প্ৰচ্ছদ নিৱন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰচ্ছদ নিৱন্ধ

প্ৰচ্ছদ নিৱন্ধ

Share This
অজয় লাল দত্তৰ কলমতঃ
নৈ আমাৰ আই
আৰু এক জনকল্যাণমূলক ব্যৱস্থাপনা নীতিৰ সন্ধানৰ প্ৰয়োজনীয়তা
(১)
বিশ্বজনীনতাৰ আদৰ্শৰে স্ব-নামধন্য গণশিল্পী ভূপেন হাজৰিকাৰ গীতৰ কলি- "গংগা আমাৰ আই পদ্মা আমাৰ আই"ৰ মাজত সকলো পৰিসীমা নেওচি নদী মাতৃৰ পূজনৰ কথা গুঞ্জৰিত হৈ উঠিছে। আমি নৈ-পৰীয়া মানুহ।নৈ পাৰৰ বালিৰ বুকুতে আলু খেতিত আলু-খনা, বালিঘৰ সজা, বালি ভোজ খোৱা আমাৰ শৈশৱ, বালিত টেঙাবল খেলি গঢ় লোৱা কৈশোৰ। নাওঁৰ বুকুত ভাঁহি যোৱাৰ আনন্দ, কলগছৰ ভূৰ-সাজি উটি যোৱাৰ দুঃ-সাহসে গঢ় দিয়া যৌৱন।


নৈ-খন যেন সুখ দুখৰ ছন্দোময় কবিতা, যাৰ লয়-লাসতাই কঁপাই যায় মন-বিৰিণাৰ পাত, লিহিৰি কহূৱা।নৈয়ে দিয়ে পানী, উপহাৰ দিয়ে পলস, উৎসৱত মাছ-কাচ, নৈ-পৰীয়া মানুহৰ বাবে সেয়ে নৈ-খন অনন্য। সৰল আকুলতাৰে নৈ-পৰীয়া মানুহে গঢ়ি তোলে এক ভালপোৱা। নৈয়ে স্পন্দিত কৰে তেওঁলোকৰ জীৱন, কঢ়িয়াই আনে অলেখ সুখ-দুখৰ বতৰা। নিজানত বহি কোনোৱে কথা-পাতে নদীৰ সতে নিৰন্তৰ। স্থিৰ হৈ যোৱা জীৱনক পুনৰ নৈ খনেই যেন গতি দিয়াৰ প্ৰেৰণা যোগায়।


নৈ-ক ভাৰতীয় মানুহে মাতৃৰ সতে তুলনা কৰে।নৈ-ৰ বুকুত পূজা কৰে।নৈৰ বুকুতে অলেখ হেপাঁহ আৰু অলেখ আশা বিচাৰি পায়।আমি কও- নৈ আমাৰ আই!

(২)
বুকাৰ পুৰস্কাৰেৰে সন্মানিত অৰবিন্দ আদিগাৰ উপন্যাস- white tigerত এষাৰ অতি গুৰুত্ব পূৰ্ণ কথাৰ উল্লেখ আছে। প্ৰাচীন পৃথিৱীত সকলো সভ্যতা গঢ় লৈ উঠিছিল নদীৰ পাৰত। কিন্তু আধুনিক পৃথিৱীত সকলো সভ্যতাৰ পোহৰে আজি মাথো উজ্বলাই তুলিছে, সাগৰৰ তীৰ। নদীৰ পাৰে পাৰে মাথো আজি আলোহীন অন্ধকাৰ!

বিশ্ব-বিখ্যাত লেখক ভি এচ নাইপলৰ এখন নন-ফিকচন কিতাপৰ নাম India: A Million Mutinies Now, প্ৰকাশ নব্বৈ চনৰ। তাৰ বেটুপাতত সেই সময়ৰ নৈ-ভগনীয়া পৰিয়াল এটাই কোলাত কেচুৱা আৰু মূৰত এটা টিনৰ ট্ৰাংক লৈ ওখ মাটিৰ সন্ধানত গাওঁ এৰি ওলোৱাৰ এখন ফটো।

