মু্ম্বাই মছালা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুৰক্ষা, টাইমলাইন, খুটি-তাল ইত্যাদি
অজয় লাল দত্ত


(১)

আপোনাৰ সুৰক্ষা আপোনাৰ হাতত
দিল্লীৰ সেই ঘৃণনীয় নিৰ্ভয়া কাণ্ডৰ আজি দুবছৰ হৈছে। তথাপি সলনি হোৱা নাই দিল্লী। কেইদিনমানৰ আগতে উবেৰ নামৰ মোবাইল এপচ যোগে বুকিং কৰিব পৰা টেক্সি সেৱাৰ এখন টেক্সিত দিল্লীত নাৰী নিৰ্যাতনৰ লজ্জ্বাজনক ঘটনাই দেশকে জোকাৰি গৈছে। এই ঘটনাত জড়িত ড্ৰাইভাৰজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁৰ এনে অপৰাধৰ সৈতে পূৰ্বতেও জড়িত থকাৰ কথাও প্ৰকাশ পাইছে। এই ঘটনাই কামত মকৰল কৰাৰ সময়ত সঠিক “চাৰিত্ৰিক প্ৰমাণ পত্ৰ বা অপৰাধী গোচৰৰ সংক্ৰান্তত প্ৰয়োজনীয় ভেৰিফিকেচন”ৰ ক্ষেত্ৰত থকা সুৰুঙা সমূহ প্ৰতিফলিত কৰিছে। এতিয়া সেইবোৰ সুৰুঙা কেনেকৈ বন্ধ কৰা যাব, সেই কথাও সমাজৰ নেতৃস্থানীয় আৰু প্ৰশাসনিক মূৰব্বী সকলে বন্ধ কৰাৰ বাট বিচাৰিব লগীয়াত পৰিছে।

এতিয়া উবেৰৰ দৰে ৱেবৰ সহায়ত বুকিং কৰা টেক্সি সেৱা কেইবাখনো চহৰত নিষিদ্ধ কৰা হৈছে । ফলত কাম হেৰুৱাও উবেৰ কোম্পানীৰ ড্ৰাইভাৰ সকলেও ধৰ্মঘট কৰি প্ৰতিবাদ জনোৱাৰ কথাও টিভিৰ পৰ্দাত জিলিকি উঠিছে। পিছে তাৰ মাজতে সিদিনা এফ-এম ৰেডিঅ’ত এগৰাকী ঘোষকে প্ৰকাশ কৰিলে, উবেৰৰ চৰ্ত সমূহত হেনো লিখাই আছিল, যে তেওঁলোকৰ সেৱা গ্ৰহণ কৰা অৱস্থাত হব পৰা যিকোনো নিৰাপত্তাজনিত বিষয়ৰ বাবে গ্ৰাহকজনৰহে দায়বদ্ধতা থাকিব । কোম্পানী কিবা ঘটনা হ’লেও জগৰীয়া নহয়! পিছে এনে সৰু সৰু আখৰত লিখা চৰ্তাৱলী কেইজনে পঢ়ে? এনে সৰু-আখৰত নিজৰ দ্বায়িত্ব এৰা দিয়া বুলি অভিযোগৰ আঙুলি মিউচুৱেল ফাণ্ড বিক্ৰী কৰা বা জীৱন-বীমা বিক্ৰী কৰা সকলৰ প্ৰতি প্ৰায়েই উঠে। পিছে এইবাৰ টেক্সিতো! এফ-এমত সৌৱা ঘোষণা কৰিছে, ৰাইজ সৰু আখৰ পঢ়িহে এইবাৰ টেক্সিত উঠিব, কাৰণ আপোনাৰ সুৰক্ষা আপোনাৰ হাতত!

