সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সাম্প্ৰতিক প্ৰসংগ

সাম্প্ৰতিক প্ৰসংগ

Share This
নদীবান্ধৰ ৰাজনীতিত পণবন্দী অসমীয়া
অজয় লাল দত্ত

সাধাৰণ মানুহক পণবন্দী কৰি নদীবান্ধক লৈ ৰাজনীতি নকৰিব! হয়, কবলৈ খোজা কথাখিনিৰ মূল আহ্বান সেইটোৱেই। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক লৈ কেন্দ্ৰীয় চৰকাৰৰ শক্তি মন্ত্ৰালয়ে গ্ৰহণ কৰা শেহতীয়া পদক্ষেপে সংবাদ শিৰোনামা দখল কৰিছে। আনকি শক্তি মন্ত্ৰী পীয়ুষ গোৱেলৰ ৰুক্ষ ব্যৱহাৰ আৰু ভাবুকিপূৰ্ণ আহ্বানত কালি এক সভালৈ নিমন্ত্ৰিত হোৱা চৰকাৰৰ দ্বাৰা গঠিত বিশেষজ্ঞ কমিটিৰ সদস্যসকলেই অপমানিত বোধ কৰা তথা ক্ষোভিত হোৱাৰ কথা প্ৰকাশ পাইছে। এজন বিশেষজ্ঞই টিভিৰ পৰ্দাতে এনে ভাবুকিৰে সেও মনাব খোজা মানসিকতা বৰ্তি থাকিলে অসম এইখন দেশৰ সৈতে থকাৰ সন্দৰ্ভতো নতুনকৈ চিন্তা কৰিব লাগিব বুলিও এক “স্পৰ্শকাতৰ মন্তব্য” প্ৰকাশ কৰিছে।

এই বিষয়টোত আনকি লখিমপুৰ-ধেমাজিৰ স্থানীয় সাংসদ ৰূপে নিৰ্বাচিত হোৱা সৰ্বানন্দ সোনোৱালৰ স্থিতি আৰু বক্তব্যক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নিৰ্বাচনৰ আগতে বৰ্তমানৰ গৃহমন্ত্ৰী তথা তেতিয়াৰ বিজেপিৰ সভাপতি ৰাজনাথ সিঙক লৈ আহি নামনি সোৱণশিৰি প্ৰকল্প কোনো পধ্যেই হবলৈ দিয়া নহব বুলি দিয়া উদ্দাত্ত ভাষণৰ ভিডিঅ’ গোৱেল চাহাবে শক্তি মন্ত্ৰালয়ত বহিয়েই লবলৈ লোৱা পদক্ষেপৰ সময়ত বুমেৰাঙ স্বৰূপ হৈ পৰিছিল। সংবাদ মাধ্যমে বাৰে বাৰে চলাই থকা ভিডিঅ’টোৰ বাবেই শক্তি মন্ত্ৰালয়ে অসমীয়া সংগঠনৰ প্ৰতিবাদৰ সমুখত সেও মানিবলৈ বাধ্য হৈছিল। কিন্তু এইবাৰ শেনৰ এজাত, এইবাৰ আৰু উলংগৰ আকৌ লাজ কিহৰ পৰিস্থিতি! প্ৰতিটো সপ্তাহতে গড়ে একোটাকৈ নিৰ্বাচনৰ পূৰ্বৰ স্থিতিৰ পৰা নিজৰ স্থিতি সলনি কৰি “ইউ-টাৰ্ণৰ ৰেকৰ্ড” কৰা চৰকাৰখনৰ বাবে এতিয়া আৰু সেই ভিডিঅ’, প্ৰতিশ্ৰুতি আদিলৈ লাজ কৰিব লগা একো নাই। ছমাহত কি কি ইউ-টাৰ্ণ ল’লে তাৰ সবিশেষ বিৰোধী দল কংগ্ৰেছে হিচাব ৰাখি "ছমাহত এখন ইউ-টাৰ্ণ চৰকাৰ" শীৰ্ষক পুস্তিকাও প্ৰকাশ কৰিলে। সেয়েই এতিয়া আৰু লজ্জ্বা কিহৰ! স্থিতি সলনিক পাভ লুটি আদিৰে সংবাদ মাধ্যমে আখ্যা দি থাকিলেও কোনো কেৰেপ কৰোতা নাই! 

