পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. গোৱালপাৰা জিলাৰ আগিয়া অঞ্চলৰ ৰামপুৰৰ বাদুংদুপ্পা কলা কেন্দ্ৰত কালিৰে পৰা আৰম্ভ হোৱা তিনিদিনীয়া নাট মহোৎসৱ উদ্বোধন কৰিলে বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিয়ে। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ডীন অভিলাষ পিল্লাই, বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াকে ধৰি সুধীজনে অংশ লোৱা এই উদ্বোধনী অনুষ্ঠানত শালনিৰ মাজৰ সম্পূৰ্ণ প্ৰাকৃতিক পৰিবেশত অনুষ্ঠিত ব্যতিক্ৰমী প্ৰচেষ্টাৰ শলাগ লয় বৰগোহাঞিদেৱে। উদ্বোধনৰ লগে লগেই বাদুংদুপ্পা কলাকেন্দ্ৰৰ সঞ্চালক তথা বিছমিল্লা খাঁ যুৱ বঁটাৰে সন্মানিত শিল্পী শুক্ৰাচাৰ্য ৰাভাৰ ৰাভা ভাষাৰ নাট “ৰিডম অৱ দ্য ভেলী” প্ৰদৰ্শিত হয়। “আণ্ডাৰ দ্য ছাল ট্ৰী” শীৰ্ষক থিয়েটাৰ ইন-নেচাৰ নামেৰে প্ৰতিবছৰে অনুষ্ঠিত এই নাট মহোৎসৱে ইতিমধ্যেই বহু দেশী বিদেশী সমালোচকৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।

২. নেশ্যনেল বুক ট্ৰাষ্টে কেইবাটাও ভাষাত প্ৰকাশ কৰা তথা মহাৰাষ্ট্ৰতো হিন্দী সংস্কৰণটো দ্ৰুতপাঠ্য হোৱা “ঢেঁকীয়াপতীয়া নাচ” গ্ৰন্থখনৰ জনপ্ৰিয় লেখক শোণিতপুৰৰ বিহালীৰ দিলীপ কুমাৰ বৰুৱালৈ অকণিৰ সাহিত্য সভাই আগবঢ়াইছে ২০১৪ চনৰ অসমীয়া শিশু সাহিত্য বঁটা। অহা ২৮ ডিচেম্বৰত প্ৰতিবছৰে কবি নৱকান্ত বৰুৱাৰ জন্মদিনৰ সৈতে সংগতি ৰাখি আয়োজন কৰা “কবিতাৰ দিন”ৰ অনুষ্ঠানতে এই বঁটা নগাঁও প্ৰেছ ক্লাৱত প্ৰদান কৰা হব। 

৩. অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক কৰ্মচাৰী সকলৰ বাবে সুখবৰ। কৰ্মচাৰী সকললৈ মাঘ বিহুৰ আগে আগে দৰমহা সংশোধনীৰ বাবদ পাব লগা বকেয়াৰ ছমাহৰ ধন মোকোলাই দিবলৈ অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ বাবে চলিত বিধানসভাৰ শীতকালীন অধিবেশনত ৩৫০টকাৰ পৰিপূৰক মঞ্জুৰি বিচৰাৰ খবৰো সংবাদ পত্ৰত প্ৰকাশ পাইছে।

৪. কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ সংসদীয় দলৰ বৈঠকত সাংসদ সকলক “লক্ষ্মণৰেখা পাৰ” নকৰিবলৈ সঁকিয়নী দিয়া বুলি জানিব পৰা গৈছে। বিকাশ আৰু পৰিবৰ্তনৰ বাণীৰে শাসনলৈ অহা দলটোৰ সাংসদ কেইগৰাকীমানৰ জিভা পিছলা আৰু হিন্দুত্ববাদী আগ্ৰাসী বক্তব্যৰ বাবে সংসদত তুমুল প্ৰত্যাহ্বানৰ সন্মুখীন হব লগা হোৱাৰ লগতে চৰকাৰখন বিকাশ আৰু পৰিবৰ্তনৰ পথৰ পৰা বিচ্যুত হোৱাৰ অভিযোগ উঠিছিল।

৫. ইতিমধ্যেই শতবৰ্ষত পদাৰ্পণ কৰা তেজপুৰৰ প্ৰাচীন সামাজিক অনুষ্ঠান অসমীয়া ক্লাৱৰ উদ্যোগত আৰু তেজপুৰ চলচ্চিত্ৰ মঞ্চৰ উদ্যোগত অসমীয়া ক্লাৱৰ প্ৰয়াত বালিৰাম লহকৰ প্ৰেক্ষাগৃহত অহা ২৪-২৮ ডিচেম্বৰলৈ আয়োজিত হৈছে তেজপুৰ চলচ্চিত্ৰ মহোৎসৱৰ। তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ মিহিৰকান্তি চৌধুৰীয়ে উদ্বোধন কৰিব লগা মহোৎসৱখনি জাহ্নু বৰুৱাৰ “ফিৰিঙতি”ৰে শুভাৰম্ভ আৰু আনোৱাৰ হুছেইনৰ “সৰাপাত” নামৰ চলচ্চিত্ৰৰে সামৰণি পৰিব। ইয়াত বিভিন্ন ভাষাৰ কেইবাখনো দেশী-বিদেশী ছবিও প্ৰদৰ্শিত হব।