মনত পৰা মতে ফটোগ্ৰাফখন আছিল বিখ্যাত ফটোগ্ৰাফাৰ ৰঘু ৰয়ৰ। সময় সলনি হ`ল, সলনি হ`ল যুগ, অথচ সলনি নহ`ল ভাৰতৰ নৈ পৰীয়া-নৈ ভগনীয়া লোকৰ দুখ-দুৰ্দশা। সেই ছবিখন যেন যুগজয়ী। প্ৰশ্ন হয়, আৰু কিমানটা যুগ ধৰি সেই ছবিয়ে তথাকথিত প্ৰগতিৰ পোহৰে ঢুকি নোপোৱা ভাৰতখনক প্ৰতিনিধিত্ব কৰি থাকিব?
(৩)
আইৰ সমান হব কোন, নৈৰ সমান বব কোন? আই আৰু নৈৰ সেই অতুলনীয় প্ৰৱচনৰ সমুখত আমি মাথো এটা কথাই অনুভৱ কৰো, যে আমি নিজৰ আইৰ দ্বায়িত্ব নিজেই লব লাগিব। আমাক প্ৰাণ দিয়া, জীৱন দিয়া আইৰো লালন-পালন, স্বাস্থ্যৰ যতন, সুবিধা- অসুবিধা, আইৰ হাঁহি-কান্দোন, বুকুৰ অভিমান-অভিযোগ সকলোৰে প্ৰতি আমিয়ে সহানুভূতিশীল হব লাগিব। 

কিন্তু আইক অৱজ্ঞা কৰা মানেই আইৰ মৰম, আইৰ আৰ্শীবাদ, জীৱন যাত্ৰাৰ বাবে লগা বহুমূলীয়া পাঠৰ পৰা বঞ্চিত হোৱা। আইক যতন নলৈ আলায় আথানি কৰা মানেই সাতামপুৰুষীয়া সম্পদৰ পৰা নিজৰ অধিকাৰ হেৰুৱাই পেলোৱা।

আই নিৰক্ষৰা হব পাৰে, তন্দ্ৰালু পৃথিৱীৰ সেউজীয়া শাক তুলি আপোনালৈ লাই-জাৱৰিখন হেপাঁহেৰে বনাই ৰখা আইজনী আজলী হব পাৰে, কিন্তু জানিব সেই খনেই এই ধৰাৰ আটাইতকৈ পুষ্টিকৰ আঞ্জা।ভিটামিনৰ ভ চিনি নোপোৱা গৰাকীয়ে সজাই দিয়া বাতিতেই আছে সবাটোতকৈ মূল্যবান খাদ্যপ্ৰাণৰ সমাহাৰ!

আজলী আইৰ বুকুতো লিখা আছে, কেইবা দশকৰ ইতিহাস, প্ৰকৃতিৰ বুকুত কেইবা দশকৰ জীৱন সংগ্ৰামৰ মনোৰম অভিজ্ঞতাৰ আঁকৰ। যিয়ে হয়তো আধুনিক পৃথিৱীতো আজীৱন স্ব-নিৰ্ভৰশীল হব পৰাকৈ আমাক সমৃদ্ধ কৰি যাব পাৰে।

আৰু এটা কথা চিৰ সত্য। আমি আইক উলাই কৰিলে, সঠিক যতন, দ্বায়িত্ব পালন নকৰিলে, আলাই-আথানি কৰিলে সমাজখন কিন্তু বহি নাথাকে। আনে দ্বায়িত্ব লব, আইক লালন পালন কৰিব। ফলশ্ৰুতিত কি হব, নিৰ্ঘাত চিনেমাত দেখুওৱাৰ দৰে আইৰ ইচ্ছা-পত্ৰত দেখিব, সকলো পূৰ্ব-পুৰুষৰ আহোপুৰুষাৰ্থৰ ফল, সকলো সম্পদ আনৰ হৈ গৈছে। তেতিয়া হিয়া-ঢাকুৰি কান্দি কিন্তু লাভ নাই! তেতিয়া আমাক জীৱন দান দিয়া আইক সেৱা নকৰাৰ ভুলৰ পৰিসমাপ্তিত অনুশোচনাৰ কোনো স্থান নাথাকিব। 

