পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় ভাৱে গঠন কৰা ইব’লা মহামাৰী নিয়ন্ত্ৰণৰ চিকিৎসা বিশেষজ্ঞৰ দলত অন্তৰ্ভুক্ত হৈছে অসমৰ দুজনকৈ চিকিৎসকো। ভাৰতৰ পৰা নিৰ্বাচিত ২৬জনীয়া দলটোত বিশ্ব স্বাস্থ্য সংস্থাৰ অধীনৰ  দুগৰাকী ছাৰ্ভিলেন্স বিষয়া ক্ৰমে ডিব্ৰুগড় গোটৰ  ডাঃ ভৱজ্যোতি বৰা আৰু শিলচৰ গোটৰ ডাঃ সুৰজিত চৌধুৰীয়েও অংশ লবলৈ সুবিধা লাভ কৰাৰ সুখৰ খবৰ। নিৰ্বাচিত দলটোক অহা ২৪ডিচেম্বৰত যাৱতীয় প্ৰতিষেধক প্ৰদান কৰি অহা বৰ্ষৰ ২১মাৰ্চত অভিযানৰ বাবে আফ্ৰিকালৈ ৰাওনা কৰা হব। 

২. আজি স্বচ্ছ ভাৰত-নিৰ্মল অসম অভিযানৰ অংশ হিচাবে সকলো জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ ৰাজহুৱা শৌচাগাৰ, প্ৰস্ৰাৱগাৰ আদিৰ পৰিষ্কৰণৰ বাবে বিশেষ কাৰ্যসূচী হাতত লোৱা হৈছে। 

৩. প্ৰাক্তন শিক্ষামন্ত্ৰী ডঃ হিমন্ত কুমাৰ শৰ্মাৰ গ্ৰন্থ “সমাগত সময়” কালি গুৱাহাটী টাউন ক্লাৱত অনুষ্ঠিত এখন সভাত উন্মোচন কৰিলে হোমেন বৰগোহাঞি. ডঃ ৰমেশ পাঠক, হিৰণ্য কুমাৰ ভট্টাচাৰ্য আদি সুধীজনে। উন্মোচনী অনুষ্ঠানত হিমন্ত বিশ্ব শৰ্মাক সাম্প্ৰতিক সময়ৰ অসমৰ একমাত্ৰ চিন্তা কৰি কাম কৰা ৰাজনীতিক ৰূপে হোমেন বৰগোহাঞিদেৱে আখ্যা দিয়ে বুলিও বাতৰি প্ৰকাশ পাইছে। 

৪. বিটিএডিত ধাৰাবাহিক হত্যা, অপহৰণ, ধনদাবী আদিৰে সন্ত্ৰাসৰ সৃষ্টি কৰি অহা এনডিএফবি(সংবিজিত) গোটৰ বিৰুদ্ধে ভূটানতো ৰয়েল আৰ্মীৰ সহায়ত বিশেষ অভিযান চলোৱা হব বুলি ঘোষণা কৰিছে অসম আৰক্ষীয়ে। ২৯টা অপহৰণ আৰু ৭২জন লোকক এই বৰ্ষতে হত্যা কৰা সকলৰ বিৰুদ্ধে সেনা-আৰক্ষী-অৰ্ধ সামৰিক বাহিনীয়ে সংঘবদ্ধ ভাৱে দীৰ্ঘদিন ধৰি অবিৰত ভাৱে অভিযান চলাবলৈ আৰক্ষী সাজু হোৱা বুলিও দাবী কৰি ৰাইজৰ পৰা খবৰ তথা অভিযোগ দাখিলৰ বাবে কিছু ২৪ঘণ্টাই উপলদ্ধ স্মাৰ্ট ফোনৰ নম্বৰ কালি ৰাজহুৱা কৰিছে। বাক্সা ৭৩৯৯৬-০১০১৩, চিৰাং ৯৪০১৩-৪৭০৩৫, কোকৰাঝাৰ ৮৮১১০-২৯১০০ আৰু ওদালগুৰিত ৮১৩৪৫-৫৩৫৫৯ নম্বৰত এনে ঘটনাৰ বিষয়ে খবৰ দিবলৈকো আৰক্ষীয়ে আহ্বান জনাইছে। 