৬. ভাৰতৰ বেংগেলুৰুৰ পৰা আইছিছ সন্ত্ৰাসবাদীৰ সমৰ্থনত প্ৰচাৰ চলোৱা টুইটাৰ একাউণ্ট ধৰা পৰাৰ পাছত গৃহ মন্ত্ৰালয়ে কালি আইছিছ সংগঠনক ভাৰতত নিষিদ্ধ ঘোষণা কৰিছে। কালি পাকিস্তানৰ পেছোৱাত হোৱা ১৪৬গৰাকীকৈ শিশু তালিবানৰ নিশংসতাত প্ৰাণ হেৰুওৱা ঘটনাক লৈও ভাৰতৰ সৰ্বস্তৰৰ লোকে ছ’চিয়েল মেডিয়া যোগে প্ৰতিবাদ কৰিছে আৰু আজি সংসদ তথা প্ৰতিখন স্কুলতো নিহত সকলৰ বাবে মৌন প্ৰাৰ্থনাৰ ব্যৱস্থা কৰা হৈছে। লগতে ভাৰতৰ স্কুল সমূহতো সুৰক্ষা ব্যৱস্থাৰ প্ৰতি সতৰ্কতামূলক ব্যৱস্থা লোৱাৰ নিৰ্দেশ জাৰি কৰা হৈছে।

৭. ভাৰতীয় মূলৰ আমেৰিকান ডাঃ বিবেক মূৰ্তিক “ছাৰ্জন জেনেৰেল” ৰূপে ওবামাই দিয়া নিযুক্তিত আমেৰিকান ছিনেটে অনুমোদন দিয়াৰ সুখবৰ। ৩৭ বছৰীয়া ডাঃ মূৰ্তিয়ে আমেৰিকাত সৰ্ব-কনিষ্ঠ ছাৰ্জন জেনেৰেল হোৱাৰ গৌৰৱ আৰ্জন কৰা বুলি বাতৰি প্ৰকাশিত হৈছে।

৮. অসমৰ শিক্ষা বিভাগে বিদ্যালয় প্ৰাদেশিকীকৰণ আইনৰ খেলিমেলি তথা আঁসোৱাহ সমূহ দূৰ কৰাৰ বাবে শিক্ষাবিদৰ নেতৃত্বত এখনি কমিটি গঠন কৰিব। এই কমিটিৰ পৰামৰ্শমতেহে এই বিষয়ত কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হব বুলি কালি বিধান সভাত প্ৰকাশ কৰিলে শিক্ষামন্ত্ৰী প্ৰদ্যুত বৰদলৈয়ে।

৯. দুলীয়াজানৰ বিহুতলী প্ৰাংগণত অনুষ্ঠিত হোৱা দ্বাদশ দুলীয়াজান ৰাষ্ট্ৰীয় গ্ৰন্থমেলাৰ দ্বিতীয়দিনা কালি দুলীয়াজানৰ আঠ গৰাকীকৈ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। দুলীয়াজান মহাবিদ্যালয়ৰ সহ-অধ্যাপক ডঃ দীপক গগৈৰ সঞ্চালনাত “সাহিত্য আৰু সংস্কৃতিত ঔদ্যোগিকৰণৰ প্ৰভাৱ” শীৰ্ষক এখনি আলোচনাচক্ৰও অনুষ্ঠিত হয়। 

১০. নলবাৰীৰ বাসনা সাহিত্য গোষ্ঠীয়ে প্ৰকাশ কৰি উলিওৱা আৰু ডঃ ভূপেন দাস, নিপজ্যোতি মেধিয়ে সম্পাদনা কৰি উলিওৱা “কুৰিগৰাকী প্ৰখ্যাত সাহিত্যিক” নামৰ জীৱনী গ্ৰন্থখন অহা ১৮ ডিচেম্বৰত সাংস্কৃতিক মহাসভাৰ উদ্যোগত আয়োজিত এক সভাত উন্মোচন কৰিব সাহিত্যিক ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যই। যোৱা দেওবাৰে পাটাছাৰকুছি শাখা সাহিত্য সভাৰ অধিবেশনত উন্মোচিত হয় বৰপেটা জিলা সাহিত্য সভাই প্ৰকাশ কৰি উলিওৱা পবিত্ৰ কাকতিৰ উপন্যাস “এখন আধা লিখা চিঠি”।

No comments:

Post a Comment