মতামত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মতামত

মতামত

Share This
জনপ্ৰিয় চৰকাৰৰ প্ৰকৃত স্বৰূপ
ৰক্তিম শৰ্মা
বিগত কংগ্ৰেছ চৰকাৰখন গণবিৰোধী চৰকাৰ আছিল । দুৰ্নীতিৰ বিৰুদ্ধে সৃষ্টি হোৱা জনজাগৰণৰ ফলত কোনো দিনে দুৰ্নীতিৰ বিৰুদ্ধে মাত নমতা, আনকি জন-লোকপালৰ দাবীৰ বিৰোধীতা কৰা বিজেপিয়ে
এক বিকল্পহীন অৱস্থাত চৰকাৰ কৰাৰ সুযোগ পালে। তেনেকৈয়ে মোডী চৰকাৰ জনগণৰ চৰকাৰ বুলি বহুল প্ৰচাৰ হল । বিগত ছমাহত মোডীয়ে বহুত জনসভাত ভাষণ দিলে । তেখেতৰ বাকপটুতাত জনগণ মুগ্ধ হৈ আচ্ছে দিনৰ সপোন দেখিবলৈ ধৰিলে । ভাৰতৰ ভয়ংকৰ সমস্যা দুৰ্নীতি প্ৰতিৰোধৰ বাবে চমক সৃষ্টি কৰা দেখা গল মোডীয়ে । কিন্তু ছমাহ সম্পূৰ্ণ হোৱাৰ পিছতো দুৰ্নীতি নিৰোধক আইনখন সংশোধন কৰাৰ কোনো চেষ্টাই দেখা নগ'ল চৰকাৰখনৰ ।

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে ২ জি স্পেকট্ৰাম গোছৰত দেশত দুৰ্নীতি প্ৰতিৰোধ কৰিব নোৱাৰাৰ অন্যতম অন্তৰায় এই আইনখন সংশোধন কৰিবলৈ চৰকাৰক আহ্বান জনাইছিল । যিখন আইনৰ বাবে দুৰ্নীতি গোচৰত চৰকাৰী মন্ত্ৰী- আমোলাৰ বিৰূদ্ধে আৰক্ষীয়ে চাৰ্জশ্বীট দিব নোৱাৰে, গ্ৰেপ্তাৰ কৰিব নোৱাৰে উৰ্ধতম বিষয়াৰ অনুমোদৰ অবিহনে । কংগ্ৰেছে সেই আইনখন সংশোধন নকৰিলে কাৰণ দুৰ্নীতিগ্ৰস্থ আমোলাতন্ত্ৰ এটা শাসক গোষ্ঠীক সদায় প্ৰয়োজন । বিজেপিও সংশোধন কৰাৰ কোনো ইচ্ছা দেখা নাই ।ইয়াৰ পিছতো প্ৰকৃততে মোডী জনগণৰ চৰকাৰ হয়নে বুলি প্ৰশ্ন নুঠিবনে ?


কংগ্ৰেছে অল ক্লীয়াৰ অভিযানত সন্ধানহীন আলফা নেতা- কেডাৰৰ সন্ধান দিব নোৱাৰিলে । হত্যা কৰা হল বুলি স্পষ্টিকৰণো দিব নোৱাৰিলে কিয়নো তেনে কৰিলে আন নহলেও কেইজনমান সেনা বিষয়াৰ ওপৰত হত্যাৰ গোচৰ চলিব । কংগ্ৰেছৰ দৰেই মোডী চৰকাৰেও আলফাৰ সন্ধান আলফাইহে জানে বুলি দায় সাৰিব খুজিছে!

যদি প্ৰকৃততে জনগণৰ চৰকাৰ হলেহেতেন কিয় সেনা বিষয়া কেইজনৰ বিৰূদ্ধে একো ব্যৱস্থা নললে । জনগণৰ চৰকাৰ বুলি ফিতাহি মৰাসকলে পিতৃহীনা-স্বামীহীনা সকলক কিয় ক্ষমা খুজি অন্ততঃ চৰকাৰী সাহাৰ্য দিব বুলি ঘোষণা কৰিব নোৱাৰিলে । নোৱাৰে কাৰণ যি চৰকাৰেই নাহক, আমোলাতন্ত্ৰটোক ভয় কৰে । গতিকে প্ৰয়োজন হয় দুৰ্নীতি কৰাৰ অবাধ ক্ষমতা প্ৰদানৰ । জনগণক শোষণ আৰু দমনৰ অন্যতম যন্ত্ৰ এই আমোলাতন্ত্ৰটো । এই ব্যৱস্থাটোৰ অন্যতম অংগ সেনাবাহিনী । এইসকলেই কংগ্ৰেছ বিজেপিৰ দৰে সাম্ৰাজ্যবাদীৰ বহতীয়া প্ৰতিখন চৰকাৰৰ প্ৰতিটো পৰিকল্পনা বাস্তবায়িত কৰে । আৰু নিজৰ স্বাৰ্থৰ বাবে খোজে খোজে খৰ্ব কৰে আইন , ন্যায়ালয় আৰু সংবিধানক । এয়াই জনপ্ৰিয় চৰকাৰৰ প্ৰকৃত স্বৰূপ ।

No comments:

Post a Comment