিবলৈ ঠাই নোহোৱা হৈ অহাটো শুভ লক্ষণ মুঠেই নহয়। টিভি, গেম, ইণ্টাৰনেটৰ পৃথিৱীৰ পৰা সেউজীয়া ঘাঁহনিলৈ পুনৰ নতুন প্ৰজন্মক উলিয়াই নিয়াৰ ব্যৱস্থা নহলে শাৰিৰীক আৰু মানসিক ভাৱে যে উঠি অহা প্ৰজন্মৰ একাংশ পংগু হব সেয়া নিশ্চিত। সকলো জিলাতে ক্ৰীড়া বিদ্যালয় স্থাপনৰ কৰিব বুলি কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীয়ে কৰা ঘোষণাটো অতি সোনকালেই ৰূপায়িত হওক। উত্তৰ-পূৱৰ মণিপুৰত হব লগা ক্ৰীড়া বিশ্ববিদ্যালয়লৈ আমাৰবোৰ ঠাইৰ পৰাও যাতে ক্ৰীড়া প্ৰতিভা বিকশিত হৈ যাব পাৰে তাৰ ব্যৱস্থা হওক। দেশৰ ক্ৰীড়া প্ৰশাসনটো লবীৰ হাতৰ পৰা মুক্ত হওক, প্ৰাক্তন বিশিষ্ট ক্ৰীড়াবিদ সকলৰ হাতত খেলৰ প্ৰশাসনিক চাকৰি বা সংস্থা সমূহৰ দ্বায়িত্ব অৰ্পণ কৰা হওক।

৮. স্বাস্থ্যঃ প্ৰতিখন জিলাতে শেহতীয়া প্ৰযুক্তিৰ একোটা ষ্টেট-অৱ-আৰ্ট ডায়গ্নষ্টিক চেণ্টাৰ প্ৰতিষ্ঠা হওক। ডায়গ্ন'ছিছ সঠিক আৰু উন্নত আহিলাৰে সুলভ হ'লেহে উন্নত চিকিৎসা কম টকাত সম্ভৱপৰ হব।  তাত বিশেষজ্ঞ চিকিসক সকলক ৰাষ্ট্ৰীয় পৰ্যায়ৰ উন্নত দৰমহাৰে নিযুক্তি দিয়াৰ ব্যৱস্থা হওক। প্ৰতি জিলাতে ৰোগীৰ আয়ৰ ভিত্তিত মাচুল নিৰ্ধাৰণ হোৱা মুম্বাই টাটা মেম'ৰিয়েল হস্পিতেলৰ দৰে উন্নত আৰ্হিৰ আৰু ৰেফাৰেল হস্পিতেলৰ ব্যৱস্থা হওক। বিশেষজ্ঞ ডাক্তৰকো মেডিকেল-১ গ্ৰেডৰ পোষ্টতে নিযুক্তি দি গাঁৱতে ৰখাৰ ব্যৱস্থাৰ পৰিবৰ্তে স্বাস্থ্য সেৱাখণ্ডক এক পেশাগত ব্যৱস্থাপনাৰে আমূল সংস্কাৰ সাধনৰ বাবে চেষ্টা কৰক। বৰ্ধিত চিকিসা ব্যয়, ক্ষেত্ৰখনত বাঢ়ি অহা দালালি, ঠগ প্ৰৱঞ্চনাই এই "সেৱা"ক অতি লাভজনক ব্যৱসায়লৈ পৰিণত কৰাৰ বাটটো অনাগত বৰ্ষতে বন্ধ হোৱাটো খুবেই বিচাৰিছো।

৯. খাদ্যঃ অত্যাৱশ্যকীয় খাদ্য উপাদন কৰা কৃষক সকলৰ বাবে চৰকাৰে দেশজুৰি ফুড-চাপ্লাই মেনেজমেণ্টৰ সঠিক ব্যৱস্থা কৰক। ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ ৰঘুৰাম ৰাজনে দেশত খাদ্যবস্তুৰ অভাৱ নাই, অভাৱ সঠিক ব্যৱস্থাপনাৰহে বুলি অতি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। সেয়ে দিশটোলৈ চকু দি সঠিক ব্যৱস্থাপনাৰে বজাৰ নিয়ন্ত্ৰণ কৰি কৃষকে উচিত দাম পোৱাৰ লগতে সমগ্ৰ চাপ্লাই চেইনৰ বাবেও নিৰ্ধাৰিত লভ্যাংশৰ ব্যৱস্থা কৰি সাধাৰণ জনতাকো উচিত দামত অত্যাৱশ্যকীয় খাদ্য বস্তুৰ সঠিক যোগান ধৰাৰ দায়বদ্ধতা খাদ্য বিভাগে গ্ৰহণ কৰক। খাদ্য পৰিদৰ্শক সকলক বাঢ়ি অহা ভেজাল খাদ্য, অনুপযোগী খাদ্যৰ প্ৰচলন ৰোধৰ বাবে অধিক জবাবদিহি কৰাৰ আৰম্ভণি হওক।

