পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১) দৃষ্টিহীনসকলৰ চতুৰ্থ ক্ৰিকেট বিশ্বকাপত ভাৰতবৰ্ষ চূড়ান্ত বিজয়ীৰ খ্যাতি অৰ্জন কৰিছে। কেপটাউনত অনুস্থিত এই ফাইনেল ফেলখনত ভাৰতে পাকিস্থানক ৫ ‌উইকেটত পৰাস্ত কৰি এই খিতাপ অৰ্জন কৰাৰ সুখবৰ পোৱা গৈছে। শচীন টেণ্ডুলকাৰেও বিজয়ী দলটোলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে।

২) সংগীত জগতৰ সন্মানীয় গ্ৰেমী বঁটাৰ ‘বছৰটোৰ শ্ৰেষ্ঠ তৰুণ শিল্পীৰ এলবাম’ শীৰ্ষক বিভাগত মনোনয়ন লাভ কৰিছে বেংগালুৰুৰ শিল্পী ৰিকী কেজে । তেওঁৰ 'উইণ্ডছ অ‌ৱ ছামছাৰা' নামৰ এলবামটোৰ বাবে এই সন্মানীয় মনোনয়ন লাভ কৰিছে। দক্ষিণ আফ্ৰিকাৰ বিখ্যাত বাঁহীবাদক অউটাৰ কেলেৰমেনে এই এলবামটোৰ সংগত কৰিছিল ।এই শাখাত মনোনয়ন লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে ৰিকীয়ে ভাৰতীয় জনসাধাৰণৰ সমৰ্থন আৰু শুভাশীষ লাভ কৰিছে ।

৩) অসমত কু-সংস্কাৰ বিৰোধী আন্দোলনৰ অন্যতম বাটকটীয়া তথা অসমীয়া ভাষাৰ ওজা পণ্ডিত হেমচন্দ্ৰ বৰু‌ৱাৰ জন্মদিনটোক ‘অন্ধবিশ্বাস আৰু কু-সংস্কাৰবিৰোধী দি‌ৱস’ হিচাপে পালন কৰি আহিছে ‘ইলোৰা বিজ্ঞান মঞ্চ’ই । তদুপলক্ষে অহা ১০ ডিচেম্বৰ তাৰিখে নলবাৰী জিলাৰ ধমধমাত অজস্ৰ দল-সংগঠন আৰু জনসাধাৰণৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হৈছে। অনুষ্ঠানৰ লগত সংগতি ৰাখি সংস্কাৰমুখী যুক্তিবাদী সমাজ গঢ়াৰ পক্ষত সভা-সমিতি,লিখা-মেলা ,আলোচনা,সজাগতা সভাকে ধৰি বিভিন্ন কাৰ্যসূচী হাতত লো‌ৱা হৈছে।

৪) ন‌ৱ প্ৰজন্মক লোক সংগীত আৰু লোকনৃত্যৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে জীনা ৰাজকুমাৰী আৰু তেওঁৰ সংগীসকলে বহু বছৰৰে পৰা ‘ৰামধেনু বেণ্ড’ নামৰ এটা গোটেৰে জনসাধাৰণৰ ওচৰ চপাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । তেওঁলোকে ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত কৰ্মশালা আয়োজন কৰিছে আৰু দেশৰ ভিন্ন প্ৰান্ত অসমৰ লোক কলা-সংস্কৃতিক প্ৰতিনিধিত্ব কৰি প্ৰদৰ্শন কৰিছে । এই গোটে শেহতীয়াকৈ এটা ‌ৱেবচাইট মুকলি কৰিছে যাৰ জৰিয়তে বিশ্বৰ সকলো প্ৰান্ততে অসমৰ কলা-সংস্কৃতি আৰু তেখেতসকলৰ কাম-কাজৰ বিষয়ে যিকোনো মানুহে জানিবলৈ সুবিধা পাব। ‌ৱে‌ৱচাইটটি হৈছে http://www.jinarajkumari.com

৫) বিভিন্ন সময়ত অন্য ৰাজ্যৰপৰা খাদ্য সামগ্ৰী ৰপ্তানি কৰিবলগীয়া হো‌ৱা আমাৰ ৰাজ্যৰ মহঙা অ‌ৱস্থালৈ ক্ষুদ্ৰতম অৰিহণা যোগাইছে দৰং জিলাৰ দলগাঁও সমষ্টিৰ বিভিন্ন এলেকাই। এই অঞ্চলৰ খেতিপথাৰ আৰু চৰভূমি বৰ্তমানে উভৈনদী হৈ পৰিছে শালিধানৰ খেতিৰে।  একেদৰে বিস্তীৰ্ণ কৃষিভূমি বৰ্তমানে উপলব্ধ হৈছে পৰিপূৰ্ণ পাচলিৰে। সেয়েহে বৰ্তমান বজাৰত চাহিদা বাঢ়িছে খেতিয়কৰ প্ৰয়োজনীয় ডুলি, খৰাহী, চালনীৰো।

৬) প্ৰতিবেশী ৰাষ্ট্ৰকো যুদ্ধৰ বাবে নিমন্ত্ৰণ প্ৰধানমন্ত্ৰীৰঃ জম্মু-কাশ্মীৰত নিজৰ প্ৰথমখন নিৰ্বাচনী-সভাত উপস্থিত হৈ কালি দেশৰ প্ৰধানমন্ত্ৰীয়ে কয় যে বুলেটতকৈ বেলটহে বেছি শক্তিশালী। এখন উপযুক্ত ৰাষ্ট্ৰ গঠনৰ বাবে উপযুক্ত জন-প্ৰতিনিধিৰ গুৰুত্ব দোহাৰি তেখেতে ভোটদান পৰ্বত জনসাধাৰণক পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় । প্ৰতিবেশী ৰাষ্ট্ৰৰ সীমা-বিবাদ সম্পৰ্কীয় যুদ্ধ প্ৰসংগত  কোনো দেশৰ নাম উল্লেখ নকৰাকৈ তেখেতে মন্তব্য কৰে যে, যুদ্ধৰ বাবে আমি সকলো‌ৱেই সাজু আছো যদিও সেই যুদ্ধ হ’ব লাগিব দৈন্যতা আৰু দুৰ্নীতিৰ প্ৰতি কৰা যুঁজহে ।

৭) ভ্ৰমণ-লিপ্সাৰ বাবে বিখ্যাত হৈছে কোচিৰ এটি সাধাৰণ দম্পতী । চাহ বিক্ৰী কৰি জী‌ৱন নিৰ্বাহ কৰা এই দম্পত্তীয়ে বিশ্বৰ ১৬খন দেশ ইতিমধ্যে ভ্ৰমণ কৰিছে সম্পূৰ্ণ ব্যক্তিগত পূঁজিৰে । ‘ইচ্ছা থাকিলে বাট ওলায়’ কথাষাৰক আকৌ এবাৰ প্ৰমাণিত কৰিলে ৬৫ বছৰীয়া বিজয়ন আৰু তেওঁৰ পত্নীয়ে ।

৮) অসম জুডিচিয়েল চাৰ্ভিছৰ অন্তৰ্গত গ্ৰেড-৩ পদবীৰ খালী ৪৯ টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশিত হৈছে । এই পদৰ বাবে প্ৰয়োজনীয় যোগ্যতা হৈছে LLB আৰু প্ৰ-পত্ৰ তথা স‌ৱিশেষ জানিবৰ বাবে ৱেবচাইটটো হৈছে www.ghconline.nic.in ।

৯) অসম চৰকাৰে ৰাজ্যৰ প্ৰতিভাধাৰী খেলু‌ৱৈ সকলক উদগনি জনাই জলপানিৰ যোগান ধৰিবৰ বাবে উপযুক্ত প্ৰাৰ্থীসকলৰ পৰা আ‌ৱেদন-পত্ৰ বিচাৰিছে । ৩২ টা বিভিন্ন শিতানত ৰাজ্যিক ভিত্তিক দিবলগীয়া জলপানি হৈছে প্ৰতি বছৰে ৬০০০ টকা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ৮৪,০০০ টকা । প্ৰ-পত্ৰ সমূহ প্ৰতিখন জিলাৰে জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ত বৰ্তমানে উপলব্ধ হৈছে । 

১০) আজি নতুন দিল্লীত ৰাছিয়াৰ ৰাষ্ট্ৰদূতে জানিবলৈ দিয়ে যে ভাৰতত ৰাছিয়াই ২০ৰপৰা ২৪টালৈকে পৰমাণু শক্তি কেন্দ্ৰ স্থাপন কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে । উল্লেখ্য যে অহা বৃহস্পতিবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভাৰত ভ্ৰমণলৈ আহিব ।

No comments:

Post a Comment