৫. পেছোৱাৰৰ ঘটনাৰ পাছত আগ্ৰাসী আৰু কঠোৰ হৈছে পাকিস্তানী বায়ুসেনা আৰু সামৰিক বাহিনী। তালিবানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি আফগানিস্তানৰ ভিতৰৱা অঞ্চলত আক্ৰমণ চলাই তেহৰিক-ই-তালিবানৰ মুৰব্বী মোল্লা ফাজালুল্লাহ সহ ১১৯গৰাকী সদস্যক নিহত কৰাৰ খবৰো সংবাদ পত্ৰত প্ৰকাশ পাইছে। মৃত্যুদণ্ডৰ সাময়িক স্থগিতাদেশ পাকিস্তানৰ চৰকাৰে অৱসান ঘটোৱাৰ পাছতে কালি দুজনকৈ কাৰাবন্দী সন্ত্ৰাবাদীক ফাঁচি দিয়াৰো খবৰে পাইছে সংবাদ শিৰোনামত স্থান। 

৬. কেলেংকাৰীৰ অভিযোগে চানি ধৰা গ্ৰামোন্নয়ন বিভাগত অৱশেষত চিবিআইয়ে চলালে অভিযান। ভুৱা জবকাৰ্ডেৰে এনৰেগাৰ পুঁজি সৰকোৱা ৯গৰাকী বিষয়া-জনপ্ৰতিনিধিৰ বিৰুদ্ধে চাৰ্জিশ্বীট দাখিল হোৱাৰো সুখৰ খবৰ। 
৭. অগপ দলটোক পুনৰোজ্জীৱিত কৰাৰ বাবে সভাপতি অতুল বৰাই লোৱা পদক্ষেপ আৰু ৰাজ্যজুৰি চলাই থকা গণচেতনা যাত্ৰালৈ ৰাইজে আশাপ্ৰদ সঁহাৰি দিয়াৰ বাতৰিও প্ৰকাশ পাইছে। অসমত আঞ্চলিকতাবাদৰ বিকল্প নাই বাণী সুঁৱৰি কালি গোলাঘাটত প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামীৰ উপস্থিতিত প্ৰায় দুহেজাৰ লোকে অগপ দলত যোগদান কৰিছে বুলিও বাতৰি প্ৰকাশিত হৈছে। 

৮. কালি জালুকাবাৰীস্থিত আয়ুৰ্বেদিক কলেজৰ ৬৭তম প্ৰতিষ্ঠা দিৱসত অংশ ললে মুখ্যমন্ত্ৰীয়ে। কলেজৰ বিভিন্ন আন্তঃগাঁথনিমূলক সমস্যা তথা পৰ্যাপ্ত হোৱাকৈ শিক্ষকৰ খালী পদ সমূহ পূৰণৰ বাবেও অচিৰেই পদক্ষেপ লোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়া বুলিও জানিব পৰা গৈছে। 

৯. চৰকাৰী বঁটা বাহনৰ পিছত দৌৰি ফুৰা সাংবাদিক, সাহিত্যিকে কেতিয়াও প্ৰকৃততে সমাজ সেৱা কৰিব নোৱাৰে বুলি মন্তব্য কৰিলে বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাই। কালি মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত সাংবাদিক অনুপম চক্ৰৱৰ্তীয়ে সম্পাদনা কৰি উলিওৱা “ব্যক্তি ইত্যাদি” নামৰ গ্ৰন্থখনি উন্মোচিত হয়। অসম আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ ১৫গৰাকী ব্যক্তিৰ জীৱনৰ বিভিন্ন দিশক এই গ্ৰন্থত আলোকপাত কৰা হৈছে। এই সভাতেই বাংলা লেখক পবিত্ৰ সৰকাৰৰ “মৃত্যু” গ্ৰন্থৰ ডঃ হীৰেন গোহাঁয়ে কৰা অসমীয়া অনুবাদ আৰু খালেদ হুছেইনৰ “এ থাউজেণ্ড স্পেলনডিড ছানছ”ৰ পৰমেশ দত্তই কৰা অসমীয়া অনুবাদ “মৰিয়ম” নামৰ শান্তি প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ দুখনো উন্মোচন কৰা হয়। 

১০. অভয়াপুৰীত অনুষ্ঠিত হৈ থকা ৰাষ্ট্ৰীয় গ্ৰন্থমেলালৈ গ্ৰন্থপ্ৰেমী ৰাইজৰ ব্যাপক সঁহাৰি। কালি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি শংকৰ প্ৰসাদ ৰায়ে কেইবাখনো গ্ৰন্থৰ উন্মোচন কৰে। দিনৰ ভাগত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত কুইজ প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। শিল্পী নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন প্ৰদৰ্শনীয়ে ৰাইজৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱাৰ সুখবৰো প্ৰকাশ পাইছে।

No comments:

Post a Comment