বেচিকৈ ঘাম ওলোৱাৰ সমস্যাঃ
জানিবলগীয়া কেইটিমান কথা
ডাঃ ভূপেন শইকীয়া
যোৱা মাহটোৰ ভিতৰত তিনিজন একে লক্ষণৰ ৰোগী মোৰ ওচৰলৈ সহায় বিচাৰি আহিল৷ প্ৰথম গৰাকী আফ্ৰিকাৰ এখন দেশৰ এগৰাকী চাকৰিয়াল মহিলা৷ দ্বিতীয়জন নাৰ্চিং প্ৰফেচনৰ লগত জড়িত ফিলিপিনো পুৰুষ৷ তৃতীয়জন হ'ল এজন চেলচৰ লগত জড়িত ভাৰতীয় লোক৷ তিনিওজনৰে বয়স ৩০ৰ পৰা ৪৫ৰ ভিতৰত৷ সমস্যা এটাই - ঘাম বৰ বেচিকৈ ওলায় বিশেষকৈ হাত দুখনত৷ যাৰ ফলত মানুহৰ লগত হেণ্ডশ্বেক কৰিবলৈ সমস্যা হয়৷ কম্পিউটাৰত বহিলে মাউচটো ঘামেৰে ভিজি যায়৷ কাগজত লিখিবলৈ ললে কলমটোৰ পৰা ঘাম বৈ কাগজখন ভিজাই পেলায়৷ বহুতো চিকিৎসা কৰিও কোনো সুফল পোৱা নাই৷ এনে সমস্যা থকালোকৰ সংখ্যা পৃথিবীত ২১১নিযুত অৰ্থাৎ পৃথিবীৰ মুঠ জনসংখ্যাৰ তিনি শতাংশ৷ এনে অৱস্থাক চিকিৎসা বিজ্ঞানৰ ভাষাত Hyperhidrosis বা Diaphoresis বুলি কয়৷ আজিৰ আলোচনাত এনে অসুবিধাজনক অৱস্থা কিয় হয় আৰু প্ৰতিকাৰৰ ব্যৱস্থা কি সেই বিষয়ে কিছু কথা পাঠকসকলক অৱগত কৰাৰ প্ৰয়াস কৰিম৷ বিশ্বৰ তিনি শতাংশৰ ভিতৰত অসমো পৰে৷ বহুতে সংকোচবশত: আনক নিজৰ অৱস্থাৰ কথা বেকত নকৰে আৰু 'ভগবানৰ অভিশাপ' বুলি মনতে এক কুন্ঠালৈ জীয়াই থাকে৷ কিন্তু আধুনিক চিকিৎসা বিজ্ঞান তেনেলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে আৰু বহু পৰিমাণে এই ক্ষেত্ৰত সাফল্য লাভ কৰিছে৷ পাঠকসকলে এই লিখনিৰ দ্বাৰা সামান্যতম উপকৃত হলেও মই ধন্য হম৷
মানুহৰ শৰীৰৰ পৰা ঘাম ওলোৱাটো এক স্বাভাবিক প্ৰক্ৰিয়া৷ মানুহৰ শৰীৰত ২ৰ পৰা ৪নিযুত ঘাম ওলোৱা গ্ৰন্থি থাকে৷ পুৰুষৰ তুলনাত মহিলাৰ এনে গ্ৰন্থি বেচি থাকিলেও পুৰুষৰ গ্ৰন্থিসমূহহে বেচি সক্ৰিয় হোৱা দেখা যায়৷ শৰীৰৰ এই গ্ৰন্থিসমূহক অটোনমিক নাৰ্ভাচ চিষ্টেমে নিয়ন্ত্ৰণ কৰে৷ শৰীৰে গৰম অনুভৱ কৰিলে ঘাম ওলায় আৰু শৰীৰৰ উত্তাপ নিয়ন্ত্ৰিত কৰি ৰাখে৷ কিন্তু কিছুমান মানুহৰ অটোনমিক নাৰ্ভাচ চিষ্টেম কিয় বেচি সক্ৰিয় জনা নাযায় - যাৰ ফলত এনে লোক সকলে হাতৰ তলুৱাত, কপালত,কাষলতিৰ তলত আৰু দুই ভৰিত বেচিকৈ ঘামি নানান আহুকালৰ সন্মুখীন হয় আৰু হীনমনস্ক্যতাত ভোগে৷ পৰিয়ালৰ একাধিক লোকক এনে অৱস্থাত ভোগা দেখা যায় সেয়ে জেনেটিক কাৰণ জড়িত বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে৷