আজি নদী-বান্ধ বিৰোধী ২৬টা গণ সংগঠনৰ সৈতে শক্তি মন্ত্ৰালয় আলোচনাত বহাৰ কথা। এনে আলোচনা যে একোখন নিজৰ সিদ্ধান্ত জাপি দিয়াৰ ভেকোঁভাওনাৰ বাদে একো নহয়, তাক সকলোৱেই বুজি উঠিছে। অসমলৈ শক্তি সংবহনৰ কোনো প্ৰকল্পই কৰিবলৈ নিদিয়াৰ যি ভাবুকি কেন্দ্ৰীয় শক্তিমন্ত্ৰীয়ে উচ্ছাৰণ কৰিছে, তাৰ বিনিময়ত বৰ্তমানৰ ডিজাইনতে আৰু অৰ্ধনিৰ্মিত প্ৰকল্পক সম্পূৰ্ণ কৰিবলৈ দিয়াৰ বাবে হেঙাৰ হোৱা সকলো প্ৰতিবাদক আঁতৰি দিবলৈ আহ্বান জনাইছে। এয়া এক স্বেচ্ছাচাৰী শাসকৰ চৰিত্ৰৰ বাহিৰে কি হব পাৰে? শক্তি মন্ত্ৰীৰ এই স্থিতিয়ে তেওঁক এই প্ৰকল্পৰ সন্দৰ্ভত চয়-নিশ্চয় কৰিবলৈ টাৰ্গেট দিয়া বা সময় সীমা নিৰ্ধাৰণ কৰি দিয়াৰ "অসহায়তা" বুলি অনুমান কৰিব পাৰিয়েই। টাস্ক-মাষ্টাৰ হিচাবে জনাজাত শক্তিমন্ত্ৰী গোৱেলৰ এই পৰিকল্পনাক অসমৰ গণ সংগঠন সমূহে কি দৰে মষিমূৰ কৰিব সেয়া এতিয়া অতিশয় লক্ষণীয় হব। 

বিশেষকৈ চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত পৰমাৰ্শৱলী পালন কৰাৰ ক্ষেত্ৰতো কোনো আগ্ৰহ এইবাৰ আগ্ৰাসী শক্তি মন্ত্ৰালয়ে প্ৰদৰ্শন কৰা নাই। হা কিম্বা না, এই যি কোনো এটাৰ বাবেহে মানুহ গোটাইছে। এনে পৰিবেশত কোনো ফলাফল ওলোৱাৰ সম্ভাৱনা নিশ্চয়কৈ নাই। আৰু ইয়াৰ দ্বাৰা অসমত আৰু ব্যাপক গণ-আন্দোলনৰ বাবে সমল যোগাই “অসমক বিকাশ নিবিচৰা আন্দোলনকাৰীৰ ৰাজ্য” ৰূপে পৰিগণিত কৰিবলৈ বিচৰা হব। সেয়া পৰিস্কাৰ হৈ উঠিছে। বিজেপিৰ ভক্ত সকলে এতিয়া পূৰ্বৰ প্ৰতিশ্ৰুতি পাহৰি নেতাসকলৰ সৈতে সুৰ মিলাই এইবোৰ গণ সংগঠন অসমৰ বিকাশৰ বাটত হেঙাৰহে মাত্ৰ বুলি নিলাজ প্ৰচাৰ চলাবলৈ আৰম্ভ কৰিব। ফলত দুটা শক্তিৰ মুখামুখি, ৰাষ্ট্ৰ শক্তিৰ শক্তি প্ৰয়োগ, ৰক্তাক্ত পৰিস্থিতিৰ ফালে কথাবোৰ যে আগবাঢ়িব সেয়া সহজেই অনুমান কৰিব পাৰি। 

