কেৰিয়াৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

গ্রুপ ডিস্কাচন 
ড° বুলজিৎ বুঢ়াগোহাঁই
গ্রুপ ডিস্কাচন (Group Discussion)ত কোনো এক বিষয়বস্তুৰ ওপৰত অংশগ্রহণকাৰীসকলে বক্তব্য ৰাখিব লাগে ।গ্রুপ ডিস্কাচনৰ জৰিয়তে এগৰাকী প্রাৰ্থীৰ জ্ঞান,বিশ্লেষণ ক্ষমতা, শুনাৰ কৌশল , আচৰণ , সাধাৰণ সচেতনতা, নেতৃত্ব লক্ষণ , যোগাযোগ কৌশল , শাৰীৰিক ভাষাৰ মান, ব্যক্তিৰ চিন্তনৰ দিশ (ধনাত্মক নে ঋনাত্মক ) আদিৰ পৰীক্ষা লয় । কেইগৰাকীমান বিশেষজ্ঞই গ্রুপ ডিস্কাচনত উপষ্ঠিত থাকি প্রাৰ্থীসকলৰ বিভিন্ন দিশ তন্ন-তন্নকৈ পৰ্যবেক্ষণ কৰে। এটা গ্রুপ ডিস্কাচনত সাধাৰণতে ৮ গৰাকী প্রাৰ্থী থাকে। ইয়াৰ সংখ্যা কম বা বেছিও হ’ব পাৰে ।গ্রুপ ডিস্কাচনত অংশ গ্রহণকাৰী প্রাৰ্থীসকলে মন কৰিব কথা হ’ল- সাময়িক ঘটনা প্রবাহৰ বিতং তথ্য সংগ্রহ কৰিব লাগে ।পৰাপক্ষত আলোচনাত আগভাগ ল’ব পাৰিলে ভাল হয় ।দলক নেতৃত্ব দিব পৰা মানসিকতা প্রদৰ্শন কৰিব পাৰিব লাগে । দলগতভাৱে কাম কৰাৰ মানসিকতা প্রদৰ্শন কৰিব পাৰিব লাগে।আন অংশগ্রহণকাৰীৰ বক্তব্যক যিমান পাৰি সিমান প্রশংসা কৰিব লাগে ।গ্রুপ ডিস্কাচনৰ বিষয়বস্তুৰ বিষয়ে একো নাজানিলে আলোচনাত অংশগ্রহণ কৰাসকলৰ বক্তব্য ভালদৰে শুনিব লাগে আৰু সেই বক্তব্যবোৰৰ পৰা তথ্য আহৰণ কৰি নিজৰ মন্তব্য দিব লাগে । নিজৰ ব্যক্তব্যত উদাহৰণো দিবলৈ চেষ্টা কৰিব লাগে ।গ্রুপ ডিস্কাচনত অংশ গ্রহণ কৰিবৰ বাবে মাৰ্জিত সাজ-পাৰ পৰিধান কৰিব লাগে ।

No comments:

Post a Comment