সেয়ে আমি নিজৰ আইক চিনি পাব লাগিব। আমাক জীৱন দিয়া আইৰ আশীষতে জীৱনক আগুৱাই নিয়াৰ লগতে সাতাম-পুৰুষীয়া সংস্কৃতি তথা সম্পদৰ অধিকাৰ সাব্যস্তৰ লগতে সদ্-ব্যৱহাৰ কৰি অনাগত প্ৰজন্মকো সমৃদ্ধ কৰাৰ বাবে হব লাগিব প্ৰতিশ্ৰুতিবদ্ধ । আচলতে এই কথাবোৰ এক প্ৰতীকি, অথচ খুৱেই গুৰুত্বপূৰ্ণ!
(৪)
অসম এখন নদী-মাতৃক সমাজ যদিও, আজিও সমাজৰ বেছিভাগ মানুহৰ মনতে নৈ মানেই কালমূৰ্ত্তি ৰূপী বান, সংহাৰ! নৈ-পৰীয়া মানুহে আজীৱন মনত সেই শংকাকেই পালন কৰি আহিছে ৷ কোৱা শুনো, এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে বান চাবলৈ গৈ উৱাহ-দিহ নাপাই, ৰাইজক নদীৰ সতে সহ-অৱস্থান কৰি জীৱন যাত্ৰাক গঢ়ি তোলাৰ কথা কৈছিল ৷ কথাষাৰ নুই কৰিব নোৱাৰি ৷


নৈ-পৰীয়া ৰাইজে আচলতে প্ৰকৃতিৰ সতে সহ-অৱস্থানৰ নিজস্ব প্ৰক্ৰিয়া একোটা প্ৰাক-প্ৰযুক্তিৰ যুগতে নিৰূপণ কৰি লৈছিল ৷ চাংঘৰ, ওখ ভৰাঁল নিৰ্মাণ কৰাৰ পৰম্পৰা গঢ়ি উঠাৰ ইয়েই এক নিদৰ্শণ ৷ কিন্তু সমাজে প্ৰগতিৰ পথত বাট বুলিবৰে পৰা নদীৰ পৰা অহৰহ শিল আহৰণ, দেশৰ চাহিদা পূৰাবলৈ অৰুণাচলৰ পাহাৰত অনিয়ন্ত্ৰিত ৰূপত গছ-কটা, নিৰ্মাণৰ বাবে শিলৰ কোৱাৰীৰ শেষ নোহোৱা অন্বেষণৰ আগত নৈ-মাতৃৰো অৱস্থা কাঢ়িল হৈ পৰিল৷ 

প্ৰাকৃতিক ভাৰসাম্যতাৰ তাৰতম্য আধুনিক যুগ-সভ্যতাৰ লগত খৰকৈ ক্ষয়কাৰী ৰূপত বাঢ়ি ধৰিলে ৷ পাহাৰৰ প্ৰাকৃতিক হাবি-বন-জংঘলৰ ধ্বংস যজ্ঞই মাটি ধৰি ৰাখিব পৰা পাহাৰ-প্ৰকৃতিৰ নিজা ক্ষমতাকো হ্ৰাস কৰি আনিলে ৷ তাৰেই ফলশ্ৰুতিত হিমালয়ৰ পাদ-দেশৰ টেক্টনিক প্লেট বাউণ্ডেৰীৰ কোলাত ন-নকৈ গঢ় লোৱা তুলনামূলক ভাৱে কম পূৰঠ পাহাৰ সমূহৰ পৰা হোৱা ভূমি-স্খলন তথা নদীৰ সোঁতৰ আগত শিল-বালি চপৰা চপৰে, আনকি একোটা টিলাই গছে-বনেৰে সতে উটি অহাৰ উদাহৰণ সততেই পোৱা যায় লুইত, সোৱণশিৰি আৰু জীয়াঢলৰ বুকুত ৷ 


সমাজৰ বয়োজ্যেষ্ঠ সকলৰ মতে, নদী-সমূহৰ বানৰ ধৰণ কৰণবোৰ আধুনিক যুগতটোতহে বেছি ভয়াল ৰূপ লৈছে।সেয়ে আজি, যোৱা কেইবাদশকৰ বানৰ ভয়াবহতাক সময়-ৰেখাত অন্যান্য কাৰক সমূহৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৈতে স্থান দি এক চিৰিয়াচ অধ্যয়ণ তথা গৱেষণা কৰাৰ প্ৰয়োজন হৈ উঠিছে ৷ যি এক ফলপ্ৰসূ সমাধানৰ পথ নৈ পৰীয়া সমাজক উপহাৰ দিব পাৰিব লাগিব ৷ 
(৫)
প্ৰকৃততে নদী এখনৰ সম্পদ আৰু বিপদক ইয়াৰ আদি-মূলৰ পৰা ইয়াৰ সমাপ্তি পৰ্যন্ত এক অৱবাহিকা বা বেচিনৰ ৰূপত অধ্যয়নৰ আৱশ্যক। আজিৰ প্ৰচলিত ব্যৱস্থাৰ বহু-বিভাগীয় হাতোৰাৰ পৰা নদী সমূহক নিলগ কৰি আনিলেহে একোখন নদীৰ পৰা আহৰণ কৰিব পৰা সম্পদৰ প্ৰকৃত হিচাব উলিয়াব পৰা যাব।