সেই উবেৰ কোম্পানীৰে জেনেৰেল মেনেজাৰ এজনক এই ঘটনাৰ পাছতে মুম্বাইৰ বান্দ্ৰাত কৰ্টৰ পৰা কিবা অৰ্ডাৰ উলিয়াবলৈ গৈ থকা অৱস্থাত হেনো এজন ক্ষুদ্ধ, সচেতন, উত্তেজিত যুৱকে কানতলীয়া চৰ সোধাইছে। টিভিৰ পৰ্দাত ঘটনাটো দেখা পোৱাৰ লগে লগেই এফ-এম ৰেডিঅ’ৰ ঘোষণাটোৱেই আমাৰ মনত পৰিছে। কবলৈ মন গৈছে, হৌৰা, জেনেৰেল মেনেজাৰ, আপোনাৰ সুৰক্ষা আপোনাৰ হাতত! কানতলীয়াৰ বাবে আন কোনো জগৰীয়া নহয়!
(২)
ধৰ্মীয় আগ্ৰাসন আৰু টাইমলাইন
চৌপাশে ধৰ্মৰ নামত ৰাজনীতি, ৰাজনীতিবিদৰ গালা-গালি। মন্ত্ৰীৰ অশ্ৰাব্য সংলাপ, সাংসদৰ উত্তেজক মন্তব্য। তাৰ ঢৌ মাৰ নৌ যাওতেই দেশৰ কঁপাই যোৱা “ঘৰ-বাপচি” সমাৰোহ। সকলো ভাৰতীয় মানুহ এটা সময়ত হেনো হিন্দুৱেই আছিল। হিন্দুত্ববাদী নেতাই ঘোষণা কৰিছে, পালিনেতা সমূহে হয় হয় কৰিছে। সেয়ে বেলেগ ধৰ্মলৈ ভুলবশত গুচি যোৱা ভাই সকলক ঘৰলৈ ঘূৰাই অনাৰ বাবেই হেনো উত্তৰ প্ৰদেশত আয়োজিত হৈছে “ঘৰ বাপচি” সমাৰোহ।এইবোৰৰ মাজতে মুম্বাইতো বিশাল হিন্দু সমাৰোহৰ আয়োজন হৈছে। কিমান হিন্দু গোট খাই ইয়াক বিশাল কৰিব কব পৰা নাই। কিন্তু মহানগৰীৰ ৰাজপথৰ মাজে মাজে ডিভাইডাৰত গেৰুৱা ৰঙৰ পতাকা সৰ্বত্ৰে উৰি থকা দেখা গৈছে।

আমাৰ অফিচৰ ড্ৰাইভাৰ বিজয়। নৈশ সেৱা সামৰি ঘৰলৈ ওলাওতে এনেকুৱা গেৰুৱা পতাকালৈ আঙুলিয়াই দেখুৱাই বিজয়ে কৈছে, বোলে, আমিও হিন্দু। কিন্তু আজিকালি অলপ হিন্দু হিন্দু প্ৰচাৰ প্ৰপাগাণ্ডা, আগ্ৰাসী ধৰণ বেছি হোৱা নাইনে ছাৰ? জানো পাই! মই উত্তৰ দিছো।

নহয় মানে আগৰ চৰকাৰৰ দিনত এনেকুৱা নাছিল। সকলোৱে নিজৰ নিজৰ প্ৰাৰ্থনা চাৰ্থনা ঘৰতে কৰি থাকক না, ৰাষ্টাত পতাকা উৰুৱাই ধৰ্মৰ নামত ভীৰ আনি আনক ভীতি প্ৰদৰ্শন কৰেইবা কিয়? হয় বিজয়ৰ প্ৰশ্নৰ উত্তৰ মোৰ তাত নাছিল। 

বিজয়ক সকলো ভাৰতীয়ই একালত হেনো হিন্দু আছিল বুলি এজন গেৰুৱা বসনধাৰী সাংসদৰ সংলাপটো উনুকিয়াই দিলো। বিজয়ৰো ফেচবুক আছে। টাইমলাইন কি বস্তু বুজি পায়। সেয়ে ক’লো, চোৱা ভাই, নেতাবোৰে নিজৰ সুবিধামতে আধা সত্য কয়, পালিনেতাই তাতে হয়ভৰ দিয়ে। সকলো ভাৰতীয়ই একালত হিন্দু আছিল বুলি কোৱা নেতাজনক যদি কোৱা, এটা সময়ত মানৱ সভ্যতাত কোনো ধৰ্ম নাছিল, তেতিয়া মানি লবনে? আমি যদি কও, সভ্যতা নোপোৱাৰ আগলৈ চোৱাচোন, সকলো মানুহেইচোন বান্দৰ আছিল! সেইটো মানি লবনে? (তথাপিও অন্ধভক্তই লিখিব, জয় বজৰংগ বলীহে আছিল সেই বান্দৰমখা! উপায় নাই বুইছে!)

তোমাৰ টাইমলাইনটো তুমি ফেচবুক খোলাৰ দিনাৰ পৰা আৰম্ভ হৈছে। হিন্দু নেতাৰ টাইমলাইন তেওঁ চিন্তা কৰিবলৈ আৰম্ভ কৰাৰ পৰা! কিন্তু মানুহৰ টাইমলাইন বান্দৰৰ পৰা মানুহ হোৱাৰ পৰাই নহয়নে? হয়, চাহাব, আপুনি ঠিক কথাই কৈছে! যুক্তিৰ অঁকৰা মৈত উঠা মোৰ প্ৰশ্নৰ উত্তৰো তেতিয়া বিজয়ৰ তাত নিশ্চয়কৈ নাছিল!