এটা জৰুৰী জানিবলগীয়া কথা হ'ল শৰীৰৰ নানাধৰণৰ ৰোগৰ ফলতো এনে অতিৰিক্ত ঘাম ওলোৱা অৱস্থাৰ সৃষ্টি হব পাৰে৷ তেনে কৰিব পৰা কিছুমান উল্লেখযোগ্য ৰোগ হ'ল – থাইৰ’টস্কিকোচিচ, নানাধৰণৰ টিউমাৰ, কেঞ্চাৰ, কাৰচিনয়ড চিনড্ৰম, এক্ৰমেগালি, যি কোনো কাৰণত হোৱা জ্বৰ, টিবি,বক্ষ ৰোগ, ডায়েবেটিজ, গাউট, পাৰকিচনিজম, মেনোপ'জ, মাৰ্কাৰী পইজনিং আদি৷ এনে অৱস্থাক Secondary Generalized Hyperhidrosis বুলিব পাৰি৷ আন হাতে কোনো মেডিকেল কাৰণ নোহোৱাকৈ অতিৰিক্ত ঘাম ওলোৱা অৱস্থাক Primary Focal Hyperhidrosis বোলে৷ প্ৰাইমেৰী হাইপাৰহাইড্ৰচিচৰ বিশেষত্ব হ'ল - ইয়াৰ লক্ষণসমূহ সাধাৰণতে দুয়োফালে সমান হয়৷ ঘামে দৈনন্দিন জীৱনত ব্যাঘাট ঘটায়৷ সপ্তাহত কমেও এদিন অতিৰিক্তভাবে ঘামে৷ সাধাৰণতে ২৫বছৰ বয়সৰ আগতেই লক্ষণসমূহ পৰিস্ফুট হয়৷ সাধাৰণতে পৰিয়ালত একে লক্ষণ আন সদস্যৰো দেখা যায়৷ নিদ্ৰামগ্ন অৱস্থাত সাধাৰণতে ঘাম নোলায়৷ প্ৰাইমেৰী হাইপাৰহাইড্ৰচিচৰ আৰু কিছুমান লক্ষণীয় দিশ হ'ল - চিন্তা -দূৰ্ভাৱনা হলে গৰম-ঠাণ্ডা ব্যতিৰেকে বেচি ঘামে ৷ আনকি কিছুমান দ্ৰব্যৰ ঘ্ৰাণেও ঘাম ওলিওৱা অৱস্থা কৰিব পাৰে৷ কফি,নিকোটিন,গৰম মছলা আদিৰ সেৱনে বেচিকৈ ঘাম ওলিয়ায়৷ আকৌ ভেচলিন, গ্লিচাৰিন, লেচিথিন, প্ৰপাইলিন গ্লাইকল আদিৰ ব্যৱহাৰে শৰীৰৰ পৰা বেচিকৈ ঘাম বাহিৰ কৰা দেখা যায়৷
প্ৰাইমেৰী হাইপাৰহাইড্ৰচিচৰ ডায়গ্নচিচ বা চিনাক্তকৰণ মুঠেই জটিল নহয়৷ প্ৰয়োজন সাপেক্ষে চিকিৎসকে 'ষ্টাৰ্চ-আয়ডিন' বা 'পেপাৰ টেষ্ট' - এই দুবিধ পৰীক্ষাও কৰিব পাৰে৷ কিন্ত জৰুৰী কথা হ'ল আগতে উল্লেখ কৰা আন ৰোগৰ ফলত যে ব্যক্তিজনে ঘমা নাই সেইটো নিশ্চিত হোৱা৷
