বিদেশৰ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ধুমধামেৰে নৱবৰ্ষ উদযাপন নে 
আৰ্তজনলৈ সাহাৰ্য?
ডাঃ ভূপেন শইকীয়া

শ্ৰদ্ধাৰ ৰাইজ, 
২০১৪ পুৰণি হ'ল, ২০১৫ৰে দুৱাৰত টোকৰ দিছেহি৷ তথাপি নতুন বছৰ সমাগত বুলি মনলৈ উছাহৰ ভাৱ এটা অহা নাই - কাৰণটো হ'ল অসমৰ সাম্প্ৰতিক পৰিস্থিতি৷ কিছুমান অমানুহৰ দানবীয় জিংঘাসাৰ ফলত অসমৰ এটা অঞ্চলৰ মানুহে শীতৰ ঠৰঙা লগা বতৰত নিজৰ আত্মীয়-স্বজন, সা-সম্পত্তি হেৰুৱাই অঘৰীৰ জীৱন কটাবলৈ বিৱশ হৈ পৰিছে৷ এমুঠি অন্ন, এপদ বস্ত্ৰ, অকণ নিৰাপদ আশ্ৰয়ৰ বাবে লক্ষাধিক সহজ সৰল, ৰাজনীতিৰ আও-ভাৱ নুবুজা অসমৰ এই সকললোকে হাহাকাৰ কৰিবলগীয়া হৈছে৷

আজি অসমৰ বিভিন্ন ঠাইৰ পৰা বেচৰকাৰী সহায় হিচাব ভাবে অহা খাদ্য আৰু বস্ত্ৰৰ যোগানে তেওঁলোকক কিছু পৰিমানে সাময়িক সকাহ হয়তো দিব৷ কিন্তু এখন নিৰ্বাচিত চৰকাৰে নিজৰ দায়িত্ব সঠিকভাবে পালন নকৰিলে তেওঁলোকৰ পুনৰ সংস্থাপন জানো সম্ভৱপৰ ? অন্তৰত দকৈ বহা ঘাঁ শুকাবলৈ কিমান দিন লাগিব তাৰ সময়সীমা কোনেও নিৰ্ধাৰণ কৰিব নোৱাৰে, কিন্তু এষাৰ মানবীয় সহানুভূতিসুলভ মাত আৰু অকৃত্ৰিম আশ্বাসৰ বাণীয়ে ঘাৰ ওপৰত মলমৰ কাম হয়তো কৰিব পাৰিব৷

এই দু:সময়, দূৰ্দিনত আমি আন অসমবাসীয়ে তেওঁলোকৰ দুখ-কষ্টৰ সৈতে নিজৰ সহমৰ্মিতা ব্যক্ত কৰিবলৈকে অযথা ৰঙ-ৰহইচ, পিকনিক,উৎসৱৰ ধুমধাম পৰিহাৰ কৰাটো সময়ৰ দাবী বুলি প্ৰতিজন অসমীয়াই উপলব্ধি কৰা উচিত৷ নৱবৰ্ষত আদৰাত নামত বৃহৎ ধনৰ খৰছ নকৰি তাৰে অৰ্ধেকো যদি সাহায্য শিবিৰলৈ আৰ্তজনলৈ প্ৰেৰণ কৰা হয় সেয়া নিশ্চিতভাবে এক মহৎ কাৰ্য হব৷

প্ৰবাসী অসমীয়াসকলে জাতিৰ এই দূৰ্দিনত সম্পূৰ্ণ সমবেদনা ব্যক্ত কৰিছে আৰু নিজৰ অসমৰ আত্মীয়সকলক সাহাৰ্যৰ কামত সম্ভৱপৰ সহায় হাত আগবঢ়াবলৈ আবেদন জনাইছে৷ ভগবানক প্ৰাৰ্থনা ৰাজনীতিৰ উৰ্ধত গৈ চৰকাৰ আৰু বিভিন্ন দল-সংগঠনৰ অন্তৰত সুমতি আনে যেন যাতে এই বিপন্ন সময়ৰ সোনকালে অন্ত পৰে৷ ক্ষমাৰ অযোগ্য নৰসংহাৰ কৰা দানৱসকলৰো হৃদয়ত (যদি আছে) অনুশোচনা, গ্লানিভাৱ ভৰাই দিয়ক যাতে ভবিষ্যতে এনে অসুৰী পদক্ষেপ লোৱাৰ কথা সপোনতো মনত নেখেলায়৷ নববৰ্ষত অসমৰ সকলোবোৰ সমস্যাৰ সন্তোষজনক সমাধান হওক - সকলো অসমীয়াই সমিলমিলৰে শান্তিৰ হকে কাম কৰি দু:খুনী অসমী আইৰ মুখলৈ হাঁহি উভতাই অনাত ব্ৰতী হয় যেন - এই কামনাৰে চিঠিখন আজিলৈ সামৰিলোঁ৷

২৯ডিচেম্বৰ ২০১৪, ডোহা, কাটাৰৰ পৰা

No comments:

Post a Comment