হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. পেনপেনীয়া প্ৰেমৰ পত্ৰলেখাৰ যুগৰ ওৰ পেলাই ফাষ্ট-ফুচ প্ৰেমৰ যুগলৈ ধাৱমান হোৱা নতুন প্ৰজন্মৰ বাবে মুকলি কৰা হৈছে চাৰিখনকৈ হাতপুথি। “প্ৰেমৰ চৰ্টকাট”, “ইনবক্সত ৰোমাণ্টিক কথা-বতৰা” আৰু “প্ৰেম গলে প্ৰেম আহিব”, “আদহীয়াৰ অনলাইন প্ৰেমৰ গাইড” শীৰ্ষক প্ৰয়োজনীয় গ্ৰন্থকেইখনৰ ৰচয়িতা প্ৰেমৰ ৰঙীন অভিজ্ঞতাপুষ্ট হৃদয় কবি ডাঃ বিলীন কুমাৰ। অহা গ্ৰন্থমেলাত আপুনিও প্ৰয়োজনীয় হাতপুথিকেইখন সংগ্ৰহ কৰিবলৈ নাপাহৰিব! 

২. নদীবান্ধৰ আলোচনাৰ নামত মাত্ৰ তিনিদিন পঞ্চতাৰকা হোটেলত সুখৰ মদ-ভাত খাবলৈ পোৱাৰ বাবে প্ৰতিবাদী সংগঠন সমূহ জাঙুৰ খাই উঠিছে। বিগত বাৰ বছৰে জাৰে-জহে কৰা আন্দোলনৰ ফলত ইমান কম সুখ উপভোগ কৰিবলৈ দিয়াৰ বাবে কেন্দ্ৰীয় শক্তিবৰ্ধক-টনিক মন্ত্ৰালয়ক গৰিহণা দিছে। বিশেষজ্ঞৰ দলৰ ৰিপৰ্ট পৰ্যালোচনাৰ বাবে অন্ততঃ এমহীয়া কৰ্মশালা এইটো সুখ-সুবিধাৰে অনুষ্ঠিত কৰিবলৈকো তেওঁলোকো দাবী কৰা বুলি গোপন খবৰ প্ৰকাশ পাইছে। 

৩. হাইড্ৰামা মুহিলাৰী ককাইদেৱে ইলেকচন বুলিলেই ভয়তে সাত-জাপ মাৰিবলৈ আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। তেওঁৰ সান্দহ খোৱা বালি তল যোৱাব পৰাকৈ জন-সমৰ্থনৰ বান আনিব পৰা যিকোনো শক্তিকে তেওঁ প্ৰতিহত কৰিবলৈ শপত খোৱাৰ কথাও মিটিঙত প্ৰকাশ কৰিছে। তাৰ বাবে মল্ল-যুদ্ধৰ পৰা গৃহযুদ্ধৰ যি কোনো পৰ্যায়ৰ ৰণৰ বাবেও সাজু হোৱা বুলি সতৰ্কবাণী প্ৰকাশ কৰিছে। 

৪. অসমীয়া নৈ-বিশেষজ্ঞ সকলৰ যুক্তি কাটিবৰ বাবে বিদেশৰ ভেড়োনিয়া বিশেষজ্ঞ ভাড়ালৈ আনিব বুলি কালি শক্তি প্ৰদৰ্শনকাৰী মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। অসমীয়া নৈ-বিশেষজ্ঞ সকল চৰকাৰী চাকৰিয়ালহে, সেয়ে ভয় কিহৰ, ডাল খা-কে মুৰ্গী কাহা ভাগেগা বুলিও মন্ত্ৰীয়ে মন্ত্ৰণা কৰা বুলি গোপন খবৰ প্ৰকাশ পাইছে! 

৫. “জাতীয় সংগঠনৰ মতদ্বন্দ্ব” নামৰ এখনি নাটক কালি দিল্লীৰ পদপথতে বহি লিখি উলিয়াইছে সাংঘাটিক নাট্যকাৰ অবিজিত ভট্টাচাৰ্যই। দিল্লীৰ হোটেলৰ বিলৰ পৰা ধৰি, সুৰাৰ ব্ৰেণ্ড, চাকনাৰ প্ৰকাৰ আদিয়ে এই মতভেদলৈ কিমান অৰিহণা যোগাইছে তাকেই এক গৱেষণামূলক নাটকেৰে অসমৰ গাঁৱে-ভূঞে নগৰে চহৰে খলকনি তুলিব পৰাকৈ তেওঁ লিখি উলিয়াইছে বুলি প্ৰকাশ কৰিছে। নাটকখন “পৰ্দাফাঁচ থিয়েটাৰ”ৰ বেনাৰত প্ৰদৰ্শন কৰা হব বুলিও খবৰ ওলাইছে। 

