বিশেষজ্ঞৰ লেখাঃ (স্বাস্থ্য) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশেষজ্ঞৰ লেখাঃ (স্বাস্থ্য)

বিশেষজ্ঞৰ লেখাঃ (স্বাস্থ্য)

Share This
চিক'ল চেল ডিজিজঃ
 যেতিয়া ৰক্ত কণিকাৰ আকৃতি কাঁচিৰ দৰে হয় 
ডা০ ভূপেন শইকীয়া

৩১আগষ্ট ২০১৪ তাৰিখৰ ইণ্ডিয়ান এক্সপ্ৰেছ, দি হিন্দু, টাইমচ অৱ ইণ্ডিয়া আদি সংবাদপত্ৰত গুৰুত্ব সহকাৰে এটি বাতৰি প্ৰকাশিত হৈছিল৷ তাত কোৱা হৈছিল - জাপান ভ্ৰমণৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ক’য়টো ইউনিভাৰ্চিটিলৈ গৈ ২০১২চনৰ ন'বেল বঁটা বিজয়ী শ্বিন্যা য়ামানাকাক সাক্ষাৎ কৰে৷ ষ্টেম-চেলৰ অগ্ৰণী এই গবেষকজনৰ প্ৰয়োগশালাত মোডীয়ে মাইক্ৰস্ক'পত চকু দিয়ে৷ আলোচনাত মোডীয়ে ভাৰতবৰ্ষৰ ট্ৰাইবেল জনতাৰ মাজত ব্যাপ্ত চিকল চেল এনিমিয়াৰ প্ৰতিকাৰৰ ক্ষেত্ৰত জাপানৰ প্ৰযুক্তিৰ সহায় বিচাৰে৷ অসমৰ সংবাদ পত্ৰসমূহত এই বাতৰিটো ওলোৱা আমাৰ চকুত নপৰিল৷ কাৰোবাৰ দৃষ্টিগোচৰ হৈছিল যদি আমাৰ ভ্ৰান্তি দূৰ কৰে যেন৷

প্ৰশ্ন হ'ল চিক’ল চেল এনিমিয়া বা চিক’ল চেল ডিজিজনো কি ? অসমৰ চাহ বাগানৰ বনুৱাৰ মাজত আৰু সামান্য কিছু পৰিমানে আন লোকৰ মাজতো চিক’ল চেল এনিমিয়া আছে বুলি জনা যায়৷ ভাৰতবৰ্ষৰ গুজৰাট, মহাৰাষ্ট্ৰ, ওৰিষ্যা, মধ্যপ্ৰদেশ, ছত্তিছগড়,তামিলনাডু আৰু কেৰেলাৰ ট্ৰাইবেল লোকৰ মাজত এইবিধ ৰোগ দেখা যায়৷ বিশ্বৰ অন্যান্য ৰোগাক্ৰান্ত অঞ্চলসমূহ হ'ল - আফ্ৰিকা, ভূমধ্য সাগৰীয় অঞ্চল, চৌডি আৰব, ৱেষ্ট ইণ্ডিজ, উত্তৰ আৰু মধ্য আমেৰিকা, ব্ৰাজিল, কিউবা, ফ্ৰান্স আদি৷ ই হ'ল এটি বংশানুক্ৰমে চলা জেনেটিক ৰোগ৷ চিকিৎসা বিজ্ঞানৰ ভাষাত Autosomal recessive inheritance বুলি কয়৷ সহজ ভাষাত কবলৈ হলে পিতৃ আৰু মাতৃ উভয়ৰে পৰা বিজুতি থকা জিন সন্তানলৈ আহিলে সন্তানৰ গাত ৰোগে দেখা দিয়ে৷ পিতৃ-মাতৃৰ ভিতৰৰ এজনে চিক’ল চেল জিন সন্তানলৈ প্ৰেৰণ কৰিলে সন্তানজন অসুখত নোভোগে, বৰঞ্চ তেওঁ ৰোগৰ বাহক (Carrier) হৈ পৰে৷ তেওঁৰ ৰক্তত স্বাভাবিক হিমগ্লবিন থকাৰ ওপৰিও কিছু পৰিমাণে বিজুতিযুক্ত চিক’ল চেলো থাকে৷ এনে অৱস্থাক "চিক’ল চেল ট্ৰেইট" বোলে৷ চিক’ল চেল ট্ৰেইট থকা লোকে নিজৰ সতি-সন্তানলৈ বিজুতি থকা জিন প্ৰেৰণ কৰে৷ আকৌ দুজন চিক’ল চেল ট্ৰেইট থকা দম্পত্তিৰ সন্তানৰ ২৫শতাংশ চিকল চেল এনিমিয়াৰ ৰোগী; ২৫শতাংশ স্বাভাবিক হিমগ্লবিন যুক্ত; ৫০শতাংশ কেৰিয়াৰ হোৱা পৰিলক্ষিত হয়৷ তলৰ সংলগ্ন চিত্ৰসমূহ চালে কথাখিনি পাঠকৰ সহজে বোধগম্য হব৷
আফ্ৰিকান আমেৰিকানসকলৰ প্ৰতি ৫০০ নৱজাতকৰ ভিতৰত এজনৰ চিক’ল চেল এনিমিয়া ৰোগ হোৱা পৰিলক্ষিত হয়৷ আকৌ প্ৰতি ১২জনৰ ভিতৰত এজন আফ্ৰিকান আমেৰিকানৰ চিক’ল চেল ট্ৰেইট দেখা যায়৷ আজিকালি আমেৰিকাত প্ৰত্যেক নৱজাতকৰ তেজৰ ইলেকট্ৰফৰেচিচ কৰি হিমগ্লবিন টাইপ নিৰ্ণয় কৰে৷