ইয়াৰ বাবে একোটা স্বয়ং-সম্পূৰ্ণ আত্ম-নিৰ্ভৰশীল নদী ব্যৱস্থাপনা সংস্থাৰ প্ৰয়োজন আছে। ব্ৰহ্মপুত্ৰ বৰ্ডৰ দৰে বগা হাতী নহয়, লাগে একোটা শক্তিশালী-দূৰন্ত-কাৰ্যকৰী বগা বাঘ (white tiger)!


এটা সাধাৰণ উদাহৰণ দিও- আন এটা প্ৰৱন্ধৰ বাবে তথ্য আহৰণৰ বাবে আমাৰ গৃহ জিলা ধেমাজিৰ উপায়ুক্ত কাৰ্যালয়ৰ ৱেবচাইটটো চালো। যি খন জিলাত সৰু বৰ নদ-নদীৰ সংখ্যা দেধাৰ, যত নদীৰ পাৰে পাৰে স্বীকৃত ৯খন সংৰক্ষিত বনাঞ্চল আছে। সোৱনিশিৰি আৰু আন নৈ-উপনৈৰ বুকুৰ পৰা অহৰহ বালি-শিল ট্ৰাকে ট্ৰাকে কঢ়িয়াই থকা দেখিবই। ধেমাজি জিলাৰ বুকুৰ শিল বালিৰে সোৱনশিৰিৰ ওপৰত ৬০০০কোটি টকীয়া নদী-বান্ধ নিৰ্মিয়মান, ৫০০০কোটি ইতিমধ্যে খৰছ হৈছে। ব্ৰহ্মপুত্ৰৰ ওপৰত বগীবিলত দলং নিৰ্মাণৰ কাম চলি আছে। তাতো খৰছ হাজাৰ হাজাৰ কোটিত। নদীৰ মূল দলংৰ কাম পোৱাৰ আগতে প্ৰায় দহকিলমিটাৰ মান মাত্ৰ শিলৰ দম, বল্ডাৰ জমা কৰা দেখিবই। 

আৰু এটা ডাঙৰ প্ৰহসন আপুনি দেখিব, জিলা উপায়ুক্তৰ তথ্যত ৷ সেয়া হল- এই হাজাৰ হাজাৰ কোটিৰ প্ৰজেক্টৰ গৰিষ্ঠ সংখ্যক কেঁচা-মাল আহৰণ কৰিছে জিলা খনৰ বুকুৰ পৰাই ৷ কিন্তু সেই সম্পদৰ বিনিময়ত ৰাজকোষত জমা হৈছে চকু কপালত ত্ৰিনয়ন প্ৰকট কৰিব লগা পৰিমাণৰ টকা। ফৰেষ্ট বিভাগৰ বছেৰেকিয়া আয় বা ৰাজহ সংগ্ৰহ হেনো- বছৰি আঠ লাখ টকা!

বিশ্বাস কৰিছে?এইয়াই প্ৰচলিত নীতি-ব্যৱস্থাৰ সুফল, প্ৰাকৃতিক ৰাজহূৱা সম্পদৰ সুফল ৰাইজৰ নামত।আপোনাৰো চাগৈ ফৰেষ্ট বিভাগৰ বিষয়াক জন-অৰণ্যত হাত-কেৰেয়া লগাই দৌৰাবলৈ চাগে মন গৈছে!

