পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. ভাৰত-ৰত্ন সন্মান জন্মদিনৰ উপহাৰ হিচাবে লাভ কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আজি ৯০তম জন্মদিন। উত্তৰ-প্ৰদেশত উলহমালহেৰে তেখেতৰ জন্মদিন উদযাপনৰ আয়োজন কৰা হৈছে। বাৰানসীত তেখেতৰ সন্মানত আয়োজিত অনুষ্ঠানত অংশ লব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি আন এজন ভাৰত-ৰত্ন শিক্ষাবিদ মদন মোহন মালব্যৰো জন্মদিন পালিত হৈছে।

২. আজি বিশ্বজুৰি উলহ-মালহেৰে পালিত হৈছে বৰদিন। যীশুখ্ৰীষ্টৰ জন্মদিনৰ পবিত্ৰক্ষণত সকলো খ্ৰীষ্টধৰ্মৰ লোকৰ প্ৰতি জ্ঞাপন কৰিছো বৰদিনৰ শুভেচ্ছা।

৩. আজিৰ দিনটো কেন্দ্ৰীয় চৰকাৰে সু-প্ৰশাসন দিৱস ৰূপে পালন কৰিবলৈ আয়োজন কৰিছে। এই উপলক্ষে বাৰানসীত অনুষ্ঠিত সভাত স্বচ্ছ, জবাবদিহি শাসন ৰাইজক দিবৰ বাবে দায়বদ্ধ বুলি ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে। তেখেতে স্বচ্ছ ভাৰত অভিযান আৰু বিকাশমূলক কাম কাজৰ উদ্বোধনী কাৰ্যসূচীতো আজি ভাগ লোৱাৰ কথা। এই দিৱসৰ সৈতে সংগতি ৰাখি তিনিচুকীয়াৰ সৰ্বানন্দ সিংহ ষ্টেডিয়ামত অনুষ্ঠিত আয়োজনত অংশ লব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

৪. দেশৰ শক্তি মন্ত্ৰালয়ে কয়লা খনি সমূহৰ আৱণ্টনৰ বাবে কালি কেবিনেটৰ পৰা এখন অধ্যাদেশত অনুমোদন লাভ কৰে। তাৰ পাছতে আজি শক্তিমন্ত্ৰী পীয়ুষ গোৱেলে মুকলি নিলাম যোগে কয়লাৰ খনি সমূহ মোকোলাই দিবৰ বাবে এক ৱেবচাইট উদ্বোধন কৰিছে।

৫. বিগত দুদিনত হোৱা অসমৰ বিশ্বনাথ চাৰিআলি, কোকৰাঝাৰ আদিকে ধৰি  বিভিন্ন অঞ্চলত ৭০ গৰাকীতকৈ অধিক লোকে প্ৰাণ হেৰুওৱা নৰসংহাৰৰ ঠাই সমূহ পৰিদৰ্শনৰ বাবে উপস্থিত হৈছেগৈ দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙ, গৃহৰাজ্য মন্ত্ৰী কিৰেন ৰিজেজু আৰু মুখ্যমন্ত্ৰী তৰুণ গগৈ। ৫৫টা অৰ্ধ-সামৰিক বাহিনীৰ নিয়োগেৰে সন্ত্ৰাস সৃষ্টি কৰা সকলক দমন নকৰালৈকে সশস্ত্ৰ বল সমূহ আঁতৰাই নিয়া নহব বুলি ঘোষণা কৰি কঠোৰ সৃষ্টি গৃহ মন্ত্ৰালয়ে গ্ৰহণ কৰিছে। “আলোচনা-আপোচ নহয়, দমন” এই নীতি অৱলম্বন কৰিব বুলিও প্ৰকাশ পাইছে।

৬. অহা ২৬ ডিচেম্বৰত পালিত হব যোৰহাটৰ লায়ন্স ক্লাৱৰ সোণালী জয়ন্তী। ১৯৬৫ চনৰ ২৬ ডিচেম্বৰত এই সমাজ সেৱাৰ সংস্থাটোৰ এটি পোখা স্থাপন কৰা হৈছিল যোৰহাটত।

৭. নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত কালি বিশিষ্ট সাহিত্যিক, সমালোচক ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যলৈ “নলবাৰী ৰত্ন” প্ৰদান কৰা হয়। নলবাৰীৰ বিশিষ্ট চিত্ৰশিল্পী খচনুৰ আহমেদৰ তুলিকাত গামোচাত অংকিত নলবাৰী ৰত্ন গৰাকীৰ প্ৰতিচ্ছবিয়ে সকলোকে মোহিত কৰে।

৮. কলকাতাৰ শ্ৰেই ফাউণ্ডেশ্বনৰ দ্বাৰা ২৭,২৮ ডিচেম্বৰত আয়োজিত ষষ্ঠ “বিশ্ব মানৱীয়তা, শক্তি, আধ্যাত্মিকতা, সন্মিলন”ত ভাগ লোৱাৰ বাবে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা স্বৰস্বতী সন্মানপ্ৰাপক ডঃ লক্ষ্মীনন্দন বৰা আমন্ত্ৰিত হৈছে। ষষ্ঠ বিশ্ব সন্মিলনখনত প্ৰথমবাৰৰ বাবে অসমৰ সমল ব্যক্তিয়ে অংশ লব আৰু বৰাদেৱে “স্পিৰিচুৱেলিটি এ পেনাকা ফৰ দ্যা গ্ৰ’থ অৱ দ্য নেশ্বন” শীৰ্ষক ভাষণ আগবঢ়াব।


৯. আজিৰে পৰা গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হব ২৮ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা আৰু গুৱাহাটী সাহিত্য উসৱ ২০১৪। আজি গ্ৰন্থমেলা প্ৰাংগণৰ ছৈয়দ আব্দুল মালিক মণ্ডপত অনুষ্ঠিত হব লগা উদ্বোধনী অনুষ্ঠানত কবি নীলমণি ফুকনক জীৱনজোৰা সাহিত্য সাধনা বঁটা প্ৰদান কৰা হব। এই অনুষ্ঠানত শিক্ষামন্ত্ৰীৰ উপৰিও সাহিত্যিক ডাঃ ধ্ৰুৱজ্যোতি বৰা, ডঃ কামেশ্বৰ ব্ৰহ্মকে আদি কৰি সুধীজনে অংশ গ্ৰহণ কৰিব।


১০. এচোছিয়েছন অৱ ডেমক্ৰেটিক ৰিফৰ্মে বিগত ২০১৩-১৪ বৰ্ষত ৰাজনৈতিক দল সমূহে লাভ কৰা বৰঙণিৰ ৯০ শতাংশতকৈ অধিক কেৱল কৰ্পৰেট হাউচ, কোম্পানী আদিৰ পৰাই লাভ কৰা বুলি গুৰুত্বপূৰ্ণ দিশৰ উন্মোচন কৰিছে। লগতে এতিয়ালৈ বিজেপি দলে নিজৰ পুঁজিৰ উৎস সন্দৰ্ভত নিৰ্বাচনী আয়োগক হিচাব দাখিল কৰা নাই বুলিও আঙুলিয়াই দিছে বুলি জানিব পৰা গৈছে।

No comments:

Post a Comment