পাঠকসকলক এই চেগতে জনাব খোজোঁ যে প্ৰাপ্তবয়স্কৰ স্বাভাবিক হিমগ্লবিন হ'ল Hb-A ৷ ভ্ৰুণত আৰু নৱজাতকৰ হিমগ্লবিনৰ টাইপটো হ'ল Hb –F৷ কিছুমান প্ৰাপ্তবয়স্কৰ Hb- A2 কম পৰিমানে দেখা যায়৷থেলাচেমিয়া ৰোগীৰ Hb-Aকম আৰু Hb-F বেচি দেখা যায়৷ অসমত বুজন সংখ্যক লোকৰ থেলাচেমিয়া আছে৷ কমেও ৩৫০বিধ অস্বাভাবিক হিমগ্লবিনৰ ভিতৰত কিছুমান হ'ল : Hb -S চিকল চেল ডিজিজৰ সৈতে জড়িত৷ Hb – D কিছুমান চিকল চেল ডিজিজত দেখা যায়৷ Hb – C য়ে অক্সিজেন ভালদৰে বহন কৰিব নোৱাৰে৷ Hb -E কিছমান দক্ষিণ পূৱ এচিয়াৰ লোকৰ তেজত দেখা যায়৷ ইলেকট্ৰফৰেচিচৰ দ্বাৰা হিমগ্লবিনৰ প্ৰজাতি চিনাক্ত কৰা হয়৷

