হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. অসমত অন্য এটা সাংঘাতিক পেছাদাৰী টেঙাবল ক্লাৱৰ জন্ম হোৱাৰ বাতৰি পোৱা গৈছে। প্ৰৱস বেদনাত ভুগি থকা এই দলটোক বেদনা লাঘৱ কৰাত এজন নিঃকিন খবৰ বেপাৰীয়ে অতি সক্ৰিয় ভূমিকা লোৱা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে এই নিঃকিন বৰুৱা নামৰ খাচ-অসমীয়া বেপাৰীজনে ৰাজনৈতিক টেঙাবলতো একপক্ষীয় ভাৱে ভূমিকা গ্ৰহণ কৰাৰ বাবে ইতিমধ্যে ৰাষ্ট্ৰীয় নেতাৰ পৰাও সমাদিত হৈছিল।

২. অৰুণাচলীয়ে অসমত কৰা বন ধ্বংস যজ্ঞলৈলৈকো অসমৰ ৰেঞ্জাৰে পৃষ্ঠপোষকতাৰ ভূমিকাৰে সহযোগিতাৰ হাত আগবঢ়োৱাৰ বাতৰিয়ে লাভ কৰিলে সংবাদ শিৰোনামা। অসম-অৰুণাচলৰ পাৰস্পৰিক মৈত্ৰীৰ ই এক অনুপম উদাহৰণ বুলিও সদৌ অসম বন-বিভাগ লুটেৰা সন্থাই  প্ৰশংসা প্ৰকাশ কৰিছে।

৩. “জেহাদীৰ বিয়া” নামৰ এখন নাটক সদৌ অসম জেহাদী চক্ৰই অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰত প্ৰযোজনা কৰিবলৈ বিচৰা বুলি জানিব পৰা গৈছে। ইয়াৰ দ্বাৰাই অসমৰ চহৰে নগৰে লাভ-জেহাদৰ প্ৰীতিভাৱ বিয়পাই তুলিবলৈ সক্ষম হব বুলিও চক্ৰটোৱে আশা প্ৰকাশ কৰিছে। এতিয়া থিয়েটাৰ কৰ্তৃপক্ষলৈ আৰৱ জেহাদী ক্লাৱৰ পৰা ধন যোগানৰ বাবে কোনো এনজিঅ’ৰ সহযোগিতা আহ্বান কৰাৰো গোপন খবৰ আমালৈ আহিয়েই আছে।

৪. কনপোনা গগৈয়ে সংসদত ভাষণ দি দিনটোৰ শ্ৰেষ্ঠ ভাষণৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা বুলি সুখৰ খবৰ প্ৰকাশিত হৈছে। এই সুখবৰৰ ভিত্তিত কলিয়াবৰৰ সোৱাদপ্ৰেমী ৰাইজে সত্তৰজনী মহিলা মাছেৰে এক বৰভোজৰ আয়োজন কৰা বুলিও খবৰ আহিছে। বনমন হুছেইনেও এই উদযাপনৰ বাবে আন সত্তৰটা পুৰুষ মাছ উপহাৰ দিয়াৰ সুখবৰো গোপন সূত্ৰই প্ৰকাশ কৰিছে।

৫. নিচাদেউ গগৈৰ তন্ত্ৰী-মন্ত্ৰী সালসলনিক লৈ কোনো ভৱিষ্যতবাণী কৰিবলৈ অস্বীকাৰ কৰিছে সদৌ অসম স্মাৰ্ট জ্যোতিষ সংঘই। সাত-ঘাটৰ চেঙেলী মানুহে কেতিয়া কি কাম কৰিব সেই কথা লৈ ভৱিষ্যতবাণী কৰি নিজৰ পেশাগত বেপাৰক বিপদত নেপেলাবলৈকো সন্থাই সদস্য সকললৈ সকিয়নী বাৰ্তা প্ৰেৰণ কৰিছে। আনকি জালুকগুটি শৰ্মাৰ দল-বদলৰ বিষয়টো কোনো ভৱিষ্যতবাণী বা নখ-বাচনি মাৰিবলৈ সন্থাই বিধি-নিষেধ আৰোপ কৰাৰ গোপন খবৰ।

