মনৰ কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

নৱবৰ্ষৰ প্ৰাৰ্থনা
দীপাংকৰ মল্ল বৰুৱা
নতুন বছৰটোৰ বাবে মোৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা এয়ে যে – সমগ্ৰ বিশ্বৰে উঠি অহা কণ কণ ল’ৰা ছোৱালীবোৰ যেন কুশলে থাকে। তেওঁলোকে যেন হিংসা, দ্বেষ, ঘৃণাৰ পৃথিৱীৰ পৰা নিলগত থকা এখন ধুনীয়া পৃথিৱী পায়। শিশুৰ ওপৰত বন্দুক চলোৱা সন্ত্ৰাসবাদী সকলৰ মনতো যেন শিশুৰ প্ৰতি কৰুণা আৰু মৰমৰ নিজৰা প্ৰৱাহিত হয়। 

মই আশা কৰিছোঁ যে নতুন বছৰৰ দিনবোৰ পৃথিৱীৰ সকলো মানুহৰ বাবে সুন্দৰ হ’ব। সন্ত্ৰাসবাদৰ বিভীষিকাত জৰ্জৰিত বিশ্বৰ মানুহে সন্ত্ৰাসবাদী সকলক পোনচাটেই নাকচ কৰিব। এই বছৰটোতে মানুহে সন্ত্ৰাসবাদ মুক্ত এখন পৃথিৱী গঢ়িবলৈ সংকল্প ল’ব।


ব্যক্তিগত ভাৱে মই আশা কৰিছোঁ যে মই সমাজৰ প্ৰয়োজনত মোৰ কলম চলাই যাব পাৰিম। মোৰ লেখাৰ জৰিয়তে কিছু সংখ্যক লোকক উপকৃত কৰিব পাৰিম। নতুন বছৰৰ পৰিকল্পনা অনুসৰি মই মোৰ স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগ দিবলৈ সংকল্প কৰিছোঁ। নিতৌ আধা ঘণ্টাৰ বাবে হ’লেও খোজকাঢ়িম বুলি ঠিৰাং কৰিছোঁ।
-------------------------------------------------
লেখক অইল ইণ্ডিয়া লিমিটিডেত উপ-মুখ্য অভিযন্তা ৰূপে কুপ সংলেখন বিভাগত কৰ্মৰত হৈ থকাৰ উপৰিও আমাৰ অসম, পূৰ্বাচল, প্ৰান্তিক আদিত প্ৰকাশ হোৱা নিজৰ লেখাৰে  ৰাইজলৈ চিন্তাৰ সমল যোগাই আহিছে। তেখেতৰ নিৰ্বাচিত লেখাৰ সংকলন তথা প্ৰথমখন গ্ৰন্থ "আজৰি পৰৰ গদ্য" এই বৰ্ষৰ দুলীয়াজান গ্ৰন্থমেলাত উন্মোচিত হৈছে। উন্মোচক হিচাবে অংশ গ্ৰহণ কৰে লেখক ডাঃ নিৰ্মল চাহেৱালা আৰু ঔপন্যাসিক জুৰি বৰা বৰগোহাঞিয়ে। 

No comments:

Post a Comment