ই মাত্ৰ এটা সাধাৰণ কেচ ষ্টাডি। নদী-মাতৃৰ সম্পদৰ আৰু ইয়াৰ পৰা বৰ্তমানে জনসাধাৰণৰ কল্যানৰ বাবে আৰ্জিত ধনৰ এটা কেচেলুৱা হিচাব!
(৬)
এটা কাৰ্যকৰী হব পৰা সপোন দেখাৰ কথা কও আপোনালোকক। উদাহৰণৰ ৰূপত,সোৱননশিৰি নদী-ব্যৱস্থাপনা কাউন্সিল স্থাপন কৰাৰ সপোন! তাত ভূ-বিজ্ঞানী, চিভিল ইঞ্জিনীয়াৰ, পৰিবেশ বিজ্ঞানী, কৃষি বিজ্ঞানী সকলোৱে যোগদান কৰিব লাগিব। নৈ-পৰীয়া জনগোষ্ঠীয় লোক সকলৰ বাবে দ্বাৰা পৰিচালিত হব এই পৰিষদ ৷ নদীৰ পৰা আহৰণ হব পৰা সকলো সম্পদ ব্যৱস্থাপনাৰ অধিকাৰ এই পৰিষদৰ।


 প্ৰথমে ইয়াৰ প্ৰধান লক্ষ্য হব, বোৱঁতী নদী খনক সুকলমে লুইতৰ বুকুত লীন যাব পৰাকৈ, তাৰ বুকুত পানীৰ বহন ক্ষমতাৰ নিয়ন্ত্ৰণ। তাৰ পাছতেই নৈ-মাতৃৰ বুকুৰ পৰা আহৰণ কৰিব পৰা সম্পদৰ ভিত্তিত কমিউনিটি ডেভেলপমেণ্ট ইনিচিয়েটিভচ!

মাজ-সাগৰৰ খাৰুৱা তেলৰ ৰীগ, তথা প্লেটফৰ্মৰ সেই মেগা-ষ্ট্ৰাকচাৰ বোৰ নিৰ্মাণ কৰোতে, সাগৰৰ ভূ-তাত্বিক তথ্য, এশ বছৰৰ ধুমুহা, জোৱাৰ, চুনামী আদিৰ লেখ আদিক লৈ সেইবোৰৰ ভিত্তিত তাৰ ছয়ৰ পৰা দহগুণ পৰ্যন্ত প্ৰৱলতাৰ দুৰ্যোগৰ মুখামুখী হব পৰাকৈ চেফটি ফেক্টৰ দি ডিজাইন কৰা হয়। এইবোৰৰ সতে এটা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময় কাম কৰাৰ পাছত তথ্য, ডিজাইন, চেফটি ফেক্টৰক ভৰসা কৰিব পাৰি বুলিয়ে ভাবো, অন্ততঃ প্ৰকৃতিৰ সতে সহ-অৱস্থানৰ ক্ষেত্ৰত, কিন্তু প্ৰকৃতিৰ সতে ফেৰ মৰাৰ ক্ষেত্ৰত নহয়! 

হোৱাংহো চীনৰ দুখৰ পৰা হোৱাংহোৱে চীনলৈ আজি আনে সমৃদ্ধি-এই কথা সকলোৱে বুজি উঠিবৰ হ’ল। কিন্তু সম্পদক বুজি উঠা, সম্পদৰ অধিকাৰ, নাৰ্যতা, ব্যৱহাৰ আদিত কাৰ্য-কুশলতাইহে এই সমৃদ্ধি আনি দিব পাৰিব।


সোৱনশিৰি-পৰীয়া নদী-পুত্ৰ কন্যা সকলৰ সমৃদ্ধিৰ বাবে খৰছ হব এই আয়। দুয়ো পাৰে থাকিব নদীৰ মাথাউৰি ৰূপী গাড়ী চলিব পৰা ৰাস্তা। অপৰূপ সোৱনশিৰিৰ বীচ্ছৰ ৰূপালী বালিৰ পাৰে পাৰে প্ৰগতিৰ পোহৰ কঢ়িয়াব পৰা পথ, ভিতৰুৱা নৈ পৰীয়া গাঁও বোৰলৈ। এই অঞ্চলবোৰৰ আৰ্থ-সামাজিক উন্নয়ণৰ বাবে খৰছ হব এই সম্পদ। নৈ পাৰৰ একোটা নিৰ্দিষ্ট পৰিসীমাৰ ভূমি-তথা অৰণ্যৰ দ্বায়িত্বও এই পৰিষদৰ থাকিব লাগিব।