৬. ডেইলী এনজয় সোনোৱাল আৰু গৌতমবুদ্ধ ভট্টৰ মাজত প্ৰাক-নিৰ্বাচনী ক্ষমতাৰ খঁকৰ যুঁজ ভিতৰি আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে। সোনোৱালে দিল্লী আৰু গুজৰাটৰ টনিক ব্যৱহাৰ কৰি এই ৰণত নমাৰ বিপৰীতে ভট্টদাই খাটি নাগপুৰীয়া টেবলেটৰ ওপৰত ভৰসা কৰি যুঁজত টিকি থকাৰ কথাও প্ৰকাশ পাইছে। দুই ম’হৰ যুঁজত সৰু সুৰা নপতা ফুকন সকল ৰণত পৰিবই বুলিও ৰাজনৈতিক পৰ্যবেক্ষকে ধাৰণা কৰিছে।

৭. সদৌ ভাৰত যুৱ হাতোৰা সন্থাৰ নিৰ্বাচন সুকলমে পাৰ হৈ যোৱাৰ খবৰ পোৱা গৈছে। বহুতো ধনৰ হাত বগৰা-বগৰিৰ পাছত আটাইতকৈ ধনবল-জনবল-চেনেল আদিৰে সু-সজ্জিত সকলেই এই গণতান্ত্ৰিক নিৰ্বাচনত আশা কৰা মতেই বিজয়ী হৈছে। তেওঁলোকে গণতন্ত্ৰক ধনবল-জনবলেৰে শক্তিশালী কৰিবই বুলি ৰাজনৈতিক জ্যোতিষী সকলে উজ্বল আশা পোষণ কৰিছে।

৮. “লুটিবাগৰ লাইভ” নামৰ এটি নতুন নিউজ চেনেল পদুম ফেন ক্লাৱে খুলিব বুলি গুজৱ ওলাইছে। প্ৰাপ্ত বাতৰি মতে প্ৰতিটো কথাতে প্ৰাক-নিৰ্বাচনী স্থিতিৰ পৰা ইউ-টাৰ্ন লবলৈ আৰম্ভ কৰা দলটোৱে এই চেনেলৰ যোগেদি নিৰপেক্ষ ভাৱে নিজৰ কৰ্মী-ভক্তগণক সকলো কথা ফঁহিয়াই দিবলৈহে চৌবিশ ঘণ্টাই ইয়াৰ প্ৰচাৰ চলোৱা হব। ৰাতিপুৱা “নেতা বন্দনা”ৰে আৰম্ভ হব লগা কাৰ্যসূচী “অন্ধ-ভক্তিমূলক গীতেৰে” ৰাতিলৈ সামৰণি মৰাৰ ব্যৱস্থা কৰিব বুলিও খবৰ ওলাইছে।

৯. অসম-বাংলাদেশ সু-সম্পৰ্ক সন্দৰ্ভত ইছলামপ্ৰেমী সমন্বয়বাহক কৰুণ গান্ধীক অসমত বিশেষজ্ঞ ৰূপে নিযুক্তি দিয়াৰ খবৰ পোৱা গৈছে। প্ৰৱল জনমত গঠনৰ বাবে নিঃকিন বৰুৱাৰ বাতৰি-কাকতৰ পোনপটীয়া পৃষ্ঠপোষকতাত কৰুণ গান্ধীৰ মতবাদ ঘৰে ঘৰে পহুচাই দিয়াৰ খবৰে আঞ্চলিকতাবাদী শক্তিক বিমোৰত পেলাইছে! সম্প্ৰীতিৰ বাণীৰ বাহক কৰুণ গান্ধীয়ে ইয়াৰ বাবে অহাবাৰ নোবেল শান্তি বঁটা পোৱাৰ বাবেও মনোনয়ন পাব পাৰে বুলিও পৃষ্ঠপোষক বৰুৱাই আশা প্ৰকাশ কৰিছে।

১০. প্ৰতিক্ৰিয়াশীল ভাষণৰ বাবে বিখ্যাত বোমা ভাৰতী এইবাৰ মাজুলীত পদাৰ্পণ কৰিবহি বুলি আগজাননী পোৱা গৈছে। বাৰানসীত চাহ-ভাত খোৱাত ৪২লাখ টকা খৰছ কৰা নুন্যতম ষ্টেণ্ডাৰ্ডলৈ লক্ষ্য ৰাখিহে আইদেউক আপ্যায়নৰ বাবে মাজুলীত ব্যৱস্থা কৰিবলৈকো কাঢ়া নিৰ্দেশ অহা বুলি গোপন খবৰ প্ৰকাশ পাইছে!

No comments:

Post a Comment