চিকিৎসা নকৰিলে হব পৰা জটিলতাসমূহ এনেধৰণৰ - শীতল আৰু অৱশ হাতৰ স্পৰ্শ, ডিহাইড্ৰেচন, ছালত সংক্ৰমণ, বেক্টেৰিয়া-ইষ্ট আদিয়ে দূৰ্গন্ধৰ সৃষ্টি কৰা, মূৰত উফি হোৱা, মুখ মণ্ডলত শালমন ওলোৱা আদি৷
১০%ৰ পৰা ২০% এলুনিনিয়াম ক্লৰাইড হেস্কাহাইড্ৰেট বাহ্যিকভাবে প্ৰয়োগ কৰিলে এসপ্তাহমানত ঘাম ওলোৱা আশিংকভাবে কমিবলৈ ধৰে৷ এনে ৰাসায়নিক দ্ৰব্যক "Antiperspirant" বোলে৷ ইয়াৰ অসুবিধা হ'ল - ছালত জ্বলা-পূৰাৰ অনুভৱ হয় আৰু কাপোৰত দাগ লাগে৷
আইনোট্ৰফৰেচিচ বা বিদ্যু প্ৰবাহৰ দ্বাৰা চিকিৎসা কৰাৰ পদ্ধতি ১৯৫০চনৰ পৰা চলি আহিছে৷ ৰোগীয়ে এই সাধাৰণ যন্ত্ৰটো নিজৰ ব্যৱহাৰৰ বাবে কিনি লবলগীয়া হয় আৰু ই ইঞ্চিঅ'ৰেঞ্চৰ মান্যতাপ্ৰাপ্ত৷ এনে চিকিৎসাত হাতৰ বা ভৰিৰ তলুৱাত ১০ৰ পৰা ২০মিনিট সময় বিদ্যু প্ৰবাহিত কৰা হয় সপ্তাহত ৩৷৪দিন কেই সপ্তাহমানলৈ যাৰ ফলত ঘাম ওলোৱা গ্ৰন্থিবোৰ অৱৰোধ হয়৷ গৰ্ভৱতী মহিলা আৰু পেচমেকাৰ ব্যৱহাৰ কৰা ৰোগীৰ ক্ষেত্ৰত ই ব্যৱহৃত নহয়৷
খোৱা এন্টিক’লিনাৰ্জিক ঔষধৰ প্ৰয়োগে ভালেখিনি উপশম ঘটোৱা পৰিলক্ষিত হয়৷ কিন্তু ইয়াৰ পাৰ্শ্বক্ৰিয়া হ'ল মুখখন শুকাই যোৱা, দৃষ্টিশক্তিত বিজুতি ঘটা,মূৰঘুৰণি, প্ৰসাৱ বন্ধ হোৱা আদি৷ এটা সময়ত আমাৰ দেশত গেষ্ট্ৰাইটিচ, পেপ্টিক আলচাৰৰ চিকিৎসাত এনে জাতীয় ঔষধৰ ব্যাপক প্ৰয়োগ হৈছিল৷ তাৰ কেইটামান সেই সময়ৰ বহুল প্ৰচলিত নাম হ'ল বেলাডোনা ৰিটাৰ্ড(চেণ্ডজৰ দ্বাৰা নিৰ্মিত) ,এন্ট্ৰেনিল ডুপ্লেস্ক (চিবা কোম্পানীৰ দ্বাৰা নিৰ্মিত), প্ৰবেনথিন ( চাৰ্লেৰ দ্বাৰা নিৰ্মিত)৷এতিয়া বজাৰতউপলব্ধ এন্টিক’লিনাৰ্জিক দৰব কিছুমান হ'ল গ্লাইকোপাইৰ'লেট ('ৰবিনেল'), অস্কিবুটাইনিন('ডাইট্ৰপান'), প্ৰপানথলিনব্ৰমাইড('প্ৰবেনথিন'), বেঞ্জট্ৰপিন (কগেনটিন), মিথানথেলিন৷এইক্ষেত্ৰত আমাৰ কবলগীয়া কথা হ'ল যে ৰোগীয়ে নিজাববীয়াকৈ ডাক্তৰৰ পৰামৰ্শ নোলোৱাকৈ কোনো দৰব ব্যৱহাৰ কৰিব নালাগে৷ চিকিৎসকে প্ৰতিজন ব্যক্তিয়ে খাবলগীয়া দৰবৰ পৰিমাণ, সময় আদি নিৰ্ধাৰণ কৰি দিব৷ এনে ঔষধৰ প্ৰয়োগ বিশেষ দিনৰ বাবে (যেনে বিবাহ, উৎসৱ, পাৰ্টি) বাবে সীমাবদ্ধ ৰাখিব পাৰিলে ভাল৷
