সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ছাত্ৰ-ছাত্ৰীৰ উপকাৰৰ অৰ্থে পৰামৰ্শদানৰ প্ৰচাৰ

ডঃ বুলজিৎ বুঢ়াগোহাঁই
বাতৰি কাকত,আলোচনী, টি.ভি. চেনেল, ৰেডিঅ’ তথা ফেচবুকৰ জৰিয়তে জনাই আহিছোঁ যে কেৰিয়াৰ বিষয়ৰ বিভিন্ন প্রশ্নৰ উত্তৰ বিনামূলীয়াকৈ ফোন (৯৪৩৫১-৮৮৬৩০) যোগেদি পাবৰ বাবে ছাত্র-ছাত্রী তথা অভিভাৱকসকলে আমাৰ লগত প্রত্যেক শণিবাৰে বিয়লি ৬বজাৰ পৰা ৯বজাৰ ভিতৰত যোগাযোগ কৰিব পাৰে ।

লগতে আৰু এটা কথা জনাইছোঁ যে কেৰিয়াৰ বিভিন্ন দিশ সামৰি এটা লেখা প্রস্তুত কৰিছোঁ আৰু আমাৰ ৰাজ্যখনৰ সকলো জিলাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়বোৰৰ ঠিকনা আমাক এছ. এম. এছ. (৯৪৩৫১-৮৮৬৩০) অথবা ই-মেইল ( buljit@gmail.com ) কৰি জনালে লেখাটি ডাক যোগদি প্রেৰণ কৰিব পাৰোঁ যাতে ছাত্র-ছাত্রীসকলে বিভিন্ন কেৰিয়াৰ বিষয়ে এটা ধাৰণা লাভ কৰিবলৈ সক্ষম হয় । ইয়াৰ প্রতি উৎসাজনক সহাঁৰি পাইছোঁ । 

এতিয়া কথা হ’ল – আমি এই দৰে সঘনাই এই কথাবোৰ জনাই থকা বাবে কিছুমানে আমাক কটাক্ষ্য কৰি লিখি থকা চকুত পৰিছে - আমি বোলে নিজৰ ঢোল নিজে বেছিকৈ বজাই থাকোঁ । এই পত্র যোগেদি আমাক কটাক্ষ কৰি লিখা সকলক ক’ব বিছাৰিছোঁ যে নিজৰ ঢোল নিজে নবজালে বেলেগে ভালকৈ বজাব নাজানে । আমি আমাৰ ঢোল বজাই থাকিম ছাত্র-ছাত্রীসকলৰ উপকাৰৰ খাতিৰত ।

No comments:

Post a Comment