আশ্চৰ্য্যজনক কথা পশ্চিম আফ্ৰিকাৰ আদিবাসীলোকৰ মাজত কেইবা শতিকাৰ পৰা চিক’ল চেল ডিজিজৰ বিষয়ে জ্ঞান আছিল আৰু এই ৰোগক নানা থলুৱা দোৱানেৰে মাতিছিল৷ ১৯১০চনত আমেৰিকান চিকিৎসক জেমছ বি হেৰিকে ৱেষ্ট ইণ্ডিজৰ এজন এনিমিয়া হোৱা ৰোগীৰ কাঁচি আকৃতিৰ ৰক্তকোষ থকা বুলি পোন প্ৰথম বাৰৰ বাবে নিজৰ লিখনিত ব্যক্ত কৰিছিল৷ এইখিনিতে পাঠকসকলক জনাওঁ যে তেজৰ ৰক্ত কণিকাৰ (Red Blood Cellৰ ) আকৃতি ঘূৰণীয়া আৰু ই কোমল আৰু অতি সহজে তেজৰ ক্ষুদ্ৰ নলী সমূহৰ মাজেৰে প্ৰবাহিত হব পাৰে৷ তেজৰ ৰক্ত কণিকাৰ কাম হ'ল হাওঁফাওঁৰ বিশুদ্ধ অস্কিজেনক শৰীৰৰ বিভিন্ন কোষলৈ লৈ যোৱা৷ ইয়াৰ বিপৰীতে যেতিয়া ইয়াৰ আকৃতি কাঁচিৰ দৰে (Sickle-shaped) হয়, ই কঠুৱা, সহজে ভংগুৰ আৰু ক্ষুদ্ৰ নলী সমূহৰ মাজেৰে প্ৰবাহিত সহজে হব নোৱৰা হৈ সমস্যাৰ অৰ্থাৎ ৰোগৰ লক্ষণসমূহ উৎপন্ন কৰে৷ কাঁচিৰ আকৃতিৰ কণিকা ভাঙি গলে সহজে গোট মাৰে বা লডা বান্ধে (Clot formation)৷ ইয়াৰ ওপৰিও স্বাভাবিক ৰক্তকণিকাৰ আয়ু ১২০দিন, কিন্ত চিকল চেলৰ আয়ু বৰ বেচি কুৰি দিন৷ যাৰ ফলত ৰক্তহীনতা বা এনিমিয়াই দেখা দিয়ে আৰু ৰোগীয়ে সকলো সময়তে ক্লান্তিবোধ কৰে৷

১৯২২ চনত ভেমে মেচন নামৰ বিজ্ঞানীজনে চিক’ল চেল এনিমিয়াৰ পুনৰ বৰ্ণনা আগবঢ়ায়৷ এই ৰোগ বংশ গতিৰ লগত জড়িত বুলি ১৯৪০-১৯৫০চনত চিনাক্ত কৰা হয়৷ ১৯৯৫চনত হাইড্ৰক্সিইউৰিয়া নামৰ ঔষধে চিক’ল চেল এনিমিয়া ৰোগত বহুলাংশে উপকাৰ কৰাৰ কথা প্ৰমাণিত হয়৷ ২০০৭চনত ব’ন মেৰো ট্ৰান্সপ্লান্টে (Bone Marrow Transplant) এই ৰোগৰ চিকিৎসাৰ নতুন সম্ভাৱনাৰ দুৱাৰ উন্মোচন কৰে৷

চিক’ল চেল ডিজিজৰ লক্ষণসমূহ জন্মৰ ৬মাহ মানৰ পিছৰ পৰা এটা দুটাকৈ দেখা দিব ধৰে৷ আগৰ দিনত এনে ৰোগীৰ আয়ুস কষ্টপ্ৰদ জীৱনৰ সৈতে ডেৰকুৰি হোৱাৰ বিপৰীতে আজিৰ আধুনিক চিকিৎসাৰ ফলত কম কষ্টদায়ক আয়ুস আঢৈ কুৰিৰ ওপৰ হোৱাটো সম্ভৱপৰ হৈছে৷ লক্ষণসমূহ হস্ৰকালীন বা দীৰ্ঘকলীন, সাধাৰণ বা গুৰুতৰ হব পাৰে৷ যি কোনো গুৰুতৰ অৱস্থাক সংকট কাল বা ক্ৰাইচিচ বুলি আখ্যা দিয়া হয়৷

এনিমিয়াৰ পিছত দেখা পোৱা জৰুৰী লক্ষণ হ'ল বিষ৷ চিক’ল চেলে বুকুৰ, পেটৰ, গাঠিৰ তেজৰ ক্ষুদ্ৰ নলীসমূহ অৱৰোধ কৰাৰ ফলত বুকুত, পেটত, গাঠিত, হাঁড়ত বিষ অনুভৱ হব পাৰে৷ বিষত তীব্ৰতা সামান্যৰ পৰা চিকিৎসালয়ত ভৰ্তি হবলগীয়াকৈ বেচি হব পাৰে৷ হাত বা ভৰি ফুলি উঠাতো কোনোবা ৰোগীৰ চিকল চেল ডিজিজৰ প্ৰথম লক্ষণো হব পাৰে৷