সৰ্বানন্দ সোনোৱালৰ শব্দহীন নীৰৱতাক লৈ এতিয়া কোনেও আচৰিত হোৱা নাই! তেওঁক লৈ আশা প্ৰায়বোৰ স্থিতি সচেতন অসমীয়াই প্ৰায় এৰিয়েই পেলাইছে। পিছে তাৰ উপৰিও পূৰ্বোত্তৰৰ সাংসদ সকলক একেলগ কৰি শক্তি মন্ত্ৰালয়ে অনুষ্ঠিত কৰা বৈঠকত সকলোৱেই বৃহৎ নদী-বান্ধৰ বিৰুদ্ধে মাত নামাতি সহমত ব্যক্ত কৰাৰ খবৰ বাতৰি কাকতত প্ৰকাশ হোৱাৰ লগে লগেই ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নিজৰ ৰাজ্যত বা সমষ্টিত উপস্থিত হৈ একোটা ভিন্ন স্থিতি আৰু দিল্লীত একোটা ভিন্ন স্থিতি লোৱা তথাকথিত জনপ্ৰতিনিধি সকলে প্ৰকৃততে ৰাইজৰ আৱেগ অনুভূতিক প্ৰতিনিধিত্ব কৰাৰ সলনি যে তাক লৈ খেলাহে কৰিছে, তেওঁলোকৰ মনত ভোট দিয়াৰ পাছত মানুহৰ সুৰক্ষা-ভৱিষ্যতক লৈ কোনো দায়বদ্ধতা নাই সেই কথাই প্ৰকাশ হৈ উঠা নাইনে, সেই প্ৰশ্নই এতিয়া মানুহৰ মাজত দোলা দিবলৈ ধৰিছে।

কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে নদী-বান্ধক লৈ অসমৰ মানুহে ভূত দেখা বুলি মন্তব্য কৰিছে বুলিও প্ৰকাশ পাইছে। পিছে গগৈকে ধৰি আন সাংসদসকলে উত্তৰাখণ্ডৰ জল-বোমাৰ ধ্বংসযজ্ঞক কিয় পাহৰি গৈছে সেয়াও এক প্ৰশ্নবোধক হৈ উঠিছে। আনকি কেইদিনমান পূৰ্বে উচ্চতম ন্যায়ালয়ত খোদ কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা এক শপত নামাত এই ধ্বংসযজ্ঞৰ মূল কাৰণ বৃহৎ নদী-বান্ধ বুলি উল্লেখ কৰিছে আৰু সেইকথা ৰাষ্ট্ৰীয় সংবাদ পত্ৰ সমূহেও প্ৰকাশ কৰিছে। কাৰ স্বাৰ্থত উত্তৰ-পূৱৰ সাংসদ সকলে দেখিও নেদেখা, শুনিও নুশুনাৰ ভাও জুৰিছে সেয়াহে কব পৰা নাই!

উদাহৰণ স্বৰূপে আগতে বানপানী নোহোৱা লখিমপুৰৰ টাউনৰ সমীপত যোৱা কেইবাবছৰে কেৱল অৰুণাচলৰ পাহাৰত থকা নদীবান্ধৰ জল-ব্যৱস্থাপনাৰ ব্যৱস্থাৰ বিফলতাৰ বাবেই বানপানীত মানুহ উটি যোৱাৰ পৰিস্থিতি হৈ আছে। খৰালি নদীসমূহ মৰি যোৱাৰ অৱস্থা হৈছে। কিন্তু ৰাণ অৱ দ্যা ৰিভাৰ প্ৰকল্প বুলি নদী এখনক মৃতপ্ৰায় কৰিও শক্তি উৎপাদন কৰি থকা হৈছে, বাৰিষা মানুহৰ মূৰত বানপানী জাপি দিয়া হৈছে! ধেমাজি-লখিমপুৰৰ এবাৰ বৰষুণ দিলে ভয়াবহ বানপানী নোহোৱা পৰ্যন্ত বৰষুণ নেৰা বতৰ, হিমালয়ৰ পাদদেশৰ খৰস্ৰোতা নদীৰ ভয়াবহতা আদিৰ কথা কোনেনো নাজানে। এই সকলোবোৰ দেখিও পূৰ্বোত্তৰ সাংসদ সকলে একেসুৰে বৃহৎ-নদীবান্ধৰ সপক্ষে ঐক্যমত প্ৰকাশ কৰাটো অসমীয়া মানুহৰ জীৱন আৰু সম্পদৰ সুৰক্ষাৰ প্ৰশ্নক লৈ হেতালি খেলাৰ বাহিৰে কি বুলি অনুভৱ কৰিব। 

চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ কমিটিৰ সদস্য সকলে বৃহৎ নদী-বান্ধৰ সলনি ক্ষুদ্ৰ ক্ষুদ্ৰ নদীবান্ধেৰে বিপদ কমাই, শক্তি উৎপাদনৰ পৰামৰ্শৱলীক দলিয়াই পেলাব খোজা হৈছে। ৰাজহুৱা খণ্ডৰ শক্তি উৎপাদন কোম্পানী এটাৰ প্ৰকল্প এইদৰে আধাতে ৰৈ যোৱা মানে দেশৰ ৰাইজৰেই লোকচান হোৱা। তথাপি এই লোকচান হব পৰা বিপদতকৈ কোনো গুণেই বেছি নহয়! আপোনালোকে যদি হিমাচল প্ৰদেশৰ বিভিন্ন এনে নদীবান্ধৰ ওপৰৰ ফালে সৃষ্টি হোৱা কৃত্ৰিম জলসাগৰবোৰ প্ৰত্যক্ষ কৰিবলৈ সুবিধা লাভ কৰে, তেতিয়া ভূ-তত্বই দৰ্শোৱা মতে হিমালয় পাদদেশৰ কুমলীয়া পাহাৰৰ বুকুত এনে কৃত্ৰিম জলসাগৰ সৃষ্টি কৰা মানে কি বিপদ হব পাৰে তাৰ সম্ভাৱনা বিষয়ক সচেষ্ট হব পাৰিব। ইয়াৰে অসমৰ প্ৰতিবাদী ২৬টা গণসংগঠনকে এনে বৃহৎ নদী-বান্ধৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি তথ্য তথা যুক্তিৰে সৱল হবলৈ আহ্বান জনালো। 

যু্ক্তিক যুক্তিৰে তথ্যক তথ্যৰে আইনৰ আওতাত পৰাভূত কৰিবলৈ অসমৰ গণ সংগঠন সমূহেও উপযুক্ত মঞ্চত আবেদন কৰিব লাগিব। তেহে কথাবোৰৰ যুক্তিযুক্ততাৰ বিচাৰ সম্ভৱ হব। এই ক্ষেত্ৰত আসাম পাব্লিক ৱকৰ্ছ নামৰ সংগঠনটোৱে কেৱল পথত আন্দোলন নকৰি বিভিন্ন আইন আদালতৰ মজিয়াত কথাবোৰ উত্থাপন কৰাৰ কথা উল্লেখ কৰিব লাগিব। এইবাৰো সেউজ ন্যায়াধিকৰণৰ মজিয়াত নামনি সোৱণশিৰি প্ৰকল্প বন্ধ কৰাৰ বাবে আসাম পাব্লিক ৱকৰ্ছে কলকতাত গৈ কৰা আবেদন ন্যায়াধিকৰণে গ্ৰহণ কৰিছে আৰু অহা ২০জানুৱাৰীত এই বিষয়ে শুনানি গ্ৰহণৰ দিন ধাৰ্য কৰিছে। ইয়াতে কিমান পৰিমাণৰ পানী বান্ধত ধৰি ৰাখিব, কিমান নুন্যতম এৰি দি নদীখনৰ জৈৱ-বৈচিত্ৰ্যক সংৰক্ষণ কৰা হব বিষয়বোৰৰো বিচাৰ কৰা হব। এতিয়া সংগঠনটোৱে এই গোচৰৰ ৰায় নোহোৱা পৰ্যন্ত এই প্ৰকল্পৰ কাম-কাজ বন্ধ ৰখাৰো দাবী জনাইছে। একেদৰেই যুক্তিৰ ভিত্তিত আন গণ সংগঠন সমূহেও ন্যায়িক পথৰ সন্ধান কৰিব লাগে আৰু তথ্য আৰু যুক্তিৰ ভিত্তিত যুঁজ দিয়াৰ প্ৰয়াস কৰিব লাগে বুলি অনুভৱ কৰো।এই প্ৰকল্পক বহুমুখী প্ৰকল্পলৈ ৰূপান্তৰ কৰাৰ বাবেও বাওঁপন্থী দল সমূহে দাবী কৰি আহিছে। জাৰ্মানীৰ ৰাইন নদীৰ আদৰ্শৰে এই প্ৰকল্পৰ পুনৰ ডিজাইনৰ বিষয়টোত গুৰুত্ব দিয়া বাওঁপন্থী সকলৰ যুক্তি এতিয়া ভিৰৰ মাজত হেৰাই যোৱা অনৰ্থক চিঞৰলৈহে পৰিণত হৈছে।