বটস্ক বেজী হ'ল বটুলনিয়াম টাইপ-এ নামৰ নাৰ্ভৰ টস্কিন যাৰ প্ৰয়োগে ঘাম ওলোৱা গন্থিৰ স্নায়ুৰ সংযোগ বিছিন্ন কৰি ঘাম ওলোৱা কমায়৷ইয়াৰ ওপৰিও বটস্ক বেজীৰ আজিকালি কচমেটিকত বহুল প্ৰয়োগ হয় বিশেষকৈ মূখমণ্ডলত পৰা বয়সৰ ছাপ (Wrinkles) আতৰ কৰিবলৈ৷কিছুমান মূৰৰ বিষৰ চিকিৎসাটো বটস্ক বেজী ব্যৱহৃত হয়৷ঘাইকৈ কাষলতিৰ ঘাম ওলোৱা কমাবলৈ কাষলতিৰ তলত ২০৷২৫ ঠাইত এই বেজী দিলে ৬ৰ পৰা ৯মাহলৈ ফলপ্ৰসু লাভ পোৱা যায়৷
অস্ত্ৰোপচাৰ পদ্ধতিত নিৰ্দিষ্ট ঘাম ওলোৱা গ্ৰন্থিক বিভিন্ন পদ্ধতিৰে (যেনে কাটি আতৰাই পেলোৱা - লাইপ'চাকচন,কটৰাইজ কৰা,লেজাৰৰ প্ৰয়োগ কৰি) বিকল কৰা হয়৷ এণ্ডোস্কপিক থোৰাচিক চিম্পেথেক্টমী (ETS) শৰীৰৰ ওপৰৰ অংশৰ আৰু লাম্বাৰ চিম্পেথেক্টমী (LS) শৰীৰৰ নিম্ন অংশৰ ঘাম ওলোৱা বন্ধ কৰিবলৈ ফলপ্ৰসু ব্যৱস্থা৷ অপাৰেচন কৰা প্ৰায় ৯৫শতাংশ ৰোগীৰ ক্ষেত্ৰতেই ৯৭শতাংশ উপশম হোৱা দেখা গৈছে৷ কেতিয়াবা নাৰ্ভডাল নাকাটি বান্ধিও ৰখা হয় যাতে পিছত কিবা আৱশ্যক হলে নাৰ্ভডাল পুনৰ সক্ৰিয় কৰিব পাৰি৷ ২০শতাংশৰ পৰা ৮০শতাংশ অস্ত্ৰোপচাৰ কৰা ৰোগীৰ ক্ষেত্ৰত দেখা দিয়া পাৰ্শ্বক্ৰিয়া হ'ল- শৰীৰৰ আন অংশত বেচিকৈ ঘাম ওলাব ধৰা (Compensatory Sweating )৷
২০১১চনৰ পৰা আমেৰিকাত ইলেক্ট্ৰমেগনেটিক ডিভাইচ (মিৰাড্ৰাই )ৰ প্ৰয়োগ কাষলতিৰ ঘাম ওলোৱা বন্ধ কৰিবলৈ ব্যৱহাৰ কৰি আহিছে৷ এই পদ্ধতিত ঘাম ওলোৱা গ্ৰন্থিক উত্তাপ দি ( Thermolysis) অৱৰোধ কৰা হয়৷
মোখনিত এটা কথা সকলোকে জনাব খোজোঁ যে ইন্টাৰনেশ্বনেল হাইপাৰ হাইড্ৰচিচ চ'চাইটি (www.sweathelp.org) নামৰ স্বেচ্ছাসেৱী সংগঠনে বিশ্ব যি কোনো দেশৰ লোককে নানাধৰণৰ বিনামূলীয়া চিকিৎসা পৰামৰ্শ আগবঢ়াই আহিছে৷ ইচ্ছুক লোককলে সকলে যোগাযোগ কৰি উপকৃত হব পাৰে৷
এই বিষয়ে আজিলৈ ইমানেই৷ আৰু অধিক তথ্য পালে পৰবৰ্তী সময়ত পাঠকসকলক অৱগত কৰিম৷
লেখক দোহা, কাটাৰত কৰ্মৰত এগৰাকী বিশেষজ্ঞ চিকিৎসক
No comments:
Post a Comment