পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. বিশিষ্ট চিন্তাবিদ যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ স্মৃতিত সমালোচনামূলক সাহিত্য বঁটা প্ৰৱৰ্তন কৰিব জাৰ্নালিষ্ট এছ’চিয়েশ্যন অৱ আছা(জা)ই। অহা ১৮ ডিচেম্বৰত বৰগোহাঞিদেৱৰ মৃত্যু বাৰ্ষিকীত এখন স্মৃতিচাৰণ সভাৰো  আয়োজন কৰিছে সংস্থাটোৱে। সেইদিনাই বঁটাপ্ৰাপকৰ নাম ঘোষণা কৰা হব। অহা ১৪-১৫ জানুৱাৰীত আয়োজিত হোৱা এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ আৰু কৰ্মশালাত বিশিষ্ট সাংবাদিক যদু কাকতিক সম্বৰ্ধনা জনোৱাৰ লগতে এই বঁটা মুখ্যমন্ত্ৰীৰ হাতেৰে প্ৰদান কৰাৰ বাবে প্ৰচেষ্টা হাতত লৈছে বুলিও জানিব পৰা গৈছে।

২. কাইলৈ দূৰদৰ্শনৰ "ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ" শীৰ্ষক অনুষ্ঠানত অংশ লব অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে৷ আগ্ৰহী ৰাইজে ০৩৬১-২২০৭১৮২, ৮৩, ৮৪, ৮৬ নম্বৰত মুখ্যমন্ত্ৰীৰ সৈতে পোনপটীয়াকৈ প্ৰশ্নোত্তৰত ভাগ লব পাৰিব৷সন্ধিয়া ৬বজাৰ পৰা এই অনুষ্ঠান পোনপটীয়াকৈ সম্প্ৰচাৰিত হব৷

৩. ঐতিহ্যমণ্ডিত বঙাইগাঁও মহাবিদ্যালয়ৰ বছৰজোৰা সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠান অহা ২৮জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অনুষ্ঠিত হব। এই জয়ন্তীৰ সৈতে সংগতি ৰাখি এখন স্মৰণিকা প্ৰকাশ কৰাৰ বাবেও প্ৰস্তুতি চলাইছে আৰু এই স্মৰণিকাখনি ইংৰাজী, অসমীয়া আৰু বড়ো ভাষাৰ সমলেৰে ত্ৰি-ভাষিক ৰূপত প্ৰকাশ কৰা হব বুলিও জানিব পৰা গৈছে।

৪. কালি অসমৰ ৰাজ্যপাল ৰূপে দ্বায়িত্ব গ্ৰহণ কৰিলে নাগালেণ্ডৰ ৰাজ্যপাল পদ্মনাভ বালাকৃষ্ণ আচাৰ্যই৷ অসমীয়াতে শপত গ্ৰহণ কৰা ৰাজ্যপালজনে অসমৰ সমৃদ্ধিৰ বাবে কাম কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে৷

৫. ভাৰত-বাংলাদেশ ভূমি হস্তান্তৰণ চুক্তিৰ আধাৰত মাটি হেৰুৱাব লগা হোৱা ভাৰতীয় নাগৰিকৰ বাবে উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব কেন্দ্ৰীয় দৃহ মন্ত্ৰালয়ে৷ কালি দিল্লীত এই চুক্তি কাৰ্যকৰীকৰণৰ বাবে গ্ৰহণ কৰিব লগা পদক্ষেপ সমূহৰ বিষয়ে গৃহ মন্ত্ৰালয়ৰ সূত্ৰই সদৰী কৰোতে এই কথাও প্ৰকাশ পাইছে৷

৬. সংবিধানৰ নিৰ্দেশনা মানিয়ে ইউনিফৰ্ম চিভিল কোড ভাৰতত প্ৰৱৰ্তন কৰাৰ ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰে কৰিবই বুলি কালি ৰাজ্য সভাত প্ৰকাশ কৰিলে আইন মন্ত্ৰী সদানন্দ গৌড়াই৷ নিজা ধৰ্ম চৰ্চাৰ অধিকাৰ প্ৰদান কৰা সংবিধানৰ ২৫নং ধাৰাৰ সৈতে এই বিষয়টোৰ কোনো সংঘাত নাই বুলি উল্লেখ কৰি ঐক্যমতত উপনীতত হোৱাৰ বাবে সকলো দলৰ সৈতে বহল ভিত্তিত চৰকাৰে আলাপ-আলোচনাৰ আয়োজন কৰিব বুলিও আইন মন্ত্ৰীজনে সদৰী কৰিছে৷

৭. অৰণ্য সুৰক্ষা সমিতি, অসমৰ সচিব প্ৰধান তথা বিশিষ্ট পৰিবেশবিদ ডঃ হৰিচৰণ দাসলৈ ধুবুৰীৰ স্বাধীনতা সংগ্ৰামী বিপিন চক্ৰৱৰ্তী স্মাৰক বঁটা আগবঢ়োৱা হৈছে৷ "সেউজ পত্ৰিকা" আৰু "গ্লোবেল ৰিৰ্চাছ মোবোলজি জাৰ্নেল"ৰ সম্পাদনা কৰি সেৱা আগবঢ়োৱা ডঃ দাসক অহা ২৭-২৮ তাৰিখে অনুষ্ঠিত হব লগা এখনি সভাত এই বঁটা প্ৰদান কৰা হব৷

৮. সাংস্কৃতিক নগৰী তেজপুৰত অহা ২ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হব তেজপুৰ মহোৎসৱ৷খাদ্য মেলা, হস্ত-তাঁত মেলা, পুষ্প প্ৰদৰ্শনী, কলা-সাংস্কৃতিক প্ৰদৰ্শনী, শোভাযা্ত্ৰা, সাংস্কৃতিক সন্ধিয়া আদিৰ বিশাল আয়োজনৰ বাবে উপায়ুক্তৰ নেতৃত্বত নগৰখনৰ সামাজিক সংগঠন সমূহৰ সহযোগত ১১খনকৈ উপ-সমিতিয়ে আয়োজন চলাই থকাৰ সুখবৰো প্ৰকাশ পাইছে৷

৯. ফৰ্বছ ইণ্ডিয়া আলোচনীয়ে ঘোষণা কৰা চলিত বৰ্ষৰ ১০০ গৰাকী চেলিব্ৰীটিৰ তালিকাত শীৰ্ষস্থান লাভ কৰিছে ছলমান খানে৷ দ্বিতীয় আৰু তৃতীয় স্থানত অমিতাভ বচ্চন আৰু শ্বাহৰুখ খানৰ নাম জিলিকি উঠা বুলিও জানিব পৰা গৈছে৷ শীৰ্ষ দহগৰাকীৰ তালিকাত একমাত্ৰ নাৰী হিচাবে কেটৰিনা কাইফে স্থান লাভ কৰিছে৷

১০. নিউয়ৰ্কৰ অনলাইন জনপ্ৰিয় নিলাম সংস্থা ক্ৰিষ্টিয়ে মুম্বাইত আধুনিক ভাৰতৰ চিত্ৰশিল্পী তয়েব মেহতাৰ এখন পেইণ্টিঙ ১৭.৩৭কোটি টকাত নিলাম কৰাৰ সুখবৰ প্ৰকাশ পাইছে৷ অনুষ্ঠানটোত ৰবীন্দ্ৰ নাথ ঠাকুৰৰ এখন টোকাবহীও প্ৰায় দুই কোটি টকাত নিলাম হৈছে৷

No comments:

Post a Comment