৬. অসম আৰ্ছেনিক যুক্ত পানী খুওৱাৰ ক্ষেত্ৰত ভাৰতৰ ছখন ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰাত সদৌ অসম জনস্বাস্থ্য বেয়া কৰা ঠিকাদাৰ সন্থাই উদ্বেগ প্ৰকাশ কৰিছে। বিভাগীয় তন্ত্ৰী-মন্ত্ৰী সকলৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত এই স্থান অহা বছৰৰ ভিতৰতে প্ৰথম স্থানলৈ উন্নীত কৰিবৰ বাবেও দেহেকেহে লাগিব বুলি তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰকাশ কৰিছে। এনেকুৱা বেমাৰীৰ পৰিমাণ বৃদ্ধি কৰিব পাৰিলে লাভ হোৱা টকাৰে আকৌ হাস্পতালৰ বিজনেজ খুলিও থলুৱা লোকসকল স্বাৱলম্বী হব পাৰিব বুলিও তেওঁলোকে আঙুলিয়াই দিছে। 

৭. অসমৰ মাছৰ লিংগ নিৰ্ণয় বিষয়ক বিশেষজ্ঞ সৌৰৱ গগৈয়ে দিল্লীত তামাম সৰৱ হৈ উঠা বুলি জানিব পৰা গৈছে। তেওঁক দেশৰ মাছ বিলাকৰ লিংগ নিৰ্ণয় বিষয়ক সংসদীয় দলকো নেতৃত্ব পাবৰ বাবে অসমৰ তন-বন মন্ত্ৰীয়ে গগৈৰ এখন বিস্তৃত বায়’ডাটা বনাই দাবী জনোৱাৰ বাবে যো-জা কৰা বুলিও খবৰ উৰিছে! 

৮. অসমৰ প্ৰতিভাবান যুৱ নেতা তথা সদ্য-আত্মগোপনকাৰী জালুকগুটি শৰ্মাই এখনি গ্ৰন্থ ৰছনাত মনে-প্ৰাণে-সৰ্বক্ষণে লাগি থকা বুলি জানিব পৰা গৈছে। “গগৈছাৰৰ গেছ” নামৰ গ্ৰন্থখনত ইমান বিস্ফোৰক কথা লিখিছে যে বজাৰত ওলোৱাৰ দিনাই ৰাজনীতিৰ পথাৰত জুই লাগি যাব। তেওঁৰ মেডিয়া মেনেজাৰ জাবৰ হুছেইনে এই কথা প্ৰকাশ কৰিছে। বৰঘৰৰ তলানলা পোৱা মানুহে এইদৰে বিস্ফোৰক গ্ৰন্থ লিখি পুনৰ সংবাদ শিৰোনামা দখল কৰাৰ নতুন ধাৰাটোলৈ মন কৰিয়েই শৰ্মাই এই কামত মনোনিবেশ কৰিছে বুলি সচেতন মহলে অনুভৱ কৰিছে। 

৯. পইদূত দাদাই একো নকৰাকৈ অসমত লিখা-পঢ়া বিভাগ চলি থকালৈ আঙুলিয়াই দি, সেয়ে সকলো কামতে দখল কৰি থকা জালুকীয়া দাদাক বিদায় দিয়া হৈছে বুলি কইনাধৰাৰ পৰা কনিষ্টবল গগৈয়ে প্ৰকাশ কৰিছে। 

১০. অসমৰ বিশিষ্ট কমিচন বিশেষজ্ঞ নীলমানি বৰডেকাই লিখি উলিয়াইছে এখন নতুন হাতপুথি। “বীজত কমিচনৰ অংক” শীৰ্ষক হাতপুথিখনৰ লগতে “ঠিকাদাৰৰ সৈতে মিতিৰালি কেনেকৈ কৰিব” গ্ৰন্থখনো বিনামূলীয়াকৈ পোৱাৰ ব্যৱস্থা কৰা বুলি প্ৰকাশক নলবাৰী বুক হাউচে প্ৰকাশ কৰিছে! অংকৰ কিতাপখন কেৱল খেতিবাতিৰ বিষয়েই নহয়, একেবোৰ ফৰ্মূলা সকলো ক্ৰয়-বিক্ৰয়তে বিষয়াসকলে ব্যৱহাৰ কৰিব পাৰিব বুলিও বৰডেকাই প্ৰকাশ কৰিছে। তেখেতে মাত্ৰ আৰ্হিটোহে দাঙি ধৰা বুলি আমাৰ সাংবাদিকক স্পষ্ট কৰি দিছে।

No comments:

Post a Comment