(৩)
ধৰ্মীয় অনুভূতি আৰু সহনশীলতা
জনক ৰজাৰ জী সীতা মাইয়াৰ ঘৰ মিথিলাত ঘৰ আমাৰ ড্ৰাইভাৰ বিজয়ৰ। মোক মৈথেলী ভাষাৰ কথা সীতা মাইয়াৰ কথা কৈয়েই থাকে। সিদিনা সন্ধিয়া দুয়ো অফিচলৈ আহি আছো। ৰাস্তাত বিশাল শোভাযাত্ৰা। কেৰেলিয়ানেই হব চাগৈ, মহিলা সকলৰ শাৰী দেখি ধাৰণা কৰিছো। দীঘল সমদল কৰি ভগৱান ফুৰাই আনিছে তেওঁলোকে, ওচৰৰ মন্দিৰটোত পুনৰ প্ৰতিস্থা কৰিব। মুম্বাইতো বিশাল বলধৰ সৈতে এখন ৰথ, আগে আগে বাদ্য বজাই নাচি-বাগি ৰাইজৰ সমদল। আমি চাই চাই শেহত ভগৱানৰ ফটো দেখি দুয়ো মূৰ দোৱাইছো।

অফিচ পাও পাও হও মানে তাতো বিশাল ভীৰ। ইছলামধৰ্মী সকলৰ ধৰ্মীয় শোভাযাত্ৰা। তাতো দুয়োয়ে মূৰ দোৱাইছো। বিজয়ক কৈছো, মাহ-প্ৰসাদ পায়সৰ সোৱাদ যিমান, আমাৰ বাবে চেঁৱৈ-বিৰিয়ানিৰো সোৱাদো একেই। খুশি মনেৰে খ্ৰীষ্টমাছৰ দিনা এপাক বান্দ্ৰাস্থিত গীৰ্জালৈ পাক মৰাৰো পৰিকল্পনা দুয়ো কৰি পেলাইছো।

তেনেতে এফ এম ৰেডিঅ’ৰ ঘোষকৰ কণ্ঠই আমাক সজাগ কৰি তুলিলে। তেওঁ দিয়া বাতৰি মতে এতিয়াৰ পৰা হেনো মু্ম্বাইৰ লোকেল ট্ৰেইনত ভজন-কীৰ্তন কৰিব নোৱাৰিব। দৈনিক লোকেল ট্ৰেইনেৰে অহা-যোৱা কৰা লোকসকল গ্ৰুপত আহে আৰু টাইম-পাছ কৰিবলৈ খুটি তাল বজাই নাম-কীৰ্তন কৰাটো মুম্বাইৰ লোকেল ট্ৰেইনৰ এক সকলোৱে জনা বৈশিষ্ট্য বুলিয়েই ইমান দিনে জানি আহিছিলো। পিছে কোনোৱে পুলিচৰ ফেচবুক পেজত হেনো গৈ বাৰে বাৰে কমপ্লেইন কৰি থকাৰ বাবে এইবাৰ পুলিচে উপায় নাপাই উচিত ব্যৱস্থা হাতত লৈছে। নবী-মু্ম্বাইলৈ যোৱা এখন লোকেল ট্ৰেইনত এনে এদল কীৰ্তন গোৱা মানুহক পুলিচে এৰেষ্ট কৰিছে আৰু ভৱিষ্যতে এনে নকৰিবলৈ সঁকিয়াই দিছে। এতিয়াৰ পৰা ভজন-কীৰ্তন শুনাই হেনো মানুহক ৰে'লত অশান্তি কৰিব নোৱাৰিব, এই সকল ভক্তপ্ৰাণ ৰাইজে!

আচলতে কথাটোক লৈ ধৰ্মীয় অনুভূতিক লৈ আবেগ জাগি উঠা নাই আমাৰ মনত। ই এক সহনশীলতাৰ প্ৰশ্নহে। ৰাজহুৱা স্থানত বা যাত্ৰাকালত এনে ভজন-কীৰ্তন উদাহৰণ আজিৰ নহয়। তেন্তে অভিযোগ দিয়া সকল হঠাত আহিল কৰ পৰা? এজনে এনে অসহনশীলতা দেখুৱালে, তাকেই ধৰ্মান্ধ নেতা-পালিনেতাই অপ-ব্যৱহাৰ নকৰিবনে। বেলেগ ধৰ্মৰ মানুহে মাইক লগালেও এখুন্দা লাগক! কথাবোৰ প্ৰতিক্ৰিয়াশীল নোহোৱাটোৱেই ভাল। সকলোৱেই ইটোৱে সিটোৰ ধৰ্মৰ নীতি-নিয়ম, আচাৰ-আচৰণক সন্মান জনাবলৈ শিককচোন। হাল্লা আৰু সংগীতৰ পাৰ্থক্য বুজিবলৈ চেষ্টা কৰক। নহ’লে সংসদত অনৰ্থক হৈ-হাল্লাৰ মাজত যুক্তিৰ কথা, বিধেয়ক উত্থাপনৰ প্ৰয়োজনীয়তাবোৰ হেৰাই যোৱাই দৰে অৱস্থা ইয়াতো নহবনে? বিজয়ে সন্মতি সূচক মূৰ জোকাৰিছে, পিছে আপুনি?

No comments:

Post a Comment