সঘনাই হোৱা সংক্ৰমন (Infection ) চিক’ল চেল ডিজিজৰ এক লক্ষণ৷ ৰোগ প্ৰতিৰোধত অৱদান আগবঢ়োৱা প্লীহাৰ ক্ষতিৰ ফলত এনে হব পাৰে৷ ৰোগ প্ৰতিৰোধক ছিটা আৰু এন্টিবায়টিকৰ ব্যৱহাৰ সেয়ে অতি জৰুৰী৷ অন্যথাই সাধাৰণ নিউমোনিয়া অসুখেও জীৱন বিপদাপন্ন কৰি তুলিব পাৰে৷ চিক’ল চেল ডিজিজৰ জটিল ৰূপ হ'ল - ষ্ট্ৰকৰ (Stroke ) ফলত হোৱা নানা পৰ্যায়ৰ পক্ষাঘাট৷ একিউট চেষ্ট চিনড্ৰমত উশাহ লোৱাত কষ্টহৈ মৃত্যু পৰ্যন্ত হব পাৰে৷ ৰেটিনা বিনষ্ট হোৱাৰ ফলত অন্ধতা, কিডনি বা আন যি কোনো অংগৰ গুৰুতৰ ক্ষতি, পুংজননান্দ্ৰৰ ক্ষতিৰ ফলত যৌন অক্ষমতা, জণ্ডিচ আৰু পিত্তত পাথৰ হোৱা, ভৰিত ঘা হোৱা আদি৷

চিক’ল চেল ডিজিজৰ প্ৰাদূৰ্ভাৱ কমাবলৈ লবলগীয়া সতৰ্কতাসমূহ : -

ধূম্ৰপান আৰু মদ্যপানৰ পৰা বিৰত থাকিব৷ মহিলা ৰোগীয়ে গৰ্ভনিৰোধক পিল নাখাব৷ উচ্চ অঞ্চললৈ ভ্ৰমণ কৰাৰ পৰা বিৰত থাকিব৷শাৰীৰিক,মানসিক আৰু পাৰিপাৰ্শ্বিক সকলো ধৰনৰ ষ্ট্ৰেচ পৰিহাৰ কৰি চলিব৷ যি কোনো সাধাৰণ যেন লগা সংক্ৰমনক অবহেলা নকৰি লগে লগে চিকিৎসা পৰামৰ্শ লওক৷নিয়মীয়া ব্যায়াম কৰক, কিন্তু অতি শ্ৰম কেতিয়াও নকৰিব৷ডিহাইড্ৰেচন নহবলৈ উপযুক্ত পৰিমানৰ জুলীয়া পদাৰ্থ গ্ৰহণ কৰক৷ চিকিৎসকৰ পৰামৰ্শ অনুযায়ী নিউমোনিয়া, ফ্লু আদিৰ ছিটা যথাসময়ত ৰোগীক দিয়াওক৷

থুলমুলকৈ চিকিৎসাৰ এটি আভাস এতিয়া দাঙি ধৰিম - যথোপযুক্ত এন্টিবায়টিক, বিষনাষক ননষ্টেৰইডেল এনালজেচিক, সময়ে সময়ে অস্কিজেন আৰু ৰক্ত প্ৰদান, প্ৰতিষেধক ছিটাৰ দ্বাৰা সুৰক্ষা, ফলিক এচিড, ভিটামিন আৰু প্ৰয়োজনীয় লাগতিয়াল নানাধৰণৰ সহায় যেনে চকুৰ চিকিৎসা,অপাৰেচন আদি৷

হাইড্ৰক্সিইউৰিয়া নামৰ ঔষধৰ দৈনিক প্ৰয়োগে সংকটকাল (Crisis) হ্ৰাস কৰে৷ এইবিধ দৰবে Hb -F উৎপন্ন হবলৈ প্ৰোৎসাহন যোগায় যাৰ ফলত তেজত Hb-S কম হবলৈ ধৰে৷ হাইড্ৰক্সিইউৰিয়া ব্যৱহাৰ কৰিলে কমকৈ ৰক্তদানৰ আৱশ্যকতা হয়৷ মুঠতে চিক’ল চেল ডিজিজৰ জটিলতা ৰোধ কৰাত এইবিধ ঔষধ উপযোগী সিদ্ধ হৈছে৷

