পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. নিখিল ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী দিৱস দেশৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটীৰ পানীখাইটিৰ কেন্দ্ৰীয় প্ৰশিক্ষণ প্ৰতিষ্ঠানতো পৰহি উদযাপন কৰা হয়। এই অনুষ্ঠানতে কাৰ্বি-আংলংৰ কাৰাগাঁওস্থিত এ.এছ.আৰ .এফৰ সহকাৰী কামাণ্ডেণ্ট মানস শৰ্মা চৌধুৰী আৰু আজাৰা-ভি.আই.পি পোষ্ট ৱাৰ্ডেন(চিভিল ডিফেন্স) ডাঃ হৰিচৰণ মেধিলৈ “ৰাষ্ট্ৰপতিৰ প্ৰতিৰক্ষা বঁটা” প্ৰদান কৰা হয়। বঁটা প্ৰদান কৰে গৃহ বিভাগৰ সংসদীয় সচিব এতোৱা মুণ্ডাই।

২. গুৱাহাটীত অন্য এক পেছাদাৰী ফুটবল দলৰ শুভাৰম্ভ হোৱাৰ খবৰ। অসম স্পৰ্টছ এণ্টাৰপ্ৰাইড লিমিটেড নামৰ সংস্থাই জন্ম দিছে “গুৱাহাটী এফ.চি” দলৰ। এই দলৰ আঁৰৰ ব্যক্তিসকল ক্ৰমে অসমীয়া প্ৰতিদিনৰ পৰিচালন সঞ্চালক জয়ন্ত বৰুৱা, শিল্পী জুবিন গাৰ্গ, প্ৰাগ নিউজৰ পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণ, গ্ৰীণ ভেলীৰ পুলক গোস্বামীকে ধৰি উদ্যমী লোকসকলে অসমৰ চুকে-কোণে থকা উদীয়মান ফুটবলাৰ সকলৰ প্ৰতিভা বিকাশৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিছে। জুবিনে নিৰ্মাণ কৰা শীৰ্ষ গীত এটি জাৰ্ছী মুকলিৰ বাবে হব লগা অনুষ্ঠানতে শুনিবলৈ পাব বুলিও প্ৰকাশ পাইছে।

৩. নামনি সোৱণশিৰি নদীবান্ধ সন্দৰ্ভত ১১ ডিচেম্বৰত দিল্লীত এক আলোচনাৰ আয়োজন কৰিছে কেন্দ্ৰীয় চৰকাৰে। আছু আৰু ২৬টা জনগোষ্ঠীয় সংগঠনৰ উপৰিও নদী-বান্ধ বিৰোধী আন্দোলনত জড়িত বিভিন্ন সংগঠনকো এই আলোচনালৈ কেন্দ্ৰীয় শক্তি মন্ত্ৰী পীয়ুস গোৱেলে আমন্ত্ৰণ জনোৱা বুলি জানিব পৰা গৈছে। 

৪. দেশত পৰিকল্পনা আয়োগৰ ঠাইত বিকল্প কোনো পৰিকল্পনা গোট গঠনৰ বাবে প্ৰথমখন বৈঠক কেন্দ্ৰীয় চৰকাৰে কালি ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰী তথা প্ৰতিনিধিৰ সৈতে দিল্লীত অনুষ্ঠিত কৰে। ৰাজ্য সমূহৰ অধিক অংশগ্ৰহণেৰে এই নতুন পৰিকল্পনা গোট পুনৰ-গঠনৰ বিষয়টোত অধিক সংখ্যক ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েই সমৰ্থন দিয়াৰ কথা প্ৰকাশ কৰিছে। পৰিকল্পনা আয়োগ ভংগ কৰাৰ বিষয়টোত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিৰোধিতা কৰি নিজৰ মত প্ৰকাশ কৰিছে। 

