পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. এভাৰেষ্ট জয় কৰা অসমীয়া মনীষ কুমাৰ ডেকাৰ আত্মজীৱনীমূলক গ্ৰন্থ “এভাৰেষ্টত বিশ মিনিট” কালি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰিলে প্ৰথিতযশা সাহিত্যিক-সাংবাদিক হোমেন বৰগোহাঞিয়ে। উক্ত অনুষ্ঠানত প্ৰবীণ এথলীট তৈবুন নেচা, শৰীৰ চৰ্চাবিদ মহাদেৱ ডেকা, এভাৰেষ্ট বিজয়ী তৰুণ শইকীয়া, প্ৰবীণ ক্ৰীড়া সংগঠক কনক চন্দ্ৰ ডেকা আৰু পৰ্বতাৰোহী তথা সাংবাদিক প্ৰণয় বৰদলৈয়ে মনীষ কুমাৰ ডেকাৰ দুঃসাহসিক সফলতাত অভিনন্দন জ্ঞাপন কৰি শুভেচ্ছা মূলক বক্তব্যও প্ৰদান কৰে।


২. অসমৰ লোককৃষ্টিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়ো‌ৱাৰ বাবে ২০১৪ বৰ্ষৰ প্ৰতিমা বৰু‌ৱা পাণ্ডে বঁটা আগবঢ়ো‌ৱা হৈছে লোকশিল্পী দীপক কুমাৰ পামলৈ । উল্লেখ্য এই বঁটা সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে ২৭ ডিচেম্বৰত প্ৰতিমা বৰু‌ৱা পাণ্ডেৰ মৃত্যু দি‌ৱসৰ দিনা প্ৰদান কৰি আহিছে। চানমাৰিত শিল্পী গৰাকীৰ প্ৰতিমূৰ্তি স্থাপিত হোৱা স্থলীতে বঁটা প্ৰদানৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

৩. অহা এক জানুৱাৰীৰ পৰাই ৰন্ধন গেছৰ গ্ৰাহক সকলক পোনপটীয়াকৈ বেংকৰ একাউণ্টত ৰাজ-সাহাৰ্যৰ ধন আদায় দিয়াৰ ব্যৱস্থা কৰি ক’লা বজাৰ নিয়ন্ত্ৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। “পহল” নামৰ আঁচনিৰ যোগেদি ৩১ডিচেম্বৰৰ ভিতৰত ৰন্ধন গেছৰ বিতৰকক নিজৰ একাউণ্টৰ নম্বৰ জমা কৰিবলৈ চৰকাৰে ৰাইজলৈ আহ্বান জনাইছে।

৪. ডিব্ৰুগড়ৰ লেপেটকটাত নিৰ্মীয়মান পেট্ৰ’ৰাসায়নিক ৰাষ্ট্ৰীয় প্ৰকল্প ব্ৰহ্মপু্ত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডত যোৱা ২০ ডিচেম্বৰত সংঘটিত এক দুৰ্ঘটনাত নিহত ৪জন কৰ্মীৰ নিকটাত্মীয়লৈ ১৮লাখকৈ টকাৰ ক্ষতিপূৰণ দিয়া হব বুলি কালি ক্ষতিপূৰণৰ দাবী তোলা সংগঠন সমূহক কৰ্তৃপক্ষই অৱগত কৰিছে। লগতে শ্ৰমিকৰ পত্নীকো যোগ্যতাৰ ভিত্তিত নিযুক্ত প্ৰদান কৰাৰো প্ৰতিশ্ৰুতি দিয়া বুলিও জানিব পৰা গৈছে।

৫. অসমৰ অন্যতম অভিজাত প্ৰকাশন প্ৰতিষ্ঠান গন্ধৰ্ব প্ৰকাশনৰ সৌজন্যত ২০১১ বৰ্ষৰ পৰা প্ৰদান কৰি অহা আনাইৰাম নুনিছা সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা ২০১৪ চনৰ বাবে প্ৰথিতযশা সাংবাদিক যদু কাকতীক প্ৰদান কৰা হব। অহা ২৫ ডিচেম্বৰত হোটেল লেণ্ডমাৰ্কত আয়োজিত এখন সভাত নগদ ২৫হাজাৰ টকাৰ লগতে এখনি প্ৰশস্তি পত্ৰ, চেলেং চাদৰ আৰু শৰাই সহ এই বঁটা প্ৰদান কৰিব বিশিষ্ট কথাশিল্পী ৰত্ন ওজাই।