১০. চৰকাৰী ধন আৰু ৰাজহঃ টেক্স কমিছনাৰ সকলে টেক্সত নধৰিবলৈ কমিছন লোৱাৰ বহুকথিত পৰম্পৰাৰ অন্ত পৰাটো খুবেই বিচাৰিছো। চৰকাৰে সৰল কৰি অনা টেক্সেচন পদ্ধতিৰ কাৰ্যকৰী ব্যৱহাৰে প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ সংগ্ৰহ কৰি ৰাজকোষলৈ ব্যাপকভাৱে ধন আহিলেহে চৰকাৰে ইয়াৰ সঠিক ব্যৱহাৰ কৰি দেশৰ বিকাশমূলক কামক "বিদেশী পুঁজি"ৰ সহায় নোহোৱাকৈ আত্ম-নিৰ্ভৰশীল ৰূপত কৰিব পাৰিব। দেশৰ যিকোনো বিকাশমূলক কামত ব্যয় হোৱা ধনৰ হিচাব আৰু কাৰিকৰী মানৰ ওপৰত তথ্য জনাৰ অধিকাৰ আদিৰ জৰিয়তে "সচেতন কাৰিকৰী তথা অৰ্থনৈতিক বিশেষজ্ঞ"ৰে গঠিত সামাজিক সংগঠনসমূহে তীক্ষ্ণ নজৰ ৰাখিব লাগিব। প্ৰতিখন গাঁৱত যাতে দুখীয়াজনেহে চৰকাৰী সাহাৰ্য লাভ কৰে, হিতাধিকাৰীৰ নিৰ্বাচন কেৱল জাত-পাত-ধৰ্ম-দলৰ ভিত্তিত নহয়, তাৰ বাবে গাঁও সভা, মোহোল্লা সভা, সৰ্বদলীয় কমিটি আদিৰ ব্যৱস্থাৰে ৰাজকোষ ধনৰ সঠিক ব্যৱহাৰ হোৱাটো নিশ্চিত কৰিব লাগে।

বছৰৰ পাছত বছৰ বাগৰি যোৱাৰ পাছতো এই দীৰ্ঘদিনৰ বাবে অতিশয় প্ৰয়োজনীয় আৰু ৰূপান্তৰৰ আহিলা স্বৰূপ পদক্ষেপবোৰ হৈ উঠা নাই। অনাগত দিনত এই পৰিবৰ্তনখিনি আহিলে সকলো জাতি-ধৰ্ম-বৰ্ণ-জাতি-জনগোষ্ঠী-দলৰে লোকসকল উপকৃত হব। দেশক দ্ৰুত ৰূপত অধিক উন্নত আৰু আধুনিক কৰি গঢ়ি তোলাৰ বাটত এই পদক্ষেপ সমূহকে অনাগত বৰ্ষত গ্ৰহণ কৰাটো অতিশয় দৰকাৰী বুলি অনুভৱ কৰিছো।  এনে ইতিবাচক পৰিবৰ্তন কৰা যি কোনো দলকেই কৰ্মৰ ভিত্তিত ৰাইজে সু-শাসন চলাই যাবলৈ নিশ্চয়কৈ দিব। শান্তি-প্ৰগতি আৰু উন্নতিৰ বাটত এখোজ আগুৱাই যোৱাত আমিও নাগৰিক হিচাবে আমাৰ সচেতন ভূমিকা অনাগত বৰ্ষত অধিকভাৱে নিশ্চয়কৈ পালন কৰিব লাগিব। তাৰবাবে আমিও প্ৰতিশ্ৰুতিবদ্ধ হও আহক।

1 comment: