হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. বিশেষজ্ঞ সমিতিয়ে কি কব সেই কথা হেনো আগতেই জানে আমাৰ নিচাদেউ গগৈয়ে। মায়েঙৰ বেজৰ সহায়ত নখ-বাচনি আদি মাৰিয়েই আগতীয়াকৈ নিচাদেউৱে সকলো ভূ-পোৱা বুলি ভূ-ৰখা মহলে অনুমান প্ৰকাশ কৰিছে। এনেয়ে হাঁহি ধেমালি কৰি থকা নিচাদেউৱে পিছে এইবাৰ গহীন সুৰl “উপনিবেশিক ৰাষ্ট্ৰৰ চৰিত্ৰ বুজিবলৈ বাকী আছে নেকি” বুলি মন্তব্য কৰা কথাটোৱেহে ৰাইজৰ মনত তেখেতে এইবাৰ ধেমালিৰ সুৰত কথাষাৰ কোৱা নাই বুলি শংকা প্ৰকট কৰিছে! এই মতামতৰ ভিত্তি গোগামুখ, ধেমাজিৰ ফালে বিশেষজ্ঞ সমিতি, শক্তিবৰ্ধক দাম্ভিক মন্ত্ৰী আদিৰ খেৰৰ জুমুঠিও ৰাইজে তৈয়াৰ কৰিবলৈ জা-যোগাৰ কৰা বুলিও আমাৰ স্থানীয় সাংবাদিকে খবৰ প্ৰেৰণ কৰিছে।

২. কালি হাতোৰা পাৰ্টিৰ ৰাজ্যিক দোকানখন চলাবলৈ ঠিকা লাভ কৰিলে গুঞ্জন দত্তই। বহু দিনৰ পৰা নিবিদা দাখিলৰ পাছত বহুতো ভিতৰুৱা অংকৰ পাছতে কালি দোকানখন দত্তক লীজত দিয়া বুলি হাইকামাণ্ডে প্ৰকাশ কৰিছে। এতিয়া পিছে উজনিৰ দত্তৰ হাতলৈ দোকানখন যোৱাত নামনিৰ কলিতাই বেজাৰ কৰি চকুপানী টোকাৰ ফলত জিএছ ৰোডত কৃত্ৰিম বানীপানী উঠিব পাৰে বুলি ৰাজনৈতিক বতৰ বিজ্ঞানী সকলে আশংকা প্ৰকাশ কৰিছে।

৩. সদৌ অসম মুকলি মুখ-চুপতি প্ৰতিযোগিতাত হাবিবন মুক্তি বাহিনীৰ সৰ্বাধিনায়ক পবেশ বৰুৱা আৰু লালটুপি বাহিনীৰ সৰ্বাধিনায়ক গগেন শৰ্মাই অংশগ্ৰহণ কৰি সকলোকে মুগ্ধ কৰি তুলিছে। দুয়োজন প্ৰখ্যাত অসমীয়াৰ মুখ চুপতিয়ে আচলতে দুয়োজন যে মুখৰহে ৰজা তাকেহে প্ৰমাণ কৰিছে বুলিও সদৌ অসম নিঃকিন অসমীয়া নাগৰিক সংঘই মত প্ৰকাশ কৰিছে। এজনৰ মানুহে হাবিত কেৰম, ফুটবল খেলি সময় কটায়, আনজনৰ মানুহে সেই কাষলতিৰ তলত বেত ভৰাই পথৰ দাঁতিত ভিক্ষা মাগি থাকে! সেয়ে সৰ্বাধিনায়ক সকলে মুখ চুপতি মাৰি থকাতকৈ নিজৰ নিজৰ মানুহক আচল কামত লগোৱাতহে মনোনিবেশ কৰিব লাগে বুলিও সংঘই পৰামৰ্শ আগবঢ়াইছে। এতিয়া এই পৰামৰ্শলৈ শব্দৰ বাঘ দুয়োগৰাকীয়ে কেৰেপ কৰেনে নকৰে সেয়া লক্ষণীয় হব বুলিও সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

৪. অসমত আন্তঃৰাষ্ট্ৰীয় কনল’ৰাহঁতৰ ফুটবল প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হব বুলি সুখবৰ প্ৰকাশ পাইছে। অসমৰ পৰা একমাত্ৰ আন্তৰ্জাতিক লেভেলত খেলা, প্ৰৱাসী ফুটবল খেলুৱৈ পবেশদাকে এই খেলৰ ফিটা কাটিবলৈ মাতি আনিবলৈকে এতিয়া জাতীয়-নায়ক সোনোৱালক সৰ্বাধিনায়ক ফেন ক্লাৱে আহ্বান জনাইছে।

৫. অসমত অনাগত তিনি চাৰিমাহ পুনৰ খেৰৰ জুমুঠিৰ বজাৰ গৰম হৈ থাকিব বুলি বতৰ বিজ্ঞানী সকলে আগজাননী ৰাজহুৱা কৰিছে। কাইলৈৰ পৰা লাষ্টগেটত প্ৰতিবাদ সপ্তাহ পালনৰ কাৰ্যসূচীৰ লগতে নদী-বান্ধ বিশেষ কাৰ্যসূচীৰ বাবেও খেৰৰ জুমুঠি আৰু প্ৰতিকৃতিৰ চাহিদাই এতিয়া কৃত্ৰিম নাটনিৰ সৃষ্টি কৰিব বুলিও শংকা প্ৰকাশিত হৈছে। সকলোৱেই ঠাণ্ডাত এনেয়ে জুই ফুৱাই খেৰ নজ্বলাই, প্ৰতিবাদৰ ৰূপত ইয়াত ব্যৱহাৰ কৰিবৰ বাবে সঠিক সময়লৈ অপেক্ষা কৰি সেয়া সংৰক্ষণ কৰি ৰাখিবলৈকো কৃষককান্ত গগৈয়ে আহ্বান জনাইছে।

৬. দেশলৈ ক’লাধন ঘূৰি আহিলেও সেই টকা এতিয়া ৰাইজৰ একাউণ্টত নিদিয়ে বুলি কালি ঘোষণা কৰিলে অমৃতবাণী শ্বাহে। ৰাইজৰ আশাত আকৌ এবাৰ চেঁচাপানী ঢালি ইউ-টাৰ্ন লোৱাৰ বাবে নিখিল ভাৰত ইউ-টাৰ্ন ফেন ক্লাৱে অমৃতবাণী দেৱলৈ আন্তৰিক অভিনন্দন জনাইছে। অনাগত দিনতো এইদৰে ৰাইজক ভোট দিয়াৰ আচল মজা, সেকা আদি দি থাকিবলৈকো আহ্বান জনাইছে। এই টকা বাম মন্দিৰ নিৰ্মাণত খৰছ কৰা হব বুলি ঘোষণা নকৰাটো ফেন ক্লাৱে আশ্চৰ্য প্ৰকাশ কৰাৰো গোপন খবৰ প্ৰকাশ পাইছে।

৭. “বুমী নাথৰ নতুন প্ৰেম” নামৰ এখন নাটকে সম্প্ৰতি কাছাৰ-বৰাক ভ্ৰাম্যমাণ থিয়েটাৰত খলকনি তুলিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে। “ঘাটে ঘাটে পানী খায়, লাজ-মান নাই” নামৰ এখনি গীতি-নৃত্য নাটিকাও মূল নাটৰ আগে আগে হীৰোজ্যোতিৰ পৰিচালনাত মঞ্চস্থ কৰি থিয়েটাৰখনে সমাদৰ লাভ কৰা বুলিও জানিব পৰা গৈছে।

৮. চাহ শ্ৰমিকৰ নামত ৰাজ্যত মাত্ৰ চাৰিশ কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ বাতৰিয়ে পালে সংবাদ শিৰোনামাত স্থান। এহাজাৰ কোটিৰ তলৰ কোনো কেলেংকাৰীকে পাত্তা দি অসমীয়া কেলেংকাৰী সন্থাক ৰাষ্ট্ৰীয় পৰ্যায়ত শিৰনত নকৰাবলৈ এতিয়া সাংবাদিক সকলৈ আহ্বান জনাই কেলেংকাৰী সন্থাই প্ৰকাশ কৰিছে প্ৰেছ বিবৃতি।

৯. “বঞ্চনাৰ পেকেজ” উপহাৰ পোৱাৰ পাছত এতিয়া অসমীয়া গেৰুৱাভক্ত বাহিনীৰ ফেচবুকত নেতা-বন্দনা কমি যোৱা বুলি বিশ্লেষকে প্ৰকাশ কৰিছে। এইটো গতিৰে গৈ থাকিলে ২০১৬ লৈ অসমীয়া ফেচবুকত গেৰুৱাভক্তি দৰৱত দিবলৈ নোপোৱা হব বুলিও আশংকা প্ৰকাশ পাইছে। ভক্তবৃন্দক নতুনকৈ প্ৰেৰণা দিবৰ বাবে অন্ততঃ নতুন সপোন অলপ বিক্ৰীৰ বাবে অসমলৈ পঠাবলৈ বুলিও এক গোপন আহ্বান ৰাষ্ট্ৰীয় নেতালৈ প্ৰেৰণ কৰা বুলিও খবৰ ওলাইছে।

১০. সাঙীত কঢ়িয়াই হলেও অসমৰ মানুহে চৰকাৰী হাস্পতাললৈ ৰোগীক অনাৰ ছবি সংবাদ পত্ৰৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱাত সন্তোষ প্ৰকাশ কৰিছে নহৰুল ইছৰাম মহাশয়ে। এই ছবিয়ে এতিয়াও চৰকাৰী হাস্পতাললৈ ৰাইজৰ আস্থা বাচি থকাতো প্ৰমাণ কৰিছে আৰু ই অতি অতিশয় গৌৰৱৰ কথা বুলিও তেৰাই প্ৰকাশ কৰিছে । আৰু এয়াইতো তেওঁৰ বিকশিত হাস্পতাল সেৱাৰ আচল নমুনা বুলিও কৃৰ্তিত্ব দাবী কৰা বুলি খবৰ আহিছে।

No comments:

Post a Comment