বিশেষকৈ স্থানীয় সংস্থাৰ বিশেষজ্ঞ আৰু বিদ্যুৎ উৎপাদনকাৰী কোম্পানীৰ সহমতত সীমিত শক্তিৰ নদী-বান্ধ নিৰ্মাণ, ৰাজহুৱা সংগঠন সমূহৰ মতামতক শ্ৰদ্ধা কৰা, ডাউন-ষ্ট্ৰীমৰ নদী-পথৰ পানী বহন ক্ষমতাৰ বৃদ্ধিৰ বাবে কোম্পানীৰ দা-দ্বায়িত্ব, জৈৱ-বৈচিত্ৰ্যৰ সংৰক্ষণ, নদীৰ দুয়ো পাৰে পানী এৰা বা বন্ধ কৰা বিষয়ক তথ্য প্ৰকাশৰ বাবে প্ৰয়োজনীয় ৰাজহুৱা প্ৰচাৰ মাধ্যম(মাইক আদি), স্থানীয় লোকৰ উন্নতিকল্পে প্ৰকল্পৰ লভ্যাংশৰ খৰছ কৰা, সৃষ্টি হব পৰা যি কোনো দুৰ্যোগ, বানপানী আদিৰ সম্পূৰ্ণ ক্ষতিপূৰণ বিদ্যুত উৎপাদনকাৰী কোম্পানীয়ে বহন কৰা, ৰাজ্যলৈ কম দামত বিজুলী শক্তিৰ যোগান আদি স্পৰ্শকাতৰ বিষয়ক সামৰি দেশৰ জল-বিদ্যুৎ নীতিৰ সংশোধনীৰ প্ৰয়োজন আছে। আৰু এই সমূহ দিশত স্পষ্ট নীতি নিৰ্ধাৰণ কৰি প্ৰতিশ্ৰুতি নোলোৱা পৰ্যন্ত এনে প্ৰকল্পৰ নিৰ্মাণত কি স্থিতি গ্ৰহণ কৰা উচিত অসমৰ গণ সংগঠন আৰু ৰাইজে বিচাৰ কৰি চোৱা উচিত। 

পুনৰ প্ৰশ্ন হয়, বিশেষজ্ঞ কমিটিৰ পৰামৰ্শৱলী যদি মানিবই নোখোজে তেন্তে এই কমিটি চৰকাৰে পাতিছিল কিয়? কোম্পানী আৰু চৰকাৰৰ সুৰত সুৰ মিলাই প্ৰতিবেদন দাখিল নকৰাটোৱেই অসমীয়া বিশেষজ্ঞৰ দলৰ এতিয়া ভুল হ’ল নেকি? বাংলাদেশক মাটি নিদিও বুলি কৈ এতিয়া সেই চুক্তিকে ৰূপায়ণ কৰিবলৈ উলহ-মালহ কৰা কেন্দ্ৰীয় চৰকাৰখনে এতিয়া বৃহৎ নদী-বান্ধৰ ক্ষেত্ৰতো "বৃহৎ ৰাষ্ট্ৰহিতৰ বাবে" আগ্ৰাসী হৈ অসম আৰু অসমীয়াৰ আবেগক লৈ হেতালি খেলিবলৈ ওলাইছে সেয়া নিশ্চিত। এনে একপক্ষীয় মনোভাৱ তথা দমনমূলক স্থিতিয়ে অসমীয়াক পুনৰ একাষৰীয়া বা বিচ্ছিন্ন ভূ-খণ্ডৰ অনুভৱ হবলৈ দিব। যিটো দেশ তথা ৰাজ্যৰ ভৱিষ্যতৰ দুয়োৰে বাবেই সুখকৰ নহব, সেয়াও নিশ্চিত।
-------------------------------------

No comments:

Post a Comment