৬. আজি অসম চৰকাৰে এই বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদানৰ কেন্দ্ৰীয় অনুষ্ঠান আজি খানাপাৰাৰ অসম চিকিসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়জন কৰিছে। এই বৰ্ষত দশম শ্ৰেণীৰ পৰা প্ৰথম বিভাগত সফলতাৰে উত্তীৰ্ণ হোৱা ৪০,৯৯৯ গৰাকী শিক্ষাৰ্থীলৈ লেপটপ আৰু প্ৰশংসা পত্ৰ এই বঁটাৰ ৰূপত প্ৰদান কৰা হব।


৭. অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰিমা বিভাগ আৰু মৰিগাঁও জিলা প্ৰশাসনৰ যুটীয়া উদ্যোগত কাইলৈ ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস ৰাজ্যিক ভিত্তিত কেন্দ্ৰীয় ভাৱে পালন কৰা হব। সদৰ বিহুতলীত আয়োজিত এই অনুষ্ঠানত মন্ত্ৰী ডাঃ নজৰুল ইছলামে মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰিব। এই দিৱসত এখনি স্মৰণিকা উন্মোচনৰো দিহা কৰা হৈছে।

৮. কাৰ্বি আংলং জিলাৰ চকীহোলা অঞ্চলত বসতি কৰা ৰেংমা নগাসকলে খ্ৰীষ্টান ধৰ্মত দীক্ষিত কৰাৰ শতবাৰ্ষিকী তিনিদিনীয়াকৈ ১৯ ডিচেম্বৰৰ পৰা উদযাপন কৰে।সমূহীয়া প্ৰাৰ্থনা, ধৰ্মীয় সংগীত পৰিবেশনৰে মুখৰ হোৱা এই অনুষ্ঠানত নাগালেণ্ডৰ ধৰ্ম প্ৰচাৰক সকলৰ লগতে আৰু আমেৰিকাৰ ধৰ্ম প্ৰচাৰ ৰেভাৰেণ্ড কাটেই লংকুমেৰো উপস্থিত আছিল।

৯. গুৱাহাটী প্ৰেছ ক্লাৱত কালি উন্মোচিত হয় পৱন পল্লৱ বৰ্মনৰ “সোণাফুলি আৰু এযোৰ চেণ্ডেল” আৰু সংগীতা দাসৰ “সপোন বৰষুণ আৰু কেইটামান নষ্ট পদ্য” শীৰ্ষৰ দুখনি গ্ৰন্থ। কিতাপ দুখনি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি আৰু মাধুৰ্য মণ্ডিত বৰুৱাই।

১০. অতি শীঘ্ৰেই ৫০০ জন সন্ত্ৰাসবাদীক ফাঁচীকাঠত ওলোমাব পাকিস্তান চৰকাৰে । মৃত্যুদণ্ডৰে দণ্ডিত হৈ থকা পাকিস্তানৰ ভিন ভিন কাৰাগাৰত থকা এই সন্ত্ৰাসবাদীসকলে জী‌ৱন-ভিক্ষা খুজি পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ ওচৰত আ‌ৱেদন জনাইছিল । কিন্তু ৰাষ্ট্ৰপতি পাৰ‌ভেজ মুছাৰফে তেওঁলোকৰ এই আ‌ৱেদন নাকচ কৰে । পাকিস্তানৰ চৰকাৰেও মৃত্যুদণ্ডৰ স্থগিতাদেশ নোহোৱা কৰাৰ কথা এই সপ্তাহতে ঘোষণা কৰিছে। গতিকে এইসকল অভিযুক্ত সন্ত্ৰাসবাদীৰ মৃত্যু ইতিমধ্যে নিশ্চিত হৈ পৰিছে । 

No comments:

Post a Comment