পলসুৱা বালিচৰত খেতি, নৈ-বুকুৰ মাছ আদিত আত্ম-সহায়ক গোটৰ ৰূপত নৈ-পৰীয়া মানুহে অন্বেষণ কৰিব পাৰিব, জীৱন-জীৱিকাৰ। কিন্তু এই কাউন্সিলৰ প্ৰত্যজ্ঞ সহযোগিতাত, বিশেষজ্ঞৰ তত্বাৱধানত, সকলো ক্ষেত্ৰতে সংগঠিত ৰূপত পৰম্পৰাগত আৰু আধুনিক কৌশলৰ সু-ব্যৱহাৰেৰে।

এতিয়া আহো, জল-বিদ্যুতলৈ। অৱবাহিকা অঞ্চলৰ জৈৱ-বৈচিত্ৰ্য আৰু জন-জীৱনত প্ৰভাৱ নপৰাকৈ নদীৰ বুকুৰ গভীৰতাক নিয়মীয়া খননেৰে সৰ্বাধিক পানী কঢ়িয়াই নিব পৰাকৈ গঢ়ি তোলাৰ পাছত হে জল-বিদ্যুত প্ৰকল্প কৰি পানী আৱদ্ধ কৰণৰ কথা চিন্তা কৰিব পাৰি। এনে প্ৰকল্পই ধৰি ৰাখি, পুনৰ এৰি দিব লগা পানীৰ সৰ্বোচ্চ পৰিমানতকৈ পাঁচ-ছয়গুণ পৰিমানৰ পানীৰ বহন ক্ষমতাৰ নদীৰ বহন ক্ষমতা হলেহে আচলতে এনে প্ৰকল্পক নিৰ্মাণৰ ক্লিয়াৰেন্স দিয়াৰ প্ৰয়োজন। অন্যথা ই হব এক নিতান্তই উলাই কৰিব নোৱাৰা আত্ম-ঘাতী সিদ্ধান্ত৷

এনে সুচল জল-বিদ্যুত প্ৰকল্পৰ প্ৰকৃত মালিক হব লাগিব, এই পৰিষদ বা নৈ-পৰীয়া মানুহবোৰ! এন এইচ পি চি হওক বা জে পি গ্ৰুপেই হওক মানে ৰাজহুৱা কোম্পানীয়েই হওক বা ব্যক্তিগত মালিকানাধীন কোম্পানীয়ে হওক, তেখেত সকল যদি জল-বিদ্যুত প্ৰকল্প নিৰ্মাণত কাৰিকৰীগত ভাৱে সমৃদ্ধ তথা টকা বিনিয়োগ কৰিব পৰা পক্ষ হয়। তেন্তে তেওঁসৱক এই কাউন্সিলে জল-বিদ্যুত প্ৰকল্পৰ নিৰ্মাণৰ কামৰ বাবে পাব্লিক-প্ৰাইভেট-পাৰ্টনাৰশ্বিপৰ দৰে, "বিল্ড, আৰ্ন এণ্ড হেণ্ড অভাৰ টু দ্যা পাব্লিক নীতি"ৰ আধাৰত বনাবলৈ দিব। ৬০০০কোটি খটুৱাই পুনৰ ৬০০০কোটিৰ মুনাফাৰ পাছত ই নৈ-পৰীয়া মানুহৰ কাউন্সিলৰ ৰাজহ সৃষ্টি কৰা পাৰফৰমিং এচেট হৈ পৰিব।

জলবিদ্যুত প্ৰকল্পত কিন্তু এবাৰ বান্ধ নিৰ্মাণৰ পাছত তাত নিৰ্মিয়মান অৱস্থাত প্ৰয়োজন হোৱা ৫০০০ কৰ্মীৰ প্ৰয়োজন নহয় ৷ মাত্ৰ ৫০জন কৰ্মী তথা অভিযন্তাই এনে একোটা জলবিদ্যুত প্ৰকল্প চলাই থাকিব পাৰে ৷ সেয়ে জল-বিদ্যুত প্ৰকল্পৰ পৰা দীৰ্ঘ দিনৰ বাবে বহু সংখ্যাৰ জীৱিকা ওলোৱাটো এটা ভ্ৰান্ত ধাৰণা মাত্ৰ !