ব'ন মেৰ' ট্ৰান্সপ্লান্ট বা ষ্টেম-চেল থিৰাপি এই ৰোগৰ এক যুগান্তকাৰী চিকিৎসা পদ্ধতি৷ পোনতে কেমথিৰাপি বা ৰেডিয়েচন দি চিক’ল চেলসমূহ বিনষ্ট কৰি লোৱা হয়৷ তাৰ পিছত ইন্ট্ৰাভেনাচ পদ্ধতিৰে শৰীৰত সুস্থ দাতাৰ পৰা সংগ্ৰহ কৰা ষ্টেম-চেল প্ৰদান কৰা হয়৷ ৰোগীৰ হাঁড়ৰ মজ্জাৰ পৰা এটা সময়ত স্বাভাবিক হিমগ্লবিন উৎপন্ন হবলৈ ধৰে৷ ট্ৰান্সপ্লান্টৰ পিছত ৰোগীয়ে চিকিৎসকৰ তত্বাবধানত থাকি কিছুমান দৰব সেৱন কৰিবলগীয়া হয় যাতে ষ্টেম-চেলখিনি অগ্ৰাহ্য (Rejection) নহয়৷

ইয়াৰ ওপৰিও দেখা গৈছে তেজত চৰ্বি কমোৱা 'ষ্টেটিন' জাতীয় দৰবে চিক’ল চেল এনিমিয়াৰ তেজ চলাচলৰ বিজুটি হ্ৰাস কৰে৷ নাইট্ৰিক এচিড গেছৰ প্ৰয়োগে ৰোগীৰ তেজৰ নলীৰ অৱৰোধ খোলাত সহায়ক হব নেকি তাৰো প্ৰয়োগ কৰি থকা হৈছে৷

আজিকালি গৰ্ভৱতী মহিলাৰ এমনিয়টিক ফ্লুইড পৰীক্ষা কৰিও গৰ্ভস্থ সন্তানৰ হিমগ্লবিন টাইপ চিনাক্ত কৰি প্ৰয়েজনসাপেক্ষে ভবিষ্য পৰিয়াল পৰিকল্পনা কৰা হয়৷ ভাৰতবৰ্ষৰ কেইজনমান মোৰ পৰিচিত লোকৰ চিকল চেল ট্ৰেইট ধৰা পৰিছে৷ তেওঁলোক এতিয়া নিজৰ সতি-সন্ততিকলৈ বেচি চিন্তাগ্ৰস্ত৷ মই তেওঁলোকক ছবিত দেখুৱা বংশগতিৰ চাৰ্টখন চাবলৈ পৰামৰ্শ দিছোঁ৷ নতুনকৈ গৰ্ভধাৰণ কৰিলে সন্তানৰ ২৷ ৩ মাহৰ গৰ্ভ হওঁতেই এমনিয়োটিক ফ্লুইড পৰীক্ষা কৰি হিমগ্লবিন টাইপটো জানিব পাৰে৷ প্ৰয়োজনত জেনেটিক কাউঞ্চিলাৰৰ ওচৰ চাপিব পাৰে পৰামৰ্শৰ বাবে৷

মোখনিত এটা কথাই উল্লেখ কৰিম যে আজিকালি বিজ্ঞানীসকলে জিন থিৰাপিৰ দ্বাৰা চিক’ল চেল ডিজিজ জাতীয় জেনেটিক ৰোগৰ চিকিৎসাৰ দিশত মনোনিবেশ কৰিব ধৰিছে আৰু অনাগত ভবিষ্যতত সুফলৰ প্ৰতীক্ষা কৰিছে৷
 ২১ ডিচেম্বৰ ২০১৪, ডোহা, কাটাৰৰ পৰা, ই- মেইল ~ drbksaikia@hotmail.com

1 comment:

  1. I can see it is a rare report. I had to know this one.People should know this perfectly. online banglanews portals are

    ReplyDelete