৫. অসমৰ সত্ৰ-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ তথা নদীদ্বীপ মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগ্ৰহ প্ৰকাশ কৰিছে। আৰু সেই উদ্দেশ্যৰেই কেন্দ্ৰীয় মন্ত্ৰী উমা ভাৰতী মাজুলী ভ্ৰমণলৈ আহিব বুলি বাতৰি প্ৰকাশ পাইছে। গৰা-খহনীয়া তথা বানপানীৰ সমস্যাই ভয়ানক ভৱিষ্যতৰ ইংগিত বহন কৰা মাজুলীবাসীয়ে তেওঁলোকৰ জলন্ত সমস্যাবোৰৰ সমাধানৰ বাবে নতুন জল-সম্পদ মন্ত্ৰীয়ে বাট দেখুৱাব বুলিও আশা প্ৰকাশ কৰিছে। 

৬. অগপ, কংগ্ৰেছ আৰু শেহতীয়াকৈ বিজেপিৰ মিথ্যাচাৰত অতিষ্ঠ হোৱা অসমবাসীলৈ এটি বিকল্প ৰাজনৈতিক শক্তি উপহাৰ দিব বুলি ঘোষণা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। অহা ২০১৫ বৰ্ষৰ মাৰ্চ মাহত ৰাজনৈতিক দল হিচাবে সংগঠনটোৱে আত্মপ্ৰকাশ কৰিব বুলিও বাতৰি প্ৰকাশ পাইছে। 

৭. গুৱাহাটীৰ সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ বাবে উপযুক্ত ষ্টেডিয়াম ৰূপে স্বীকৃতি লাভ কৰাৰ সম্ভাৱনা উজ্বল হৈ পৰিছে। ভাৰতত হ’বলগীয়া ২০১৭ চনৰ অনুৰ্ধ ১৭ বিশ্বকাপৰ খেল অনুষ্ঠিত কৰিবলৈ এই ষ্টেডিয়ামকো নিৰ্বাচন কৰা হৈছে। খেলপথাৰ পৰিদৰ্শন কৰিবলৈ অহা ফিফা আৰু সৰ্ব-ভাৰতীয় ফুটবল ফেডাৰেশ্বনৰ অন্তিম পৰ্যবেক্ষণ দলটোৱে আন্তঃগাঁথনিক লৈ সন্তোষ প্ৰকাশ কৰা বুলিও সুখবৰ প্ৰকাশ পাইছে।

৮. সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ডেৰশ বছৰীয়া জন্মজয়ন্তীৰ সামৰণী অনুষ্ঠানটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু সম্বলপুৰস্থিত বেজবৰুৱা স্মৃতি সমিতিৰ সহযোগত ওড়িশাৰ সম্বলপুৰত কালি অনুষ্ঠিত হয়। অনুষ্ঠানটোত ডঃ নগেন শইকীয়া, ডঃ কৰবী ডেকা হাজৰিকা আদি সুধীজনেও অংশগ্ৰহণ কৰে। 

৯. ভাৰতৰ শেহতীয়া যোগাযোগ উপগ্ৰহ জি.এছ.এ.টি-১৬ দেওবাৰে পুৱা সফলতাৰে ফ্ৰান্সৰ কৌৰুৰ মহাকাশ কেন্দ্ৰ পৰা সফলতাৰে উতক্ষেপন কৰা হয়। ইয়াৰ দ্বাৰা অনাতাঁৰ, দূৰদৰ্শন, ইণ্টাৰনেট আৰু টেলিফোন সেৱা উন্নত হব বুলি প্ৰকাশ কৰি ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানে কৃত্ৰিম উপগ্ৰহটোৱে নিজা কক্ষপথত অৱস্থান লোৱাৰ কথাও ঘোষণা কৰিছে। 

১০. গুৱাহাটী বিশ্ববিদ্যালয়ত আয়োজিত হৈছে ঐতিহ্যমণ্ডিত ভি ভেংকট ৰাও সোঁৱৰণত দশম বাৰ্ষিক স্মাৰক বক্তৃতানুষ্ঠানৰ। “এপ্ৰোপ্ৰিয়েট টেকন'লজি- টেকন'কলিজ ফৰ কমন পীপল” শীৰ্ষক বক্তৃতা অহা ১০ ডিচেম্বৰত প্ৰদান কৰিব বিশিষ্ট উদ্ভাৱক উদ্ধৱ ভৰালীদেৱে। অনুষ্ঠানটোত অৰণ্য মানৱ যাদৱ পায়েঙেও মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব। আদৰণী ভাষণ প্ৰদান কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই।

No comments:

Post a Comment