সেয়ে নদী-মাতৃৰ বুকুৰ আন বোৰ সাতাম-পুৰুষীয়া সম্পদৰ ওপৰত চকু দি কাৰ্যকুশলী ৰূপত স্থানীয় নৈ-পৰীয়া মানুহৰ বাবে জীৱন-জীৱিকাৰ ন ন উদ্যোগ স্থাপন কৰিব লাগিব।

আধুনিক কৰ্পৰেট পৃথিৱীত আজি পেয় যোগ্য সতেজ খোৱাপানীও বিশ্বৰ অন্যতম কমডিটি, সেই কথা অসমীয়াই পাহৰি গলে নহব ৷ সেয়ে বিজুলী বিক্ৰীৰ পইচাৰে নদীৰ খননৰ পাছত সমগ্ৰ অৱবাহিকা অঞ্চলৰ উন্নয়ণ, নৈৰ পাৰতে খোৱাপানীৰ বিশুদ্ধিকৰণৰ উদ্যোগ, পেকেট পানীৰ উদ্যোগ আদি গঢ়ি অন্যান্য উপাৰ্জন দিয়া সম্পদ সৃষ্টি কৰিব লাগিব আৰু যাতে দীৰ্ঘ দিনৰ বাবে বহু হাজাৰ জনৰ নিয়োগৰ সুবিধা সৃষ্টি কৰিব পাৰি ৷

নদী-ব্যৱস্থাপনা কাউন্সিলৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাতে পাৱাৰ লোমেৰে সমৃদ্ধ টেক্সটাইল প্ৰতিস্থানত জনগোষ্ঠীয় শিপিনীৰ সপোনে পুনৰ প্ৰাণ পাব পাৰে। সোৱণশিৰিৰ সোনোৱালী বালিৰ দ্বাৰা নিৰ্মিত আটক ধুনীয়া গিফট আৰু প্ৰদৰ্শন সামগ্ৰীৰ নিৰ্মাণ লাভজনক হবই। হস্ততাঁত শিল্পৰ প্ৰমোচন, লুইতৰ দক্ষিণ পাৰৰ পৰা প্ৰাকৃতিক গেচেৰে প্লাষ্টিক বা আন ভেলু এডেড প্ৰডাক্টৰ উদ্যোগ স্থাপন, শিল কাটি উপহাৰ বা সজোৱা সামগ্ৰীৰ উদ্যোগ আদিৰে অলেখ জনৰ বাবে চাকৰি সৃষ্টি কৰিব পৰা যুগান্তৰকাৰী কাম সোৱনশিৰি পাৰতে কৰি তুলিব কৰিব পাৰি। বিদ্যুত থাকিলে, আন্তঃগাঁথনি থাকিলে চফটৱেৰ পাৰ্ক পৰ্যন্ত নৈৰ পাৰতে হব পাৰে! যি হব পাৰে আন নৈ-পৰীয়া সকলৰ বাবে দিক-দৰ্শী আদৰ্শ।
(৭)
তাৰ বাবে মানুহে বুজি উঠিব লাগিব, তাৰ আঁৰৰ কথা, নীতিৰ কথা। ৰাষ্ট্ৰীয় জল-বিদ্যুত নীতিৰ আধাৰত যোৱা দশক কেইটাত এক জল-বিদ্যুতেৰে ভাৰতক শক্তিশালী কৰাৰ এক মহান উদ্দেশ্যৰে এক পুঁজি গঠন কৰা হল।প্ৰতিজন বিদ্যুত ব্যৱহাৰ কৰা গ্ৰাহকৰ পৰা তাৰ বাবে প্ৰতি ইউনিটত এক নিৰ্দিষ্ট কৰ আদায় কৰা হল। সেই ধনেৰে নৈ-আই সমূহৰ বুকুৰ জল-বিদ্যুত উৎপাদন ক্ষমতাৰ চাৰ্ভে তথা অধ্যয়ন কৰা হল।তাৰ পাছত ৰাইজৰ খৰছত কৰা গৱেষণাৰ সকলো তথ্য ধনী কোম্পানী সমূহক দি নদী-সমূহত বান্ধ নিৰ্মাণ তথা উৎপাদনৰ কাৰণে গতাই দিয়াৰ ব্যৱস্থা হল।


কিন্তু বৰ্তমানৰ এই ব্যৱস্থাত কৰাৰ মাত্ৰ টাৰবাইন ঘূৰাই বিদ্যুত উৎপাদন কৰা কোম্পানীৰ হাতলৈ একোখন নদীক গতাই দি যুগ যুগলৈ বিদ্যুত উৎপাদন কৰি নেচনেল পাৱাৰ গ্ৰীডত দি বা কোম্পানীয়ে নিজৰ দৰত নিজা মাৰ্কেটত বিক্ৰী কৰাৰ ব্যৱস্থা কৰা হ’ল। জল-বিদ্যুত প্ৰকল্পত বান্ধ-নিৰ্মাণ আৰু টাৰবাইন সহিত প্ৰাৰম্ভিক বিনিয়োগেই মাত্ৰ খৰছ। পাছৰ সময়চোৱাত বোৱঁতী নদীৰ পৰা অহৰহ আহি থাকিব ধনৰ সোঁত, মাত্ৰ মেইণ্টনেন্স আৰু বিদ্যুত পৰিবহন খৰছৰ বিনিময়ত। প্ৰকৃততে ৰাইজৰ ধনেৰে, ৰাজহুৱা সম্পদক যুগ-যুগলৈ কোম্পানীক হাতলৈ ধন-আহৰণৰ যন্ত্ৰ হিচাবে এই জল-বিদ্যুত নীতিৰ আধাৰত নৈ-মাতৃ সমূহৰ অধিকাৰ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।
এই দৰে আই মাতৃক দেশৰ ধনীক পৰিয়ালৰ কোম্পানী তথা দুই এটা ৰাজহুৱা কোম্পানীৰ বৰ-পেৰা উজ্বলাবলৈ এৰি দিব লগাৰ উপক্ৰম হৈছে। এই নীতিৰ আধাৰত প্ৰকল্পৰ দাঁতি-কাষৰীয়া অঞ্চলত স্কুল আদি পতা, ক্লাৱ ঘৰক চান্দা দিয়াৰ দৰে সাধাৰণ নিশকতীয়া কৰ্পৰেট চচিয়েল ৰেচপনচিবিলিটিৰ খৰছ কৰাৰ কথা কোৱাৰ বাদে এই কমিউনিটি ৰিচৰ্ছেছৰ সহায়ত নৈ-পৰীয়া মানুহৰ কমিউনীতি ডেভেলপমেণ্টৰ কোনো ব্যৱস্থা ইয়াত নাই।


সেই কথা সকলো জাতি-ধৰ্ম-বৰ্ণ-নৃগোষ্ঠীয়-ৰাজনৈতিক-ছাত্ৰ-নাৰী-মুনিহে এতিয়াই বুজি লওক। নদী-ব্যৱস্থাপনা, বান-নিয়ন্ত্ৰণ, নৈ-পৰীয়া মানুহৰ জীৱনৰ উন্নীত কৰণ এই নীতিৰ আওতাত নায়েই! ৰাইজে চকু মেলি চাওক।নহলে এই ব্যৱস্থাৰে দেশৰ অন্যান্য অঞ্চল, কোম্পানীৰ সাগৰৰ তীৰৰ অফিচ পোহৰোৱাৰ ব্যৱস্থা হলে, সোৱনশিৰিৰ দৰে আমাৰ সকলো নৈৰ দুয়োপাৰ আৰু কোনোকালে অন্ধকাৰৰ পৰা বাজ-ওলাব নোৱাৰিব।

গতিকে নৈ মাতৃক চিনাৰ, নৈ-মাতৃক সু-ব্যৱস্থাপনাৰে সাতাম-পুৰুষীয়া সম্পদ ৰক্ষাৰ বাবে আমি জাগিবৰ হল। নৈ-ৰ সন্তান সকলৰ অধিকাৰ সাব্যস্ত কৰা তথা নৈৰ পাৰ পোহৰোৱাৰ বাবে টঙালি বান্ধিবৰ হল। 

যাতে সাগৰৰ তীৰলৈ ওলাই অহা সকলো উভতি যাব পাৰো,সোৱনশিৰি, ধনশিৰি, কিলিং নৈৰ পাৰলৈ। আৰু সেই যাত্ৰাত বাৰে বাৰে আওৰাব পাৰো মইনা পাৰিজাতত আমাক দেখুওৱা সেই আশৈশৱ সপোনটো- আমি পোহৰ বিচাৰি যাওঁ, আমি পোহৰ বিচাৰি যাওঁ।

(লেখাটি গণজীৱন কাকত, শ্বহীদ পৰাগ কুমাৰ দাস সোঁৱৰণী তৰ্ক প্ৰতিযোগিতাৰ স্মৰণিকা আৰু ধেমাজি জিলাৰ ৰূপালী জয়ন্তীৰ স্মৰণিকাটো প্ৰকাশ পাইছে)

No comments:

Post a Comment